আমি প্ৰথমে ভাৰতীয়, পিছতহে হিন্দু অথবা মুছলমানঃ কৰ্ণেল ছফিয়া কুৰেশ্বীৰ পৰিয়াল

Story by  atv | Posted by  [email protected] • 8 h ago
কৰ্ণেল ছফিয়া কুৰেশ্বীৰ পৰিয়াল
কৰ্ণেল ছফিয়া কুৰেশ্বীৰ পৰিয়াল
 
অনিকা মহেশ্বৰী/ নতুন দিল্লী
 
আমি প্ৰথমে ভাৰতীয় আৰু তাৰ পিছতহে মুছলমান। আমি কেৱল আমাৰ দেশক লৈহে চিন্তিত। গুজৰাটৰ বদোদৰাত সংবাদ মাধ্যমৰ সৈতে হোৱা কথা-বতৰাত এইদৰে কয় কৰ্ণেল ছফিয়া কুৰেশ্বীৰ পিতৃ তাজ মহম্মদ কুৰেশ্বীয়ে।
 
ভাৰতীয় সেনাৰ সুদক্ষ মহিলা বিষয়াগৰাকীৰ বিষয়ে পিতৃ তাজ মহম্মদে কয়, ‘মই মোৰ ছোৱালীক লৈ গৌৰৱ অনুভৱ কৰিছো। মোৰ পৰিয়ালে সদায় ‘বায়ম ৰাষ্ট্ৰ জাগ্ৰিয়ম’ (আমি দেশক জীয়াই ৰাখিম আৰু জাগ্ৰত কৰি ৰাখিম) নীতি অনুসৰণ কৰি আহিছে।
 
উল্লেখযোগ্য যে ভাৰতীয় সেনাৰ বিষয়া কৰ্ণেল ছফিয়া কুৰেশ্বীয়ে 'অপাৰেচন সেন্দুৰ'ৰ বিষয়ে সংবাদ মাধ্যমক তথ্য দি বুধবাৰে বাতৰিৰ শিৰোনাম দখল কৰিছিল। বৈদেশিক সচিব বিক্ৰম মিশ্ৰী আৰু উইং কমাণ্ডাৰ ব্যোমিকা সিঙৰ সৈতে ছফিয়াই প্ৰেছ ব্ৰিফিঙৰ জৰিয়তে সমগ্ৰ বিশ্ববাসীক অপাৰেচন সেন্দুৰৰ বিষয়ে অৱগত কৰে।
 
কৰ্ণেল ছফিয়া কুৰেশ্বী
 
ইয়াৰ পিছতে সমগ্ৰ দেশতে কৰ্ণেল ছফিয়া কুৰেশ্বী চৰ্চাৰ কেন্দ্ৰবিন্দু হৈ পৰে। ছ’চিয়েল মিডিয়াতো তেওঁ কম সময়ৰ ভিতৰতে জনপ্ৰিয় হৈ পৰিছে। সেইবাবে গুজৰাটত থকা তেওঁৰ পৰিয়ালটো গৌৰৱান্বিত হৈ পৰিছে।
 
পৰিয়ালৰ লোকে জনোৱা মতে, কৰ্ণেল ছফিয়াই পি এইচ ডি আৰু শিক্ষকতাৰ চাকৰি এৰি সেনা বিষয়া হ’বলৈ আগবাঢ়িছিল। তেওঁৰ পিতৃ-মাতৃ আৰু ভাতৃ মহম্মদ সঞ্জয় কুৰেশ্বিৰ ঘৰ বদোদৰাৰ টাণ্ডালজা অঞ্চলত।
 
ছফিয়াৰ পিতৃ তাজ মহম্মদে পাকিস্তানৰ বিষয়ে কয় যে পাকিস্তান বৰ লেতেৰা দেশ, মই এই বিষয়ে কথা ক’বলৈও ভাল নাপাওঁ। ভাৰতে আগতেই ব্যৱস্থা ল’ব লাগিছিল। ছোৱালীজনীক টিভিত দেখি মই আৱেগিক হৈ পৰিলোঁ। আমাৰ ছোৱালীয়ে দেশৰ বাবে কিবা এটা কৰিব পাৰিছে, তাক লৈ আমিবোৰ গৌৰৱান্বিত। আমাৰ নীতি হৈছে যে আমি আমাৰ দেশৰ বাবে সকলো কৰিব লাগিব। আমি প্ৰথমে ভাৰতীয়, তাৰ পিছত হিন্দু বা মুছলমান।
 
