'ক'লা আইনৰ পৰা সকাহ': উচ্চতম ন্যায়ালয়ৰ ৰায়কলৈ মৌলানা আৰ্ছাদ মাদানীৰ প্ৰতিক্ৰিয়া

Story by  atv | Posted by  [email protected] • 2 h ago
মৌলানা আৰ্ছাদ মাদানী
মৌলানা আৰ্ছাদ মাদানী
 
আৱাজ-দ্য ভইচ ব্যুৰ
 
উচচতম ন্যায়ালয়ে শেহতীয়াকৈ ৱাক্ফ সংশোধনী আইন, ২০২৫ ৰ কিছুমান গুৰুত্বপূৰ্ণ আৰু বিতৰ্কিত ধাৰাৰ ওপৰত অন্তৱৰ্তীকালীন নিষেধাজ্ঞা আৰোপ কৰাৰ সিদ্ধান্তক মুছলিম সংগঠনসমূহে আদৰণি জনাইছে। এই আইনখনে দেশৰ মুছলমান সম্প্ৰদায়ৰ মাজত বিতৰ্কৰ সৃষ্টি কৰিছিল আৰু ইয়াৰ বাবে উচ্চতম ন্যায়ালয়ত বহু আবেদন দাখিল কৰা হৈছিল। এই আইনখনক প্ৰত্যাহ্বান জনোৱা জমিয়ত উলেমা-ই-হিন্দৰ নেতা মৌলানা আৰ্ছাদ মাদানীয়ে এই ৰায়ক 'কলা আইন'ৰ বিৰুদ্ধে এক সকাহ বুলি আখ্যা দিছে। লগতে তেওঁ কয় যে এই আইনখন সম্পূৰ্ণৰূপে বাতিল নোহোৱালৈকে তেওঁৰ সংগঠনটোৱে আইনী আৰু গণতান্ত্ৰিক যুঁজ অব্যাহত ৰাখিব।
 
তেওঁ ছ'চিয়েল মিডিয়া প্লেটফৰ্ম এক্স (পূৰ্বৰ টুইটাৰ) ত লিখিছে, জমিয়ত উলেমা-ই-হিন্দ ৱাকফ আইনৰ তিনিটা বিতৰ্কিত ধাৰাৰ ওপৰত অন্তৱৰ্তীকালীন সকাহৰ স্বাগতম জনায়। আমি সংগ্ৰাম অব্যাহত ৰাখিম, যেতিয়ালৈকে এই আইনখন সম্পূৰ্ণৰূপে বাতিল নহয়।"
 
আনহাতে, সৰ্বভাৰতীয় ছিয়া ব্যক্তিগত আইন ব'ৰ্ডৰ সাধাৰণ সম্পাদক ইয়াছুব আব্বাছে উচ্চতম ন্যায়ালয়ৰ ৰায়ৰ প্ৰতি সন্মান জনাই কয়, "আমাৰ ন্যায়ালয়ৰ ওপৰত সম্পূৰ্ণ আস্থা আছে আৰু ন্যায় পাম বুলি আমি আশাবাদী।" জমিয়ত উলেমা-ই-হিন্দ (এএম) আৰু অল ইণ্ডিয়া মুছলিম পাৰ্ছনেল ল' ব'ৰ্ডৰ (এআইএমপিএলবি) দৰে মুছলিম সংগঠনসমূহে এই সিদ্ধান্তক ৱাকফ সম্পত্তিৰ ওপৰত চলি থকা অবৈধ দখল ৰোধ কৰাৰ বাবে এক গুৰুত্বপূৰ্ণ পদক্ষেপ বুলি অভিহিত কৰিছে। সংগঠনসমূহৰ মতে, এই সিদ্ধান্তৰ ফলত ৱাকফৰ ভূমি আৰু সম্পত্তিৰ সুৰক্ষা উন্নত হ'ব।
 
