ডাঃ আছিফ ইকবালৰ নেতৃত্বত অসমত প্ৰথমবাৰৰ বাবে থেলাছেমিয়া ৰোগীৰ অস্থিৰ মজ্জা সংৰোপণ

Story by  atv | Posted by  Munni Begum • 7 h ago
 ডাঃ আছিফ ইকবাল আৰু তেওঁৰ বিশেষজ্ঞ চিকিৎসকৰ দলটো
ডাঃ আছিফ ইকবাল আৰু তেওঁৰ বিশেষজ্ঞ চিকিৎসকৰ দলটো
 
আৱাজ দ্য ভইচ অসম ব্যুৰ'
 
গুৱাহাটীস্থিত ডাঃ ভুবনেশ্বৰ বৰুৱা কেঞ্চাৰ ইনষ্টিটিউট (বিবিচিআই)ৰ অস্থি মজ্জা সংৰোপণ শাখাৰ ভাৰপ্ৰাপ্ত বিষয়া ডাঃ আছিফ ইকবালৰ নেতৃত্বত এটা বিশেষজ্ঞ চিকিৎসকৰ দলে শেহতীয়াকৈ এক বিৰল সাফল্য লাভ কৰিছে। চিকিৎসকৰ দলটোৱে অসাধ্য সাধন কৰি অসমত পোন প্ৰথমবাৰৰ বাবে অস্থি মজ্জা সংৰোপণেৰে সুস্থ কৰি তুলিলে থেলাছেমিয়া ৰোগী।
 
জটিল ৰক্তজনিত ৰোগ থেলাছেমিয়াৰ পৰা ইতিমধ্যে সুস্থ হৈ উঠিছে এগৰাকী ১৭বছৰীয়া কিশোৰী। ডাঃ বি বৰুৱা কর্কট প্রতিষ্ঠানৰ অস্থি মজ্জা সংৰোপণ শাখাৰ ভাৰপ্ৰাপ্ত বিষয়া ডাঃ আছিফ ইকবালৰ নেতৃত্বত ডাঃ মনসা কুকুঞ্জে, ডাঃ ৰঞ্জিতা শর্মা, ডাঃ কৰবী কুলী আৰু ডাঃ সাক্ষী গুপ্তাৰে গঠিত দলটোৱে যোৱা ৯ আৰু ১০ জুনত কিশোৰীগৰাকীক সফলতাৰে অস্থি মজ্জা সংৰোপণ কৰিছিল।
 
এই সংৰোপণ প্ৰক্ৰিয়াৰ পৰৱৰ্তী সময়ৰ সকলো জটিল পর্যায় অতিক্ৰম কৰাৰ পিচত ১৭বছৰীয়া কিশোৰীগৰাকী এতিয়া সম্পূর্ণৰূপে সুস্থ হৈ উঠিছে। তাৎপর্যপূর্ণ যে, কিশোৰীগৰাকীয়ে বহু বছৰ ধৰি নিয়মীয়াকৈ বাহিৰৰ পৰা তেজ গ্রহণ কৰি আছিল।  
 
অস্থি  মজ্জা সংৰোপণৰ পিছত তেওঁৰ দলৰ সৈতে ডাঃ আছিফ ইকবাল
 
ইয়াৰ পূৰ্বে তেজ গ্ৰহণৰ পৰিমাণ হ্রাস কৰাৰ সাময়িক ব্যৱস্থা হিচাপে স্পেনেক্ট'মি (splenectomy) নামৰ এটা অস্ত্রোপচাৰ সম্পন্ন কৰা হৈছিল। কিন্তু শেহতীয়াকৈ বিবিচিআইৰ বিশেষজ্ঞ চিকিৎসকৰ দলে সফল অস্থি মজ্জা সংৰোপণৰ জৰিয়তে কিশোৰীগৰাকীক বেদনাদায়ক আৰু ক্লান্তিময় নিয়মীয়া তেজ গ্রহণৰ প্ৰয়োজনীয়তাৰ পৰা মুক্ত কৰে।  
 
