ৱালী ৰহমানীৰ নতুন পদক্ষেপঃ লক্ষ্ণৌত হ’ব প্ৰতিযোগিতামূলক পৰীক্ষাৰ প্ৰস্তুতি কেন্দ্ৰ

Story by  atv | Posted by  [email protected] • 13 h ago
উদীয়মান সমাজকৰ্মী তথা শিক্ষা সংস্কাৰক ৱালী ৰহমানী
উদীয়মান সমাজকৰ্মী তথা শিক্ষা সংস্কাৰক ৱালী ৰহমানী
 
মালিক আছগড় হাছমী / নতুন দিল্লী / লক্ষ্ণৌ

লক্ষ্ণৌৰ পৰিচয়ত এক নতুন অধ্যায় সংযোজন কৰি কলকাতাৰ সমাজকৰ্মী তথা শিক্ষা সংস্কাৰক ৱালী ৰহমানীয়ে দৰিদ্ৰ আৰু পিছপৰা শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীৰ বাবে আন এক বৃহৎ পদক্ষেপ গ্ৰহণ কৰিছে। প্ৰথমে প্ৰায় ১৫ কোটি টকা ব্যয় সাপেক্ষে পশ্চিম বংগত এখন মডেল স্কুল আৰু অনলাইন কালাম লাৰ্নিং চেণ্টাৰ মুকলি কৰাৰ পিছত এতিয়া তেওঁ লক্ষ্ণৌৰ হজৰতগঞ্জত কালাম আৱাসিক প্ৰশিক্ষণ কেন্দ্ৰ আৰম্ভ কৰিছে। 
 
এই কেন্দ্ৰৰ লক্ষ্য হৈছে অৰ্থনৈতিকভাৱে দুৰ্বল ছাত্ৰ-ছাত্ৰীসকলক নামমাত্ৰ মাচুলত প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে প্ৰস্তুত কৰা, যাতে তেওঁলোকেও চিকিৎসক, অভিযন্তা বা আন উচ্চ পদবীৰ সপোন পূৰণ কৰিব পাৰে।
 
এতিয়াৰ বাবে ইয়াত কেৱল NEET-ৰ প্ৰশিক্ষণ দিয়া হ'ব, কিন্তু অহা বছৰৰ পৰা JEE প্ৰস্তুতিও আৰম্ভ হ'ব। ৱালী ৰহমানীয়ে প্ৰতি বছৰে এই কেন্দ্ৰত নতুন পাঠ্যক্ৰম সংযোজন কৰাৰ পৰিকল্পনা কৰিছে। এই পৰ্যন্ত পাটনা, বেংগালুৰু, হায়দৰাবাদ, কোটা আদি চহৰলৈ ছাত্ৰ-ছাত্ৰীয়ে NEET আৰু JEE প্ৰশিক্ষণৰ বাবে যাবলগীয়া হৈছিল যদিও এতিয়া লক্ষ্ণৌও এই ক্ষেত্ৰত এক গুৰুত্বপূৰ্ণ কেন্দ্ৰ হিচাপে আত্মপ্ৰকাশ কৰিবলৈ গৈ আছে।
 
নবাব, বডা ইমাম্বৰা, চিকাংকৰী কাপোৰ আৰু কাবাবৰ সংস্কৃতিৰ বাবে বিখ্যাত লক্ষ্ণৌ এতিয়াৰ পৰা উচ্চ পৰ্যায়ৰ প্ৰতিযোগিতামূলক পৰীক্ষাৰ প্ৰস্তুতিৰ বাবেও জনা যাব। হজৰতগঞ্জত নিৰ্মিত এই প্ৰথমটো আৱাসিক কোচিং চেণ্টাৰত আধুনিক সা-সুবিধাৰ ব্যৱস্থা কৰা হৈছে।
 
