মানৱতা আৰু শিক্ষাৰ প্ৰতীক গ্ৰেণ্ড মুফতি শ্বেইখ আবুবকাৰ আহমেদ

Story by  atv | Posted by  [email protected] • 7 h ago
গ্ৰেণ্ড মুফতি শ্বেইখ আবুবকাৰ আহমেদ
গ্ৰেণ্ড মুফতি শ্বেইখ আবুবকাৰ আহমেদ
 
অনিকা মহেশ্বৰী / নতুন দিল্লী
 
ভাৰতৰ গ্ৰেণ্ড মুফতি শ্বেইখ আবুবকাৰ আহমেদৰ নাম এইকেইদিন বাতৰিৰ শিৰোনামত আছে। কাৰণ, তেওঁৰ সক্ৰিয় ভূমিকাৰ বাবেই য়েমেনত ফাঁচীৰ শাস্তি লাভ কৰা কেৰেলাৰ নাৰ্ছ নিমিশা প্ৰিয়াৰ জীৱন ৰক্ষা পৰে। তেওঁৰ ১৬ জুলাইৰ ফাঁচীৰ সিদ্ধান্ত স্থগিত কৰা হৈছে।
 
এই ঘটনাই  শ্বেইখ আবুবকাৰ আহমেদৰ প্ৰতি সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছে, যাৰ প্ৰচেষ্টাই এগৰাকী নাৰীৰ মৃত্যুদণ্ড ৰোধ কৰিছে। আহক আমি এই মহান ব্যক্তিজনৰ জীৱন, তেওঁৰ চিন্তাধাৰা আৰু অৱদানৰ বিষয়ে বিশদভাৱে জানি লওঁ।
 
শৈশৱ আৰু আধ্যাত্মিক শিক্ষাঃ
 
শ্বেইখ আবুবকাৰ আহমেদৰ জন্ম হৈছিল ১৯৩১ চনৰ ২২ মাৰ্চ তাৰিখে দক্ষিণ ভাৰতৰ কেৰালা ৰাজ্যৰ কোঝিকোড জিলাত। তেওঁ এনে এক সময়ত জন্মগ্ৰহণ কৰিছিল, যেতিয়া ভাৰতত স্বাধীনতা সংগ্ৰামৰ যুঁজ তুংগত উঠিছিল। তেওঁ এক সুন্দৰ ধৰ্মীয় আৰু আধ্যাত্মিক পৰিবেশত ডাঙৰ হৈছিল। শৈশৱৰ পৰাই তেওঁ সেৱা, সৰলতা আৰু মানৱতাৰ প্ৰতি সমৰ্পিত আছিল। তেওঁ পৰম্পৰাগত ইছলামিক শিক্ষা লাভ কৰাৰ লগতে আধুনিক চিন্তাধাৰাও গ্ৰহণ কৰিছিল।
 
চুফী দৰ্শন আৰু খিদমতৰ পথঃ
 
শ্বেইখ আবুবকাৰৰ জীৱন চুফী পৰম্পৰাৰ মূল ধাৰণাৰ ওপৰত আধাৰিত, যাক কোৱা হয় 'খিদমত'। ইয়াৰ অৰ্থ হৈছে মানৱ সেৱক। তেওঁ বিশ্বাস কৰে যে প্ৰকৃত উপাসনা কেৱল প্ৰাৰ্থনাৰ মাজত নহয়, বৰং সমাজৰ কল্যাণত নিহিত হৈ আছে। সেইবাবেই তেওঁ নিজৰ জীৱন সেৱা, শিক্ষা আৰু সাম্প্ৰদায়িক সম্প্ৰীতিৰ বাবে উৎসৰ্গা কৰিছিল। তেওঁ ভাৰতৰ বৈচিত্ৰক শক্তি বুলি গণ্য কৰে আৰু ৰাষ্ট্ৰীয় একতা আৰু সামাজিক সম্প্ৰীতিৰ প্ৰতিনিধি আছিল।
 
প্ৰধানমন্ত্ৰী মোদীৰ সৈতে গ্ৰেণ্ড মুফতি শ্বেইখ আবুবকাৰ আহমেদ
 
শৈক্ষিক বিপ্লৱৰ প্ৰচেষ্টাঃ
 
শ্বেইখ আবুবকাৰ আহমেদৰ আটাইতকৈ ডাঙৰ সফলতা হ'ল শিক্ষাৰ ক্ষেত্ৰত কৰা অভূতপূৰ্ব কাম। তেওঁ ১৯৭৮ চনত জামিয়া মাৰ্কাজ প্ৰতিষ্ঠা কৰে, যিটো ইছলামিক শিক্ষাৰ লগতে আধুনিক শিক্ষাৰ সংমিশ্ৰণ। আজি এই প্ৰতিষ্ঠান কেৱল ভাৰততে নহয়, সমগ্ৰ বিশ্বতে জনাজাত। ইয়াৰ উপৰিও তেওঁ হাজাৰ হাজাৰ বিদ্যালয় আৰু মহাবিদ্যালয় স্থাপন কৰিছিল। এই পৰিসংখ্যাবোৰ অতিশয় বিস্ময়কৰ। যেনে, ১২,২৩২খন প্ৰাথমিক বিদ্যালয়, ১১,০১০ উচ্চতৰ মাধ্যমিক বিদ্যালয়, ৬৩৮ খন কলেজ আৰু স্নাতক প্ৰতিষ্ঠান।
 
