সংবাদমেলত কৰ্ণেল ছফিয়া কুৰেশ্বী, বৈদেশিক সচিব বিক্ৰম মিশ্ৰী আৰু উইং কমাণ্ডাৰ ভূমিকা সিং
নতুন দিল্লী
সন্ত্ৰাসবাদৰ বিৰুদ্ধে ভাৰতবৰ্ষই আৰম্ভ কৰা যুঁজত দেশবাসীৰ ঐক্য-সংহতি পাকিস্তানৰ বাবে ডাঙৰ প্ৰত্যাহ্বান হৈ পৰিছে। এই গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়াইছে ভাৰতৰ বৈদেশিক সচিব বিক্ৰম মিশ্ৰীয়ে। বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয় আৰু নিৰাপত্তা বাহিনীৰ এক যুটীয়া প্ৰেছ ব্রিফিঙত মিশ্ৰীয়ে পাকিস্তানৰ কোনো ধর্মীয় স্থানত ভাৰতে আক্রমণ কৰা নাই বুলিও উল্লেখ কৰে৷ ইয়াৰ বিপৰীতে পাকিস্তানে যোৱা দুদিনত জম্মু-কাশ্মীৰৰ ধৰ্মীয় স্থানসমূহক আক্ৰমণৰ লক্ষ্য কৰি লৈছে। এয়া পাকিস্তানৰ আন এক নিম্ন ৰুচিৰ কাম।
তেওঁ লগতে কয় যে পাকিস্তানৰ সীমা অতিক্ৰম কৰা আগ্ৰাসন কেৱল ড্ৰ’নতে সীমাবদ্ধ নাছিল। “পাকিস্তানে জম্মু-কাশ্মীৰ অঞ্চলৰ ছাণ্ডাৰ, উৰি, পুঞ্চ, মেন্ধৰ, ৰাজৌৰী, আখনূৰ আৰু উধামপুৰত গধুৰ বন্দুক আৰু সশস্ত্ৰ ড্ৰ’ন ব্যৱহাৰ কৰি নিয়ন্ত্ৰণ ৰেখাৰ ওপৰেৰে গুলীচালনাও চলাইছিল, যাৰ ফলত ভাৰতীয় সেনাৰ বহু কেইজন জোৱান কিছু লোকচান আৰু আঘাতপ্ৰাপ্তৰ সন্মুখীন হৈছে।”-মিশ্ৰীয়ে কয়।
বৈদেশিক সচিব বিক্ৰম মিশ্ৰীয়ে পুনৰ কয় যে ভাৰতে আজিৰ আই এম এফৰ বৈঠকত নিজৰ স্থিতি দাঙি ধৰিব আৰু পাকিস্তানক পুঁজি প্ৰদান বন্ধ কৰাৰ আহ্বান জনাব।
ইফালে, সংবাদমেলত ভাৰতীয় সেনাৰ সুদক্ষ মহিলা বিষয়া কৰ্ণেল ছফিয়া কুৰেশ্বীয়ে কয় যে ৮ মে’ত ভাৰতৰ চহৰসমূহক লক্ষ্য কৰি কৰা আক্ৰমণত পাকিস্তানৰ সেনাই তুৰ্কীৰ ড্ৰ’ন ব্যৱহাৰ কৰাৰ সম্ভাৱনা আছে।
"৮ মে'ত পাকিস্তানী সেনাই পশ্চিম সীমান্তত থকা ভাৰতৰ সামৰিক ঘাটিসমূহ আক্ৰমণ কৰিবলৈ চেষ্টা কৰিছিল। লেহৰ পৰা ছাৰ ক্ৰিকলৈকে পাকিস্তানী সেনাই অনুপ্ৰৱেশৰ বাবে ড্ৰ'ন ব্যৱহাৰ কৰিছিল। ইয়াৰ উপৰিও নিয়ন্ত্ৰণ ৰেখাৰ কাষেৰে গধুৰ কেলিবাৰৰ অস্ত্ৰ-শস্ত্ৰ নিক্ষেপ কৰিছিল। তেওঁলোকে ভাৰতৰ ৩৬টা স্থানত অনুপ্ৰৱেশৰ চেষ্টাত প্ৰায় ৩০০ৰ পৰা ৪০০ ড্ৰ’ন নিয়োগ কৰিছে। এই সকলো চেষ্টা ভাৰতৰ বায়ু সেনাই প্ৰতিহত কৰিছে।"-কুৰেশ্বীয়ে কয়।
সংবাদমেলত উইং কমাণ্ডাৰ ভূমিকা সিঙে কয়, ‘পাকিস্তানে ৭ মে’ৰ নিশা ৮.৩০ বজাত ভাৰতক লক্ষ্য কৰি ড্ৰ’ন আৰু মিছাইল আক্ৰমণ চলোৱাৰ সময়ত নিজৰ অসামৰিক আকাশমাৰ্গ বন্ধ কৰা নাছিল। ভাৰতৰ ওপৰত কৰা আক্ৰমণে যে দ্ৰুত প্ৰত্যুত্তৰ লাভ কৰিব সেই কথা সম্পূৰ্ণৰূপে জানিও পাকিস্তানে অসামৰিক বিমানক ঢাল হিচাপে ব্যৱহাৰ কৰিছে। এইটো সাধাৰণ জনসাধাৰণৰ বাবে নিৰাপদ নহয়”।
উইং কমাণ্ডাৰ ভূমিকা সিঙে জানিবলৈ দিয়ে যে পাকিস্তানৰ আক্ৰমণৰ প্ৰতি সঁহাৰি জনাই ভাৰতে পাকিস্তানৰ ৪টা বায়ু প্ৰতিৰক্ষা স্থানত সশস্ত্ৰ ড্ৰোন নিক্ষেপ কৰে আৰু ইয়াৰে এটা ড্ৰ’নে এডি ৰাডাৰ (AD radar) ধ্বংস কৰিবলৈ সক্ষম হয়।