আৰব বিশ্বত কেনেকৈ জনপ্ৰিয় হৈ উঠিল ভাৰতীয় চলচ্চিত্ৰ

Story by  atv | Posted by  [email protected] • 14 d ago
মৰক্কোত টাইগাৰ জিন্দা হ্যে ছবিৰ শ্বুটিঙৰ সময়ত কেটৰিনা কাইফ আৰু ছলমান খান
মৰক্কোত টাইগাৰ জিন্দা হ্যে ছবিৰ শ্বুটিঙৰ সময়ত কেটৰিনা কাইফ আৰু ছলমান খান
 
তাব্ৰেজ আহমেদ/ নতুন দিল্লী

বছৰি অসংখ্য ভাষা আৰু উপভাষাৰ প্ৰায় ১০০০ খন বৈশিষ্ট্যপূৰ্ণ ছবি আৰু তথ্যচিত্ৰ নিৰ্মাণ কৰি ভাৰতীয় ছবি জগতে বিশ্বজুৰি আগশাৰীৰ চলচ্চিত্ৰ নিৰ্মাতা হোৱাৰ সন্মানীয় খিতাপ অৰ্জন কৰিছে। প্ৰতিদিনে প্ৰায় ৫০ লাখ আনুমানিক দৰ্শকেৰে ভাৰতীয় চিনেমাই দেশৰ সীমা অতিক্ৰম কৰিছে আৰু নৃত্য, সংগীত, মেলোড্ৰামা, ৰোমাঞ্চ, গীতৰ জৰিয়তে অনন্য কাহিনী কোৱাৰ চহকী পৰম্পৰাৰে বিশ্বজুৰি দৰ্শকক মোহিত কৰি আছে।
 
আৰব বিশ্বত ভাৰতীয় চিনেমাৰ জনপ্ৰিয়তাৰ যাত্ৰা ১৯৪০ চনৰ শেষৰ ফালে আৰু ১৯৫০ চনৰ আৰম্ভণিতে সূচনা হৈছিল। ই মৰক্কোৰ টেংগিয়াৰ চহৰৰ মাজেৰে আত্মপ্ৰকাশ কৰিছিল। কৌশলগত আৰু ভৌগোলিক অৱস্থানৰ বাবে "চিটি অৱ দ্য ষ্ট্ৰেইটছ" নামেৰে পৰিচিত টেংগিয়াৰে ভাৰতীয় চিনেমাৰ আৰব ভূখণ্ডত প্ৰৱেশ কৰাৰ দুৱাৰমুখ হিচাপে কাম কৰিছিল।
 
১৯২৩ চনৰ পৰা চহৰখনৰ আন্তঃৰাষ্ট্ৰীয় মুক্ত অঞ্চল হিচাপে মৰ্যাদাৰ প্ৰতি আকৰ্ষিত হোৱা টেংগিয়াৰত বাস কৰা ভাৰতীয় বাণিজ্যিক সম্প্ৰদায়ে ভাৰতীয় ছবিৰ প্ৰচাৰৰ সুবিধা প্ৰদান কৰি সাংস্কৃতিক বিনিময় আৰু বাণিজ্যৰ পৰিৱেশ গঢ়ি তুলিছিল।
 
হিন্দী ছবি 'ছাকি'ৰ আৰবিক পোষ্টাৰ
 
টেংগিয়াৰত বসতি স্থাপন কৰা ভাৰতীয় ব্যৱসায়ীসকলৰ ভিতৰত আছিল উদ্যোগী মনোভাৱৰ বস্ত্ৰ ব্যৱসায়ী মতি চন্দ্ৰ মণি। তেওঁ মুম্বাইৰ পৰা হিন্দী ছবি ৰপ্তানি কৰি মৰক্কোত বিতৰণৰ ব্যৱসায়ত নামি পৰে। ভাৰতীয় ছবিসমূহ চিনেমা হলত প্ৰদৰ্শিত হ’বলৈ ধৰাৰ লগে লগে ই কেৱল প্ৰৱাসী ভাৰতীয়সকলৰ মাজতে নহয়, মৰক্কোৰ দৰ্শকৰ মাজতো জনপ্ৰিয়তা লাভ কৰিছিল। 
 