এআইএমপিএলবিৰ কাৰ্যবাহী সদস্য খালিদ ৰছিদ ফাৰঙী মহলীয়ে কয় যে মুছলমান সম্প্ৰদায়ৰ লোকসকলে ৱাকফ সংশোধনী আইনৰ ওপৰত সম্পূৰ্ণ নিষেধাজ্ঞা আৰোপ কৰাতো বিচাৰিছিল, কিন্তু উচ্চতম ন্যায়ালয়ৰ এই পদক্ষেপক স্বাগতম জনোৱা উচিত। তেওঁ আশা প্ৰকাশ কৰে যে চূড়ান্ত ৰায়দানৰ পিছত মুছলমান সম্প্ৰদায়ৰ লোকসকলে সম্পূৰ্ণ সকাহ পাব।
 
উচ্চতম ন্যায়ালয়ে এই আইনৰ বহুতো বিতৰ্কিত বিধানৰ ওপৰত স্থগিতাদেশ জাৰি কৰিছে। ইয়াৰ ভিতৰত আটাইতকৈ গুৰুত্বপূৰ্ণ বিধান আছিল যে ৱাকফৰ বাবে সম্পত্তি কেৱল সেইসকলে দিব পাৰে যিসকলে বিগত পাঁচ বছৰত ইছলামৰ অনুকৰণ কৰিছে। যদিও ন্যায়ালয়ে সমগ্ৰ আইনৰ ওপৰত স্থগিতাদেশ প্ৰদান কৰিবলৈ অস্বীকাৰ কৰিছে, কিন্তু এনে ধাৰাসমূহত নিষেধাজ্ঞা আৰোপ কৰাটো মুছলিম সংগঠনৰ বাবে এক ডাঙৰ সকাহ।
 
প্ৰতিনিধিত্বমূলক ছবি
 
আদালতে ৱাকফ সম্পত্তিৰ তদাৰক কৰিবলৈ জিলা দণ্ডাধীশক দিয়া ক্ষমতাও বন্ধ কৰি দিছে, যিটো এক স্পৰ্শকাতৰ বিষয়। ইয়াৰ উত্তৰত, খালিদ ৰছিদে কয় যে ন্যায়ালয়ে ব'র্ডৰ মুখ্য কাৰ্যবাহী বিষয়াৰ নিযুক্তি কেৱল মুছলমান সম্প্ৰদায়ৰ সদস্যসকলৰ মাজতে কৰিবলৈ নিৰ্দেশ দিছে, যিটো এক ইতিবাচক ইংগিত। যদিও অমুছলমান সদস্যসকলৰ বিষয়টো এতিয়াও বিতৰ্ক হৈ আছে।
 
উচচতম ন্যায়ালয়ে ৱাকফ ব'ৰ্ডত অমুছলমান সদস্যৰ অংশগ্ৰহণৰ বিষয়তো স্পষ্ট নিৰ্দেশনা প্ৰদান কৰিছে। উচ্চতম ন্যায়ালয়ে কয় যে কেন্দ্ৰীয় ৱাকফ পৰিষদত মুঠ ২০ জন সদস্যৰ ভিতৰত চাৰিজনতকৈ অধিক অমুছলমান সদস্য থাকিব নোৱাৰিব আৰু ৰাজ্যিক ৱাকফ বোৰ্ডত ১১ জন সদস্যৰ ভিতৰত তিনিজনতকৈ অধিক অমুছলমান সদস্য থাকিব নোৱাৰিব। এই সিদ্ধান্তৰ দ্বাৰা ব'ৰ্ডসমূহৰ গঠন আৰু তেওঁলোকৰ কাম-কাজত ভাৰসাম্য বজাই ৰখাৰ প্ৰয়াস কৰা হৈছে।
 
এই সিদ্ধান্তৰ ওপৰত চৰকাৰ আৰু অন্যান্য ধৰ্মগুৰুসকলেও প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। উত্তৰ প্ৰদেশৰ সংখ্যালঘু কল্যাণ, মুছলিম ৱাকফ আৰু হজ ৰাজ্যিক মন্ত্ৰী দানিছ আজাদ আনছাৰীয়েও উচ্চতম ন্যায়ালয়ৰ সিদ্ধান্তক আদৰণি জনায়। তেওঁ কয় যে মোদী চৰকাৰে মুছলমানসকলৰ উত্থান আৰু পাছমাণ্ডা সম্প্ৰদায়ৰ বিকাশৰ বাবে গুৰুত্বসহকাৰে কাম কৰি আছে। তেওঁ বিশ্বাস কৰে যে এই আইনে মুছলমানসকলৰ বিকাশৰ নতুন পথ মুকলি কৰিব আৰু সামাজিক ন্যায় প্ৰদান কৰিব।
 