অসমৰ স্বাস্থ্যসেৱা খণ্ডত ই এক নতুন আশাৰ ৰেঙণি হিচাপে পৰিগণিত হৈছে। এই সেৱাই কেৱল ৰোগীগৰাকীকেই নহয়, তেওঁৰ পৰিয়ালকো এক সুস্থ আৰু আনন্দময় জীৱনৰ আশা দেখুৱাইছে।  
 
উল্লেখযোগ্য যে, থেলাছেমিয়া হৈছে শিশুৰ ৰক্তজনিত এটি জন্মগত ব্যাধি, য’ত ৰক্ত গঠনত জড়িত ‘গ্ল’বিন’ নামৰ জিনটো বিকল হৈ পৰে। এই ত্ৰুটিৰ ফলত দেহত হিম’গ্ল’বিন উৎপাদন সঠিকভাৱে নহয়। হিম’গ্ল’বিন যিহেতু তেজৰ লোহিত কণিকাৰ প্ৰধান অংশ আৰু ইয়াৰ সহায়ত দেহত অক্সিজেন সৰবৰাহ হয়, সেয়েহে হিম’গ্ল’বিন কমি যোৱাত তেজৰ অক্সিজেন বহনক্ষমতা উল্লেখযোগ্যভাৱে হ্ৰাস পায়।  
 
ইয়াৰ ফলস্বৰূপে এই ৰোগত আক্ৰান্ত শিশুবোৰ অতিশয় দূৰ্বল, সহজে ক্লান্ত আৰু ৰক্তহীনতাত ভুগিবলৈ আৰম্ভ কৰে। ৰক্তহীনতাত ভোগা এই নিষ্পাপ শিশুবোৰে স্বাভাৱিক জীৱন কটাবলৈ অতি সঘনাই নিজৰ দেহত বাহিৰৰ পৰা ৰক্ত গ্ৰহণ কৰি থাকিবলগীয়া হয়।এই প্ৰক্ৰিয়াটো কেৱল ব্যয়বহুলেই নহয়, ই শিশুসকলক মানসিকভাৱেও হতাশাগ্ৰস্ত কৰি তোলে। সঘনাই ৰক্ত গ্ৰহণ কৰাৰ ফলত তেজত আয়ৰণৰ পৰিমাণ যথেষ্ট বৃদ্ধি পায় আৰু তাৰ বাবে আকৌ নিৰ্দিষ্ট ঔষধৰ নিয়মীয়া ব্যৱহাৰ কৰি থাকিবলগীয়া  হয়। 
 
অস্থি মজ্জা দাতাৰ সৈতে ১৭ বছৰীয়া ৰোগীগৰাকী 
 
কিন্তু দুখৰ বিষয় যে, নিয়মীয়া ৰক্ত গ্ৰহণে এই ৰোগ নিৰাময় কৰিব নোৱাৰে, এইটো মাথোঁ এক ক্ষন্তেকীয়া প্ৰতিৰোধৰ ব্যৱস্থাহে। তদুপৰি, ঘনে ঘনে ৰক্ত গ্ৰহণ কৰাৰ ফলত ৰোগীৰ দেহত বিভিন্ন বিজাণু সংক্ৰমণৰ আশংকাও বৃদ্ধি পায়। যিহেতু থেলাছেমিয়া হৈছে এক ৰক্ত উৎপাদনজনিত ব্যাধি, গতিকে তেজ উৎপাদনৰ সমগ্ৰ ব্যৱস্থাটো সলনি কৰিলেহে  ইয়াৰ একমাত্ৰ নিৰাময় সম্ভৱ। 
 