তেওঁলোকৰ লক্ষ্য আছিল সকলো শ্ৰেণীৰ লোকৰ শিক্ষাৰ সুবিধা প্ৰদান কৰা, বিশেষকৈ অভাৱগ্ৰস্ত শিশুসকলক সহায় কৰা। তেওঁ শিক্ষাক কেৱল ধৰ্মীয় ক্ষেত্ৰতে সীমাবদ্ধ নকৰি বিজ্ঞান, প্ৰযুক্তি আৰু নিয়োগৰ ক্ষেত্ৰতো প্ৰয়োগ কৰিছিল। মানৱতাৰ সেৱাক কেৱল কথাৰে নহয়, কাৰ্যৰেও দেখুৱাব লাগিব।
 
শ্বেইখ আবুবকাৰৰ সেৱাৰ পৰিসৰ কেৱল শিক্ষাৰ মাজতে সীমাবদ্ধ নাছিল। তেওঁ ১৯৬০ৰ দশকত ২৫ জন অনাথ শিশুক দত্তক হিচাপে গ্ৰহণ কৰি মানৱ সেৱাৰ অভিযান আৰম্ভ কৰিছিল। আজি ১৮,৭৪৫ গৰাকী অনাথ শিশু তেওঁৰ তত্ত্বাৱধানত ডাঙৰ-দীঘল হৈছে। তেওঁ প্ৰমাণ কৰিলে যে সেৱা কেৱল চিন্তাধাৰাৰে নহয়, কৰ্মৰ দ্বাৰা হয়।
 
তেওঁৰ সামাজিক উদ্যোগবোৰৰ ভিতৰত আছে: ৭২,৫০০ খোৱা পানী প্ৰকল্প, যিয়ে ৬,০২৮খন গাঁওক উপকৃত কৰিছে। ১৬,৯৩৭ টা পৰিয়ালৰ বাবে গৃহ নিৰ্মাণ; ৪,৬৭৫ টা স্বাস্থ্য কেন্দ্ৰ আৰু বিষ প্ৰশমন কেন্দ্ৰ; ৫০,০০০-তকৈও অধিক স্বাস্থ্য কৰ্মীক প্ৰশিক্ষণ দিয়া; ৯,৯২০ টা শৌচাগাৰ নিৰ্মাণ কৰা হ'ব।
 
শ্বেইখ আবুবকাৰৰ প্ৰতিষ্ঠানৰ উদ্যোগত প্ৰতি বছৰে ৩ লাখ বস্ত্ৰ আৰু ২০,০০০ খাদ্যৰ পেকেট অভাৱী লোকক বিতৰণ কৰা হয়। নিয়োগ সৃষ্টিৰ ক্ষেত্ৰতো তেওঁলোকৰ ভূমিকা উল্লেখযোগ্য। তেওঁলোকে ১৩৫,০০০ লোকক প্ৰত্যক্ষ নিয়োগ প্ৰদান কৰিছে আৰু ৪৫,০০০ যুৱকক প্ৰশিক্ষণ প্ৰদান কৰি আত্মনিৰ্ভৰশীল কৰিছে।
 
নাৰী সৱলীকৰণ আৰু যুৱ উদ্দীপনাঃ
 
শ্বেইখ আবুবকাৰ আহমেদৰ উদ্যোগত মহিলাসকলৰ বিশেষ স্থান আছে। তেওঁলোকৰ প্ৰতিষ্ঠানসমূহত কাম কৰা আৰু পঢ়া-শুনা কৰা মহিলাৰ সংখ্যা অৰ্ধশতাধিক। তেওঁ মহিলাসকলক শিক্ষা আৰু আৰ্থিক সুযোগ প্ৰদান কৰি তেওঁলোকক শক্তিশালী কৰিছে।
 
তেওঁ যুৱক-যুৱতীসকলক দক্ষতা বিকাশৰ জৰিয়তে সংস্থাপনৰ প্ৰয়োজনীয়তাৰ ওপৰতো গুৰুত্ব আৰোপ কৰে।
 
