মালয়ালম আৰু হিন্দী ছবি পৰিচালক সংগীত শিৱনৰ মৃত্যু

Story by  atv | Posted by  Munni Begum • 11 d ago
চলচ্চিত্ৰ পৰিচালক সংগীত শিৱন
চলচ্চিত্ৰ পৰিচালক সংগীত শিৱন
 
মুম্বাই 
 
মালয়ালম আৰু হিন্দী ছবিৰ পৰিচালক সংগীত শিৱনৰ বুধবাৰে হৃদযন্ত্ৰৰ ক্ৰিয়া বন্ধ হৈ মৃত্যু হয়। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৬১ বছৰ বয়স। হৃদৰোগত আক্ৰান্ত হোৱাৰ ফলত তেওঁ মুম্বাইৰ এখন চিকিৎসালয়ত চিকিৎসাধীন হৈ আছিল। 
 
সংগীত শিৱনে মোহনলালৰ সৈতে তেওঁৰ মালয়ালম ছবিত কাম কৰাৰ লগতে জোৰ, কিয়া কুল হে হাম আৰু য়ামলা পাগলা দীৱানা ২ আদি হিন্দী ছবিও পৰিচালনা কৰিছিল।
অভিনেতা ঋতেশ দেশমুখে পৰিচালকগৰাকীক শেষ শ্ৰদ্ধাঞ্জলি জনাই এক্সত  এক পোষ্ট  কৰিছে। পোষ্ট তেওঁ লিখিছে, "সংগীত শিৱন ছাৰ আৰু নাই বুলি জানি গভীৰভাৱে দুখী আৰু স্তম্ভিত হৈ পৰিছো। 'কিয়া কুল হে হাম' আৰু 'আপনা সপ্না মানি মানি' ছবিৰ বাবে আপোনাক ধন্যবাদ দিলেই যথেষ্ট নহব। আপুনি এগৰাকী অমায়িক আৰু ভদ্ৰলোক আছিল। আজি হৃদয় ভাঙি পৰিছে, আপোনাৰ পৰিয়াল আৰু আপোনজনৰ প্ৰতি মোৰ গভীৰ সমবেদনা জ্ঞাপন কৰিছো। মই আপোনাক সদায় স্মৰণ কৰিম দাদা।"
 
ৰঘুৱৰণ আৰু সুকুমৰণ অভিনীত ‘ভ্যুহাম’ নামৰ অপৰাধমূলক ছবিখন তেওঁ লিখি পৰিচালনা কৰিছিল। ১৯৯০ চনৰ এই ছবিখন তেওঁ পৰিচালনা কৰি ছবিজগতত আত্মপ্ৰকাশ কৰিছিল। ইয়াৰ পিছত তেওঁ মোহনলালৰ সৈতে 'যোদ্ধা', 'গন্ধৰবম' আৰু 'নিৰ্নয়ম' তিনিখন ব্লকবাষ্টাৰ ছবি পৰিচালনা কৰিছিল৷ ইয়াৰ উপৰিও তেওঁ ‘চুৰা লিয়া হায় তুমনে’, ‘কিয়া কুল হে হাম’, ‘আপনা সপ্না মানি মানি’ আদি বলীউডৰ ছবি নিৰ্মাণ কৰিছিল।