ছবিঘৰত আহিল 'ৰৈ ৰৈ বিনালে'; ৰজাৰ দৰে বহি চালে নিজৰ হেপাঁহৰ চিনেমাখন

Story by  atv | Posted by  [email protected] • 7 h ago
ৰজাৰ দৰে বহি চালে নিজৰ হেপাঁহৰ চিনেমাখন
ৰজাৰ দৰে বহি চালে নিজৰ হেপাঁহৰ চিনেমাখন
 
গুৱাহাটী
 
ইতিহাস সৃষ্টি কৰি পুৱতি নিশা ৪.২৫ বজাতে অসমৰ ছবিগৃহত মুক্তি পালে জুবিন গাৰ্গৰ বহু হেপাঁহৰ ছবি ৰৈ ৰৈ বিনালে। ছবিখন উপভোগ কৰি ছবিগৃহতে কান্দোনত ভাগি পৰিল একাংশ দৰ্শক। হেপাঁহৰ এই ছবিখন ৰজাৰ বহি উপভোগ কৰিলে জুবিন গাৰ্গেও!
 
কায়িক ভাৱে নাথাকিলেও জুবিন গাৰ্গৰ বাবে অসমৰ প্ৰায়কেইটা ছবিগৃহত এখনকৈ আসন সংৰক্ষিত হ'ল তেওঁৰ বাবে। গুৱাহাটীৰ মেট্ৰিক্স চিনেমা হ'লত জুবিন গাৰ্গৰ বাবে আছুতীয়াকৈ এখন চোফাৰৰ ব্যৱস্থা কৰা হ'ল।  সুন্দৰকৈ এখন গামোচাও পাৰি দিয়া হৈছে চোফাৰ খনত। তাৰ ওপৰত ৰখা হৈছে জুবিন গাৰ্গৰ এখন ফটো।
 
আনফালে ঢেকিয়াজুলিৰ নক্ষত্ৰ চিনেমা হলৰ  পদক্ষেপো শলাগ লবলগীয়া। ছবিগৃহটোৰ প্ৰথম শাৰীতেই জুবিনৰ বাবে সংৰক্ষিত কৰা হ'ল এখন আসন। ৰজাৰ ভংগীমাৰে জুবিন বহি থকা এখন ফটো কাট ৰখা হৈছে ছবিঘৰটোত।
 
উল্লেখ কৰা প্ৰয়োজন যে, অসমৰ ৯৪ টা ছবিগৃহত অহা ৩১ অক্টোবৰৰ পৰা প্ৰতিদিনেই ৪৫৬ টা দৰ্শনী অনুষ্ঠিত হ'ব চিনেমাখনৰ। গুৱাহাটীৰ ১৩ টা ছবিগৃহত প্ৰতিদিনেই ১৫৭ টাকৈ দৰ্শনী হ'ব। পুৱা ৬বজাৰ পৰাই আৰম্ভ হ'ব প্ৰথম দৰ্শনী। ঠিকতেনেদৰে বিজয় নগৰত ৬ টা দৰ্শনী, ৰঙিয়াত প্ৰতিদিনে ৪ টা দৰ্শনী, মঙলদৈত প্ৰতিদিনে ৫টা দৰ্শনী, ছয়গাঁৱত প্ৰতিদিনে ৫টাকৈ দৰ্শনী অনুষ্ঠিত হব চিনেমাখনৰ।
 
আনফালে নলাবাৰী প্ৰতিদিনে ৫টা দৰ্শনীৰ বিপৰীতে বঙাইগাঁৱৰ দুটা ছবিগৃহত প্ৰতিদিনে ৩০ টাকৈ দৰ্শনী হ'ব। ডিব্ৰুগড়ত প্ৰতিদিনে ১২ টা, তিনিচুকীয়াত প্ৰতিদিনে ১৬ টা, যোৰহাটৰ দুটা ছবিঘৰত প্ৰতিদিনে ২১ টা, গোলাঘাটত ৪ টা আৰু নগাঁৱত প্ৰতিদিনে ৯ টা দৰ্শনী অনুষ্ঠিত হ'ব।
 
তেজপুৰৰ ৪টা ছবিগৃহত প্ৰতিদিনে ৪২ টা দৰ্শনী, লখিমপুৰতো ৪ টা ছবিঘৰত দিনে ২০ টাকৈ দৰ্শনীৰ ব্যৱস্থা কৰা হৈছে। ডিফুত প্ৰতিদিনে ৪টা দৰ্শনী, হাফলঙত প্ৰতিদিনে ৪ টা দৰ্শনী, শিলচৰত ৪ টা, মাৰ্ঘেৰিটাত ৪ টাকৈ দৰ্শনী প্ৰতিদিনে প্ৰদৰ্শিত হ'ব ৰৈ ৰৈ বিনালেৰ।
 
আনফালে অসমৰ বাহিৰতো ইটানগৰৰ ৩টা ছবিগৃহত প্ৰতিদিনে ৯ টা দৰ্শনী, নাহৰ লগুণত দিনে ৩টা দৰ্শনী, বৃহত্তৰ মুম্বাইৰ ১০ টা ছবিগৃহত প্ৰতিদিনে ১২ টা দৰ্শনী, দিল্লী এন চি আৰৰ ১০ টা ছবিগৃহত প্ৰতিদিনে ২৬ টা দৰ্শনী প্ৰদৰ্শিত হ'ব ৰৈ ৰৈ বিনালেৰ।
 
ইয়াৰোপৰি বেংগালুৰু ১০ টা ছবিগৃহত ২৩ টা দৰ্শনী প্ৰতিদিনে, হায়দৰাবাদত ২ টা দৰ্শনী, আহমেদাবাদত ১ টা, পুণেত দিনে ৭ টা, চেন্নাইত দিনে ২ টা, কলকতাত দিনে ১২ টা আৰু কোচিত প্ৰতিদিনে ১ টাকৈ দৰ্শনী প্ৰদৰ্শিত হ'ব জুবিন গাৰ্গৰ অতিকৈ হেপাঁহৰ চিনেমাখন।