আৱাজ-দ্য ভইচ ব্যুৰ'
২০২৬ চনৰ পবিত্ৰ হজযাত্ৰাৰ বাবে প্ৰস্তুতি চলাই থকা ভাৰতীয় হজযাত্ৰীসকলৰ বাবে সুখবৰ। ভাৰতীয় হজ কমিটীয়ে হজযাত্ৰাৰ আবেদনৰ পত্ৰ জমা দিয়াৰ অন্তিম তাৰিখ ২০২৫ চনৰ ৭ আগষ্টলৈ বৃদ্ধি কৰিছে। অৰ্থাৎ যিসকল আবেদনকাৰীয়ে এতিয়াও প্ৰ-পত্ৰ জমা দিয়া নাই, তেওঁলোকৰ বাবে এয়া সোণালী সুযোগ হিচাপে পৰিগণিত হৈছে।
এই সিদ্ধান্তক ইতিবাচক আৰু আদৰণীয় পদক্ষেপ বুলি অভিহিত কৰি দিল্লী ৰাজ্যিক হজ সমিতিৰ সভাপতি কৌছাৰ জাহানে কয় যে দেশৰ বিভিন্ন প্ৰান্তৰ পৰা অহা হজযাত্ৰীসকলৰ অবিৰত দাবী আৰু ৰাজ্যিক হজ সমিতিসমূহৰ পৰামৰ্শৰ প্ৰতি লক্ষ্য ৰাখি আবেদনৰ তাৰিখৰ সময়সীমা বৃদ্ধি কৰা হৈছে।
লগতে তেওঁ, হজযাত্ৰা কৰিবলৈ ইচ্ছুক সকলো যাত্ৰীকে এই শেষ সুযোগৰ সুবিধা লৈ পলম নকৰাকৈ আবেদনৰ প্ৰ-পত্ৰ জমা দিবলৈ আহ্বান জনাইছে। ইয়াৰ বাবে ইচ্ছুক লোকসকলে হজৰ আবেদন পত্ৰ দিল্লী ৰাজ্যিক হজ কমিটিৰ হজ মঞ্জিল কাৰ্যালয়ৰ পৰা লাভ কৰিব পাৰিব।
ভাৰতীয় হজযাত্ৰী
দিল্লী ৰাজ্যিক হজ সমিতিৰ বিষয়া আছফাক আহমেদ আৰিফীয়ে কয় যে ভাৰতীয় হজ সমিতিৰ মুখ্য কাৰ্যবাহী বিষয়াই সকলো ৰাজ্যিক হজ সমিতিলৈ এখন বিজ্ঞপ্তি জাৰি কৰিছে, যাৰ অধীনত এই পৰিৱৰ্তন কৰা হৈছে।
এই প্ৰক্ৰিয়া অনুসৰি এতিয়া হজৰ প্ৰ-পত্ৰ পূৰণৰ সময়সীমা আৰু বৃদ্ধি কৰা নহ’ব। ৭ আগষ্টৰ অন্তিম তাৰিখৰ পিছতহে অনলাইন লটাৰী প্ৰক্ৰিয়া আৰম্ভ হ’ব আৰু নিৰ্বাচিত হজযাত্ৰীসকলে ২০২৫ চনৰ ২০ আগষ্টৰ ভিতৰত ১,৫২,৩০০ টকা আগধন ধন জমা কৰিব লাগিব।
এই পৰ্যন্ত দিল্লী ৰাজ্যিক হজ কমিটীয়ে মুঠ ৩,৮৯২ খন আৱেদন লাভ কৰিছে। ইয়াৰে ৫৫৬ খন আৱেদন হ্ৰস্বম্যাদী হাজৰ বাবে, ২৫৬ খন জ্যেষ্ঠ নাগৰিকৰ (৬৫ বছৰ বা তাতকৈ অধিক) পৰা, ১৭ খন আবেদন অবিবাহিত মহিলা হজযাত্ৰীৰ বিশেষ শ্ৰেণীৰ পৰা আৰু বাকী ৩,৬১৯ খন আৱেদন সাধাৰণ শ্ৰেণীৰ লোকে পঞ্জীয়ন কৰিছে।
উল্লেখযোগ্য যে, উত্তৰ-পূৰ্বাঞ্চলৰ যুটীয়া ৰাজ্যিক হজসমিতিয়েও ভাৰতীয় হজ কমিটিৰ বিজ্ঞপ্তি অনুসৰি হজযাত্ৰাৰ বাবে আবেদন কৰিব বিচৰা লোকসকলক চলিত বৰ্ষৰ ৭ আগষ্টৰ ভিতৰত আবেদন কৰিবলৈ আহ্বান জনাইছে। লগতে জনাই যে, কোনো পৰিস্থিতিতে ৭ আগষ্টলৈ বৃদ্ধি কৰা সময়সীমা পুনৰ বৃদ্ধি কৰা নহ'ব। সাময়িকভাবে নিৰ্বাচিত হজযাত্ৰীসকলে চলিত বৰ্ষৰ ২০ আগষ্টৰ ভিতৰত ১,৫২,৩০০ টকা আগধন আদায় দিব লাগিব।
ভাৰতীয় হজ কমিটিৰ অফিচিয়েল ৱেবছাইট www.hajcommittee.gov.in বা গুগল প্লে ষ্ট'ৰত উপলব্ধ "হাজ সুবিধা" মোবাইল এপৰ জৰিয়তেহে অনলাইনযোগে হাজৰ বাবে আবেদন দাখিল কৰিব পাৰিব।
উল্লেখযোগ্য যে সকলো হজৰযাত্ৰীক আবেদন পত্ৰ পূৰণ কৰাৰ পূৰ্বে চৰকাৰী ৱেবছাইটত উপলব্ধ হজৰ নীতি আৰু নিৰ্দেশনাসমূহ ভালদৰে পঢ়িবলৈ পৰামৰ্শ দিয়া হৈছে। ইয়াৰ দ্বাৰা তেওঁলোকৰ আবেদনত কোনো ধৰণৰ ভুল নাথাকিব আৰু পৰৱৰ্তী প্ৰক্ৰিয়াত কোনোধৰণৰ বাধা নাথাকিব।
এই গুৰুত্বপূৰ্ণ ধৰ্মীয় যাত্ৰাৰ বাবে প্ৰস্তুতি চলোৱা সকলো ভাৰতীয় মুছলমান সমাজৰ বাবে এয়া এক গুৰুত্বপূৰ্ণ তথ্য। শেষ তাৰিখ ওচৰ চাপিছে, গতিকে পলম নকৰিব। ইচ্ছুক লোকসকলে আবেদন সময়মতে সম্পূৰ্ণ কৰক।