গুৱাহাটী
এজাক বৰষুণত পুনৰ স্তব্ধ হৈ পৰিল গুৱাহাটী মহানগৰী। গুৱাহাটীৰ প্ৰান্তে-প্ৰান্তে সৃষ্টি হৈছে ভয়ংকৰ যান-জঁট। বহু সময় ধৰি পথৰ মাজতে আৱদ্ধ হৈ থাকিব লগা হৈছে পথচাৰী। প্ৰান্তে-প্ৰান্তে ৰাজপথৰে মাজেৰে বৈছে পানীৰ ঢল।
জালুকবাৰীৰ পৰা পল্টনবজাৰ দিশে এটি ৰোড (আদাবাৰী অঞ্চল), ফাঁচী বজাৰৰ পৰা উচ্চ ন্যায়ালয়ে মহাত্মা গান্ধী পথ, ভূপেন হাজৰিকা পথ(উজান বজাৰ), ফটিক চন্দ্ৰ পথ(উজান বজাৰ), মহাত্মা গান্ধী পথৰ উজান বজাৰ অঞ্চলতো সৃষ্টি হৈছে তীব্ৰ যান-জঁটৰ।
গোপীনাথ বৰদলৈ পথ, মণিৰাম দেৱান পথ, শিলপুখুৰীৰ পৰা চেনীকুঠি সংযোগী প্ৰতিটো পথ, বি বৰুৱা পথত সৃষ্টি হৈছে তীব্ৰ যান-জঁটৰ। পল্টন বজাৰৰ নেপালী মন্দিৰৰ এম ডি শ্বাহ ৰোড, এটি ৰোডৰ আঠগাঁৱৰ পৰা পল্টন বজাৰৰ অঞ্চল, পল্টল বজাৰৰ মতিলাল নেহৰু পথত সৃষ্টি হৈছে তীব্ৰ যান-জঁটৰ।
উলুবাৰী দক্ষিণ শৰণীয়া পথ, জি এছ ৰোড, ডঃ বাণীকান্ত কাকতি পথ, ৰাজগড় ৰোড, GMCH পথ, গণেশগুৰিৰ ডঃ আৰ পি ৰোড, গণেশগুৰিৰ পৰা সুন্দৰপুৰলৈ জু-ৰোড, ফকৰুদ্দিন আলী আহমেদ পথ(ছুপাৰ মাৰ্কেট), সমগ্ৰ হৰিদেৱ ৰোডতে সৃষ্টি হৈছে তীব্ৰ যাঁন-জঁটৰ।
উল্লেখযোগ্য যে, গণেশগুৰিৰ নয়নপুৰ ৰোড, বেলতলা ৰোড, কাহিলীপাৰাৰ দীনদয়াল উপাধ্যায় পথ, VIP ৰোড, পাঞ্জাবাৰী ৰোড, খানাপাৰাত সৃষ্টি হৈছে তীব্ৰ যান-জঁটৰ।