৫,০০০ৰো অধিক যৌতুকমুক্ত বিবাহৰ পৰা শিক্ষাৰ প্ৰসাৰলৈকে আব্দুল লতিফ ‘আৰ্কো’ৰ অভিনৱ অভিযান

Story by  atv | Posted by  Munni Begum • 2 h ago
আব্দুল লতিফ ‘আৰ্কো’
আব্দুল লতিফ ‘আৰ্কো’
 
মহম্মদ ফাৰহান ইছৰাইলী / জয়পুৰ
 
সমগ্ৰ ৰাজস্থানত ‘আৰ্কো’ নামেৰে জনপ্ৰিয় আব্দুল লতিফ কেৱল এজন ব্যৱসায়ী নহয়, তেওঁ এনে এজন ব্যক্তি যিয়ে উদ্যোগ আৰু সমাজ সেৱাৰ সংমিশ্ৰণেৰে অজস্ৰ মানুহৰ জীৱন উন্নত কৰিছে। সামাজিক ব্যাধিৰ বিৰুদ্ধে সদায় দৃঢ়তাৰে যুঁজি অহা লতিফে কয়, ‘মাত্ৰ কেইহাজাৰমান টকাৰে বিয়া কৰাওক, কিন্তু সন্তানক পঢ়াওক। যৌতুকত ধন অপচয় নকৰিব।'
 
১৯৪৬ চনত ৰাজস্থানৰ চোমুৰ ওচৰৰ এখন সৰু গাঁৱত জন্মগ্ৰহণ কৰা লতিফ এটা সাধাৰণ পৰিয়ালৰ সন্তান আছিল। আজি তেওঁৰ ঘৰ জয়পুৰৰ চিনি কি বুৰ্জ অঞ্চলত। লতিফৰ পিতৃ-মাতৃ ৰহমাতুল্লাহ আৰু হাফিজানে তেওঁক কঠোৰ পৰিশ্ৰম, সততা আৰু আনৰ সেৱাৰ মূল্যবোধ শিকাইছিল— যিবোৰ নীতিয়ে তেওঁৰ সমগ্ৰ জীৱনক পথ প্ৰদৰ্শন কৰিছিল।
 
এক অনুষ্ঠানত আব্দুল লতিফ
 
আব্দুল লতিফৰ কোম্পানী আব্দুল ৰাজাক এণ্ড কোম্পানী (আৰ্কো) ইলেক্ট্ৰিক মটৰ, ফেন, কুলাৰ, আৰু অন্যান্য সামগ্ৰীৰ ক্ষেত্ৰত এক বিশ্বাসযোগ্য নাম হৈ পৰিছিল। তেওঁ জয়পুৰৰ সিন্ধী কেম্প বাছ ষ্টেণ্ডৰ সমীপত হোটেল আৰ্কো পেলেচ নিৰ্মাণ কৰে, যিয়ে তেওঁৰ দৃষ্টিভংগী আৰু নিষ্ঠা প্ৰতিফলিত কৰে।
 
১৯৬০ চনত যেতিয়া স্বাধীনতাৰ পিছত ভাৰতে দ্ৰুতগতিত পৰিৱৰ্তন হ'ব ধৰিছিল, তেতিয়া লতিফে বৈদ্যুতিক কাম শিকিবলৈ সিদ্ধান্ত লৈছিল। ১৯৫৮ চনৰ পৰা ১৯৬২ চনলৈ তেওঁ এই ক্ষেত্ৰত প্ৰশিক্ষণ লৈছিল। ১৯৬২ চনত তেওঁ আব্দুল ৰাজ্জাক এণ্ড কোম্পানী (Abdul Razzaq & Company) আৰম্ভ কৰে। প্ৰথমতে তেওঁৰ ইলেক্ট্ৰিক মটৰ মেৰামতি কৰা এখন সৰু দোকানহে আছিল। কিন্তু কঠোৰ পৰিশ্ৰম, সততা আৰু গুণগত মানৰদ্বাৰা ব্যৱসায়টো সম্প্ৰসাৰিত হ’ল।
 
অতি সোনকালেই ই এটা উৎপাদন ইউনিটলৈ পৰিণত হয় যিয়ে মটৰ, ফেন, কুলাৰ, আৰু পাম্প উৎপাদন কৰিছিল আৰু সমগ্ৰ ভাৰতৰ গ্ৰাহকক যোগান ধৰে। ১৯৭২ চনত আব্দুল লতিফে মটৰ ওৱেইণ্ডিঙৰ বাবে কপাহী টেপৰ কাৰখানা আৰম্ভ কৰি ব্যৱসায়ৰ সম্প্ৰসাৰণ ঘটায় আৰু অতি সোনকালেই সমগ্ৰ ভাৰতৰ পৰা চাহিদা লাভ কৰে।
 