অস্থি মজ্জা সংৰোপণ (Bone Marrow Transplant) হৈছে এনে এক চিকিৎসা পদ্ধতি, য’ত ৰোগীৰ গোটেই শৰীৰৰ হাড়ৰ ভিতৰৰ মজ্জা নতুনকৈ প্ৰতিস্থাপন কৰা হয়। যিহেতু তেজ উৎপাদন প্ৰাথমিকভাৱে অস্থি মজ্জাত হয়, সেয়েহে অস্থি মজ্জা সংৰোপণে থেলাছেমিয়া সম্পূৰ্ণৰূপে আৰোগ্য কৰিব পাৰে।
 
সাধাৰণতেই ৰাইজে হয়তো ভাৱিব পাৰে যে, অস্থি মজ্জা সংৰোপণ হৈছে কেৱল কিছুমান কেঞ্চাৰ ৰোগৰ চিকিৎসা পদ্ধতি; কিন্তু বাস্তৱত, থেলাছেমিয়াৰ দৰে কেঞ্চাৰবিহীন বহু জটিল ৰক্তজনিত ৰোগৰ ক্ষেত্ৰতো ই সফলভাৱে ব্যৱহৃত হৈ আহিছে। অস্থি মজ্জা সংৰোপণৰ প্ৰক্ৰিয়াত যদি দাতাৰ মজ্জা কোনো ভাতৃ-ভগ্নীৰ বা সহোদৰৰ পৰা লোৱা হয়, তেন্তে জটিলতাৰ আশংকা যথেষ্ট হ্ৰাস পায়। কিন্তু প্ৰক্ৰিয়াটো নিজে এক অতি সংবেদনশীল আৰু দীঘলীয়া সময় লোৱা চিকিৎসা পদ্ধতি।  
 
সেয়েহে, যদি ৰোগীক ঘৰৰ ওচৰৰ কোনো চিকিৎসালয়তেই এই জটিল চিকিৎসা প্ৰদানৰ সুবিধা উপলব্ধ কৰোৱা হয়, তেন্তে ই আৰ্থিকভাৱে উপশম দিয়াৰ লগতে ৰোগী আৰু তেওঁৰ পৰিয়ালক মানসিক স্বস্তি আৰু সামাজিকভাৱে এক নিশ্চিয়তাৰ অনুভৱ যোগায়। তদুপৰি, আমাৰ ৰাজ্য তথা উত্তৰ-পূৰ্বাঞ্চলত থেলাছেমিয়া ৰোগৰ প্ৰাদুৰ্ভাৱ যথেষ্ট বেছি হোৱাৰ পৰিপ্ৰেক্ষিতত এই অঞ্চলতে অস্থি মজ্জা সংৰোপণৰ সুবিধা গঢ়ি তোলা নিতান্তই প্ৰয়োজন।  
 
ডাঃ আছিফ ইকবালে অসমৰ তেতিয়াৰ ৰাজ্যপাল জগদীশ মুখীৰ পৰা অসম গৌৰৱ বঁটা লাভ কৰাৰ এক দৃশ্য
 
বিবিচিআইত ২০২১ চনত অস্থি মজ্জা সংৰোপণ সুবিধা আৰম্ভ কৰা হৈছিল। বিগত তিনি বছৰত ৪০ টাৰো অধিক অস্থি মজ্জা সংৰোপণ ইয়াত সফলতাৰে সম্পন্ন কৰা হৈছে। অস্থি মজ্জা সংৰোপণৰ ক্ষেত্ৰত উপযুক্ত আন্তঃগাঁথনি, দক্ষতা আৰু দীঘলীয়া অভিজ্ঞতাৰ সৈতে বিবিচিআইয়ে এই সংৰোপণ সেৱা এতিয়া থেলাছেমিয়া ৰোগীৰ বাবেও সফলভাৱে সম্প্ৰসাৰিত কৰিছে।
 
