ক্ষুধা নিবাৰণ, কৰ্মসংস্থাপন, শিক্ষাৰ হকে যুঁজ চলাই থকা আলিয়া শ্বেইখ আৰু নাছিৰ শ্বেইখ

Story by  atv | Posted by  Munni Begum • 26 d ago
ভোকাতুৰসকলক বিনামূলীয়া আহাৰ যোগান ধৰা ৰুটি বেংক
ভোকাতুৰসকলক বিনামূলীয়া আহাৰ যোগান ধৰা ৰুটি বেংক
 
ছায়া কবিৰে/পুনে
 
ধৰ্মীয় আধ্যাত্মিকতা আৰু পৰম্পৰাৰে চলি আছে পবিত্ৰ ৰমজান মাহ। এই মাহটোত মুছলমানসকলে বিশেষ নামাজ আদায় কৰে আৰু ৰোজা পালন কৰে। ইয়াৰ সমান্তৰালকৈ ৰমজানত আনক সেৱা আগবঢ়োৱাতো অতি গুৰুত্বপূৰ্ণ বুলি বিবেচনা কৰা হয়। তেনে এক সেৱামূলক কামেৰে অজস্ৰজনলৈ সহায়ৰ হাত আগবঢ়াইছে পুনেৰ কন্ধৱাৰ তিনিগৰাকী মহানুভৱ ব্যক্তিয়ে। 
 
‘যিমান পাৰি আৰ্তজনক সহায় কৰক’, ‘ভোকাতুৰক খুৱাওক’, ‘ৰোগীক সেৱা কৰক’, হজৰত মহম্মদৰ এনে চিন্তা-চৰ্চা সমগ্ৰ বিশ্বতে বিখ্যাত। ইছলামত মানুহৰ ক্ষুধা পূৰণ কৰাটো এটা ভাল গুণ বুলি গণ্য কৰা হয়।
 
কেৱল এইটোৱেই নহয় ইছলামে এইটোও কৈছে যে 'আপুনি থকা স্বত্তেও যদি আপোনাৰ ওচৰ-চুবুৰীয়াই ভোকত শুই থাকে, তেন্তে আপুনি প্ৰকৃত মুছলমান নহয়।' ইছলামৰ শিক্ষাৰ পৰা অনুপ্ৰাণিত হৈ পুনেৰ কান্ধুৱা অঞ্চলত বাস কৰা দুজন চুবুৰীয়াই ২০১৯ চনৰ আগষ্ট মাহত এটা সংগঠন প্ৰতিষ্ঠা কৰে। এই সংস্থাটোৰ নাম ‘আৰ্ক চেৰিটেবল ট্ৰাষ্ট’।
 
প্ৰতিনিধিত্বমূলক ছবি
 
বিগত চাৰি বছৰে তেওঁলোকে দিনটোত দুবাৰকৈ আহাৰ গ্ৰহণ কৰিবলৈ সামৰ্থ্য নথকা বিধৱা আৰু নিঃস্ব মহিলাসকলক খুৱাবলৈ “আৰ্ক কি ৰুটি বেংক” নামেৰে এক বিশেষ পদক্ষেপ চলাই আহিছে। পিছত তেওঁলোকে উপলব্ধি কৰিলে যে কেৱল ভোক পূৰণ কৰিলেই এই লোকসকলৰ সমস্যা চিৰদিনৰ বাবে সমাধান নহ’ব। সেয়ে, তেওঁলোকে পদপথত বসবাস কৰা ল’ৰা-ছোৱালীক শিক্ষাৰ বিষয়ে সজাগ কৰিবলৈও আৰম্ভ কৰিলে।
 
দৰিদ্ৰ ল’ৰা-ছোৱালীসকলক তেওঁলোকে বিভিন্ন বিদ্যালয়ত নামভৰ্তি কৰিছিল; ইয়াৰ বাহিৰেও তেওঁলোকে আজি বহু বিধৱাক কৰ্মসংস্থাপন প্ৰদান কৰিছে। সকলো জাতি-ধৰ্মৰ লোকৰ শিক্ষা, কৰ্মসংস্থাপন আৰু ক্ষুধা নিবাৰণ কৰি থকা এই ব্যক্তি দুজন হৈছে পুনেৰ আলিয়া শ্বেইখ আৰু তেওঁৰ চুবুৰীয়া নাছিৰ শ্বেইখ।
 