কিন্তু ১৯৯২ চনত বাবৰি মছজিদৰ সংঘাতে এক বৃহৎ বিপৰ্যয়ৰ সৃষ্টি কৰিলে। ফলত তেওঁৰ ব্যৱসায় হ্ৰাস পালে, ধন পৰিশোধ বন্ধ হৈ গ’ল আৰু ব্যৱসায় বেয়াকৈ ক্ষতিগ্ৰস্ত হ’ল। তথাপিও লতিফে হাৰ নামানিলে। ধৈৰ্য আৰু দৃঢ়তাৰে তেওঁ নিজৰ কোম্পানীটোক ‘আৰ্কো এণ্টাৰপ্ৰাইজ’ আৰু ‘আৰ্কো ইণ্ডাষ্ট্ৰীজ’ নামেৰে পুনৰ ব্ৰেণ্ড কৰিলে, আৰু পিছলৈ আতিথ্যৰ কামত নামিল। ১২৫টা কোঠা আৰু কেইবাখনো দোকান থকা তেওঁৰ হোটেল আৰ্কো পেলেচ কেৱল এক সফল ব্যৱসায়েই নহয়, সমাজ কল্যাণমূলক কাম-কাজৰ কেন্দ্ৰও হৈ পৰে।
 
এক ৰাজহুৱা অনুষ্ঠানত আব্দুল লতিফ
 
ব্যৱসায়ৰ বাহিৰেও লতিফে পেট্ৰ’ ফিল্ড (বৰোদা) আৰু জয়পুৰ কেন্দ্ৰীয় সমবায় বেংকৰ সঞ্চালক হিচাপে কাৰ্যনিৰ্বাহ কৰি নেতৃত্বৰ পৰিচয় দিছিল। ২০০১ চনত সামাজিক মংগলৰ বাবে নিজৰ অভিযানৰ দ্বাৰা পৰিচালিত হৈ তেওঁ মনছুৰি পঞ্চায়তৰ সভাপতি হয়। তেওঁৰ আটাইতকৈ ডাঙৰ পদক্ষেপটো আছিল যৌতুকৰ বিৰুদ্ধে যুঁজ দিয়া আৰু সাধাৰণভাৱে বিবাহ অনুষ্ঠান আয়োজনৰ পোষকতা কৰা। তেওঁ মুছলমান পৰিয়ালৰ বাবে গণ বিবাহ অনুষ্ঠানৰ আয়োজন কৰিবলৈ আৰম্ভ কৰে।
 
২০০১ চনৰ পৰা ক’ভিড-১৯ লকডাউনৰ ভিতৰত তেওঁ ২২–২৩ খন গণ বিবাহ আয়োজন কৰিছে। এবাৰত ৫০ৰ পৰা ১৪০ দম্পতীৰ বিয়া আয়োজন কৰি তেওঁ মুঠতে প্ৰায় ৩০০০ দম্পতীৰ সংসাৰ গঢ়িছে। লকডাউনৰ পিছত তেওঁ হোটেল আৰ্কো পেলেচক ব্যক্তিগত বিয়াৰ স্থানলৈ ৰূপান্তৰিত কৰে। আৰ্তজনৰ পৰিয়ালকো তেওঁ সম্পূৰ্ণ ব্যৱস্থা প্ৰদান কৰিছিল, যেনে-- দৰা, কইনাৰ বাবে কাপোৰ আৰু ৫০ জন অতিথিৰ বাবে খাদ্য। 
 
আব্দুল লতিফৰ নেতৃত্বত পঞ্চায়তখনে কেৱল বিবাহতকৈ আন বহুতো কাম কৰে। তেওঁলোকে সংগ্ৰহ কৰা বায়’ডাটাৰ জৰিয়তে উপযুক্ত পাত্ৰ-পাত্ৰী বিচাৰি পৰিয়ালসমূহক সহায় কৰে, আৰু অশান্তিত ভুগা দম্পতীসকলৰ বাবে পৰামৰ্শ আৰু বিবাদ নিষ্পত্তিৰ ব্যৱস্থাও কৰে। প্ৰতিমাহে ২০–২৫টা গোচৰ সফলতাৰে তেওঁলোকে সমাধান কৰে। এইটো সম্ভৱ কৰি তুলিবলৈ তেওঁ ১০ জনীয়া আইনী দল গঠন কৰিছে, য’ত তেওঁৰ নাতি এডভোকেট মিনহাজ আবুজাৰ আৰ্কো আৰু পৰিয়ালৰ অন্যান্য সদস্যসকলো আছে, যিয়ে সুলভ মূল্যৰ আইনী সাহায্য আগবঢ়ায়।
 
