পাটনাৰ গান্ধী মৈদানত অনুষ্ঠিত এণ্টি ৱাকফ মেগা ৰেলীত ভাষণ দি থকা অৱস্থাত মৌলানা ফৈছাল ৱালি ৰহমানী
মালিক আছঘৰ হাচমী
ৱাকফ আইনৰ বিৰুদ্ধে সৰ্বভাৰতীয় মুছলিম ব্যক্তিগত আইন ব’ৰ্ডৰ নেতৃত্বত চলা আন্দোলন এতিয়া দিশহাৰা হৈ পৰিছে নেকি? সম্প্ৰতি এই প্ৰশ্ন ৰাজনৈতিক মহলতে সীমাবদ্ধ হৈ থকা নাই, বৰঞ্চ সাধাৰণ মুছলমান সম্প্ৰদায়ৰ মাজতো ই প্ৰতিধ্বনিত হোৱা পৰিলক্ষিত হৈছে। কাৰণ পাটনাৰ গান্ধী মৈদানত আয়োজিত ‘ৱাকফ বচাওঁক, সংবিধান বাচাওঁক’ শীৰ্ষক ৰেলীত নিশ্চিতভাৱে লাখ লাখ লোকে ভিৰ কৰিছিল, যদিও ব’ৰ্ডৰ কোনো জ্যেষ্ঠ বিষয়াৰ ধ্বনি মঞ্চৰ পৰা অনুৰণিত হোৱা দেখা নগ'ল।
কেৱল এয়াই নহয়, এতিয়ালৈকে এই আন্দোলনৰ মুখ্য কণ্ঠ হিচাপে বিবেচিত হোৱা AIMIMৰ মুৰব্বী আছাদুদ্দিন ওৱাইছিয়ে পাটনাত উপস্থিত হোৱাৰ পৰিৱৰ্তে মহাৰাষ্ট্ৰৰ পাৰভানীত নিজৰ দলৰ সমাৱেশক অধিক অগ্ৰাধিকাৰ দিছে। এতিয়া প্ৰশ্ন উত্থাপন হৈছে যে, ৱাকফ বিষয়ৰ অগ্ৰাধিকাৰ এতিয়া তেওঁলোকৰ কাৰ্যক্ৰমণিকাত পিছপৰি গৈছে নেকি? যদি নাই, বিহাৰৰ এই সমাৱেশ কেৱল ৰাজনৈতিক মঞ্চৰ আহিলা হৈ পৰিছে নেকি?
পাটনাৰ গান্ধী মৈদানত অনুষ্ঠিত এণ্টি ৱাকফ মেগা ৰেলী
এই সমাৱেশত জমিয়ত উলেমা-ই-হিন্দ, জামাত-ই-ইছলামী হিন্দৰ দৰে সংগঠনৰ জ্যেষ্ঠ নেতাৰ অনুপস্থিতিয়েও বহু সন্দেহৰ সৃষ্টি কৰিছে। জামাত-জমিয়ত, ব্যক্তিগত আইন ব’ৰ্ডৰ ডিজিটেল প্লেটফৰ্মত এই সমাৱেশৰ কোনো উল্লেখ কৰা হোৱা নাছিল। এই বিষয়ত মুছলমান সংগঠনসমূহৰ মাজত নীতিগত মতানৈক্য আৰু নেতৃত্বৰ সংগ্ৰাম গভীৰ হোৱাৰ এইটোৱেই ইংগিত দিছে নেকি?
ব’ৰ্ডৰ বেনাৰ লগোৱাৰ পাছতো এই সমাৱেশৰ সমগ্ৰ নেতৃত্ব ইমাৰাট-ই-শ্বৰিয়াৰ মুৰব্বী মৌলানা ফৈছাল ৰহমানীৰ হাতত থকা দেখা গ’ল। মঞ্চত ৰাজনৈতিক দলৰ আধিপত্য ইমানেই আছিল যে, এই মঞ্চখন ‘ৰাজদ সমৰ্থিত’ দেখাবলৈ আৰম্ভ কৰিলে বুলি ক’লেও ভুল নহ’ব।
তেজস্বী যাদৱৰ ভাষণক যিধৰনে গুৰুত্ব দিয়া হৈছিল আৰু এ আই আই এম আই এমৰ নেতা আখতাৰুল ইমানেও যিভাৱে সীমিত সময় লাভ কৰিছিল। এই সকলোবোৰে এই আন্দোলনক সামাজিক গণ আন্দোলন কম আৰু ৰাজনৈতিক সমাৱেশ বেছি হৈ পৰা আশংকা আৰু অধিক শক্তিশালী কৰি তুলিছিল।
তেজস্বী যাদৱে তেওঁৰ ভাষণত প্ৰতিশ্ৰুতি দিছিল যে, যদি গ্ৰেণ্ড এলায়েন্স ক্ষমতালৈ আহে, তেন্তে বিহাৰৰ ৱাকফ আইনখন ‘ডাষ্টবিন’ত পেলাই দিয়াৰ দৰে হ’ব। এই বক্তব্য নিশ্চিতভাৱে দৰ্শকক আকৰ্ষণ কৰাৰ উদ্দেশ্য দিয়া হৈছিল। কিন্তু কথাটো হ’ল যে, এই আইনখনত কেন্দ্ৰীয় চৰকাৰৰ বিষয় হয় আৰু ৰাজ্য চৰকাৰৰ সীমা স্পষ্ট উল্লেখ কৰা আছে।
