আই এ এছ, আই পি এছ, সামৰিক বিষয়া হিচাপে কাম কৰাৰ প্ৰৱণতা বৃদ্ধি মুছলমান সমাজত

Story by  atv | Posted by  Munni Begum • 19 h ago
অপাৰেচন সেন্দুৰৰ পিছত বাতৰিৰ শিৰোনাম দখল কৰা কৰ্ণেল ছফিয়া কুৰেশ্বী
অপাৰেচন সেন্দুৰৰ পিছত বাতৰিৰ শিৰোনাম দখল কৰা কৰ্ণেল ছফিয়া কুৰেশ্বী
 
ড° ফাইজুল হাছান খান
 
জনসংখ্যাৰ অনুপাতত কম হ’লেও ভাৰতীয় সশস্ত্ৰ বাহিনী, আৰক্ষী আৰু আমোলাতন্ত্ৰত ক্ৰমাগতভাৱে উত্থান ঘটিছে মুছলমান সম্প্ৰদায়ৰ লোকৰ। প্ৰতি বছৰে মুছলমান যুৱক-যুৱতীসকলে ইউ পি এছ চি পৰীক্ষাত অসাধাৰণ প্ৰদৰ্শন, আৰক্ষী সেৱাত সুখ্যাতি অৰ্জন তথা সামৰিক সেৱাৰ কৃতিত্ব লাভৰ বাবে বাতৰিৰ শিৰোনাম দখল কৰি আহিছে।     
 
এই সফলতাৰ পৰিসৰত মুছলমান মহিলাসকলেও পুৰুষ সমকক্ষসকলৰ দৰেই ফলপ্ৰসূভাৱে নিজৰ স্থান দখল কৰিছে। আজি মুছলমান যুৱতীসকলে নৌসেনা, বায়ুসেনা আৰু সামৰিক বাহিনীত সেৱা আগবঢ়াই আছে। যি এক অতি বিৰল কৃতিত্ব, যিটো পূৰ্বেই কেতিয়াও কল্পনা কৰা হোৱা নাছিল। 
 
লেফটেনেণ্ট জেনেৰেল চৈয়দ আতা হাছনাইন
 
শেহতীয়া বছৰবোৰত অসামৰিক সেৱা আৰু আই পি এছত মুছলমান যুৱক-যুৱতীৰ অংশগ্ৰহণৰ সংখ্যা ৩ শতাংশতকৈ অধিক আদৰণীয়ভাৱে বৃদ্ধি পাইছে আৰু বৰ্তমান ক্ৰমে ৩.৩১ আৰু ৩.৬৬ শতাংশত নিৰ্ধাৰণ কৰা হৈছে। একেদৰে ৰাজ্যসমূহৰ আৰক্ষী আৰু কেন্দ্ৰীয় সশস্ত্ৰ আৰক্ষী বাহিনীৰ সংখ্যাও লক্ষণীয়ভাৱে বৃদ্ধি পাইছে।   
 
ইয়াৰ বিপৰীতে ১৪.৩ শতাংশ জনসংখ্যাৰ অংশীদাৰিত্ব (২০১১ চনৰ লোকপিয়ল) থকা মুছলমানসকলৰ সশস্ত্ৰ বাহিনীত অংশগ্ৰহণ মাত্ৰ ২ শতাংশ আছে। আনহাতে, গণ পৰিসৰৰ অনুপ্ৰৱেশ আৰু আকৰ্ষণীয় নিয়োগৰ বিকল্প থকাৰ পিছতো ১.৭২ শতাংশ জনসংখ্যাৰ ক্ষুদ্ৰ অংশ থকা আন এটা সংখ্যালঘু শিখসকলৰ অন্যান্য ৰেংক আৰু বিষয়াৰ শ্ৰেণীত ক্ৰমে ১৫ আৰু ২০ শতাংশ অংশীদাৰিত্ব আছে। একেদৰে ২.৩ শতাংশ জনসংখ্যাৰ অংশ থকা খ্ৰীষ্টানসকলৰ সশস্ত্ৰ বাহিনীত একে ধৰণৰে প্ৰতিনিধিত্ব আছে।    
 