২০১৮ চনত লতিফে মুছলমান সম্প্ৰদায়ক একত্ৰিত কৰি সামাজিক ব্যাধিৰ বিৰুদ্ধে যুঁজিবলৈ প্ৰাদেশিক মুছলিম তেলী মহাপঞ্চায়ত প্ৰতিষ্ঠা কৰে। আজি ২০০০ৰো অধিক সক্ৰিয় সদস্যৰে তেওঁ প্ৰতিভা স্বীকৃতি অনুষ্ঠানৰ আয়োজন কৰে আৰু ৰাজস্থানৰ বিভিন্ন জিলাত ছাত্ৰ হোষ্টেল নিৰ্মাণৰ কামো কৰি আছে। লতিফৰ দৃঢ় বিশ্বাস যে শিক্ষা হৈছে সামাজিক পৰিৱৰ্তনৰ আটাইতকৈ শক্তিশালী আহিলা। ২০০১ চনৰ পৰা তেওঁ ছাত্ৰ-ছাত্ৰীৰ বাবে বাৰ্ষিক বঁটা প্ৰদান অনুষ্ঠানৰ আয়োজন কৰি আহিছে। ৪০–৫০ টা শিশুৰ পৰা যিটো আৰম্ভ হৈছিল, সেয়া এতিয়া প্ৰতি বছৰে ৩০০ ছাত্ৰ-ছাত্ৰীলৈ বৃদ্ধি পাইছে।
 
দশম আৰু দ্বাদশ শ্ৰেণীৰ লগতে হাফিজ-ই-কোৰানত ৮৫%ৰ ওপৰত নম্বৰ পোৱাসকলক নগদ ধন আৰু স্বীকৃতি দিয়া হয়। এই পৰ্যন্ত ৬ হাজাৰৰো অধিক শিশুক বঁটা প্ৰদান কৰা হৈছে। শিক্ষাৰ অধিক উন্নতিৰ বাবে লতিফে জয়পুৰতো দুখন বিদ্যালয় স্থাপন কৰিছে—শাস্ত্ৰী নগৰৰ আৰ্কো কিডছ স্কুল (পঞ্চম শ্ৰেণীলৈকে) আৰু আন এখন হাছানপুৰাৰ বঞ্জৰা বস্তিত (অষ্টম শ্ৰেণীলৈকে)।
 
আব্দুল লতিফে বঁটা বিতৰণ কৰি থকা এক দৃশ্য
 
বিগত ৬–৭ বছৰ ধৰি তেওঁ ইংৰাজী ভাষী আৰু প্ৰতিযোগিতামূলক পৰীক্ষাৰ প্ৰস্তুতিৰ বাবেও প্ৰশিক্ষক কেন্দ্ৰ চলাই আহিছে, যুৱক-যুৱতীসকলক সফলতাৰ আহিলা প্ৰদান কৰি আহিছে। কৌমী চাহুলাত শিক্ষা পুঁজিৰ অধ্যক্ষ হিচাপে আব্দুল লতিফে হাফিজ শিশুসকলক স্নাতক ডিগ্ৰী লাভ কৰাত আৰু আৰ এ এছ, আই এ এছ, চিকিৎসা, আৰু অভিযান্ত্ৰিক পাঠ্যক্ৰমৰ দৰে প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে প্ৰস্তুতি চলোৱাত সহায় কৰাত নিজকে উৎসৰ্গা কৰিছে।
 
তেওঁ কয়, "বেছিভাগ হাফিজ ল'ৰা-ছোৱালীয়েই দুখীয়া পৰিয়ালৰ পৰা আহে আৰু পঢ়াৰ খৰচ বহন কৰিব নোৱাৰে। আমি তেওঁলোকক সহায় কৰিবলৈ এটা পুঁজি গঢ়ি তুলিব বিচাৰো।"
 
উল্লেখ্য যে, ১৯৯২ চনৰ পৰা ১৯৯৫ চনলৈ ৰাজস্থান ৰাজ্যিক শিপিনী সমবায় সন্থাৰ নিৰ্বাচিত সভাপতি হিচাপে তেওঁ প্ৰকৃত শিপিনীৰ অধিকাৰৰ বাবে যুঁজিছিল। সেই সময়ত বহু ব্যৱসায়ীয়ে পাৱাৰ তাঁতশালৰ কাপোৰ হস্ততাঁত হিচাপে বিক্ৰী কৰিছিল, যাৰ ফলত শিপিনীৰ ক্ষতি হৈছিল। লতিফে এই অসৎ কাম সফলতাৰে বন্ধ কৰি দিলে আৰু চৰকাৰে কেৱল প্ৰামাণিক হস্ততাঁত সামগ্ৰী ক্ৰয় কৰাটো নিশ্চিত কৰিলে, যাৰ ফলত জীৱিকা আৰু মৰ্যাদা উভয়ে ৰক্ষা পৰে।
 
