ডেৰাডুন
মঙলবাৰে ডেৰাডুনত হোৱা প্ৰচণ্ড বৰষুণ আৰু ডাৱৰ বিস্ফোৰণৰ ফলত ঘৰ-দুৱাৰ, গাড়ী আৰু দোকান-পোহাৰৰ বিস্তৰ ক্ষতি সাধন হোৱাৰ লগতে দুজন লোক নিৰুদ্দেশ হয়।
গভীৰ নিশা সংঘটিত হোৱা এই ডাৱৰ বিস্ফোৰণৰ ফলত ক্ষতিগ্ৰস্ত লোকসকলক সুৰক্ষিত স্থানলৈ স্থানান্তৰিত কৰা হয়। নিৰুদ্দেশ হোৱা লোক দুজনৰ সন্ধান উলিয়াবলৈ উদ্ধাৰ আৰু সাহায্য অভিযান অব্যাহত আছে।
ঘটনা সন্দৰ্ভত খবৰ পোৱাৰ লগে লগে জিলা দণ্ডাধীশ সবিন বংছাল, মহকুমাধিপতি কুমকুম যোশীকে ধৰি আন বিষয়াসকলে ক্ষয়-ক্ষতিৰ তথ্য জানিবলৈ ততাতৈয়াকৈ থিতাতে উপস্থিত হয়। তেওঁ উদ্ধাৰ কৰ্তৃপক্ষক নিৰুদ্দেশ হোৱা লোক দুজনক অতি সোনকালে বিচাৰি উলিয়াবলৈ আৰু উদ্ধাৰ কৰিবলৈ নিৰ্দেশ দিয়ে।
জিলা দণ্ডাধীশৰ নিৰ্দেশ অনুসৰি ধাৰাসাৰ বৰষুণ আৰু ডাৱৰ বিস্ফোৰণৰ পৰিপ্ৰেক্ষিতত বৰ্তমান ডেৰাডুনৰ ১ম শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীলৈকে সকলো বিদ্যালয় বন্ধ কৰি দিয়া হৈছে।
উত্তৰাখণ্ডৰ মুখ্যমন্ত্ৰী পূষ্কৰ সিং ধামীয়ে স্থানীয় প্ৰশাসনৰ সৈতে অহৰহ যোগাযোগত থকা আৰু পৰিস্থিতি নিৰীক্ষণ কৰি থকা বুলি উল্লেখ কৰিছে।চ তেওঁ হিন্দী ভাষাত এক টুইট কৰি তেওঁ কয়, "যোৱা নিশাৰ ভাগত ডেৰাডুনৰ সহস্ৰাধৰাত হোৱা ধাৰাসাৰ বৰষুণৰ ফলত কিছু দোকানৰ ক্ষতিসাধন হৈছে। জিলা প্ৰশাসন, এছ ডি আৰ এফ, আৰু আৰক্ষীয়ে সেই স্থানত উপস্থিত হৈ সাহায্য আৰু উদ্ধাৰ অভিযানত লিপ্ত হৈছে। মই এই সন্দৰ্ভত স্থানীয় প্ৰশাসনৰ সৈতে অহৰহ যোগাযোগ কৰি আছো আৰু ব্যক্তিগতভাৱে পৰিস্থিতি নিৰীক্ষণ কৰি আছো।"
প্ৰচণ্ড বৰষুণৰ মাজতে আই টি পাৰ্ক, প্ৰেমনগৰকে ধৰি সমগ্ৰ ডেৰাডুনৰ কেইবাটাও অঞ্চল ডুব গৈছে। অশুভ বতৰৰ ফলত ডেৰাডুন-হৰিদ্বাৰ ৰাষ্ট্ৰীয় ঘাইপথৰ এখন দলঙৰো ক্ষতিসাধন হৈছে।
ডেৰাডুন-বিকাশনগৰ পথৰ দেৱভূমি ইনষ্টিটিউট পণ্ডাত পানী জমা হোৱাৰ মাজতে আবদ্ধ হৈ থকা ছাত্ৰ-ছাত্ৰীৰ এটা দল, আৰু তেওঁলোকক সুৰক্ষিত স্থানলৈ স্থানান্তৰ কৰা হৈছে বুলি এছডিআৰএফে জনায়। টন নদীত বৈদ্যুটিকৰ খুঁটাত আবদ্ধ হৈ থকা এজন ব্যক্তিক উদ্ধাৰ কৰে এন ডি আৰ এফে।
ডেৰাডুনৰ ডাৱৰ বিস্ফোৰণৰ পিছতে পুৱাৰে পৰা ঋষিকেশৰ চন্দ্ৰভাগ নদীৰ জল পৃষ্ঠ বৃদ্ধি হৈছে। নদীৰ পানীয়ে ঘাইপথটো বুৰাই পেলোৱাত আবদ্ধ হৈ পৰে তিনিজন লোক। এছডিআৰএফৰ দলে উদ্ধাৰ কৰে আটাইকেজনকে।
