হাউছ অব্ লৰ্ডছলৈ নিৰ্বাচিত প্ৰথমগৰাকী অসমীয়া আয়েশা ইউছুফ হাজৰিকা

Story by  atv | Posted by  Munni Begum • 1 Years ago
আয়েশা ইউছুফ হাজৰিকা
আয়েশা ইউছুফ হাজৰিকা
 
আৱাজ-দ্য ভইচ অসম ব্যুৰ' 
 
দুশ বছৰ ধৰি ভাৰতক পদানত কৰি ৰখা একালৰ সূৰুয নুডুবা ব্ৰিটিছ সাম্ৰাজ্যৰ দিক নির্ণায়ক হাউছ অব্ লৰ্ডছত প্ৰথমবাৰৰ বাবে প্ৰৱেশ ঘটিল এগৰাকী অসমীয়াৰ। এক বিৰল ইতিহাস ৰচনা কৰি ব্ৰিটিছ উচ্চ সদনলৈ মনোনীত হোৱা এইগৰাকী ব্ৰিটিছ-অসমীয়া হ'ল আয়েশা ইউছুফ হাজৰিকা। 
 
স্কটলেণ্ডৰ বেলহিলছত জন্মগ্ৰহণ কৰা আয়েশাৰ পিতৃৰ নাম ডাঃ লিয়াকত আলী হাজৰিকা (পুতুল)। আয়েশাৰ ককাক উত্তৰ লখিমপুৰৰ কে বি ৰোডৰ বাসিন্দা প্রয়াত ইউছুফ হাজৰিকা আছিল এগৰাকী নামজ্বলা অধিবক্তা।  আয়েশাই নিজৰ প্ৰতিভা-সাধনাৰে ইংলেণ্ডৰ সমাজ জীৱনলৈ নিৰলস সেৱা আগবঢ়োৱাৰ বিৰল স্বীকৃতি হিচাপে ব্ৰিটিছ চৰকাৰে উচ্চ সদনৰ সাংসদ হিচাপে তেওঁক মনোনীত কৰিছে। 
 
ব্ৰিটিছ চৰকাৰে উচ্চ সদনৰ সাংসদ হিচাপে তেওঁক মনোনীত কৰাৰ সময়ৰ এক দৃশ্য
 
৫০ বছৰীয়া আয়েশাক এতিয়াৰ পৰা জনা যাব 'বেৰনেছ হাজৰিকা অব্ কটব্রিজ' খিতাপেৰে। বেৰন হিচাপে ৯ মে'ত কাৰ্যভাৰ গ্ৰহণ কৰি নতুন সামাজিক জীৱন আৰম্ভ কৰিছে আয়েশাই।   
 
স্কটলেণ্ডৰ গ্লাছগ' নিবাসী আয়েশাই লেবাৰ পাৰ্টিৰ একনিষ্ঠ কর্মী হিচাপে পৰিচিত হোৱাৰ পূৰ্বে ৰেডিঅ'ৰ ঘোষিকা, সাংবাদিক, ৰাজনৈতিক ধাৰাভাষ্যকাৰ আৰু কৌতুক অভিনেতা হিচাপে নিজৰ প্ৰতিভাৰে উজ্জ্বল হৈ উঠিছিল।  
আয়েশাই নিজৰ অনুভৱ প্ৰকাশ কৰি এক্সত এক পোষ্টত লিখিছিল, "আপোনালোক সকলোৰে মৰমেৰে ভৰা বাৰ্তাৰ বাবে ধন্যবাদ। মই ইয়াত পৰিয়াল আৰু বন্ধু-বান্ধৱীৰ সৈতে কটোৱা দিনবোৰ অতি বিশেষ। বিশেষকৈ মোৰ পিতৃ-মাতৃ, যিয়ে ইয়ালৈ ভাৰতীয় মুছলমান অনুপ্ৰৱেশকাৰী হিচাপে আহিছিল আৰু বহুত কষ্ট কৰিছিল। আজি মই হাউছ অৱ লৰ্ডছত যোগদান কৰাটো সঁচাকৈয়ে মোৰ জীৱনৰ বাবে এক গৌৰৱ কথা।"
 
আয়েশাই হুল বিশ্ববিদ্যালয়ৰ পৰা আইনৰ ডিগ্রী লোৱাৰ পিচত ইংলেণ্ডৰ বাণিজ্য আৰু উদ্যোগ দপ্তৰত প্ৰেছ বিষয়া হিচাপে কর্মজীৱন আৰম্ভ কৰিছিল। সেই সময়তে প্রখ্যাত কমেডিয়ান ল'গান মূৰেৰ অধীনত তেওঁ অভিনয়ৰ শিক্ষা গ্রহণ কৰিছিল। চেনেল ফৰ কমেডি প্রতিযোগিতা 'ছ' ইউ থিংক ইউ আৰ ফানী'ত ছেমি ফাইনেল পর্যন্ত উধায়।
 
 
তাৰ পিচত বি বি চি, স্কাই নিউজ, চি এন এন আদি চেনেলত নিয়মীয়া পৰিবেশিকা হিচাপে সেৱা আগবঢ়াইছিল। ২০১৫-১৭ চনত তেওঁ তদানীন্তন ব্রিটিছ প্রধানমন্ত্রী গর্ডন ব্রাউন, সংসদৰ বিৰোধী দলপতি এড মিলিবান্দ আৰু সাংসদ হেৰিয়েট হাৰ্মানৰ ৰাজনৈতিক উপদেষ্টা হিচাপেও কাৰ্যনিৰ্বাহ কৰে। 
 
তেওঁৰ ৰাজনৈতিক সেৱাৰ স্বীকৃতি হিচাপে ২০১৬ চনত ৰাণী দ্বিতীয় এলিজাবেথে 'মেম্বাৰ অব্‌ দি অৰ্ডাৰ অব্ দা ব্ৰিটিছ এম্পায়াৰ' (এম বি ই) সন্মান প্রদান কৰিছিল।