বিগত ১৬ বছৰে ৰাজস্থান দলিত-মুছলমান ঐক্য মঞ্চৰ সভাপতি হিচাপে কাৰ্যনিৰ্বাহ কৰি তেওঁ সাম্প্ৰদায়িক সংঘৰ্ষ ৰোধ কৰাৰ লগতে সম্প্ৰীতিৰ প্ৰসাৰৰ বাবে অক্লান্তভাৱে কাম কৰি আহিছে। “আমি একে খাদ্য খাওঁ, একে অঞ্চলতে বাস কৰো, একে দৰিদ্ৰতাৰে সন্মুখীন হওঁ। কিন্তু কিছুমান দুষ্কৃতিকাৰীয়ে নিজৰ লাভৰ বাবে আমাক বিভাজিত কৰে।'-তেওঁ কয়। 
 
সৰ্বভাৰতীয় মিলি পৰিষদৰ ৰাজস্থান শাখাৰ সম্পাদক হিচাপে লতিফে মুছলমান কল্যাণৰ প্ৰবল পোষকতা কৰি আহিছে। ২০০৭ চনত তেওঁ আৰু তেওঁৰ দলটোৱে তেতিয়াৰ প্ৰধানমন্ত্ৰী ড০ মনমোহন সিঙক সাক্ষাৎ কৰি সংৰক্ষণ, শিক্ষা, স্বাস্থ্যসেৱা, আৰু গৃহ নিৰ্মাণৰ বিষয়সমূহৰ ওপৰত আলোকপাত কৰে।
 
আব্দুল লতিফৰ বিদ্যালয়ৰ ছাত্ৰীসকলক বঁটা প্ৰদান কৰিছে
 
তেওঁৰ মতে এই প্ৰচেষ্টাসমূহে সাচাৰ কমিটী গঠনত সহায় কৰিছিল, যাৰ ফলত মুছলমান ছাত্ৰ-ছাত্ৰীৰ বাবে বৃত্তিৰ দৰে গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰা হৈছিল। লতিফে সাত বছৰ ধৰি চলি থকা তিনিটা উদ্যোগিক প্ৰশিক্ষণ প্ৰতিষ্ঠান (আই টি আই)ও স্থাপন কৰিছিল আৰু প্ৰায় ৩৫০০ যুৱক-যুৱতীক বিভিন্ন ব্যৱসায়ত প্ৰশিক্ষণ দিছিল।
 
যদিও পিছলৈ চৰকাৰী চুক্তিৰ পৰিৱৰ্তনৰ বাবে চাহিদা হ্ৰাস পাইছিল, তথাপিও তেওঁ যুৱক-যুৱতীসকলৰ বাবে নতুন শৈক্ষিক আৰু কৰ্মসংস্থাপনৰ সুযোগ সৃষ্টিৰ বাবে গভীৰভাৱে প্ৰতিশ্ৰুতিবদ্ধ হৈ আছে। ‘আৰ্কো’ নামেৰে বহুলভাৱে পৰিচিত আব্দুল লতিফ কেৱল এজন সফল ব্যৱসায়ী নহয়, এজন পৰিৱৰ্তনশীল সামাজিক নেতাও। যৌতুকমুক্ত বিয়াৰ পৰা আৰম্ভ কৰি শিক্ষাৰ প্ৰসাৰ, শিল্পীক সুৰক্ষা দিয়া, সম্প্ৰদায়ৰ ঐক্য গঢ়ি তোলালৈকে তেওঁৰ কামে হাজাৰ হাজাৰ লোকৰ জীৱন চুই গৈছে। তেওঁ বিনম্ৰতাৰে কয়, “মোৰ শক্তি মানুহৰ সেৱা কৰাত নিহিত হৈ আছে।"
 
সম্প্ৰতি তেওঁ কেইবাটাও সংগঠনৰ উচ্চ পদবীত থকাৰ লগতে ইণ্টুচি (ভাৰতীয় ৰাষ্ট্ৰীয় ট্ৰেড ইউনিয়ন কংগ্ৰেছ)ৰ ৰাষ্ট্ৰীয় সমন্বয়ক হিচাপেও কাৰ্যনিৰ্বাহ কৰি আছে।