ভাৰতীয় চিনেমাৰ আকৰ্ষণ ক্ৰমান্বয়ে টেংগিয়াৰৰ বাহিৰলৈও বিস্তাৰিত হৈ টিউনিছিয়া, আলজেৰিয়া, ইজিপ্ত, ইৰাকৰ দৰে দেশৰ দৰ্শকক মোহিত কৰি তুলিলে। বিশেষকৈ ভাৰতীয় ছবিবোৰে ঔপনিৱেশিকতাবাদৰ পৰা মুক্তিৰ বাবে হাহাকাৰ কৰাসকলৰ মাজত অনুৰণন ঘটাইছিল, কিয়নো তেওঁলোকে নিজৰ দৰে সংগ্ৰাম, জয় আৰু আকাংক্ষাক চিত্ৰিত কৰা আখ্যানবোৰত সান্ত্বনা আৰু প্ৰেৰণা লাভ কৰিছিল।
 
মাদাৰ ইণ্ডিয়া ছবিৰ আৰবিক পোষ্টাৰ
 
যোগাযোগ আৰু সংবাদ মাধ্যমৰ প্ৰযুক্তিগত উন্নতিৰ আগমনৰ লগে লগে আৰব দৰ্শকৰ বাবে ভাৰতীয় চিনেমাৰ সুলভতা বহুগুণে বৃদ্ধি পালে। ভাষিক আৰু সাংস্কৃতিক বাধাসমূহ দূৰ কৰাৰ ক্ষেত্ৰত আৰবী ডাবিং এক গুৰুত্বপূৰ্ণ কাৰক হিচাপে আত্মপ্ৰকাশ কৰিছিল, যাৰ ফলত ভাৰতীয় ছবিসমূহক অধিক প্ৰাসংগিত আৰু মূল ভাষাৰ সৈতে অচিনাকি দৰ্শকৰ বাবে আকৰ্ষণীয় কৰি তুলিছিল।
 
ভাৰতীয় ছবিৰ বাবে আৰবী ডাবিঙৰ পথ প্ৰদৰ্শকসকলৰ ভিতৰত উল্লেখযোগ্য হ’ল ইব্ৰাহিম আল-ছায়েহ আৰু মহম্মদ আল-হুছেইনী, যাৰ অৱদান আৰব বিশ্বত ভাৰতীয় চিনেমাক জনপ্ৰিয় কৰাত উল্লেখনীয় আছিল।
 
ভাৰতীয় ছবিসমূহক আৰবী ভাষাত ডাবিং কৰাৰ ক্ষেত্ৰত অগ্ৰণী ব্যক্তি হিচাপে প্ৰশংসিত ইব্ৰাহিম আল-ছায়েহে অভিযোজন আৰু স্থানীয়কৰণৰ এক উল্লেখযোগ্য যাত্ৰাত নামি পৰে। হিন্দী ভাষাত পাকৈত নহ’লেও তেওঁ অসংখ্য ভাৰতীয়, ফৰাচী, ইংৰাজী, ইটালীয় ছবিক মাগ্ৰেব উপভাষালৈ নিখুঁতভাৱে অনুবাদ আৰু ডাব কৰিছিল আৰু স্থানীয় দৰ্শকৰ মাজত অনুৰণন ঘটোৱা উপাদানসমূহৰ সন্ধান কৰিছিল।
 
তেওঁৰ এই প্ৰচেষ্টাই কেৱল মনোৰঞ্জন কৰাই নহয়, পূবৰ মূল্যবোধ আৰু সংস্কৃতিৰ সংৰক্ষণ আৰু প্ৰসাৰৰ ক্ষেত্ৰতো অৰিহণা যোগাইছিল। আল-ছায়েহৰ পদাংক অনুসৰণ কৰি মহম্মদ আল-হুছেইনীয়ে নিজৰ ভাষিক দক্ষতাৰে আৰবী ডাব কৰা ভাৰতীয় চিনেমাৰ পৰিৱেশ আৰু অধিক সমৃদ্ধ কৰিছিল। উৰ্দু আৰু হিন্দী ভাষাত সাৱলীল আল-হুছেইনীয়ে উৎস সামগ্ৰী (source material)ৰ বিষয়ে এক সুক্ষ্ম বুজাবুজি আনিছিল, যাৰ ফলত তেওঁ আৰবী ভাষী দৰ্শকৰ মাজত গভীৰভাৱে অনুৰণন কৰা অনুবাদ আৰু ডাবিং প্ৰদান কৰিবলৈ সক্ষম হৈছিল।
 