 
এটা বৃহৎ পুথিভঁৰালৰ লগতে কেইবাটাও ৰেকৰ্ডিং ষ্টুডিঅ’ও স্থাপন কৰা হৈছে। ইয়াত শিক্ষকসকলে তেওঁলোকৰ বক্তৃতা ৰেকৰ্ডিং কৰিব যাতে ছাত্ৰ-ছাত্ৰীসকলে প্ৰয়োজন সাপেক্ষে ভিডিঅ’ৰ জৰিয়তে নিজৰ সন্দেহ দূৰ কৰিব পাৰে। এই কেন্দ্ৰটোৰ নেতৃত্বত আছে দেশৰ প্ৰখ্যাত জীৱবিজ্ঞান শিক্ষক আফী ত্যাগী আৰু সুপৰিচিত পদাৰ্থ বিজ্ঞানৰ শিক্ষক আছিফ ইকবাল।
 
যদিও ইয়াত নামমাত্ৰ মাচুল দি প্ৰশিক্ষণ দিয়া হ’ব, তথাপিও ছাত্ৰ-ছাত্ৰীসকলক কঠোৰ প্ৰক্ৰিয়াৰে নিৰ্বাচন কৰা হ’ব কাৰণ বৰ্তমান মাত্ৰ ২০০ খন আসনহে উপলব্ধ। বাছনি প্ৰক্ৰিয়াত ভাল প্ৰদৰ্শন কৰা ছাত্ৰ-ছাত্ৰীক বৃত্তিও প্ৰদান কৰা হ’ব। এই কেন্দ্ৰত নামভৰ্তিৰ বাবে তিনিটা মোবাইল নম্বৰ—৫৩৯০০০৪৫০১, ৭০৮০২২৯৯৯৯ আৰু ৭০৮০৬৯৩৮২৮—মুকলি কৰা হৈছে। ইচ্ছুক ছাত্ৰ-ছাত্ৰীসকলে এইবোৰৰ যিকোনো এটা নম্বৰত হোৱাটছএপ কৰি বিতং তথ্য লাভ কৰিব পাৰিব।
 
ৱালী ৰহমানীৰ এটা বিশেষত্ব হ’ল তেওঁ নিজৰ প্ৰজেক্টৰ বাবে জনসাধাৰণৰ সৈতে পোনপটীয়াকৈ যোগাযোগ কৰে আৰু ছ’চিয়েল মিডিয়াৰ সহায় লয়। পশ্চিমবংগত এখন আদৰ্শ বিদ্যালয় নিৰ্মাণৰ বাবে যেতিয়া তেওঁক ১০ কোটি টকাৰ প্ৰয়োজন হৈছিল, তেতিয়া তেওঁ ফেচবুক আৰু ইউটিউবত এটা ভিডিঅ’ বনাই মানুহক মাত্ৰ ১০০ টকা দান দিবলৈ কয়।
 
ৱালী ৰহমানী
 
একেদৰে তেওঁ ছ’চিয়েল মিডিয়াৰ জৰিয়তেও অনলাইন কালাম লাৰ্নিং চেণ্টাৰৰ কথা ঘোষণা কৰিছিল আৰু এতিয়া আৱাসিক কেন্দ্ৰটোৰ বিষয়েও তেওঁ তাৰ পৰাই কৈছে। যোৱা বছৰৰ ১৫ অক্টোবৰৰ পৰা ডাঃ এ পি জে আব্দুল কালামৰ জন্মদিনত আৰম্ভ হোৱা কালাম লাৰ্নিং চেণ্টাৰৰ সম্প্ৰসাৰণ প্ৰকল্প কালাম আৱাসিক কেন্দ্ৰ।
 
এই কেন্দ্ৰটোৱে পঞ্চম শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীলৈকে ছাত্ৰ-ছাত্ৰীক NEET, IIT আৰু অন্যান্য ফাউণ্ডেশ্যন পাঠ্যক্ৰমৰ বাবে অতি কম মাচুলত প্ৰস্তুত কৰে। সমগ্ৰ দেশৰ দৰিদ্ৰ ছাত্ৰ-ছাত্ৰীক ৫০ কোটি টকাৰ বৃত্তি দিব বুলি দাবী কৰিছে ৱালী ৰহমানীয়ে। অৱশ্যে এই বৃত্তি কেনেকৈ দিয়া হ’ব সেই বিষয়ে তেওঁ স্পষ্ট কৰা নাই।