পুনেৰ লস্কৰ অঞ্চলৰ ‘আবেদা ইনামদাৰ কলেজ’ৰ পৰা দ্বাদশ শ্ৰেণী সম্পূৰ্ণ কৰাৰ পিছতে আলিয়াই বিবাহপাঁশত আৱদ্ধ হৈছিল। আলিয়াৰ কথাত তেওঁৰ বিকশিত শৈক্ষিক দৃষ্টিভংগী প্ৰতিফলিত হয়। তেওঁ কয়, "মই পঢ়া-শুনা কৰিব বিচাৰিছিলো, কিন্তু সোনকালে বিয়া হোৱাত অধিক পঢ়িব নোৱাৰিলো। যদিও মই অধিক পঢ়া নাছিলো, তথাপি মোৰ এটা ইচ্ছা আছিল চৌপাশৰ ছোৱালীবোৰক শিক্ষা আগবঢ়োৱা। মোৰ ল’ৰা-ছোৱালীয়ে আজি ভাল স্কুলত পঢ়ি আছে। কিন্তু টকা নথকা সেই ল’ৰা-ছোৱালীবোৰৰ কি হ’ব? সেইবাবেই আৰ্থিক পৰিস্থিতিৰ বাবে যাতে কাৰো শিক্ষা বন্ধ নহয় তাৰ বাবে আমি এক প্ৰচেষ্টা আৰম্ভ কৰিছো।"
 
প্ৰতিনিধিত্বমূলক ছবি
 
ইফালে, নাছিৰ শ্বেইখে লস্কৰ অঞ্চলৰ মোলেডিনা হাইস্কুলৰ পৰা স্কুলীয়া শিক্ষা সমাপ্ত কৰে। পিছত একাদশ শ্ৰেণীত নামভৰ্তি কৰিছিল যদিও দূৰ্বল আৰ্থিক অৱস্থাৰ বাবে তেওঁ আধাতে শিক্ষা এৰিবলগীয়া হৈছিল।
 
ইয়াৰ পিছত তেওঁ ‘ৰাইটিং পেইণ্টাৰ’ হিচাপে কাম কৰিবলৈ আৰম্ভ কৰে। এতিয়া আৰ্থিক সংকটৰ পৰা কিছু সহাক লাভ কৰা নাছিৰে কয়, "খাদ্যই পেটৰ ক্ষুধা পূৰণ কৰে। আনহাতে, শিক্ষাই মনৰ ক্ষুধা পূৰণৰ কাম কৰে। সেইবাবেই দুয়োটাকে মৌলিক প্ৰয়োজন বুলি গণ্য কৰা হয়।"
 
নাছিৰ আৰু আলিয়াৰ কাম-কাজ দেখাৰ পিছত আয়েছা শ্বেইখেও তেওঁলোকৰ কামত যোগদান কৰে। আয়েছাৰ শিক্ষা নাচিকত সম্পূৰ্ণ হৈছিল। তেওঁ বহুজাতিক কোম্পানী ‘গ্লাস্কো’ৰ যুটীয়া সচিব আৰু ইউনিয়ন নেত্ৰী আছিল। চৌষষ্ঠি বছৰীয়া আয়েছা অৱসৰপ্ৰাপ্ত চাকৰিয়াল। আনহাতে, ত্ৰিশ বছৰীয়া আলিয়া এতিয়া এগৰাকী বিউটিচিয়ান আৰু চৌচল্লিশ বছৰীয়া নাছিৰ ঠিকাদাৰ। তিনিওজনে নিজৰ ব্যৱসায়িক আৰু পাৰিবাৰিক দায়িত্ব চম্ভালি থকাৰ সময়তে ‘আৰ্ক’ৰ জৰিয়তে কাম কৰে।
 
প্ৰতিনিধিত্বমূলক ছবি
 
বহু বিয়াত বহুত খাদ্য ৰৈ যায়। এই খাদ্য অপচয় নকৰিবলৈ এই তিনিওজনে পুনেৰ কিছুমান বিবাহ ভৱনৰ সন্মুখত ব'ৰ্ড লগাইছিল। এই ব'ৰ্ডবোৰত লিখা আছিল, 'আপোনাৰ থালত খাদ্য ৰৈ গ'লে, আমাৰ সৈতে যোগাযোগ কৰক। আমি এই খাদ্য ভোকাতুৰ লোকলৈ আগবঢ়াম।' ‘আৰ্ক’ নামৰ সংগঠনটোৱে এনে বিভিন্ন শুভ অনুষ্ঠানৰ পৰা খাদ্য সংগ্ৰহ কৰি আৰ্তজনৰ ওচৰত বিলাই দিছে। 
 
তিনিওজনে নিজৰ ঘৰৰ পৰাই এই কাম আৰম্ভ কৰিছিল। প্ৰথম অৱস্থাত তেওঁৰ হাতত কোনো ধৰণৰ পুঁজি নাছিল। সেয়ে, প্ৰথম ৮ দিন আলিয়াই ঘৰৰ পৰাই খাদ্য ৰান্ধিছিল। পিছৰ ৮ দিন নাছিৰে ৰান্ধি খাদ্য আনে আৰু তাৰ পিছত আয়েশাইও ৰান্ধি খাদ্য আনিবলৈ আৰম্ভ কৰিলে। সেয়ে তিনিওগৰাকীয়ে কেতিয়াও কামৰ বোজা অনুভৱ কৰা নাছিল।
 