অৰ্থনৈতিক বিকাশৰ মডেল আৰু উপসাগৰীয় দেশসমূহৰ ভূমিকাঃ
 
১৯৭০ৰ দশকত যেতিয়া উপসাগৰীয় দেশসমূহত নিয়োগৰ সুযোগ বৃদ্ধি পাইছিল, কেৰালালৈ বিদেশী ধনৰ প্ৰৱাহ বৈছিল। শ্বেইখ আবুবকাৰে এই পুঁজিৰ সঠিক ব্যৱহাৰ কৰিছিল আৰু সামাজিক বিকাশৰ এক নতুন মডেল প্ৰস্তুত কৰিছিল।
 
ই কেৱল শিক্ষা আৰু স্বাস্থ্যৰ উন্নতি কৰাই নহয়, নিয়োগ আৰু আন্তঃগাঁথনিৰ উন্নতিও কৰিছে। তেওঁৰ দূৰদৰ্শিতাৰ উদাহৰণ হৈছে মাৰ্কাজ নলেজ চিটি, যি হৈছে শিক্ষা, স্বাস্থ্য, ব্যৱসায় আৰু বাসস্থানৰ এক আধুনিক কেন্দ্ৰ।
 
মাদ্ৰাছা সংস্কাৰ আৰু ৰাষ্ট্ৰীয় একতাৰ বাৰ্তাঃ
 
মাদ্ৰাছা শিক্ষাৰ আধুনিকীকৰণত শ্বেখ আবুবকাৰ আহমেদে এক ঐতিহাসিক ভূমিকা পালন কৰিছিল। তেওঁ ইছলামী শিক্ষাত বিজ্ঞান, গণিত আৰু প্ৰযুক্তিৰ বিষয়বোৰ অন্তৰ্ভুক্ত কৰিছিল। ইয়াৰ ফলত মাদ্ৰাছাসমূহ কেৱল ধৰ্মীয় প্ৰতিষ্ঠান হৈ থকা নাই, বৰঞ্চ ই ৰাষ্ট্ৰ নিৰ্মাণৰ কেন্দ্ৰ হৈ পৰিছে।
 
প্ৰাক্তন ৰাষ্ট্ৰপতি প্ৰয়াত এ পি জে আব্দুল কালামৰ সৈতে গ্ৰেণ্ড মুফতি শ্বেইখ আবুবকাৰ আহমেদ
 
তেওঁ সদায় জাতীয় ঐক্য আৰু সাম্প্ৰদায়িক সম্প্ৰীতিৰ পক্ষত আছিল। তেওঁ বহুতো শান্তি সন্মিলন আয়োজন কৰিছিল আৰু বিভিন্ন ধৰ্মৰ নেতাসকলক একেখন মঞ্চত লৈ ভ্ৰাতৃত্ববোধৰ বাৰ্তা প্ৰদান কৰিছিল। তেওঁ বিশ্বাস কৰে যে ধর্মৰ উদ্দেশ্য বিভাজন নহয়, বৰঞ্চ সমাজত সম্প্রীতি আৰু প্ৰেম প্রতিষ্ঠা কৰা।
 
মানৱীয় প্ৰমূল্যবোধৰ প্ৰবক্তাঃ
 
শ্বেইখ আবুবকাৰ আহমেদৰ জীৱন দৰ্শনে দেখুৱাইছে যে সৎ উদ্দেশ্য আৰু স্পষ্ট লক্ষ্যৰ সৈতে পৰিৱৰ্তন সম্ভৱ। তেওঁলোকে শিক্ষা-স্বাস্থ্য আৰু কর্মসংস্থাপন আদিৰ ক্ষেত্রত কোটি কোটি লোকৰ জীৱনক স্পৰ্শ কৰিছে।
 
নাৰ্ছ নিমিশা প্ৰিয়াৰ ঘটনাত শ্বেইখ আবুবকাৰ আহমেদৰ ভূমিকাই প্ৰমাণ কৰিলে যে তেওঁৰ প্ৰভাৱ কেৱল ভাৰততে সীমাবদ্ধ নহয়, আন্তঃৰাষ্ট্ৰীয় পৰ্যায়তো আছে। শ্বেইখ আবুবকাৰ আহমেদ কেৱল এজন ধৰ্মীয় নেতা নহয়, বৰঞ্চ তেওঁ সেৱা, শিক্ষা আৰু মানৱতাৰ অন্যতম প্ৰতীক। তেওঁ নিজৰ জীৱনশৈলীৰ যোগেদি এই বাৰ্তা প্ৰদান কৰিছে যে প্ৰকৃত ধৰ্ম হৈছে মানৱ সেৱাৰ যোগেদি। তেওঁৰ প্ৰচেষ্টাই কেৰালাৰ লগতে সমগ্ৰ ভাৰততে প্ৰভাৱ পেলাইছে।
 
তেওঁৰ এই যাত্ৰাই প্ৰমাণ কৰে যে যেতিয়া শিক্ষা, সেৱা আৰু সহানুভূতি একত্ৰিত হয়, তেতিয়া সমাজ পৰিৱৰ্তনৰ শক্তিশালী ভেটি গঢ় লৈ উঠে।