তেজস্বী যাদৱে ভাষণ দি থকা এক মূহুৰ্ত
এই সমাৱেশৰ উপৰিও ইমাৰাট-ই-শ্বৰিয়াৰ মুৰব্বী মৌলানা ফৈছাল ৰহমানীয়ে সংবাদ মাধ্যমৰ সৈতে হোৱা এক বাৰ্তালাপত স্পষ্ট কৰি দিয়ে যে, তেওঁৰ উদ্দেশ্য কেৱল প্ৰতিবাদ নহয় বৰং সংবিধানৰ মৌলিক বিধানসমূহ সুৰক্ষিত কৰাহে। তেওঁ কয় যে, কেন্দ্ৰীয় চৰকাৰৰ এই আইনৰ সংশোধনী কৰা উদ্দেশ্য হৈছে ৱাকফৰ সম্পত্তি নিয়ন্ত্ৰণ কৰাৰ এক বলপূৰ্বক প্ৰচেষ্টা। যিটো কেৱল সংখ্যালঘুৰ ধৰ্মীয় আৰু সামাজিক অধিকাৰৰ ওপৰত আক্ৰমণ নহয় বৰং উচ্চতম ন্যায়ালয়ৰ ৰায়ৰো বিৰোধী।
এটা উদাহৰণ দি তেওঁ কয় যে, ৱাকফৰ সম্পত্তিত চলি থকা বহু প্ৰতিষ্ঠানত মুছলমানতকৈ হিন্দু হিতাধিকাৰীৰ সংখ্যা বেছি। উদাহৰণস্বৰূপে, মৌলানা মাজহাৰুল হক বিশ্ববিদ্যালয়ৰ বিএড'ৰ পাঠ্যক্ৰমত ৮৮% ছাত্ৰ-ছাত্ৰীয়ে হৈছে হিন্দু। এনে পৰিস্থিতিত এই আইনখন কেৱল এটা সম্প্ৰদায়ৰ বিষয় নহয়, বৰঞ্চ ই সৰ্বাংগীন সামাজিক ব্যৱস্থাৰ ওপৰত কৰা এক আক্ৰমণ।
ফইছাল ৰহমানীয়ে কেন্দ্ৰীয় চৰকাৰে ৩০০ৰো অধিক আপত্তি প্ৰত্যাখ্যান কৰাটো গণতান্ত্ৰিক আলোচনাৰ ব্যৰ্থতা বুলি অভিহিত কৰি কয় যে, যেনেকৈ জনসাধাৰণৰ হেঁচাত তিনিওখন কৃষি আইন প্ৰত্যাহাৰ কৰা হৈছিল, ঠিক একেদৰে ৱাকফ আইন সন্দৰ্ভত চৰকাৰে পুনৰ বিবেচনা কৰিব লাগিব।
ৰাজনৈতিক সমীকৰণৰ কথা কবলৈ গ'লে দেখা যায় যে, মাৰ্চ মাহত নীতিশ কুমাৰে ৰমজানত আয়োজন কৰা ইফতাৰত কৰা ইমাৰাত-ই-শ্বৰিয়াৰ বৰ্জনে এই কথা ষ্পষ্ট কৰি দিছিল যে, বৰ্তমানৰ ক্ষমতা প্ৰতিষ্ঠানৰ বিৰুদ্ধে তেওঁলোকৰ স্থিতি কিমান কঠোৰ হয়। বিহাৰৰ মুছলমান জনসংখ্যা প্ৰায় ১৭%। যিটো সীমাঞ্চলৰ কিষাণগঞ্জ, আৰৰিয়া, কাটিহাৰ, পূৰ্ণিয়া আদি জিলাত কেন্দ্ৰীভূত হৈ আছে। পাটনা, দৰভংগা, মধুবনী, নালন্দা আদি অঞ্চলতো তেওঁলোকৰ সংখ্যা আকৰ্ষণীয়।
এই জনসংখ্যাৰ ৰাজনৈতিক চেতনাৰ প্ৰতি লক্ষ্য ৰাখি ৱাকফ আইনৰ বিষয়টো নিৰ্বাচনী ৰাজনীতিৰ কেন্দ্ৰবিন্দু হ’ব পৰাটো নিশ্চিত। কিন্তু যদি মুছলমান নেতৃত্ব আৰু সংগঠনৰ ভিতৰত এই বিভাজন আৰু মতানৈক্যৰ পৰিস্থিতি অব্যাহত থাকে, তেন্তে এই আন্দোলনে নিজৰ উদ্দেশ্যৰ পৰা আঁতৰি যোৱাৰ সম্ভাৱনা আছে।
পাটনাৰ সমাৱেশে জনসাধাৰণৰ আৱেগৰ গভীৰতা প্ৰদৰ্শন কৰিছিল যদিও মুছলমান সংগঠনৰ মাজত সিঁচৰতি হৈ থকা স্থিতিয়ে এই আন্দোলনৰ গুৰুত্বৰ ওপৰত প্ৰশ্ন উত্থাপন কৰিছে। যদি ৱাকফ আইনৰ বিৰোধিতা সঁচা অৰ্থত এক ব্যাপক আৰু নিষ্ঠাবান আন্দোলন হবলৈ হ'লে, ইয়াৰ বাবে নেতৃত্বত ঐক্য, স্বচ্ছতা আৰু সততা প্ৰয়োজনীয়, অন্যথা ই সৰ্বদা ৰাজনৈতিক মঞ্চৰ চিকাৰ হৈ থাকিব।