উল্লেখ্য যে, এই অভিযানৰ নেতৃত্ব দিয়া ডাঃ আছিফ ইকবালে অস্থি মজ্জা সংৰোপণ (বি এম টি) কৰি উত্তৰ-পূৰ্বাঞ্চলৰ কৰ্কট ৰোগীসকলক আৰোগ্য কৰিবলৈ আক্ষৰিকভাৱে এখন অকলশৰীয়া যুঁজ চলাই আছে। সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলত অস্থি মজ্জা সংৰোপণ  কৰিব পৰা তেওঁ এগৰাকী উচ্চ পৰ্য্যায়ৰ বিশেষজ্ঞ চিকিৎসক।  
 
তেওঁ অসমৰ এখন আগশাৰীৰ ব্যক্তিগত চিকিৎসালয়ত উচ্চ বেতনৰ চাকৰি ত্যাগ কৰি ডাঃ বি বৰুৱা কৰ্কট প্ৰতিষ্ঠানত (বি বি চি আই) যোগদান কৰিছিল। কিয়নো ব্যক্তিগত চিকিৎসালয়ত এনে ব্যয়বহুল বিএমটি চিকিৎসা সেৱা বহু ৰোগীয়ে বহন কৰিব নোৱাৰে। সেয়েহে তেনে ৰোগীক সহায় কৰাৰ উদ্দেশ্যে তেওঁ বিবিচিআইত সেৱা আগবঢ়োৱাৰ সিদ্ধান্ত লয়।  
 
ডাঃ ইকবালে ২০০৩ চনত অসম ৰাজ্যিক চিকিৎসা প্ৰৱেশ পৰীক্ষাত শীৰ্ষস্থান দখল কৰিছিল আৰু ২০০৮ চনত গুৱাহাটী চিকিৎসা বিজ্ঞান মহাবিদ্যালয়ৰ  (জি এম চি) পৰা এম বি বি এছ হিচাপে স্নাতক ডিগ্ৰী লাভ কৰিছিল। তেওঁ যোৰহাট চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়ত জৰুৰীকালীন চিকিৎসা বিষয়া হিচাপে এবছৰ সেৱা আগবঢ়াইছিল। 
 
এক অনুষ্ঠানত ড° আছিফ ইকবালে ভাষণ দি থকা এক দৃশ্য
 
তেওঁ ২০১০ চনত জিএমচিএইচত স্নাতকোত্তৰ প্ৰশিক্ষণ আৰম্ভ কৰিছিল আৰু ২০১৩ চনত এমডি (জেনেৰেল মেডিচিন) সম্পূৰ্ণ কৰিছিল। তেওঁ মুম্বাইৰ টাটা মেম'ৰিয়েল হাস্পতাল আৰু বিবিচিআইত মেডিকেল অংক'লজীৰ জ্যেষ্ঠ আৱাসী হিচাপে এবছৰ কাম কৰিছিল। 
 
তেওঁ ২০১৪ চনত হিমাটোলজীৰ বাবে পশ্চিম বংগৰ ডি এম প্ৰৱেশ পৰীক্ষাতো শীৰ্ষস্থান দখল কৰিছিল আৰু কলকাতাৰ আই এইচ টি এমত পোষ্টডক্টৰেল প্ৰশিক্ষণ আৰম্ভ কৰিছিল। তেওঁ ২০১৭ চনত ক্লিনিকেল হিমাটোলজীত ডিএম (চুপাৰ স্পেচিয়েলিটি পাঠ্যক্ৰম) হিচাপে যোগ্যতা অৰ্জন কৰিছিল। 
 
২০১৬ চনত তেওঁৰ ডি এম আৱাসৰ কাৰ্য্যকালত ডাঃ ইকবালে আন্তৰ্জাতিক চি এম এল ফাউণ্ডেচনৰ হৈ নিউয়ৰ্কৰ প্ৰসিদ্ধ মেম'ৰিয়েল শ্লোয়ান কেটাৰিং কেন্সাৰ চেণ্টাৰত (prestigious Memorial Sloan Kettering Cancer Center, New York) প্ৰশিক্ষণ দিয়াৰ বাবে এজন প্ৰশিক্ষক হৈ পৰিছিল। 
 
