আত্মহত্যাৰ সিদ্ধান্ত লৈছিলো: প্ৰাক্তন পত্নী হাছিন জাহানৰ সৈতে বৈবাহিক জীৱনক লৈ মন্তব্য মহম্মদ ছামীৰ

Story by  atv | Posted by  [email protected] • 2 h ago
মহম্মদ ছামী আৰু প্রাক্তন পত্নী হাছিন জাহান
মহম্মদ ছামী আৰু প্রাক্তন পত্নী হাছিন জাহান
 
আৱাজ-দ্য ভইচ অসম
 
টকা-পইচা যিমানেই নাথাকক, মানুহৰ জীৱনত শান্তি আটাইতকৈ প্ৰয়োজনীয়। এই কথা উল্লেখ কৰিছে এগৰাকী ভাৰতীয় তাৰকা ক্ৰিকেটাৰে। এসময়ত আত্মহত্যাৰ দৰে চৰম পন্থা বাছি ল'ব বিচাৰিছিল ভাৰতীয় তাৰকা বেগী বলাৰ মহম্মদ ছামীয়ে। কিন্তু দেশৰ প্ৰতি থকা ভালপোৱা আৰু দেশবাসীয়ে তেওঁক দিয়া মৰমৰ বাবেই তেওঁ শেষ মুহূৰ্তত থমকি ৰ'বলৈ বাধ্য হ'ল।
 
মহাম্মদ ছামীয়ে বিশিষ্ট সাংবাদিক ৰজত শৰ্মাৰ জনপ্ৰিয় অনুষ্ঠান 'আপ কি আদালত'ত তেওঁৰ ব্যক্তিগত জীৱন তথা সংগ্ৰামৰ বিষয়ে মুকলি কৰি দিছে। ভাৰতীয় বেগী বলাৰগৰাকীয়ে হাছিন জাহানৰ সৈতে তেওঁৰ বিবাহ সম্পৰ্কে খোলাকৈ কৈছিল। এই বিবাহক তেওঁৰ জীৱনৰ আটাইতকৈ ডাঙৰ ভুল বুলি অভিহিত কৰিছে। লগতে তেওঁ স্বীকাৰ কৰিছে যে এই বিবাহৰ পিছত পোৱা যন্ত্ৰণাই তেওঁৰ ওপৰত গভীৰ প্ৰভাৱ পেলাইছিল।
 
মহম্মদ ছামীয়ে ২০১৪ চনত হাছিন জাহানৰ সৈতে বিবাহপাশত আৱদ্ধ হৈছিল। কিন্তু ২০১৮ চনত তেওঁৰ বিৰুদ্ধে পত্নী হাছিন জাহানে ঘৰুৱা হিংসাৰ গোচৰ ৰুজু কৰাৰ পিছত দুয়ো পৃথক হৈছিল। ৰজত শৰ্মাৰ শ্ব'ত এই বিষয়টো উল্লেখ কৰি ছামীয়ে কয়, "জীৱনে আপোনাক বহুতো কথা শিকায়। মই স্বীকাৰ কৰো যে এইটো মোৰ জীৱনৰ আটাইতকৈ ডাঙৰ ভুল আছিল। মই কাকো দোষ নিদিওঁ, এয়া মোৰ ভাগ্য আছিল।"
 
বিবাহৰ দিনা পত্নীৰ সৈতে মহম্মদ ছামী
 
তেওঁ স্বীকাৰ কৰে যে আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত নিজৰ প্ৰদৰ্শন উন্নত কৰি ৰখাৰ সৈতে তেওঁৰ ব্যক্তিগত উত্তেজনাৰ ভাৰসাম্য ৰক্ষা কৰাটো একেবাৰেই সহজ নাছিল।
 
"এয়া সঁচাকৈয়ে কঠিন আছিল, এইবোৰ বিষয়ে আপোনাক ভিতৰি ভিতৰি খাই পেলাই। যেতিয়া আপুনি দেশক প্ৰতিনিধিত্ব কৰি সৰ্বোচ্চ স্তৰত খেলি থাকিব, তেতিয়া এইবোৰ বিষয়ে আপোনাৰ মনোযোগ বিভক্ত কৰিবলৈ  বাধ্য কৰাব। এটা দিশত আপুনি নিজৰ ঘৰত কি হৈ আছে সেইবোৰ ভাবি আছে, আনটো দিশত আপুনি দেশৰ বাবে প্ৰদৰ্শন কৰিব লাগিব। তেতিয়া মানসিক চাপে আপোনাক শান্তিত থাকিব নিদিয়ে", ছামীয়ে কয়।
 
এই সমস্যাবোৰ সমাধান কৰিবলৈ চেষ্টা কৰা হৈছিল নেকি বুলি প্ৰশ্ন কৰাত ছামীয়ে কৈছিল যে তেওঁ চেষ্টা কৰিছিল। "কোনোৱে নিজৰ ঘৰতে যুদ্ধ কৰিব নিবিচাৰে, বিশেষকৈ যেতিয়া আপুনি নিজৰ দেশৰ সেৱাত নিয়োজিত হৈ আছে। মই অহৰহ চেষ্টা  কৰিছিলো, কিন্তু যিকোনো সমস্যা সমাধানৰ ক্ষেত্ৰত দুয়োটা পক্ষৰ ওপৰতে নিৰ্ভৰ কৰে।
 
ভাৰতীয় বেগী বলাৰ মহম্মদ ছামী
 
"যদি আন পক্ষই সমাধান নিবিচাৰে, তেন্তে ধৈৰ্যেই হৈছে একমাত্ৰ উত্তৰ", তেওঁ কয়।
 
বেগীবলাৰগৰাকীয়ে লগতে ছ'চিয়েল মিডিয়াত তেওঁ সন্মুখীন হোৱা অপব্যৱহাৰ আৰু তেওঁৰ বিৰুদ্ধে উত্থাপিত মিছা অভিযোগৰ বিষয়েও কয়। "মই কেতিয়াবা নিজেই ভ্ৰমণ নকৰা ঠাইবোৰত মোৰ ছবি দেখা পাওঁ। বিগত ছয়-সাত বছৰত মই যি ধৰণৰ অভিযোগৰ সন্মুখীন হৈছো, সেয়া কোনো দাগি অপৰাধীয়ে সন্মুখীন হোৱা অভিযোগৰ তুলনাত অধিক। ইয়াৰ বাবে মই একো কৰিব নোৱাৰো", তেওঁ মন্তব্য কৰে।
 
উল্লেখযোগ্য যে, ৰজত শৰ্মাই উল্লেখ কৰে যে কপিল দেৱ, এম এছ ধোনী আৰু বিৰাট কোহলীৰ দৰে কিংবদন্তিসকলে তেওঁক ৰাজহুৱাভাৱে সমৰ্থন কৰিছিল।
 
"আমাৰ ঘৰত ল'ৰাৰ তুলনাত ছোৱালী জন্ম হ'লে বেছি উদযাপন কৰা হয়। মই মোৰ পিতৃ বা দাদাক কেতিয়াও কোনো মহিলাৰ আগত ডাঙৰকৈ কথা কোৱা দেখা নাই। মই বিশ্বাস কৰো যে যি হ'বলগীয়া আছে, সেয়া হ'বই আৰু মই সেয়া মোৰ নিয়তি হিচাপে গ্ৰহণ কৰিছো", মহম্মদ ছামীয়ে কয়।