কিন্তু পৰিসংখ্যাই মুছলমানসকলৰ ইউনিফৰ্ম পিন্ধি আৰু সীমান্তত দেশৰ সেৱাৰ প্ৰতিশ্ৰুতিৰ উৎসাহক সামৰি লোৱা নাই। 
 
সামৰিক ইউনিফৰ্মত সেৱা: আবেগ আৰু দেশপ্ৰেমৰ ব্যক্তিত্ব  
 
১৯৪৭ চনৰ পৰা কাশ্মীৰত ভাৰতৰ যুদ্ধ চলি আহিছে। ১৯৪৭-৪৮ চনত ভাৰতীয় সামৰিক ইতিহাসৰ বুৰঞ্জীত মুছলমানলোকৰ প্ৰদৰ্শন কৰা দেখা গৈছিল – ব্ৰিগেডিয়াৰ মহম্মদ উছমান, যাৰ সাহসেৰে ভাৰতৰ বাবে কাশ্মীৰ সুৰক্ষিত হৈ আছিল। ১৯৭১, ১৯৬৫ আৰু ১৯৯৯ চনত কাশ্মীৰ ফ্ৰণ্টে পূৰ্ণাংগ যুদ্ধৰে সমগ্ৰ অঞ্চলটোক জুইৰ শিখাৰে আগুৰি ধৰা দেখিছিল। ভাৰতীয়সকলে সাহসেৰে যুদ্ধ কৰিছিল আৰু শত্ৰুক নিজৰ শক্তিৰে পিছুৱাই যাবলৈ বাধ্য কৰোৱাইছিল। বীৰৰ তাৰকাৰাজ্যৰ ভিতৰত হাভিলদাৰ আব্দুল হামিদ, কৰ্ণেল মুস্তাফা, লেফটেনেণ্ট জেনেৰেল জমিৰুদ্দিন শ্বাহ আৰু লেফটেনেণ্ট জেনেৰেল চৈয়দ আতা হাছনাইনৰ দৰে মুছলমানে শূৰত্বত নিজৰ নাম খোদিত কৰিছিল।   
 
কাশ্মীৰৰ ডাঃ শ্বাহ ফেইজল নতুন দিল্লীৰ এজন শীৰ্ষ আই এ এচ বিষয়া
 
ইয়াৰ উপৰিও সমগ্ৰ ভাৰতবৰ্ষৰ মুছলমানসকলে ব্লাড বেংকৰ আয়োজন, অনুদান সংগ্ৰহ আৰু জৰুৰীকালীন নিযুক্তি শিবিৰৰ আয়োজন, আৰু সীমান্তলৈ মুছলমান যুৱকক পঠিয়াই যুদ্ধ সাহায্যৰ প্ৰচেষ্টাত যোগদান কৰিছিল।
 
কিন্তু সৈনিক বা নিজকে ইউনিফৰ্ম পিন্ধি সেৱা কৰাৰ আবেগিক প্ৰৱণতাৰ মাজতো সশস্ত্ৰ বাহিনীত মুছলমানসকলৰ প্ৰত্যক্ষ অংশগ্ৰহণ নিৰাশাজনক আছিল। ইয়াৰ কাৰণ কি হব পাৰে... প্ৰেৰণাৰ অভাৱ, কেৰিয়াৰ বাছনিৰ প্ৰশ্ন নে, কেতিয়াবা কোৱাৰ দৰে কেৱল উদাসীনতা?   
 
