ফেটি লিভাৰৰ পৰা উপশম পোৱাৰ সহজ আৰু ফলপ্ৰসূ উপায়

Story by  atv | Posted by  Munni Begum • 7 h ago
যকৃত বিশেষজ্ঞ ডাঃ শিৱকুমাৰ ছাৰিন
যকৃত বিশেষজ্ঞ ডাঃ শিৱকুমাৰ ছাৰিন
 
আৱাজ-দ্য ভইচ অসম ব্যুৰো 
 
সম্প্ৰতি যুৱক-যুৱতীসকলৰ মাজত যকৃত সম্পৰ্কীয় সমস্যা দ্ৰুতগতিত বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে। কিয়নো অস্বাস্থ্যকৰ খাদ্যাভ্যাস আৰু আধুনিক জীৱনশৈলীৰ বাবে বহুতেই ফেটি লিভাৰৰ দৰে ৰোগত আক্ৰান্ত হৈছে। যেতিয়া যকৃতত অতিৰিক্ত চৰ্বি জমা হ’বলৈ আৰম্ভ কৰে, তেতিয়া ইয়াৰ কাৰ্য্যক্ষমতা ক্ষতিগ্ৰস্ত হ’বলৈ আৰম্ভ হয়, যাৰ ফলত সামগ্ৰিক স্বাস্থ্যৰ ওপৰতো যথেষ্ট প্ৰভাৱ পৰে। সৌভাগ্যক্ৰমে যদি প্ৰথম বা দ্বিতীয় পৰ্যায়ত এই ৰোগ ধৰা পৰে, তেন্তে কেইটামান সহজ জীৱনশৈলী সলনি কৰিয়ে ইয়াৰ পৰা উপশম পাব পৰা যায়।
 
এই সন্দৰ্ভত প্ৰখ্যাত যকৃত বিশেষজ্ঞ ডাঃ শিৱকুমাৰ ছাৰিনে ফেটি লিভাৰ পৰিচালনা আৰু নিৰাময়ৰ বাবে কিছুমান ব্যৱহাৰিক উপায় শ্বেয়াৰ কৰিছে।
 
প্ৰতিনিধিত্বমূলক ছবি
 
ডাঃ ছাৰিনৰ মতে, চৰ্বিযুক্ত যকৃত (ফেটি লিভাৰ)ক সুস্থ কৰাৰ প্ৰথম পদক্ষেপ হ’ল খাদ্য নিয়ন্ত্ৰণ কৰা। যকৃতৰ চৰ্বি হ্ৰাস কৰিবলৈ কেলৰি কম কৰাটো অতি প্ৰয়োজনীয়। চেনি আৰু অস্বাস্থ্যকৰ চৰ্বিযুক্ত খাদ্য বিশেষকৈ ফাষ্ট ফুড, বাৰ্গাৰ, ফ্ৰেঞ্চ ফ্ৰাই আদিৰ দৰে জাংক ফুড পৰিহাৰ কৰিব লাগে। ইয়াৰ পৰিবৰ্তে সতেজ ফল-মূল, সেউজীয়া শাক-পাচলি, গোটা শস্য আৰু প্ৰ'টিন সমৃদ্ধ খাদ্য অপোনাৰ খাদ্য তালিকাত অন্তৰ্ভুক্ত কৰিব লাগে। সুষম আৰু স্বাস্থ্যসন্মত খাদ্য গ্ৰহণে কেৱল যকৃতৰ কাৰ্য্যকলাপত সহায় কৰাই নহয় অতিৰিক্ত চৰ্বি হ্ৰাস কৰাটো সহায় কৰে।    
 
সপ্তাহত এবাৰ উপবাস কৰিবলৈ চেষ্টা কৰক
 
ডাঃ ছাৰিনে পৰামৰ্শ দিয়ে যে, সপ্তাহত এবাৰ বা দুবাৰ কৰা উপবাসে শৰীৰক পৰিষ্কাৰ কৰাত সহায় কৰে। ইয়াৰ ফলত যকৃতে বিৰতি পায় আৰু ইয়াৰ কাৰ্য্যক্ষমতা বৃদ্ধি কৰে। উপবাসে শৰীৰক প্ৰাকৃতিক বিষমুক্ত কৰাৰ প্ৰক্ৰিয়াত সহায় কৰে, যিয়ে বিষাক্ত পদাৰ্থ বাহিৰলৈ উলিয়াই দিয়াত সহায় কৰে আৰু যকৃতৰ চৰ্বি হ্ৰাস কৰে। অৱশ্যে হাইড্ৰেটেড হৈ থকাটো গুৰুত্বপূৰ্ণ আৰু উপবাসৰ সময়ত শৰীৰে পৰ্যাপ্ত পৰিমাণৰ পুষ্টিকৰ উপাদান লাভ কৰাটোও নিশ্চিত কৰিব লাগে। আপোনাৰ শৰীৰৰ প্ৰয়োজনীয়তাৰ প্ৰতি সচেতন হৈ এই অভ্যাস লাহে লাহে আৰম্ভ কৰক।    
 