আলিয়াই কয়, “আমি আৰ্তজনক সহায়ৰ হাত আগবঢ়াই থাকিলোঁ। কাম আগবাঢ়ি যোৱাৰ লগে লগে আন লোকসকলেও আমাক সহায় কৰিবলৈ আগবাঢ়ি আহিল। কোনোৱে আমাক আৰ্থিকভাৱে সহায় কৰিবলৈ আৰম্ভ কৰিলে, কোনোবাই তেল, শস্য বা আন সামগ্ৰী যোগান ধৰিবলৈ ধৰিলে। কাম আগবাঢ়ি যোৱাৰ লগে লগে সহায়ৰ হাত নিজাববীয়াকৈ আগবাঢ়ি আহিবলৈ ধৰিলে আৰু বহুতে আমাৰ অভিযানত যোগদান কৰিলে।"
 
প্ৰতিনিধিত্বমূলক ছবি
 
নাছিৰে দেখি আছিল চৌপাশৰ মানুহৰ আৰ্থিক দূৰাৱস্থা। তেওঁলোক অতি সংবেদনশীল, কাৰণ তেওঁলোকে নিজেই এই পৰিস্থিতিৰ মাজেৰে পাৰ হৈ গৈছে। সেয়েহে, তেওঁলোকে ‘ৰুটি বেংক’ৰ পদক্ষেপ আৰম্ভ কৰে আৰু আলিয়া আৰু আয়েশাইও তেওঁলোকৰ সৈতে এই পদক্ষেপত যোগদান কৰে।
 
নাছিৰে কয়, "'ৰুটি বেংক'ৰ কাম এদিনীয়া কাম নহয়। আমি এমাহত এটা প্ৰগ্ৰেম কৰি পিছৰ মাহত পৰৱৰ্তী প্ৰগ্ৰেমটো কৰিব নোৱাৰো। ইয়াত কামৰ ধাৰাবাহিকতাৰ প্ৰয়োজন আছে। মানুহক খাদ্য খুওৱা আৰু তেওঁলোকৰ ল’ৰা-ছোৱালীক স্কুললৈ পঠোৱাটো এক প্ৰত্যাহ্বান। তথাপি, কাৰোবাৰ জীৱন সলনি হোৱাটো আমাৰ বাবে অত্যন্ত সন্তুষ্টিদায়ক।"
 
আয়েছাই কয়, "আমি কাগজক একমাত্ৰ ইন্ধন হিচাপে ব্যৱহাৰ কৰি মানুহে ৰন্ধা-বঢ়া কৰা দেখিছো। আমি দেখিছো যে তেওঁলোকে নিজৰ ভোক পূৰণৰ বাবে সংগ্ৰাম কৰি আছে। ‘আৰ্ক’ৰ জৰিয়তে প্ৰতিদিনে পঞ্চাশটা পৰিয়ালক খাদ্য যোগান ধৰা হয়। শিশুৰ শিক্ষাৰ মাচুল দিয়া হয়।"
 
প্ৰতিনিধিত্বমূলক ছবি
 
উল্লেখ্য যে, আলিয়া, আয়েছা আৰু নাছিৰে ভাগ্যোদনগৰ অঞ্চলৰ কন্ধৱাবাসীলৈ খাদ্য যোগান ধৰে। কিন্তু তেওঁলোকে হাদাপছাৰ আৰু কাতৰাজ অঞ্চলৰ আৰ্তজনৰ ওচৰলৈ যাব পৰা নাই। আলিয়া, আয়েছা আৰু নাছিৰৰ বাবে প্ৰতিদিনে তালৈ খাদ্যৰ বাকচ লৈ যোৱাটোও সম্ভৱ নহয়।
 
গতিকে তিনিওজনেই সেই অঞ্চললৈ গৈ কমেও দুমাহৰ বাবে পৰ্যাপ্ত পৰিমাণৰ ৰেচন বিতৰণ কৰে। তেওঁলোকে ৰমজানত ‘ছেহৰী’ আৰু ‘ইফটাৰ’ৰো ব্যৱস্থা কৰে। 
 
নিজৰ কামক লৈ অতি সুখী আয়েছাই কয়, "আৰ্তজনক সহায়ৰ হাত আগবঢ়াই আনন্দ লাগে। আলিয়া আৰু নাছিৰৰ কামৰ বাবেই মই এটা ভাল সংগঠনৰ সৈতে জড়িত হ'ব পাৰিছো।" এই তিনিজনৰ সামাজিক প্ৰগতিৰ ক্ষেত্ৰতো তেওঁলোকৰ পৰিয়ালৰ গুৰুত্বপূৰ্ণ অৱদান আছে। কাৰণ, এই তিনিওজনৰ পৰিয়ালে ‘এইটো এটা পূণ্যৰ কাম’ বুলি তেওঁলোকৰ সামাজিক কাম-কাজক হৃদয়েৰে গ্ৰহণ কৰিছে।