প্ৰেছ ক্লাৱ অৱ ইণ্ডিয়াৰ সভাপতি পদত অসম কন্যা সংগীতা বৰুৱা

Story by  atv | Posted by  [email protected] • 10 h ago
জ্যেষ্ঠ সাংবাদিক সংগীতা বৰুৱা
জ্যেষ্ঠ সাংবাদিক সংগীতা বৰুৱা
 
নতুন দিল্লী
 
প্ৰেছ ক্লাব অৱ ইণ্ডিয়াক নেতৃত্ব দিয়া প্ৰথমগৰাকী মহিলা হিচাপে আজি ইতিহাস ৰচিলে অসম কন্যা তথা জ্যেষ্ঠ সাংবাদিক সংগীতা বৰুৱা পিছাৰতিয়ে। প্ৰেছ ক্লাব অৱ ইণ্ডিয়াৰ ২০২৫-২৬ বৰ্ষৰ নিৰ্বাচনত সভাপতি পদত জয় লাভ কৰে সংগীতাই।
 
প্ৰেছ ক্লাব অফ ইণ্ডিয়াৰ ৬৮ বছৰীয়া ইতিহাসত শীৰ্ষ পদবীত অধিষ্ঠিত হোৱা তেওঁ প্ৰথমগৰাকী মহিলা। লক্ষ্যণীয় যে, প্ৰেছ ক্লাব অৱ ইণ্ডিয়াৰ সভাপতি পদত নিৰ্বাচিত হোৱা উত্তৰ পূবৰ প্ৰথম মহিলা সাংবাদিক সংগীতা। নিৰ্বাচনত তেওঁৰ প্ৰতিদ্বন্দি প্ৰাৰ্থী আছিল অৰুণ শৰ্মা, অতুল মিশ্ৰ।
 
উল্লেখযোগ্য যে, দেওবাৰে ঘোষণা কৰা নিৰ্বাচনী ফলাফল অনুসৰি, সংগীতা বৰুৱা পিছাৰতিয়ে বৃহৎ ব্যৱধানত বিজয় সাব্যস্ত হয়। তেওঁ লাভ কৰা মুঠ ভোটৰ সংখ্যা ১,০১৯। তেওঁৰ নিকটতম প্ৰতিদ্বন্দ্বী অতুল মিশ্ৰই লাভ কৰে মাত্ৰ ১২৯ টা ভোট।
 
নতুন দিল্লীত কৰ্মৰত সংগীতা বৰুৱা পিছাৰতি বৰ্তমান ডিজিটেল সংবাদ গোষ্ঠী 'দ্য ৱায়াৰ' ৰ ৰাষ্ট্ৰীয় পৰিক্ৰমা সম্পাদক। অসমৰ সামাজিক-ৰাজনৈতিক বিষয়ত তেওঁৰ যথেষ্ট দখল আছে। বিশেষকৈ অসম আন্দোলন আৰু অসম চুক্তিৰ ওপৰত তেওঁ লিখা গ্ৰন্থ 'Assam: The Accord, The Discord' ৰ বাবে তেওঁ দেশজুৰি সমাদৃত হৈছিল।