নতুন ভাৰতৰ উন্নতিত বিশেষ ভূমিকা লোৱা কেইগৰাকীমান মুছলমান মহিলা

Story by  atv | Posted by  Munni Begum • 15 d ago
মৰিয়ম আজমল মহিলা বিজ্ঞান আৰু প্ৰযুক্তি মহাবিদ্যালয়ৰ একাংশ বিজ্ঞানৰ ছাত্ৰী
মৰিয়ম আজমল মহিলা বিজ্ঞান আৰু প্ৰযুক্তি মহাবিদ্যালয়ৰ একাংশ বিজ্ঞানৰ ছাত্ৰী
 
আৱাজ-দ্য ভইচ অসম ব্যুৰ'
 
ইছলাম ধৰ্মত নেতৃত্ব দিব পৰা পদবীৰ ক্ষেত্ৰত নাৰীক পুৰুষৰ সমান বুলি গণ্য কৰা হয়। হজৰত মহম্মদৰ সময়ৰে পৰা এই প্ৰথা আৰম্ভ হৈছিল। হজৰত মহম্মদৰ পত্নী আইছা আছিল ইছলামৰ অন্যতম প্ৰভাৱশালী পণ্ডিত। এনে বহু উদাহৰণৰ পৰা দেখা যায় যে ইছলামৰ সোণালী যুগত মহিলাসকলে গুৰুত্বপূৰ্ণ পদবী দখল কৰিছিল।
 
পৰৱৰ্তী সময়ত এই প্ৰথা ক্ৰমান্বয়ে নাইকীয়া হ'বলৈ ধৰে আৰু পিতৃতান্ত্রিক ধাৰণাবোৰ অধিক শক্তিশালী হৈ উঠে৷ কিন্তু, শেহতীয়াকৈ সমগ্ৰ বিশ্বত মুছলমান মহিলাৰ সৱলীকৰণৰ ক্ষেত্ৰত এক ইতিবাচক ধাৰা দেখিবলৈ পোৱা গৈছে। ভাৰতো ইয়াৰ ব্যতিক্ৰম নহয়।শৈক্ষিক দিশত মুছলমান মহিলাক নেতৃত্বৰ পদত নিযুক্তি দিয়াৰ ক্ষেত্ৰত চৰকাৰে কৰা কেইটামান উল্লেখযোগ্য পৰীক্ষা-নিৰীক্ষা গেমচেঞ্জাৰ হৈ পৰিছে। অতি শেহতীয়াকৈ ড° নাইমা খাতুনক আলিগড় মুছলিম বিশ্ববিদ্যালয়ৰ নতুন উপাচাৰ্য হিচাপে নিযুক্তি দিয়া হৈছে। এনে পদক্ষেপে হয়তো অধিক চৰ্চা লাভ কৰা নাই যদিও  মানুহৰ মানসিকতালৈ এক ইতিবাচক পৰিৱৰ্তন নিশ্চিতভাৱে কঢ়িয়াই আনিছে। 
 
অধ্যাপিকা নাইমা খাতুন
 
ওড়িশাৰ শিক্ষাবিদ নাইমা খাতুনে স্নাতক ডিগ্ৰী আৰু মনোবিজ্ঞানৰ উচ্চ শিক্ষাৰ বাবে বিশ্ববিদ্যালয়খনত যোগদান কৰিছে। উল্লেখ্য যে, ড০ নাইমা ১৯২০ চনত প্ৰতিষ্ঠা হোৱাৰ পিছৰে পৰা এ এম ইউৰ প্ৰথমগৰাকী মহিলা উপাচাৰ্য হিচাপে পৰিগণিত হৈছে। তেওঁ মনোবিজ্ঞান আৰু শিক্ষা বিজ্ঞান বিভাগৰ অধ্যাপিকা। ‘হিন্দু আৰু মুছলমান যুৱক-যুৱতীৰ ৰাজনৈতিক পৃথকীকৰণ আৰু সামাজিক-মনোবৈজ্ঞানিক সম্পৰ্কৰ আৰ্হিৰ তুলনামূলক অধ্যয়ন’ শীৰ্ষক পি এইচ ডি থেছিছখনে তেওঁৰ বিভিন্ন জটিল বিষয়ৰ গভীৰ জ্ঞানৰ উমান দিয়ে।
 
