নীলিম আকাশ কাশ্যপ
"সন্ত্রাসবাদক সমর্থন কৰা পাকিস্তানৰ বিৰুদ্ধে আমাৰ দেশৰ সেনাৰ ‘অপাৰেশ্যন সেন্দূৰ’ চলি আছে ধাৰাবাহিকভাৱে। ভাৰতৰ সুদৰ্শন চক্ৰ বৈমানিক প্ৰতিৰক্ষা মিছাইল আৰু ড্ৰ'নৰ দ্বাৰা পাকিস্তানৰ বৈমানিক ৰাডাৰ পর্যন্ত ধ্বংস কৰিবলৈ সক্ষম হৈছে ভাৰতীয় সেনাই। দেশৰ শত্রুৱে জনা উচিত মাননীয় প্রধানমন্ত্রী শ্রীনৰেন্দ্র মোদী ডাঙৰীয়াৰ সুদক্ষ নেতৃত্বত ভাৰতক সন্মানত আঘাত হানিলে, তাৰ উচিত প্রত্যুত্তৰ দিয়া হ’বই হ’ব। এই মুহূর্তত আমাৰ সেনাবাহিনীৰ অদম্য সাহস আৰু বীৰত্বক লৈ আমি গৌৰৱান্বিত৷ ভাৰত মাতাৰ প্রত্যেকগৰাকী সন্তানৰ প্ৰাৰ্থনা ভাৰতীয় সেনাৰ লগত আছে। ভাৰত মাতা কী জয়।" এই মন্তব্য ৰাজ্যৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ।
'অপাৰেচন সিন্দূৰ'ৰ সফল আৰম্ভণিৰ পাছত যোৱা ৮ মে'ৰ সমগ্ৰ নিশা পাকিস্তানক ভাৰতৰ তৰফৰ পৰা যোগ্য প্ৰত্যুত্তৰ দিয়াৰ সময়ত আমাৰ অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে উল্লিখিতধৰণে মতপোষণ কৰা দেখা যায় সামাজিক মাধ্যমত। ড° হিমন্ত বিশ্ব শৰ্মাৰ এই মন্তব্যই নতুন ভাৰতৰ শক্তিৰেই উমান দিয়ে। বিনা দোষ বা অনাহকত কৰা শত্ৰুৰ প্ৰতিটো আক্ৰমণৰ উচিত প্ৰত্যুত্তৰ যে আমি দিব জানো আৰু পাৰোঁ তাকেই 'অপাৰেচন সিন্দূৰ'-এ সাৱলীলভাৱে প্ৰতীয়মান কৰে।
দোহৰাটো নিষ্প্ৰয়োজন, সম্প্ৰতি চিৰবৈৰী পাকিস্তানক উচিত প্ৰত্যুত্তৰ দিয়াৰ কুচ-কাৱাজ চলি সেয়া বাস্তৱায়িত হৈ আছে। সমগ্ৰ দেশবাসীৰ এতিয়া লক্ষ্য ভাৰতৰ সামৰিক শক্তিৰ তৎপৰতাত। সমগ্ৰ দেশবাসীয়ে অন্তঃকৰণে বিচাৰিছে সন্ত্ৰাসবাদৰ পৃষ্ঠপোষকতা কৰা পাকিস্তান ভাৰতৰ হাতত ধূলিসাৎ হোৱাটো। এনে সময়তে আমাৰ অসমত ৰঙালী বিহু উদযাপিতও হৈ আছে। আচলতে বিহুৰ সৈতে সংগতি ৰাখি এতিয়া সাংস্কৃতিক নিশা চলি আছে মূলতঃ। গায়ক-গায়িকাৰ গীতৰ তালত জীপাল হৈ আছে ৰাজ্যৰ বহু প্ৰান্ত। গীতৰ তালে তালে নাচি আপোন পাহৰা হৈ আছে বহুজন।
অপাৰেচন সেন্দুৰ
