ছিডনী
অষ্ট্ৰেলিয়াৰ ছিডনীৰ ব'ণ্ডি বীচত ভয়ংকৰ গুলীচালনাৰ ঘটনা সংঘটিত হয়। এই ঘটনাত ১১ গৰাকী লোকৰ মৃত্যু হোৱাৰ লগতে কেইবাজনো লোক আহত হয়। নিহতসকলৰ ভিতৰত এজন আক্ৰমণকাৰীও আছে বুলি জানিব পৰা গৈছে। আৰক্ষীয়ে জনোৱা মতে আন এজন আক্ৰমণকাৰীৰ অৱস্থাও সংকটজনক।
আৰক্ষীয়ে জনাইছে, "আজি পুৱা ব'ণ্ডি বীচৰ ৰাজহুৱা স্থানত দুজন লোকে গুলীচালনা কৰাৰ পিছতে আৰক্ষীৰ অভিযান অব্যাহত আছে। ১০ গৰাকী সাধাৰণ লোকৰ মৃত্যু ইতিমধ্যে নিশ্চিত হৈছে। নিহতৰ ভিতৰত এজন আক্ৰমণকাৰী বুলি অনুমান কৰা হৈছে। দ্বিতীয়জন অভিযুক্তৰো অৱস্থা সংকটজনক। বৰ্তমানলৈ ১১ গৰাকী লোক আহত হোৱাৰ খবৰ পোৱা গৈছে, ইয়াৰ ভিতৰত দুগৰাকী আৰক্ষী বিষয়াও আছে।"
ইয়াৰ পূৰ্বে আৰক্ষীয়ে অষ্ট্ৰেলিয়াৰ অন্যতম জনপ্ৰিয় পৰ্যটনস্থলী ব'ণ্ডি বীচৰ পৰা জনসাধাৰণক আঁতৰি থাকিবলৈ সকীয়াই দিছিল। নিউ চাউথ ৱেলছ এম্বুলেন্স চাৰ্ভিচে জনোৱা মতে, কেইবাগৰাকী লোক গুলীবিদ্ধ হোৱাৰ বুলি খবৰ পোৱাৰ পিছতে প্ৰায় ৬:৪৫ বজাত ব'ণ্ডি বীচত তেওঁলোক উপস্থিত হয়। ৰাজ্যিক এম্বুলেন্স বিষয়াসকলে ঘটনাস্থলীত কেইবাজনো আহত লোকক চিকিৎসা কৰি তাৰ পিছত ওচৰৰ চিকিৎসালয়লৈ লৈ যায়।
নিউ ছাউথ ৱেলছ আৰক্ষীয়ে বীচ আৰু ইয়াৰ আশে-পাশে থকা অঞ্চলৰ পৰা আঁতৰি থাকিবলৈ সতৰ্কবাণী জাৰি কৰিছে। এক্সত এটা পোষ্টত আৰক্ষীয়ে কয়, "ঘটনাস্থলীত যিকোনো ব্যক্তিয়ে আশ্ৰয় গ্ৰহণ কৰিব নালাগে। বিষয়াসকল সেই স্থানতে আছে আৰু অধিক তথ্য পৰৱৰ্তী সময়ত প্ৰদান কৰা হ'ব।"
অষ্ট্ৰেলিয়াৰ প্ৰধানমন্ত্ৰী এণ্ট'নি আলবানিজে এক বিবৃতিযোগে কয়, "ব'ণ্ডিৰ পৰা পোহৰলৈ অহা দৃশ্যবোৰ আচৰিত আৰু বিৰক্তিকৰ। আৰক্ষী আৰু জৰুৰীকালীন বিভাগৰ বিষয়াসকলে সাধাৰণ নাগৰিক জীৱন ৰক্ষাৰ বাবে সেই স্থানত নিয়োজিত হৈ আছে। ভুক্তভোগীসকললৈ মোৰ সমবেদনা থাকিল।"
ইজৰাইলৰ বৈদেশিক মন্ত্ৰী গিডৌন ছাৰে এক্সত এটা পোষ্টত লিখিছে, "অষ্ট্ৰেলিয়াৰ ছিডনীত হানুকাৰ এক অনুষ্ঠানত সংঘটিত হোৱা ভয়ংকৰ গুলীচালনাক লৈ মই স্তম্ভিত হৈছো। বিগত দুবছৰত অষ্ট্ৰেলিয়াৰ ৰাজপথত ইহুদী বিৰোধী হিংসাৰ পৰিণতি।"
ইফালে সামাজিক মাধ্যমত এই ঘটনাৰ ভিডিঅ' ভাইৰেল হৈ পৰিছে। ভিডিঅ'বোৰত বীচলৈ যোৱা লোকসকলে অঞ্চলটোৰ পৰা পলায়ন কৰা দেখা গৈছে আৰু বন্দুকৰ গুলী আৰু আৰক্ষীৰ চাইৰেনৰ শব্দ শুনা গৈছে। অৱশ্যে এই ভিডিঅ'সমূহ কিমান সঁচা সেয়া জানিব পৰা হোৱা নাই।
স্থানীয় সংবাদ মাধ্যমে প্ৰকাশ কৰা অনুসৰি জৰুৰীকালীন সেৱাৰ দল সেই স্থানত উপস্থিত হোৱাৰ লগে লগে আৰক্ষীয়ে বীচ আৰু আশে-পাশে থকা পথৰ কিছু অংশ ছীল কৰি দিয়ে। আহতসকলক এম্বুলেন্সেৰে লৈ যোৱা হৈছে আৰু একে সময়তে নিৰাপত্তা বাহিনীয়ে সমগ্ৰ অঞ্চল ঘেৰাও কৰি ৰাখিছে।