ভাৰতত কিছুমান পুৰণিকলীয়া আনুগত্যই কেনেকৈ ৰাষ্ট্ৰীয়তাবাদৰ বাবে বাধা হৈ পৰিছে, সেয়া পৰীক্ষা কৰিবলৈ ড০ নাইমাই চেষ্টা কৰিছে। এয়া হৈছে ভাৰতত হিন্দু আৰু মুছলমানৰ একত্ৰীকৰণৰ অভাৱসমূহ বুজিবলৈ এক আন্তৰিক প্ৰয়াস।ইয়াৰ পূৰ্বে ড০ নাইমাই দিল্লীৰ মহিলা মহাবিদ্যালয়ৰ অধ্যক্ষ আৰু দক্ষতা বিকাশ আৰু কেৰিয়াৰ পৰিকল্পনা কেন্দ্ৰৰ সঞ্চালকৰ পদত অধিষ্ঠিত হৈছিল।
 
ড০ নাজমা আখতাৰক জামিয়া মিলিয়া ইছলামিয়াৰ উপাচাৰ্য হিচাপে নিযুক্তি দিয়াৰ সফলতাৰ কাহিনীৰ পিছত চৰকাৰে ড০ নাইমাক আলীগড় মুছলিম বিশ্ববিদ্যালয়ৰ উপাচাৰ্য হিচাপে নিযুক্তি দিয়াটো মুছলমান মহিলাৰ সৱলীকৰণৰ দিশত এক গুৰুত্বপূৰ্ণ পদক্ষেপ হিচাপে চিহ্নিত হৈছে। 
 
পদ্মশ্ৰী নাজমা আখতাৰ
 
পদ্মশ্ৰী নাজমা আখতাৰে এলাহাবাদত প্ৰথম ৰাজ্যিক পৰ্যায়ৰ পৰিচালনা প্ৰতিষ্ঠান (first-state level management institute) প্ৰতিষ্ঠা কৰাৰ দৰে কেইবাটাও গুৰুত্বপূৰ্ণ  সাফল্য লাভ কৰিছিল। তেওঁ আলিগড় মুছলিম বিশ্ববিদ্যালয়ত পৰীক্ষা নিয়ন্ত্ৰক আৰু শৈক্ষিক কাৰ্যসূচীৰ পৰিচালক হিচাপেও কাম কৰিছিল।
 
জামিয়া মিলিয়া ইছলামিয়াৰ ৰেংকিং উন্নত কৰাৰ ক্ষেত্ৰতো নাজমাই উল্লেখনীয় ভূমিকা গ্ৰহণ কৰিছে। চাৰি দশকৰ চহকী অভিজ্ঞতা থকা নাজমাই শৈক্ষিক ব্যৱস্থাত নতুন উদ্ভাৱনৰ বাবে বিশেষভাৱে পৰিচিত। ২০১৯ চনত যেতিয়া তেওঁ জেএমআইত যোগদান কৰিছিল তেতিয়া এনআইআৰএফ ৰেংকিঙত বিশ্ববিদ্যালয়খন ১২ নম্বৰ স্থানত আছিল। ২০২০ চনত ই দশম স্থান, আৰু ২০২১ চনত ৬ষ্ঠ স্থান লাভ কৰিবলৈ সক্ষম হয়। 
 
অধ্যাপক নিলোফৰ খান
 
একেদৰে, ২০২২ চনত কাশ্মীৰ বিশ্ববিদ্যালয়ৰ প্ৰথম উপাচাৰ্য হিচাপে অধ্যাপক নিলোফৰ খানক নিযুক্তি দিয়া হৈছিল।তেওঁ এগৰাকী বিশিষ্ট শিক্ষাবিদ আৰু প্ৰশাসক। ৩০ বছৰতকৈও অধিক সময় ধৰি তেওঁৰ অধ্যাপনাৰ অভিজ্ঞতা আছে। তেওঁ ছাত্ৰ-ছাত্ৰীৰ প্ৰতিভাক লালন-পালন কৰাৰ দিশত নিৰন্তৰ কাম কৰি আহিছে আৰু ছাত্ৰ-ছাত্ৰীসকলক শৈক্ষিক আৰু ক্ৰীড়াত তেওঁলোকৰ দক্ষতা আৰু প্ৰতিভাক নিখুঁত কৰিবলৈ প্ৰয়োজনীয় প্ৰশিক্ষণ আৰু আন্তঃগাঁথনি প্ৰদান কৰি সবলীকৰণৰ দিশত কাম কৰি আহিছে। 
 