ইয়াৰ পূৰ্বে পিথোৰাগড় জিলাৰ এটা পথত ব্যাপক ভূমিস্খলন সংঘটিত হোৱাৰ ফলত ষ্ট্ৰেচটো বিচ্ছিন্ন হোৱাৰ বাবে ব্যাপক যাতায়তৰ সৃষ্টি হয়। অতি সোনকালে পথ মুকলি কৰাৰ প্ৰচেষ্টাত ব্যস্ত প্ৰশাসন।
প্ৰচণ্ড বৰষুণ, ডাৱৰ বিস্ফোৰণ আৰু ভূমিস্খলনে এই বাৰিষাত উত্তৰকাশীৰ ধৰালী-হৰচিল, চামোলীৰ থাৰালী, ৰুদ্ৰপ্ৰয়াগৰ চেনাগাড, পৌৰীৰ সাইঞ্জী, বাগেশ্বৰৰ কাপকোট আৰু নেইনীতাল জিলাৰ কিছু অংশকে ধৰি বিভিন্ন অঞ্চলত প্ৰকৃতিয়ে তাণ্ডৱ চলাইছে।
চৰকাৰী হিচাপ অনুসৰি চলিত বৰ্ষৰ এপ্ৰিল মাহৰ পৰা উত্তৰাখণ্ডত সংঘটিত প্ৰাকৃতিক দুৰ্যোগত এতিয়ালৈকে ৮৫ জন লোকৰ প্ৰাণহানি, ১২৮ জন লোক আহত হোৱাৰ লগতে ৯৪ জন নিৰুদ্দেশ হৈছে।
১১ ছেপ্টেম্বৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে উত্তৰাখণ্ডৰ দুৰ্যোগত বিধ্বস্ত অঞ্চলত চলি থকা সাহায্য আৰু উদ্ধাৰ অভিযানৰ পৰ্যালোচনাৰ বাবে ডেৰাডুন ভ্ৰমণ কৰিছিল। তেওঁ ক্ষতিগ্ৰস্ত অঞ্চলসমূহৰ বাবে ১২০০ কোটি টকাৰ আৰ্থিক সাহায্য পেকেজ ঘোষণা কৰিছিল।
ইয়াৰ উপৰিও শেহতীয়াকৈ ৰাজ্যখনৰ ক্ষতিগ্ৰস্ত অঞ্চলসমূহ পৰিদৰ্শন কৰি প্ৰাকৃতিক দুৰ্যোগৰ ফলত হোৱা ক্ষতিৰ পৰিসৰৰ মূল্যায়ন কৰিবলৈ যোৱা আন্তঃমন্ত্ৰালয়ৰ দলটোৰ পৰামৰ্শৰ ভিত্তিত অধিক সহায়ৰ কথাও বিবেচনা কৰা হ’ব।
এই বাৰিষাত পাহাৰীয়া ৰাজ্যখনৰ বিভিন্ন জিলাত সংঘটিত হোৱা ধাৰাবাহিক প্ৰাকৃতিক দুৰ্যোগৰ ফলত নিহত পৰিয়ালক ২ লাখ টকা আৰু আহত হোৱা সকলক ৫০ হাজাৰ টকা ক্ষতিপূৰণ দিয়াৰ কথাও ঘোষণা কৰে প্ৰধানমন্ত্ৰী মোদীয়ে।
শেহতীয়াকৈ ৰাজ্যত হোৱা বানপানী আৰু ভূমিস্খলনৰ ফলত অনাথ শিশুসকলক পি এম কেয়াৰছ ফৰ চিলড্ৰেন আঁচনিৰ অধীনত ব্যাপক সহায় আগবঢ়োৱাৰ কথা ঘোষণা কৰে।
এই ভ্ৰমণৰ সময়ত প্ৰধানমন্ত্ৰী মোদীয়ে এনডিআৰএফ আৰু এছডিআৰএফৰ কৰ্মী আৰু দুৰ্যোগৰ সময়ত গ্ৰাউণ্ড জিৰ’ত সহায়ৰ হাত আগবঢ়োৱা দুৰ্যোগ স্বেচ্ছাসেৱকৰ সৈতে মত-বিনিময় কৰে আৰু তেওঁলোকৰ প্ৰচেষ্টাক প্ৰশংসা কৰে।
প্ৰধানমন্ত্ৰীৰ উত্তৰাখণ্ড ভ্ৰমণৰ পিছতে শেহতীয়াকৈ কেন্দ্ৰৰ পৰা আন্তঃমন্ত্ৰালয়ৰ এটা দলে ৰাজ্যখনৰ ক্ষতিগ্ৰস্ত অঞ্চলসমূহ ভ্ৰমণ কৰি ক্ষয়-ক্ষতিৰ মূল্যায়ন কৰে।