ডাঃ ইকবাল সৌম্য আৰু ক্ষতিকাৰক হিমাটোলজিকেল ৰোগৰ ৰোগ নিৰ্ণয় আৰু চিকিৎসাৰ বাবে এজন সুদক্ষ চিকিৎসক। তেওঁ কমপ্লেক্সন লেব হেমাটোলজী, কেমোথেৰাপী আৰু ষ্টেম কোষ  সংৰোপণৰ উচ্চ পৰ্য্যয়ৰ প্ৰশিক্ষণো লাভ কৰিছে। ডিএম আৱাস সম্পূৰ্ণ হোৱাৰ পিছত ডাঃ ইকবালে কানাডা আৰু অষ্ট্ৰেলিয়াৰ আগশাৰীৰ কৰ্কট কেন্দ্ৰবোৰত অধিক প্ৰশিক্ষণ/ফেলোশ্বিপ গ্ৰহন কৰিব বিচাৰিছিল। 
 
২০২৪ চনত আমেৰিকাৰ হিউষ্টনলৈ কৰা গৱেষণা ভ্ৰমণৰ সময়ত সহযোগী গৱেষকৰ সৈতে ডাঃ আছিফ ইকবাল
 
কিন্তু নিজৰ ৰাজ্য আৰু দেশৰ ৰোগীৰ সেৱাৰ প্ৰতি থকা প্ৰৱল ইচ্ছা আৰু মনসিকতাই তেওঁৰ বিদেশ লৈ যোৱাৰ পৰিকল্পনা বাস্তৱত পৰিণত হোৱাত হেঙাৰ হৈ পৰিছিল আৰু ডাঃ ইকবালে অসম আৰু উত্তৰ-পূৰ্বাঞ্চলৰ অন্যান্য প্ৰান্তৰ ৰোগীসকলক নিৰবিচ্ছিন্ন সেৱাত নিজকে উৎসৰ্গা কৰে। বিবিচিআইত জনসাধাৰণৰ সেৱাৰ বাবে ব্যক্তিগত চিকিৎসালয় ত্যাগ কৰাৰ বাবে ডাঃ ইকবালক ৰাজ্যৰ ৩টা সৰ্বোচ্চ অসামৰিক বঁটাৰ অসম গৌৰৱ বঁটাৰে সন্মানিত কৰা হয়। 
 
ডাঃ ইকবালে আৱাজ- দ্য ভইচ'ক জনাইছে যে, উত্তৰ-পূব হৈছে থেলাছেমিয়া ৰোগৰ কেন্দ্ৰবিন্দু। যদিও অসম চৰকাৰৰ বেংগালুৰুৰ এখন চিকিৎসালয়ৰ সৈতে থেলাছেমিয়া ৰোগীৰ চিকিৎসাৰ আঁচনি আছিল, তথাপিও সেই চিকিৎসা প্ৰায়ে অসম্পূৰ্ণ হৈয়েই আছিল। কাৰণ তাত থকা ব্যক্তিগত চিকিৎসালয়খনে প্ৰথম ১০০ দিনৰ বাবেহে ৰোগীৰ যত্ন লয় আৰু তাৰ পিছত ৰোগীসকলক অনাদৃত কৰি ৰাখে।
 
গতিকে বহু আগতেই ডাঃ ইকবালে বিবিচিআইত চিকিৎসা আৰম্ভ কৰিব বিচাৰিছিল, যদিও কৰ্তৃপক্ষই তেওঁক অনুমতি দিয়া নাছিল। বিবিচিআই'ৰ নতুন পৰিচালনা সমিতিয়ে তেওঁক এই প্ৰক্ৰিয়াটো সম্পন্ন কৰাৰ অনুমতি দিছে আৰু তেওঁৰ দলটোৱে সফলতাৰে সংৰোপণ সম্পন্ন কৰিছে।