ইফালে, কৰ্ণেল ছফিয়া কুৰেশ্বীৰ মাতৃ হালিমা কুৰেশ্বীয়ে কয়, ‘আমি আমাৰ ভগ্নী আৰু মাতৃসকলৰ সেন্দুৰৰ প্ৰতিশোধ লৈছো। ছফিয়াই মিলিটাৰীত থকা দেউতাক আৰু ককায়েকৰ পদাংক অনুসৰণ কৰিব বিচাৰিছিল। ছফিয়াই শৈশৱত কৈছিল যে ডাঙৰ হ’লে তাই সেনাবাহিনীত যোগদান কৰিব।
 
কৰ্ণেল ছফিয়া কুৰেশ্বীৰ ককা, আইতা আৰু পিতৃ
 
ছফিয়াৰ ভায়েক সঞ্জয়ে কয় যে তেওঁৰ ভনীয়েকে সেনাবাহিনীত থকা ককায়েক আৰু দেউতাকৰ পৰা প্ৰেৰণা পাইছিল।
 
সেনা বাহিনীত কৰ্মৰত সঞ্জয়ে কয়, ‘আপুনি ক’ব পাৰে যে দেশপ্ৰেম আমাৰ তেজত আছে। স্কুল শেষ কৰাৰ পিছত ছফিয়াই বদোদৰাৰ এম এছ ইউনিভাৰ্চিটিৰ পৰা বায়’কেমিষ্ট্ৰীত বি এছ চি আৰু তাৰ পিছত এম এছ চি কৰিছিল। তেওঁ মোৰ আদৰ্শ। আমি দীৰ্ঘদিন ধৰি প্ৰতিশোধৰ বাবে অপেক্ষা কৰি আছিলো। কিন্তু আমি কেতিয়াও কল্পনা কৰিব পৰা নাছিলো যে এনে ধৰণে প্ৰতিশোধ লোৱা হ’ব বা আমাৰ পৰিয়ালৰ কোনো সদস্যই সংবাদমেলৰ নেতৃত্ব দিব। আমাৰ পৰিয়ালে ইমান ডাঙৰ সুযোগ পোৱাত আমি সুখী হৈছো। সন্ত্ৰাসবাদীক আমি ধ্বংস কৰিব লাগিব।"
 
উল্লেখ্য যে, ১৯৭৬ চনত পুনেত জন্মগ্ৰহণ কৰিছিল ছফিয়া কুৰেশ্বীয়ে। সেনাবাহিনীত যোগদান কৰি দেশ সেৱাৰ প্ৰতিশ্ৰুতি দিয়া ছফিয়া হৈছে পৰিয়ালৰ তৃতীয় প্ৰজন্ম। ছফিয়াৰ পিতৃ তাজ মহম্মদ কুৰেশ্বীও সেনাবাহিনীত আছিল।
 
ছফিয়াৰ ভাতৃ সঞ্জয়ে কয়, ‘মোৰ ভগ্নীয়ে বিশ্ববিদ্যালয়ত সহকাৰী প্ৰবক্তা হিচাপে যোগদান কৰিছিল আৰু অধ্যাপক হোৱাৰ লক্ষ্যৰে পিএইচডি কৰিছিল। কিন্তু তেওঁ শ্বৰ্ট চাৰ্ভিচ কমিছনৰ জৰিয়তে ভাৰতীয় সেনাবাহিনীত নিৰ্বাচিত হৈ পি এইচ ডি আৰু শিক্ষকতা ত্যাগ কৰি সেনাবাহিনীত যোগদান কৰাৰ সিদ্ধান্ত লয়।
 