মৌলানা ছাহাবুদ্দিন ৰজৱী বাৰেলভীয়ে এই সিদ্ধান্তক "অতি উত্তম" আৰু "সততাপূৰ্ণ" বুলি অভিহিত কৰে। তেওঁ সংবাদ মাধ্যমৰ সন্মুখত কয়, "মই এই সিদ্ধান্তক স্বাগতম জনাইছো। ইয়াৰ দ্বাৰা ৱাকফৰ ভূমিৰ বেআইনী দখলৰ পৰা মুক্ত হোৱাৰ আশা কৰা হৈছে আৰু এই ভূমিৰ ওপৰত বিদ্যালয়, মহাবিদ্যালয়, চিকিৎসালয়, মছজিদ, মাদ্ৰাছা আৰু অনাথ আশ্ৰয়ৰ দৰে সামাজিক প্ৰতিষ্ঠানসমূহ স্থাপন কৰিব পৰা যাব।
 
উচ্চতম ন্যায়ালয়ৰ সেই বিচাৰপীঠত মুখ্য ন্যায়াধীশ বি আৰ গভে আৰু ন্যায়াধীশ আগষ্টিন জৰ্জ মেচিয়া আছিল। তেওঁলোকৰ অন্তৱৰ্তীকালীন নিৰ্দেশত কয় যে আইনক সাধাৰণতে সাংবিধানিক বুলি গণ্য কৰা হয় আৰু অতি দুৰ্লভ পৰিস্থিতিতহে ইয়াৰ পৰীক্ষা কৰিব পাৰি। এই ৰায়ৰ পৰা এইটো স্পষ্ট হয় যে আদালতে বিবাদিত বিধানসমূহক লৈ সাংবিধানিক তদন্তৰ পথ মুকলি ৰাখিছে, কিন্তু বৰ্তমান এই বিধানসমূহ প্ৰয়োগ কৰাৰ পৰা বাধা আৰোপ কৰা হৈছে।
 
মুছলমান সম্প্ৰদায়ৰ মাজত এই সিদ্ধান্তৰ দ্বাৰা এক স্বস্তিৰ অনুভূতি জন্মিছে, কিয়নো ৱাকফ সম্পত্তিৰ দখল আৰু ইয়াৰ অপব্যৱহাৰ দীৰ্ঘদিন ধৰি এক গুৰুতৰ সমস্যা হৈ আহিছে। মুছলিম সংগঠনসমূহে বিশ্বাস কৰে যে উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশনাৰ ফলত ৱাকফ সম্পত্তিৰ সুৰক্ষা আৰু অপব্যৱহাৰ ৰোধ হ'ব।
 
উল্লেখযোগ্য যে, চৰকাৰেও মুছলিম সমাজৰ বিকাশৰ বাবে এই আইনখন প্ৰয়োজনীয় বুলি উল্লেখ কৰি কয় যে ই স্বচ্ছতা আৰু দায়বদ্ধতা বৃদ্ধি কৰিব। এতিয়া উচ্চতম ন্যায়ালয়ৰ এই সিদ্ধান্তৰ দ্বাৰা এই গোচৰটো ন্যায়িক প্ৰক্ৰিয়াৰ মাজেৰে আগুৱাই যাব, যাৰ ফলত মুছলমান সম্প্ৰদায়ৰ স্বাৰ্থ সুৰক্ষিত আৰু সংস্কাৰৰ আশা আছে।
 
সৰ্বোপৰি, উচ্চতম ন্যায়ালয়ৰ এই পদক্ষেপে মুছলমান সম্প্ৰদায়ৰ বাবে এক ইতিবাচক সংকেত হিচাপে বিবেচিত হৈছে, যিসকলে বিতৰ্কিত বিধানসমূহ স্থগিত ৰাখি ভাৰসাম্য বজাই ৰখাৰ প্ৰয়াস কৰিছে আৰু ভৱিষ্যতে এই আইনৰ সাংবিধানিক দিশসমূহৰ গভীৰ পৰ্যালোচনাৰ পথ মুকলি কৰিছে।