শিখ বা পাঞ্জাবীৰ বিপৰীতে মুছলমানৰ ক্ষেত্ৰখন চাওঁ আঁহক। মূলতঃ যুৱক-যুৱতীসকলক কেৰিয়াৰ বাছনি কৰিবলৈ গঢ় দিয়া আৰু প্ৰেৰণা যোগোৱাত অভিভাৱক, সমাজ আৰু শিক্ষকসকলেই গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। সকলো পাঞ্জাবীয়ে, (পশ্চিম পঞ্জাৱৰ লোকসকলকে ধৰি) সাধাৰণতে আৰু বিশেষকৈ শিখসকলে পৰিয়াল আৰু সম্প্ৰদায়ৰ সমৰ্থন গ্ৰহণ কৰিছে, শিক্ষা আৰু ধৰ্মীয় প্ৰতিষ্ঠানসমূহে যুৱক-যুৱতীসকলক সামৰিক কেৰিয়াৰ বাছি ল’বলৈ এক মাধ্যম হিচাপে প্ৰেৰণা প্ৰদান কৰি আহিছে।   
 
সঠিকভাৱে ক’ব পাৰি যে, পাঞ্জাবীয়ে ভাৰতত যথেষ্ট উপস্থিতি লাভ কৰাই নহয়, পাকিস্তানত সামৰিক বাহিনীতো আধিপত্য বিস্তাৰ কৰি আছে৷ এই সকলোবোৰ দিশ মুছলমানৰ মাজত বুজাব নোৱাৰাকৈয়ে হেৰাই গৈছে। যদিও তেওঁলোকক চৰকাৰীভাৱে বিভিন্ন সুবিধা প্ৰদান কৰা হৈ আহিছে তথাপিও তেওঁলোকে ঘৰুৱাভাৱেও নিজকে বিকাশ আৰু প্ৰেৰণা প্ৰদান কৰিব লাগিব। প্ৰথম কথা, অভিভাৱকসকলে, যিসকলে স্বাধীনতাৰ পূৰ্বৰ আৰু পৰৱৰ্তী যুগত নিজৰ সম্প্ৰদায়ে আগবঢ়োৱা অৱদানৰ উদ্ধৃতি দি নিজৰ সন্তানক সেনাবাহিনীৰ কেৰিয়াৰ বাছি ল’বলৈ উৎসাহিত আৰু প্ৰেৰণা দিব লাগিব।   
 
শিক্ষানুষ্ঠানসমূহ, আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হ’ল “সম্প্ৰদায়ৰ দ্বাৰা পৰিচালিত” প্ৰতিষ্ঠানসমূহে যুৱক-যুৱতীসকলক সামৰিক কেৰিয়াৰ বাছনিৰ দিশত অধিক দায়িত্ব ল’ব লাগিব।  
 
হাভিলদাৰ আব্দুল হামিদ
 
মুছলমান যুৱক-যুৱতীসকলে শিকিব লাগিব যে, সামৰিক বাহিনীত কেৰিয়াৰ গঢ়িবলৈ কেৱল উচ্চতম গৌৰৱ আৰু সুখ্যাতিৰে দেশৰ সেৱা কৰাই নহয়; ই পেছাদাৰীভাৱেও ই এক আকৰ্ষনীয় বিত্তী। এজন সামৰিক বিষয়া কেতিয়াও কামৰ পৰা আঁতৰি নাথাকে, অৱসৰৰ পিছতো তেওঁলোকে কামৰ প্ৰতি আগ্ৰহী হৈ থাকে। তেওঁলোকৰ অনুশাসিত আৰু কৰ্তব্যপৰায়ণ বিকাশে তেওঁলোকক বহু ক্ষেত্ৰত আটাইতকৈ বেছি গুৰুত্বপূৰ্ণ কৰি তোলে।  
 
