জুবিন গাৰ্গ পুঁজি গঠনৰ কথা ঘোষণা বিশিষ্ট সাহিত্যিক ডঃ ৰীতা চৌধুৰীৰ

Story by  atv | Posted by  [email protected] • 15 h ago
জুবিন গাৰ্গ পুঁজি গঠনৰ কথা ঘোষণা বিশিষ্ট সাহিত্যিক ডঃ ৰীতা চৌধুৰীৰ
জুবিন গাৰ্গ পুঁজি গঠনৰ কথা ঘোষণা বিশিষ্ট সাহিত্যিক ডঃ ৰীতা চৌধুৰীৰ
 
গুৱাহাটী
 
দেওবাৰে গুৱাহাটীত সংবাদমেল সম্বোধন কৰে বিশিষ্ট সাহিত্যিক তথা ‘গৰীয়সী’ৰ সম্পাদক ড° ৰীতা চৌধুৰীয়ে। ৰাজ্যৰ উদীয়মান শিল্পীৰ বাবে ‘জুবিন গাৰ্গ পুঁজি’ গঠনৰ কথা ঘোষণা ড° ৰীতা চৌধুৰীৰ।
 
জুবিন গাৰ্গৰ সৈতে কৰা প’ডকাষ্টত YouTubeৰ পৰা লাভ কৰা ৰাজহ (২,৯০৯ ডলাৰ)ৰ সমুদায় ধন ২০ বছৰৰ বাবে ‘ফিক্সড ডিপ’জিট’ (Fixed Deposit) কৰিব ড° ৰীতা চৌধুৰীয়ে। আৰু FDৰ পৰা সুতযোগে লাভ কৰা আয়েৰে উদীয়মান শিল্পীক উদ্গনি যোগাব সাহিত্যিকগৰাকীয়ে।
 
দেওবাৰে ‘ব্ৰহ্মপুত্ৰ সাহিত্য উৎসৱ, ২০২৬’ সন্দৰ্ভত এখন সংবাদমেলৰ আয়োজন কৰিছিল ড° ৰীতা চৌধুৰীয়ে। অহা ৬ৰ পৰা ৮ ফেব্ৰুৱাৰীলৈ শিৱসাগৰত অনুষ্ঠিত হ’ব ব্ৰহ্মপুত্ৰ সাহিত্য উৎসৱ। ছন্দ, শব্দ আৰু শিল্পক বিষয়বস্তু হিচাপে লৈ সাহিত্য, সংগীত আৰু মানৱতাৰ উদ্‌যাপন হ’ব এই সাহিত্য উৎসৱত। সংবাদমেলত এই ঘোষণা ড° ৰীতা চৌধুৰীৰ।
 
সংবাদমেলত সাহিত্যিকগৰাকীয়ে ‘ব্ৰহ্মপুত্ৰ সাহিত্য উৎসৱ- ২০২৬’ৰ বঁটা আৰু বঁটাপ্ৰাপকসকলৰ নাম ঘোষণা কৰে। শিশু-সাহিত্য শিতানত ‘ৰূপা চৌধুৰী সাহিত্য বঁটা’ আগবঢ়োৱা হ’ব দিব্যলতা দত্ত। কবিতাৰ ক্ষেত্ৰত সৃজনশীল সাহিত্য বঁটা আগবঢ়োৱা হ’ব বিকিয়ান বাইলুঙক। দিনকৰ কুমাৰলৈ আগবঢ়োৱা হ’ব অনুবাদ বঁটা। একেদৰে, যুৱ শিতানত ‘মলিনা চৌধুৰী সাহিত্য বঁটা’ আগবঢ়োৱা হ’ব পৰিস্মিতা বৰদলৈলৈ। আৰু জীৱনজোৰা সাধনাৰ স্বীকৃতিস্বৰূপে অৰূপ কুমাৰ দত্তলৈ আগবঢ়োৱা হব ‘ৰংমন বঁটা’।