 
তেওঁৰ মতে, বছৰি মাত্ৰ ২৫ টকা মাচুল দি NEET কোচিং, ৩০০০ টকাত IIT কোচিং, আৰু বছৰি ৩০ টকাত জামিয়া-AMU প্ৰৱেশ পৰীক্ষাৰ প্ৰস্তুতিৰ বাবে উপলব্ধ হ’ব। ৱেবছাইট বা মোবাইল এপৰ জৰিয়তে ছাত্ৰ-ছাত্ৰীয়ে পঞ্জীয়ন কৰিব পাৰিব। কিন্তু বৰ্তমান ৱেবছাইটটোৰ নিৰ্মাণ কাৰ্য চলি আছে আৰু এপটোৱে দেখুৱাইছে যে প্ৰকৃত মাচুল ৮০০০ টকা, যিটো বৰ্তমান ২৯৯৯ টকাত আগবঢ়োৱা হৈছে। আনহাতে জামিয়া-এএমইউ প্ৰস্তুতি ১৯৯৯ টকাৰ পৰিৱৰ্তে ৩০০ টকাত উপলব্ধ হৈছে।
 
শিক্ষক কৰ্মচাৰীৰ বিষয়ে এপ আৰু ভিডিঅ’ত বিশেষ তথ্য দিয়া হোৱা নাই। বৰ্তমান সময়ত কেৱল ৱালী ৰহমানী আৰু গণিতৰ শিক্ষক আছিফ ইকবালৰ ছবিহে দেখুওৱা হৈছে, যাৰ বাবে ছাত্ৰ-ছাত্ৰীৰ মনত এটা প্ৰশ্ন উত্থাপন হৈছে যে এই প্ৰতিষ্ঠানটোৱে খান ছাৰৰ খান গ্ল’বেল ষ্টাডিজৰ দৰে পৰিচয় সৃষ্টি কৰিবলৈ সক্ষম হ’বনে?
 
 
খান গ্ল’বেল ষ্টাডিজ দেশ আৰু বিদেশত সুলভ আৰু মানসম্পন্ন প্ৰশিক্ষণৰ বাবে পৰিচিত, য’ত এক কোটিতকৈ অধিক ছাত্ৰ-ছাত্ৰী অনলাইন আৰু অফলাইন সংযুক্ত হৈ আছে। ইয়াত  ১৮৫ ধৰণৰ পাঠ্যক্ৰম উপলব্ধ। খান গ্ল’বেল ষ্টাডিজে ইউ পি এছ চিৰ বাবে অফলাইন কোচিঙৰ বাবে বছৰি ৭৯,৫০০ টকা লয়, কিন্তু বহু কম খৰচত আন বহু পাঠ্যক্ৰম আগবঢ়ায়, যেনে আৰ আৰ বি-এ এল পি-টেকৰ বাবে ১৯৯ টকাত অনলাইন কোচিং আৰু ৪৯৯ টকাত ইউ পি এছ চি ৰ অ’-এ আৰ অ’ৰ বাবে অনলাইন কোচিং। এনে পৰিস্থিতিত এই প্ৰতিযোগিতাত ৱালী ৰহমানীৰ নতুন প্ৰজেক্ট কিমান সফল হ’ব সেয়া সময়েহে ক’ব।
 
প্ৰতিশ্ৰুতি অনুসৰি যদি ৱালী ৰহমানীয়ে গুণগত আৰু সুলভ মূল্যৰ শিক্ষা প্ৰদানত সফল হয়, তেন্তে আৰ্থিক অনাটনৰ বাবে উন্নত শিক্ষাৰ পৰা বঞ্চিত হোৱা সেই শিশুসকলৰ বাবে সেয়া এক আশীৰ্বাদ হিচাপে প্ৰমাণিত হ’ব। লক্ষ্ণৌৰ এই নতুন আৱাসিক প্ৰশিক্ষক কেন্দ্ৰটো কেৱল চহৰখনৰ নতুন পৰিচয় হোৱাই নহয়, সেই সপোনবোৰকো ডেউকা দিব যিবোৰ এতিয়ালৈকে পৰিস্থিতিৰ কৱলত আবদ্ধ হৈ আছিল।