চৰ্দাৰ পেটেলৰ ওপৰত এক বিশেষ ডাক ষ্টাম্প মুকলি কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে
গান্ধীনগৰ
আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত ভাৰত চৰকাৰ আৰু গুজৰাট চৰকাৰৰ সহযোগত চৰ্দাৰ ৱল্লভ ভাই পেটেলৰ ১৫০ সংখ্যক জন্ম জয়ন্তী উপলক্ষে গুজৰাটৰ একতা নগৰত ৰাষ্ট্ৰীয় ঐক্য দিৱস উদযাপন কৰা হ’ব।ইয়াৰ লগতে চলিত বৰ্ষৰ ১ নৱেম্বৰৰ পৰা ১৫ নৱেম্বৰলৈ একতা নগৰত বিশ্বৰ সৰ্বোচ্চ চৰ্দাৰ ৱল্লভ ভাই পেটেলৰ প্ৰতিমূৰ্তি 'ঐক্যৰ মূৰ্তি'ৰ চৌহদত 'ভাৰত পাৰ্ব ২০২৫'ৰ আয়োজন কৰা হ’ব।
'ভাৰত পৰ্ব'ৰ সময়ত ‘এক ভাৰত শ্ৰেষ্ঠ ভাৰত’ৰ দৃষ্টিভংগীক প্ৰতিফলিত কৰি ভাৰতৰ চহকী ঐতিহ্য আৰু বৈচিত্ৰ্যত ঐক্যৰ মনোভাৱ প্ৰদৰ্শনৰ বাবে বিভিন্ন সাংস্কৃতিক আৰু দেশপ্ৰেমমূলক কাৰ্যসূচীৰ আয়োজন কৰা হ’ব বুলি এক চৰকাৰী বিবৃতিত প্ৰকাশ কৰিছে।
চৰকাৰী বিবৃতিত লগতে প্ৰকাশ কৰা হৈছে, "লক্ষণীয় যে, প্রথমবাৰৰ বাবে দিল্লীৰ বাহিৰত, মুখ্যমন্ত্রী ভূপেন্দ্র পেটেলৰ নেতৃত্ব একতা নগৰত আয়োজন কৰা হৈছে 'ভাৰত পৰ্ব' অনুষ্ঠান৷ ভাৰত চৰকাৰৰ পৰ্যটন মন্ত্ৰালয়আৰু গুজৰাট চৰকাৰৰ পৰ্যটন, যুৱ সেৱা আৰু সাংস্কৃতিক কাৰ্যকলাপ বিভাগৰ সহযোগত চৰ্দাৰ ৱল্লভ ভাই পেটেলৰ ১৫০ সংখ্যক জন্ম জয়ন্তী উপলক্ষে আৰু ৰাষ্ট্ৰৰ একত্ৰিত মনোভাৱক উদযাপনৰ উদ্দেশ্যে একতা নগৰত ভাৰত পৰ্ব ২০২৫ উদযাপন কৰা হ’ব।"
প্ৰধানমন্ত্ৰী মোদীয়ে বৃহস্পতিবাৰে দিল্লীত চৰ্দাৰ পেটেলৰ ওপৰত এক বিশেষ ডাক ষ্টাম্প মুকলি কৰিছে। ভাৰত পৰ্ব হৈছে ভাৰতৰ সাংস্কৃতিক সমৃদ্ধি, পৰম্পৰাগত খাদ্য, আৰু কলাত্মক প্ৰতিভাক প্ৰদৰ্শন কৰাৰ লগতে ৰাষ্ট্ৰীয় ঐক্য আৰু গৌৰৱৰ মনোভাৱক প্ৰসাৰিত কৰা বাৰ্ষিক অনুষ্ঠান। এইবাৰ চৰ্দাৰ ৱল্লভ ভাই পেটেলৰ ১৫০ সংখ্যক জন্ম জয়ন্তীৰ লগত সংগতি ৰাখি ভাৰতৰ ঐক্য, বৈচিত্ৰ্য, শক্তিৰ এক হিচাপে অনুষ্ঠিত হ’ব। বিভিন্ন ৰাজ্য আৰু কেন্দ্ৰীয় চৰকাৰৰ জনপ্ৰতিনিধিৰ লগতে বিশিষ্ট শিল্পী, শিপিনী, বিশেষ অতিথিসকলে এই ১৫ দিনীয়া কাৰ্যসূচীত যোগদান কৰিব।
প্ৰতি সন্ধিয়া ডেম ভিউ পইণ্ট ১, ভেলী অৱ ফ্লাৱাৰ্ছত দুখন ৰাজ্যৰ দ্বাৰা (যোৰকৈ) সাংস্কৃতিক পৰিবেশন, তেওঁলোকৰ অনন্য পৰম্পৰা আৰু শিল্পৰূপ প্ৰদৰ্শন অনুষ্ঠান অনুষ্ঠিত হ’ব। ভগৱান বীৰছা মুণ্ডা জয়ন্তী উদযাপনৰ বাবে অহা ১৫ নৱেম্বৰত এক বিশেষ অনুষ্ঠানৰো আয়োজন কৰা হ'ব।
প্ৰেছ বিজ্ঞপ্তি অনুসৰি, ষ্টেচু অৱ ইউনিটিত জংগল ছাফাৰীৰ ওচৰত ৪৫খন খাদ্যৰ বিপণি আৰু বিভিন্ন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ খাদ্য পৰিবেশন কৰা এটা লাইভ ষ্টুডিঅ’ পাকঘৰ। ষ্টেচু অৱ ইউনিটিত জংগল ছাফাৰীৰ ওচৰত সমগ্ৰ ভাৰতৰ পৰম্পৰাগত আৰু সমসাময়িক শিল্পকৰ্ম প্ৰদৰ্শন কৰা ৫৫ খন হস্তশিল্পৰ বিপণি উপলব্ধ হব।
ষ্টেচু অৱ ইউনিটিত জংগল ছাফাৰীৰ ওচৰত প্ৰধান পৰ্যটনস্থলী আৰু সাংস্কৃতিক বিশেষত্বসমূহক ৰাজ্যিক পেভিলিয়নসমূহে উজ্জ্বল কৰি তুলিব।