অসমত আকৌ আৰম্ভ কৰ'নাৰ সংক্ৰমণ

Story by  atv | Posted by  [email protected] • 3 d ago
অসমত আকৌ আৰম্ভ কৰ'নাৰ সংক্ৰমণ
অসমত আকৌ আৰম্ভ কৰ'নাৰ সংক্ৰমণ
 
গুৱাহাটী
 
২০২২ চনৰ পাছত শিলচৰ মেডিকেল কলেজত পুনৰ চিনাক্ত হল কৰ’না পজিটিভ ৰোগী। শিলচৰ মেডিকেল কলেজৰ মাইক্ৰোবায়োলজি বিভাগৰ এগৰাকী ছাত্ৰৰ দেহত ধৰা পৰিল কৰ'নাৰ অৱস্থিতি।
 
দুদিন ধৰি ছাত্ৰ গৰাকীৰ জ্বৰ কাহ আৰু চৰ্দি আছিলে। বুধবাৰে মেডিকেল কলেজত ছাত্ৰ গৰাকীৰ কভিড টেষ্ট কৰালে ৰিপৰ্ট পজিটিভ আহে। ছাত্ৰ গৰাকীৰ দেহত কোৰোনা ভাইৰাছৰ উপস্থিতিত পোৱাৰ পাচত তেওঁ তাতক্ষণিকভাৱে মেডিকেলৰ আইচোলেশন ইউনিটত ভৰ্তি কৰাই চিকিৎসা আৰম্ভ কৰা হয়।
 
লগতে প্ৰায় তিনি বছৰ পাছত শিলচৰ মেডিকেল কলেজত কৰ'না আক্ৰান্ত ৰোগী  চিনাক্ত হোৱাত শিলচৰ মেডিকেল কলেজত সৰ্তকতা জাৰি কৰা হৈছে। কৰ’না লৈ চিন্তিত হোৱাৰ প্ৰয়োজন নাই। কেৱল কভিড বিধি মানি চলাৰ নিৰ্দেশ প্ৰদান কৰে শিলচৰ মেডিকেল কলেজৰ অধ্যক্ষ ডাঃ ভাস্কৰ গুপ্তই।