প্ৰতিনিধিত্বমূলক ছবি
 
দৈনিক কাৰ্ডিঅ’ ৱৰ্কআউট যেনে জগিং, সাঁতোৰ বা ৩০–৪০ মিনিটৰ বাবে দ্ৰুতবেগত খোজ কঢ়াটো যকৃতৰ বাবে খুবেই উপকাৰী। ব্যায়ামে ৰক্ত সঞ্চালন উন্নত কৰে, যাৰ ফলত যকৃতলৈ অক্সিজেন আৰু পুষ্টিকৰ পদাৰ্থৰ যোগান ভাল হয়। ইয়াৰ উপৰিও ই শৰীৰৰ সামগ্ৰিক চৰ্বি হ্ৰাস কৰাত সহায় কৰে, যিয়ে পাছলৈ যকৃতৰ চৰ্বিও কমায়। 

সুৰাপান আৰু ধূমপান পৰিহাৰ কৰক
 
যকৃতত চৰ্বি জমা হোৱাৰ অন্যতম প্ৰধান কাৰণ হৈছে সুৰাপান। ধূমপানে যকৃতৰ কাৰ্য্যতো নেতিবাচক প্ৰভাৱ পেলায়। ডাঃ ছাৰিনে যকৃতৰ স্বাস্থ্য অটুত ৰাখিবলৈ আৰু অধিক ক্ষতি পৰা ৰক্ষা কৰিবলৈ মদ্যপান আৰু ধূমপান দুয়োটাকে পৰিহাৰ কৰিবলৈ কঠোৰ পৰামৰ্শ দিয়ে।   
 
 
প্ৰতিনিধিত্বমূলক ছবি
 
হাইড্ৰেটেড হৈ থাকক
 
দৈনিক ৮–১০ গিলাচ পানী খোৱাটো অতি গুৰুত্বপূৰ্ণ। পানীয়ে বিষাক্ত পদাৰ্থবোৰ শৰীৰৰ পৰা বাহিৰত উলিয়াই পেলোৱাত সহায় কৰে আৰু যকৃতৰ প্ৰাকৃতিক বিষমুক্ত কাৰ্য্যত সহায় কৰে। হাইড্ৰেটেড হৈ থাকিলে যকৃত আৰু শৰীৰ দুয়োটাই কাৰ্যক্ষমভাৱে কাম কৰি থাকে।  
 
খাদ্য তালিকাত এন্টিঅক্সিডেন্ট সমৃদ্ধ খাদ্য অন্তৰ্ভুক্ত কৰক
 
এন্টিঅক্সিডেন্ট সমৃদ্ধ খাদ্য যকৃতৰ স্বাস্থ্যৰ বাবে অতি উপকাৰী। আঙুৰ, নেমু, কমলা, বিলাহী, কচু আদি খাদ্যসমূহ যকৃতৰ বাবে খুবেই উপকাৰী। এইবোৰে ফ্ৰী ৰেডিকেলৰ ফলত হোৱা ক্ষতিৰ পৰা যকৃতক ৰক্ষা কৰাত সহায় কৰে। 
 
প্ৰতিনিধিত্বমূলক ছবি
 
ব্লেক কফি যোগ কৰক আৰু মানসিক চাপ হ্ৰাস কৰক 
 
যকৃতৰ চৰ্বি কম কৰিবলৈ ডাঃ ছাৰিনে ব্লেক কফি খোৱাৰ পৰামৰ্শ দিয়ে। ই কেৱল চৰ্বি কমোৱাত সহায় কৰাই নহয়, যকৃতৰ গুৰুতৰ অৱস্থাৰ পৰাও সুৰক্ষা প্ৰদান কৰে। মানসিক চাপ হ্ৰাস কৰাটোও অতি প্ৰয়োজনীয়। যোগ, ধ্যান আৰু প্ৰাণায়ামৰ দৰে শ্বাস-প্ৰশ্বাসৰ ব্যায়াম আপোনাৰ দৈনন্দিন জীৱনত অন্তৰ্ভুক্ত কৰিলে মানসিক চাপৰ মাত্ৰা পৰিচালনা কৰাত সহায়ক হ’ব পাৰে। 
 
নিয়মীয়াকৈ স্বাস্থ্য পৰীক্ষা কৰক 
 
যদি আপোনাৰ ফেটি লিভাৰ ধৰা পৰিছে, তেন্তে নিয়মিতভাৱে চিকিৎসকৰ পৰামৰ্শ লওঁক আৰু আপোনাৰ অগ্ৰগতি নিৰীক্ষণ কৰক। আগতীয়াকৈ ধৰা পেলোৱা আৰু সময়মতে যত্ন ল’লে যকৃতৰ স্বাস্থ্য পৰিচালনাৰ ক্ষেত্ৰত যথেষ্ট লাভদায়ক হব।