২০২৫ চনৰ মে’ মাহত অপাৰেচন সেন্দুৰৰ সময়ত যেতিয়া কৰ্ণেল ছফিয়া কুৰেশ্বীয়ে সংবাদ মাধ্যমৰ আগত ভাষণ দিছিল, তেতিয়া সামৰিক খণ্ডত এগৰাকী নিপুণ বিষয়া হিচাপে তেওঁৰ বক্তব্য আৰু গম্ভীৰতাই দেশখনক লাভাম্বিত কৰাই নহয়, ই ভাৰতৰ যুৱক-যুৱতীসকলক – পুৰুষ-মহিলা উভয়কে – ইউনিফৰ্ম পিন্ধি ৰাষ্ট্ৰৰ সেৱা কৰাৰ লগতে কেৰিয়াৰ আৰু সন্মানৰ বাবে অনুপ্ৰাণিত কৰিছিল।   

আৰক্ষী বাহিনী আৰু আই এ এছ 
 
১৯৪৭ চনত স্বাধীনতাৰ সময়ত ৪৬৮ জন ইউৰোপীয়, ৩৫২ জন হিন্দু, ১০১ জন মুছলমান, ২৫ জন ভাৰতীয় খ্ৰীষ্টান, ১৩ জন পাৰ্চী, ১০ জন শিখ আৰু ৪ জন অন্যান্য সম্প্ৰদায়ৰ লোককে ধৰি মুঠ ৯৮০ জন আই চি এছ বিষয়া আছিল। আই চি এছ (ভাৰতীয় অসামৰিক সেৱা) ভাৰতীয় প্ৰশাসনিক সেৱা (আই এ এছ)ৰ ঔপনিৱেশিক পূৰ্বসূৰী আছিল। ১৯৪৭ চনত মুছলমান বিষয়াৰ শতকৰা হাৰ আছিল ১০.৩ শতাংশ, যিটো সম্প্ৰদায়টোৰ জনসংখ্যাৰ ২৪% তকৈ বহু কম আছিল, যদিও ই এক ভয়ংকৰ পৰিসংখ্যা।  
 
বছৰ বছৰ পিছত দিল্লী উচ্চ ন্যায়ালয়ৰ অৱসৰপ্ৰাপ্ত মুখ্য ন্যায়াধীশ ৰাজিন্দৰ সচাৰৰ প্ৰতিবেদনত ২০০৬ চনত দেখা গ’ল যে, ভাৰতৰ সকলো সামাজিক শ্ৰেণীৰ পৰা মুছলমানসকল পিছ পৰি আছে আৰু আই এ এছ, আই এফ এছ আৰু আই পি এছত তেওঁলোকৰ প্ৰতিনিধিত্ব একেবাৰে কম। আমোলাতন্ত্ৰত মুছলমানৰ প্ৰতিনিধিত্ব ২০০৬ চনত তিনিৰ পৰা চাৰি শতাংশ আছিল, যিটো ডেৰ দশকৰো অধিক সময় ধৰি স্থবিৰ হৈ আছিল। ২০০৩ আৰু ২০০৪ চনৰ ইউ পি এছ চিৰ পৰীক্ষাৰ তথ্যত এই সিদ্ধান্ত লোৱা হৈছে যে, সেই দুবছৰত চি এছ ই মেইনছৰ বাবে হাজিৰ হোৱা ১১,৫৩৭ জন পৰীক্ষাৰ্থীৰ ভিতৰত মাত্ৰ ২৮৩ জনহে মুছলমান আছিল, অৰ্থাৎ ৪.৯ শতাংশ। 
 