শৈক্ষিক দিশত নেতৃত্বৰ ভূমিকাত মুছলমান মহিলাক নিযুক্তি দিয়াৰ উপৰিও চৰকাৰে কাশ্মীৰৰ অন্যান্য গুৰুত্বপূৰ্ণ নেতৃত্বৰ পদতো মুছলমান মহিলাক নিযুক্তি দিছে, যেনে ড° দৰশান আন্দ্ৰাবীক ৱাকফ ব’ৰ্ড আৰু ছফিনা বেগক হজ কমিটীৰ অধ্যক্ষ হিচাপে নিযুক্তি দিয়া হৈছে।
 
কেপ্তেইন ফাতিমা ৱাছিম
 
আন এগৰাকী এনে সফল মুছলমান মহিলা হৈছে ছিয়াচেন পোষ্টত নিয়োজিত প্ৰথমগৰাকী মহিলা চিকিৎসা বিষয়া কেপ্তেইন ফাতিমা ৱাছিম। ছিয়াচেন ৱাৰিয়ৰ্ছৰ কেপ্তেইন ফাতিমা ৱাছিমে চিয়াচেন হিমবাহৰ এটা অপাৰেচনেল প’ষ্টত প্ৰথমগৰাকী মহিলা চিকিৎসা বিষয়া হিচাপে নিয়োজিত হৈ ইতিহাস ৰচনা কৰিছে বুলি ভাৰতীয় সেনাৰ অগ্নিনিৰ্বাপক আৰু ফিউৰি কৰ্পছে প্ৰায় ৪ মাহ পূৰ্বে প্ৰকাশ কৰিছিল। 
 
এইধৰণৰ প্ৰেৰণাদায়ী মুছলমান মহিলাৰ কাহিনী অসমতো দেখিবলৈ পোৱা যায়, যিয়ে সমাজৰ বিভিন্ন ক্ষেত্ৰলৈ গুৰুত্বপূৰ্ণ ভূমিকা আগবঢ়াইছে। এনে এগৰাকী মহিলা হৈছে ক'ভিড টিকাকৰণৰ অক্লান্ত যোদ্ধা ৰূপজান বেগম। এ এন এম (অক্সিলিয়াৰী নাৰ্চিং মিডৱাইফাৰ) ৰূপজান বেগমে সফলতাৰে ক'ভিড-১৯ টিকাকৰণ অভিযান চলাবলৈ অসমৰ দূৰৱৰ্তী আৰু দুৰ্গম অঞ্চলত অৱস্থিত মাদ্ৰাছা, বিদ্যালয়, আৰক্ষী থানা, মছজিদ আৰু ঈদগাহ পৰিদৰ্শন কৰিছিল। তেওঁ নগৰ বস্তি অঞ্চল আৰু আৱাসিক এলেকা সমুহলৈও গৈ টিকাকৰণৰ অভিযান আগুৱাই লৈ গৈছিল।
 
আন্তৰ্জাতিক নাৰী দিৱসত কেন্দ্ৰীয় চৰকাৰৰ পৰা 'শ্ৰেষ্ঠ টিকাকৰণকাৰী বঁটা' গ্ৰহণ কৰিছে ৰূপজান বেগমে
 
তেওঁৰ এই কামটো একেবাৰে সহজ নাছিল, কিয়নো তেখেতে হাজাৰ হাজাৰ ব্যক্তিৰ সন্মুখীন হৈছিল যিয়ে বিভিন্ন কাৰণত ক'ভিড ভেকছিনৰ পালি গ্ৰহণ কৰিবলৈ অস্বীকাৰ কৰিছিল। কিন্তু তেখেতে হাৰ মানি লোৱা নাছিল। আজি, ৰূপজানক এক লাখতকৈও অধিক ব্যক্তিক এককভাৱে ক'ভিড ভেকছিনৰ পালি প্ৰদান কৰাৰ কৃতিত্ব দিয়া হৈছে। 
 