কিন্তু দেশৰ সাম্প্ৰতিক পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি এইবাৰলৈ আমি ৰঙালী বিহুৰ উদযাপন ইমানতে সামৰিব নোৱাৰোঁনে? দৰাচলতে ৰঙালী বিহুৰ সময় পাৰ হৈ গৈছেই ইতিমধ্যে। আমাৰ ৰঙালী বিহুৰ উদযাপন সাদিনীয়াহে। কিন্তু বিহু অহাৰ বহু আগৰে পৰা বিহু বিহু লগা মনৰ পৰা ব'হাগ মাহজুৰি বিহু বিহু লাগিয়েই থাকে। বহাগী বিদায় বুলি জেঠলৈকে চলা বিহু উদযাপনৰ সৈতে ব্যক্তিগতভাৱে মই একমত নহওঁ যদিও ব'হাগ মাহটোত বিহু বিহু লাগি থকা মনটোক উলায়ো কৰিব নোৱাৰোঁ। অৱশ্যে তেতিয়াহে উলাই কৰিব নোৱাৰোঁ--- যদিহে সেই আনন্দ আন্তৰিক হয়, যদিহে সেই উল্লাস হৃদয়ৰ নিভৃতৰ হয়, যদিহে বিহু বিহু লাগি থকা সেই মনৰ ৰং স্থুল মনোৰঞ্জনৰ নহয়।
যি কি নহওক, এতিয়া দেশৰ অগ্নিপৰীক্ষাৰ সময়। সামৰিক শক্তিৰে দেশৰ চিৰবৈৰীক যোগ্য প্ৰত্যুত্তৰ দিয়াৰ সময় এয়া। সাধাৰণতে এনে পদক্ষেপ প্ৰধানকৈ সামৰিক শক্তিত নিৰ্ভৰ কৰে যদিও এই সময়ত জনতাৰ কৰণীয়ও থাকে বহুত। এনে পৰিস্থিতিত স্বদেশৰ প্ৰতি সজাগ হৈ শান্তি আৰু সংযম বজাই ৰখাটো সাধাৰণ জনতাৰ দায়িত্ব। এনে পৰিস্থিতিৰ কাৰণ আৰু পৰিণতিৰ বিষয়ে সাধাৰণ মানুহ সচেতন হোৱাৰ উপৰি যিহেতু স্বাভাৱিকতে সকলো জনতা এনে সময়ত যথেষ্ট মানসিক চাপত থাকে, তেনে পৰিপ্ৰেক্ষিতত সৰ্বসাধাৰণৰ মানসিক চাপ নিৰাময়ৰ নিমিত্তে পৰিৱেশ সৃষ্টিৰ প্ৰয়াস কৰাৰ দায়িত্ব বহুপৰিমাণে আমাৰো থাকে। জাতীয় স্বাৰ্থত উদ্বুদ্ধ হোৱাৰো এয়াই সময়। জাতীয় স্বাৰ্থত আমি সদা-উদ্বুদ্ধ হোৱা উচিত যদিও বিশেষকৈ এনে সময়ত সৰ্বসাধাৰণে জাতীয় স্বাৰ্থক অগ্ৰাধিকাৰ দি নিজৰ দেশৰ বাবে কাম কৰা উচিত।
ভাৰতৰ আক্ৰমণত ধ্বংস হোৱা পাকিস্তানী সন্ত্ৰাসবাদী ঘাটি
দোহাৰিছোঁ, এই সময়ছোৱাত আমাৰ অসমৰ বিভিন্ন প্ৰান্তত চলি আছে বিহু উদযাপন। পিছে দেশত সৃষ্ট যুদ্ধৱৎ সময়ৰ প্ৰতি লক্ষ্য ৰাখি অন্ততঃ এইবছৰলৈ আমি ইমানতে ৰঙালী ৰং সামৰিব নোৱাৰোঁনে? এই আহ্বান বিভিন্নজনে বিভিন্ন মাধ্যমযোগে জনাইছে। আমিও জনাইছোঁ সামাজিক মাধ্যমত।
তেনে সময়তে ৯ মে'ৰ দুপৰীয়াৰ ভাগত একেই আহ্বান জনোৱা পৰিলক্ষিত হ'ল ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে। ড° হিমন্ত বিশ্ব শৰ্মাই সামাজিক মাধ্যমত এই সম্পৰ্কত এনেদৰে লিখিছে--- "বিগত এমাহত আমি অসংখ্য সাংস্কৃতিক অনুষ্ঠানৰ জৰিয়তে সমগ্ৰ অসমতে আনন্দ-উৎসাহেৰে আমাৰ প্ৰাণৰো প্ৰাণৰ বিহুটি উদযাপন কৰিছোঁ। এই অনুষ্ঠানসমূহত আপোনালোক সকলোৰে সক্ৰিয় অংশগ্ৰহণ আৰু অৱদানৰ বাবে আন্তৰিকতাৰে ধন্যবাদ জনাইছোঁ।