আৰব বিশ্বৰ ভাৰতীয় চলচ্চিত্ৰৰ বিখ্যাত বিতৰক অমল ফিল্ম আৰু লণ্ডন ফিল্মলৈ তেওঁৰ অৱদানে এজন পেছাদাৰী ডাবাৰ আৰু অনুবাদক হিচাপে তেওঁৰ সুনাম সুদৃঢ় কৰি তুলিছিল।
 
'আন' নামৰ ছবিখনৰ পোষ্টাৰ
 
আৰব বিশ্বত ভাৰতীয় চিনেমাৰ জনপ্ৰিয়তাৰ বিৱৰ্তন তিনিটা সুকীয়া পৰ্যায়ৰ মাজেৰে আৰম্ভ হৈছিল, প্ৰত্যেকৰে বৈশিষ্ট্য আছিল বিষয়ভিত্তিক কেন্দ্ৰবিন্দু আৰু আখ্যান শৈলী। ১৯৫০ চনৰ পৰা ১৯৭০ চনলৈকে চলি থকা প্ৰাৰম্ভিক পৰ্যায়ত গ্ৰাম্য জীৱন, সমাজ সংগ্ৰাম, আৰু জাতি গঠনৰ নীতি-নিয়মক চিত্ৰিত কৰা ভাৰতীয় ছবি প্ৰদৰ্শিত হৈছিল, যিয়ে সমগ্ৰ আৰব বিশ্বৰ দৰ্শকৰ মাজত প্ৰবলভাৱে অনুৰণন ঘটাইছিল।
 
তাৰ পিছত ১৯৮০ চনত ভাৰতীয় চিনেমাই নগৰীয়া আখ্যানলৈ পৰিৱৰ্তিত হয়, দৰিদ্ৰতা, বৈষম্য, দুৰ্নীতিৰ দৰে জৰুৰী সামাজিক বিষয়সমূহক সম্বোধন কৰে।
 
নব্বৈৰ দশকত ভাৰতীয় চিনেমাৰ বহু পৰিৱৰ্তন ঘটিছিল। ভাৰত আৰু বিদেশৰ সুন্দৰ ঠাইত প্ৰেম, সপোন, আকাংক্ষাৰ কাহিনী দেখুৱাবলৈ আৰম্ভ কৰিলে। এই সময়ক প্ৰায়ে "বলিউড" যুগ বুলি কোৱা হয় কাৰণ চিনেমাবোৰ অধিক গ্লেমাৰাছ আৰু আৱেগিক হৈ পৰিছিল। আৰম্ভণিতে ইব্ৰাহিম আল-ছায়েহৰ গুৰুত্ব আছিল যদিও পিছলৈ মহম্মদ আল-হুছেইনীয়ে চিনেমাক অধিক ব্যাপক আৰু গোলকীয় কৰি তোলাৰ বাবে বিখ্যাত হৈ পৰিছিল।
 
ভাৰতীয় চিনেমা ইয়াৰ সৌন্দৰ্য্য, সাংস্কৃতিক তাৎপৰ্য্য, আৰু সীমান্তৰ সিপাৰে অনুৰণিত হোৱা কাহিনীৰ বাবে আৰব বিশ্বত অবিশ্বাস্যভাৱে জনপ্ৰিয় হৈয়েই আছে। প্ৰাচীন কাহিনীয়ে হওক, গ্ৰাম্য অঞ্চলৰ কাহিনীয়ে হওক বা ব্যস্ত চহৰৰ কাহিনীয়ে হওক, ভাৰতীয় চিনেমাই দৰ্শকক নিজৰ আকৰ্ষণীয় কাহিনী, সজীৱ গীত, আৰু অবিস্মৰণীয় নৃত্যৰ দৃশ্যৰ সৈতে আকৰ্ষিত কৰি ৰাখে।
 
এইবোৰে সংস্কৃতিৰ মাজত সেতু হিচাপে কাম কৰে, বিভিন্ন সমাজত বুজাবুজি আৰু প্ৰশংসাক প্ৰসাৰিত কৰে। এই সকলোবোৰে চিনেমাৰ জগতখনত সমৃদ্ধ কৰে।
 
(তাব্ৰেজ আহমেদ নতুন দিল্লীৰ জামিয়া মিলিয়া ইছলামিয়া বিশ্ববিদ্যালয়ৰ আৰব-ভাৰতীয় সাংস্কৃতিক কেন্দ্ৰৰ গৱেষক)