১৯৫১ চনৰ পৰা ২০২০ চনলৈকে সাতটা দশকত ১১,৫৬৯ জন আই এ এছ বিষয়াৰ ভিতৰত মুঠ ৪১১ জন মুছলমান সম্প্ৰদায়ৰ আছিল, অৰ্থাৎ কেৱল ৩.৫৫ শতাংশ। এনে কলা পটভূমিতো মুছলমান সমাজখন হতাশাত ডুব যোৱা নাছিল বৰঞ্চ ই নতুন উদ্যাম আৰু দৃঢ়তাৰে উভতিছিল। ২০১৬ চনত ইতিহাসত প্ৰথমবাৰৰ বাবে ইউ পি এছ চিৰ জৰিয়তে ৫০ জন মুছলমান যুৱক-যুৱতীক নিৰ্বাচিত কৰা হৈছিল, য’ত ১০ জন মুছলমান প্ৰাৰ্থীয়ে শীৰ্ষ ১০০ ৰ ভিতৰত স্থান লাভ কৰিছিল। সেই বছৰৰ পৰা মুছলমান প্ৰাৰ্থীৰ শতকৰা হাৰ প্ৰায় পাঁচ শতাংশ হৈয়েই আছে, যিটো স্বাধীনতাৰ পিছত ২.৫ শতাংশ বৃদ্ধি পাইছিল।   
 
কৰ্তব্যৰত জম্মু-কাশ্মীৰ আৰক্ষীৰ জোৱান
 
বৰ্তমান দেশত প্ৰতি ৫.৭৩ লাখ মুছলমান লোকৰ ভিতৰত এজনকৈ আই এ এছ বা আই পি এছ বিষয়া আছে। সমগ্ৰ দেশতে ৫৪৬৪ জন আই এ এছ বিষয়াৰ ভিতৰত ১৮০ জন মুছলমান। আই পি এছত ১৫১ জন  আৰু ৩৫ জন আই এফ এছত মুছলমান আছে।   
 
ইউ পি এছ চি পৰীক্ষাত সফলতা লাভ কৰিবলৈ মুছলমানসকলৰ মাজত হোৱা হতাশাই ব্যৱস্থাটোৰ ভিতৰত সুৰক্ষা, বিশেষাধিকাৰ, আৰু ক্ষমতাৰ অংশ নিশ্চিত কৰাৰ ইচ্ছাক উজ্জ্বল কৰি তুলিছে। লগতে বিষয়া হিচাপে উত্থানৰ প্ৰবল আগ্ৰহকো উজ্জ্বল কৰি তুলিছে। মুছলমান ইউ পি এছ চিৰ আকাংক্ষিতসকলৰ এই ব্যৱস্থাৰ প্ৰতি থকা বিশ্বাস আৰু একে আকাংক্ষা আন ভাৰতীয়ৰ দৰেই।  
 
মুছলমানসকলে আচলতে নতুন যুগৰ সুচনা কৰিছে। কাশ্মীৰত প্ৰায় সমগ্ৰ আৰক্ষী বাহিনীত মুছলমানৰ সংখ্যা বেছি। ইয়াৰ উপৰিও ব্যক্তিগত মুছলমান বিষয়াসকলে, বেছিভাগেই মহিলা, ঠিক কৰ্ণেল কুৰেশ্বীৰ দৰেই, ব্যতিক্ৰমী সেৱাৰ অভিলেখেৰে নিজৰ নাম উজলাইছে।  
 
মুছলমানসকলৰ জাতীয় প্ৰতিষ্ঠানৰ ওপৰত বিশ্বাস থকাটো অতি উৎসাহজনক। তেওঁলোকে কেৱল নিজৰ দেশৰ সেৱাৰ প্ৰতি থকা অন্তৰৰ আবেগক ইন্ধন যোগাব লাগিব। ই কেৱল তেওঁলোকৰ ভাগ্য সলনি কৰাই নহয়, ই দেশৰ পৰিৱেশো সলনি কৰিব, ভাৰতে ইয়াৰ সভ্যতাৰ মূলমন্ত্ৰ হৈ অহা ঐক্যৰ বৈচিত্ৰ্যৰ দিশত পৰিচালিত হ’ব।  
 
(লেখক এ এম ইউ ছাত্ৰ সংঘৰ প্ৰাক্তন সভাপতি আৰু আই ডি আৰ এফৰ সঞ্চালক)