কিন্তু এতিয়া এই উদযাপন সামৰাৰ সময় আহি পৰিছে। আমি বিনম্ৰতাৰে আহ্বান জনাব বিচাৰিছোঁ যে অহা ১০ মে'ৰ পৰা পূৰ্ব নিৰ্ধাৰিত বাকী থকা সকলো অনুষ্ঠান সৌজন্যতাৰে বাতিল কৰা হওক। আহক, আমি এই সুন্দৰ তথা বৰ্ণাঢ্য উদযাপনৰ ইমানতে সামৰণি পেলাই ঐক্য আৰু সংহতিৰ চানেকি দাঙি ধৰোঁ৷" ড° হিমন্ত বিশ্ব শৰ্মাৰ এই আহ্বানে আমাক সুখী কৰিছে।
এয়া যথোচিত আহ্বান। আমাৰ দৰে সৰ্বসাধাৰণৰ আহ্বান মানক বা নামানক, অন্ততঃ ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে জনোৱা একেটা আহ্বানৰ প্ৰতি সঁহাৰি জনাই আমি এইমুহূৰ্তৰ পৰাই বাতিল কৰোঁ আহক এইবছৰৰ বিহুৰ কাৰ্যসূচীসমূহ। বিহু যোৱাৰ পিছতো বিহুকেই বিনাই থকাতকৈ নিজৰ নিজৰ সাধ্যানুসাৰে থিয় হওঁ আহক দেশৰ পক্ষত; প্ৰাৰ্থনা কৰোঁহক দেশৰ বাবে।
বিহুৰ উদযাপন এইবছৰলৈ ইমানতে শেষ হওক। যদিহে আছে, তেন্তে একেদৰেই একেখিনি সময়তে আমি জুৱাসৰ্বস্ব ক্ৰিকেট, ৰাজনীতিৰ অনাহক বচন ইত্যাদিও বন্ধ হোৱাটো বিচাৰোঁ। সংবাদ মাধ্যমৰ যোগেদি অৱগত হোৱাৰ লগতে দুই-একৰ মুখত কেতিয়াবা শুনো যে আই পি এলৰ দৰে ক্ৰিকেটৰ সৈতে সংগতি ৰাখি অনেকে বৃহৎ জুৱাৰ সৈতে জড়িত হয়। যদি এয়া সত্য, তেন্তে নিশ্চিতভাৱে পৰিতাপজনক। যদিহে জুৱাসৰ্বস্ব, তেন্তে দেশৰ সাম্প্ৰতিক পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি বাতিল কৰিব পৰা নাযায়নে তেনে টুৰ্ণামেণ্টো? সমসাময়িকভাৱে বন্ধ হওক সকলো আনন্দোৎসৱ।
সৰ্বতোপৰি এই সময়ত মনে-প্ৰাণে কামনা কৰোঁ--- যাতে দেশৰ সাম্প্ৰতিক পৰিস্থিতিত শুনিবলৈ নাপাওঁ ৰাজনীতিৰ অনাহক বচন। নিজৰ বা দলৰ মুনাফা, বোকা ছটিওৱাৰ দৰে কোনো অনাহক বচনৰ পৰিৱৰ্তে এই সময় সকলোৱে একত্ৰিত হৈ দেশৰ হকে থিয় হোৱাৰ। এই আশা আমি আটায়ে নিশ্চয়কৈ কৰিব পাৰোঁ। এই আশা দিঠক হ'বনে?
(নীলিম আকাশ কাশ্যপ অসমীয়া আৰু ভাৰতীয় ইংৰাজী সাহিত্যৰ তৰুণ ঔপন্যাসিক)