ৰূপজানে ২ বছৰ পূৰ্বে ভাৰতৰ ৰাষ্ট্ৰীয় ক'ভিড টিকাকৰণ কাৰ্যসূচীৰ অংশ হিচাপে স্বাস্থ্যসেৱা কৰ্মীসকলৰ বাবে স্থাপিত শ্ৰেষ্ঠ টিকাকৰণকাৰী বঁটা লাভ কৰিছে। তেওঁ পাণ্ডু এফ আৰ ইউত (প্ৰথম ৰেফাৰেল ইউনিট) এগৰাকী এ এন এম। তেওঁ নতুন দিল্লীৰ কেন্দ্ৰীয় ৰাজ্যিক স্বাস্থ্যমন্ত্ৰী ডঃ ভাৰতী প্ৰবীন পাৱাৰৰ পৰা শেহতীয়াভাৱে এই বঁটা লাভ কৰিছিল। ২০২২ চনৰ ৮ মাৰ্চত নতুন দিল্লীত আন্তৰ্জাতিক নাৰী দিৱস উপলক্ষে এই বঁটা প্ৰদান কৰা হৈছিল।
 
নাহিদ কৰিশ্মা
 
সন্মুখৰ পৰা নেতৃত্ব দি সমাজক সেৱা আগবঢ়োৱা আন এগৰাকী মুছলমান মহিলা হৈছে অসমৰ সাহসী আৰক্ষী বিষয়া নাহিদ কৰিশ্মা। তেওঁ উগ্ৰপন্থী, অপৰাধী, চোৰাং চিকাৰীৰ সৈতে সাহসেৰে মোকাবিলা কৰি আছে। বিদ্ৰোহী বিৰোধী অভিযানৰ সময়ত উগ্ৰপন্থীৰ সৈতে গুলীয়াগুলীৰ পৰা আৰম্ভ কৰি বৃহৎ পৰিমাণৰ অস্ত্ৰ-শস্ত্ৰ উদ্ধাৰ কৰা, দূধৰ্ষ অপৰাধী আৰু চোৰাং চিকাৰীৰ বিৰুদ্ধে সাহসেৰে যুঁজ দিয়া, অপহৰণৰ চেষ্টা বিফল কৰা আদিলৈকে, সকলো দিশত তেওঁ পাৰদৰ্শিতা দাঙি ধৰিছে। 
 
কটন বিশ্ববিদ্যালয় আৰু দিল্লী বিশ্ববিদ্যালয়ৰ পৰা ইতিহাসত ক্ৰমে স্নাতক আৰু স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰা নাহিদ কৰিশ্মাৰ ২০১৬ চনৰ পূৰ্বে আৰক্ষীৰ চাকৰি সন্দৰ্ভত বিশেষ কোনো ধাৰণা নাছিল। কিন্তু অসম লোকসেৱা আয়োগে ২০১৬ত ঘোষণা কৰা ২০১৪বৰ্ষৰ কম্বাইণ্ড কম্পিটিটিভ এক্সামিনেচন(Combined Competitive Examination)ৰ ফলাফলে তেওঁৰ গতিপথ সলনি কৰি দিয়ে। এই পৰীক্ষাত নাহিদ কৰিশ্মা অসম আৰক্ষী সেৱা(এ পি এছ)ৰ বাবে নিৰ্বাচিত হয়। তাৰ পিছত তেওঁ জীৱনৰ সবাতোকৈ কঠিন সিদ্ধান্ত গ্ৰহণ কৰি অসম আৰক্ষীত যোগ দিয়ে। 
 
কৰ্ণেল ইছৰাত আহমেদ তেওঁৰ পৰিয়াল সৈতে
 
ইফালে, শেহতীয়াকৈ কৰ্ণেল ইছৰাত আহমেদ ভাৰতীয় সেনাবাহিনীৰ উচ্চ পদত অধিষ্ঠিত প্ৰথমগৰাকী মুছলমান মহিলা হিচাপে পৰিগণিত হৈছে। কৰ্ণেল ইছৰাত কয়ামখানী মুছলমান সম্প্ৰদায়ৰ এগৰাকী যুৱতী। এনে নিযুক্তিয়ে মুছলমান মহিলাসকলক তেওঁলোকৰ সম্পূৰ্ণ সম্ভাৱনাক উপলব্ধি কৰাৰ সুযোগ দিয়াই নহয়, ছোৱালী আৰু মহিলাৰ বাবেও প্ৰেৰণাৰ প্ৰতীক হিচাপে চিহ্নিত হৈছে।