আৱাজ-দ্য ভইচ ব্যুৰ'
২০২০ চনত ভাৰতৰ উচ্চতম ন্যায়ালয়ে ভাৰতীয় সেনাবাহিনীৰ মহিলা বিষয়াসকলক স্থায়ী আয়োগ (Parmanent Commission) লাভ কৰিবলৈ অনুমতি দিছিল। এই সিদ্ধান্তৰ সময়ত আদালতে ২০২৫ চনৰ ৭ মে’ত ‘অপাৰেচন সেন্দুৰ’ৰ বিষয়ে সংবাদ মাধ্যমৰ ব্রিফিঙত অংশ লোৱাৰ বাবে এতিয়া বাতৰিৰ শিৰোনাম দখল কৰা কৰ্ণেল ছফিয়া কুৰেশ্বীক ভূয়সী প্ৰশংসা কৰিছিল।
২০২০ চনৰ ১৭ ফেব্ৰুৱাৰীত দিয়া ৰায়দানত উচ্চতম ন্যায়ালয়ে কৈছিল যে মহিলা সেনা বিষয়াক বিশেষকৈ কমাণ্ড পোষ্টৰ বাবে সমান সুযোগ নিদিয়াটো ভুল আৰু অন্যায়। ইয়াত কোৱা হৈছিল যে মহিলা বিষয়াসকলকো পুৰুষৰ দৰেই তেওঁলোকৰ কেৰিয়াৰত উন্নতি কৰিবলৈ দিয়া উচিত।
আদালতে কৰ্ণেল ছফিয়া কুৰেশ্বীকে ধৰি মহিলা বিষয়াসকলৰ কৃতিত্বৰ কথা উল্লেখ কৰে। উল্লেখ্য যে, 'এক্সাৰচাইজ ফৰ্চ ১৮' নামৰ এটা ডাঙৰ আন্তঃৰাষ্ট্ৰীয় সামৰিক অনুশীলনত সেনাবাহিনীৰ দল এটাৰ নেতৃত্ব দিয়া প্ৰথমগৰাকী ভাৰতীয় মহিলা বিষয়া হিচাপে ছফিয়াই ইতিহাস ৰচিছিল। ২০০৬ চনত কংগোত তেওঁ ৰাষ্ট্ৰসংঘৰ বাবেও কাম কৰিছিল, য’ত ছফিয়াই শান্তি নিৰীক্ষণ আৰু সংঘাতপূৰ্ণ অঞ্চলত সাহায্য প্ৰদান কৰাত সহায় কৰিছিল।
প্ৰতিনিধিত্বমূলক ছবি
আদালতে এইটোও আঙুলিয়াই দিছিল যে চৰকাৰে মহিলা বিষয়াৰ কামৰ প্ৰশংসা কৰিলেও মহিলাসকল পুৰুষৰ দৰে সেনাবাহিনীৰ কিছুমান বিশেষ ভূমিকাত উপযুক্ত নহয় বুলি যুক্তি দিয়ে। চৰকাৰৰ এই চিন্তা সংবিধানৰ মূল্যবোধৰ বিপৰীত। ইয়াত স্পষ্টকৈ কোৱা হৈছিল যে মহিলা সেনা বিষয়াই দেশক গৌৰৱান্বিত কৰিব পাৰে।
উল্লেখ্য যে, ২০২৫ চনৰ ৭ মে’ত ভাৰতীয় বায়ুসেনাৰ কৰ্ণেল ছফিয়া কুৰেশ্বি আৰু উইং কমাণ্ডাৰ ব্যোমিকা সিঙে বৈদেশিক সচিব বিক্ৰম মিশ্ৰীৰ সৈতে প্ৰেছ ব্রিফিঙৰ নেতৃত্ব দিছিল৷
ভাৰতীয় সশস্ত্ৰ বাহিনীয়ে পাকিস্তান আৰু পাকিস্তান অধিকৃত কাশ্মীৰৰ ৯টা সন্ত্ৰাসবাদী লক্ষ্যত ক্ষেপণাস্ত্ৰ আক্ৰমণ চলাই ‘অপাৰেচন সেন্দুৰ’ আৰম্ভ কৰাৰ মাত্ৰ কেইঘণ্টামানৰ পিছতে তেওঁলোকে সংবাদমেলত বিশ্ববাসীক অভিযানৰ কথা অৱগত কৰিছিল।
যোৱা ২২ এপ্ৰিলত পহলগামত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণৰ প্ৰতিক্ৰিয়া স্বৰূপে ভাৰতে সন্ত্ৰাসবাদী শিবিৰত আক্ৰমণ চলাইছিল।