কৰ্ণেল ছফিয়া কুৰেশ্বীৰ পৰিয়াল
 
গুজৰাটত জন্ম লাভ কৰা কৰ্ণেল ছফিয়াই ১৯৯৭ চনত মাষ্টাৰ্ছ ডিগ্ৰী সম্পূৰ্ণ কৰাৰ পিছত সেনাবাহিনীৰ চিগনেল কৰ্পছত যোগদান কৰে। ছফিয়াৰ স্বামী ভাৰতীয় সেনাৰ মেকানাইজড ইনফেণ্ট্ৰিৰ এজন বিষয়া। ২০১৬ চনত কৰ্ণেল ছফিয়াই এক ঐতিহাসিক কৃতিত্ব অৰ্জন কৰিছিল যেতিয়া তেওঁ বিদেশত ভাৰতীয় সামৰিক দল এটাৰ নেতৃত্ব দিয়া প্ৰথমগৰাকী মহিলা বিষয়া হিচাপে পৰিগণিত হৈছিল।
 
আছিয়ান প্লাছ দেশসমূহৰ বহুজাতিক সামৰিক অনুশীলন ‘ফ’ৰ্চ ১৮’ত অংশগ্ৰহণ কৰা ১৮খন দেশৰ ভিতৰত তেওঁ একমাত্ৰ মহিলা সেনাপতি আছিল। ২০০৬ চনত ৰাষ্ট্ৰসংঘৰ শান্তিৰক্ষা অভিযানৰ অংশ হিচাপে ছবছৰৰ বাবে ছফিয়া কংগোত নিয়োজিত হৈছিল।
 
কুৰেশ্বীৰ আটাইতকৈ উল্লেখযোগ্য কৃতিত্ব আছিল ২০১৬ চনৰ মাৰ্চ মাহত পুনেত ভাৰতে আয়োজন কৰা সৰ্ববৃহৎ বিদেশী সামৰিক অনুশীলন এক্সাৰচাইজ ফৰ্চ ১৮ত ভাৰতীয় সেনাবাহিনীৰ ৪০ জনীয়া দল এটাৰ নেতৃত্ব দিয়া প্ৰথমগৰাকী মহিলা বিষয়া হিচাপে পৰিগণিত হয়। এই বহুৰাষ্ট্ৰীয় অনুশীলনত আমেৰিকা, চীন, ৰাছিয়া, জাপান আৰু দক্ষিণ কোৰিয়াকে ধৰি ১৮খন আছিয়ান প্লাছৰ দেশৰ অংশগ্ৰহণ কৰিছিল আৰু ইয়াৰ মূল গুৰুত্ব আছিল শান্তিৰক্ষা অভিযান (পিকেঅ’) আৰু হিউমেন মাইন একচন (এইচএমএ)।
 
২০১০ চনৰ পৰা কৰ্ণেল কুৰেশ্বীয়ে নতুন দিল্লীৰ ৰাষ্ট্ৰসংঘৰ শান্তি অভিযান কেন্দ্ৰৰ সৈতে জড়িত হৈ আছে। তেওঁ সমগ্ৰ ভাৰততে সন্ত্ৰাসবাদ বিৰোধী অভিযানতো সেৱা আগবঢ়াইছে, উচ্চ চাপৰ পৰিৱেশত নিজৰ দক্ষতাক নিখুঁত কৰি তুলিছে।
 
ভাৰতীয় যুৱক-যুৱতীসকলৰ বাবে এতিয়া আদৰ্শ হৈ পৰিছে কৰ্ণেল কুৰেশ্বী। তেওঁ যুৱতীসকলক সামৰিক বাহিনীত যোগদান কৰিবলৈ উৎসাহিত কৰে।
 
ইয়াৰ পূৰ্বে অপাৰেচন সদ্ভাৱনাৰ অংশ হিচাপে কাশ্মীৰ উপত্যকাৰ বিদ্যালয়-মহাবিদ্যালয়সমূহত বক্তৃতা প্ৰদান কৰি তেওঁ ছোৱালীসকলক সামৰিক কেৰিয়াৰ গ্ৰহণ কৰিবলৈ অনুপ্ৰাণিত কৰে। তেওঁৰ বাৰ্তা একেবাৰে স্পষ্টঃ “সেনাবাহিনীত যোগদান কৰক। দেশৰ বাবে কঠোৰ পৰিশ্ৰম কৰক আৰু সকলোকে গৌৰৱান্বিত কৰক।”