'নমস্কাৰ’ৰ শক্তিয়ে আপ্লুত কৰিছে বলিউডৰ জনপ্ৰিয় অভিনেতা আমিৰ খানক

Story by  atv | Posted by  Munni Begum • 15 d ago
আমিৰ খান আৰু কপিল শৰ্মা
আমিৰ খান আৰু কপিল শৰ্মা
 
মুম্বাই 
 
প্ৰথমবাৰৰ বাবে কপিল শৰ্মাৰ  শ্ব’ত অংশগ্ৰহণ কৰিছে জনপ্ৰিয় অভিনেতা আমিৰ খানে। নেটফ্লিক্সৰ দ্য গ্ৰেট ইণ্ডিয়ান কপিল শ্ব’ৰ শেহতীয়া খণ্ডত অভিনেতাগৰাকীয়ে তেওঁৰ অভিনয় জীৱনৰ বহু উপাখ্যান শ্বেয়াৰ কৰিছে। তেওঁ পঞ্জাৱবাসীসকলৰ উদাৰতাৰ শলাগ লৈ কয় যে যেতিয়া পঞ্জাৱৰ এখন গাঁৱত 'ডংগল' (২০১৬) ছবিখনৰ বাবে শ্বুটিং কৰিছিল, তেতিয়া তেওঁ তেওঁলোকৰ পৰাই 'নমস্কাৰ’ৰ  শক্তিৰ বিষয়ে বুজিব পাৰিছিল।     
 
আমিৰ খানে কয়, "মোৰ সৈতে হোৱা এটা অতি হৃদয় চুই যোৱা ঘটনা আছিল। যেতিয়া আমি পঞ্জাৱত 'ৰং দে বাসন্তি'ৰ বাবে শ্বুটিং কৰিছিলো, সেই সময়ত তাত থাকি মই সঁচাকৈয়ে ভাল পাইছিলোঁ। পঞ্জাৱবাসী ৰাইজ আৰু পাঞ্জাবী সংস্কৃতি খুব ভাল লগা। গতিকে, যেতিয়া আমি 'ডংগল'ৰ শ্বুটিঙৰ বাবে আকৌ পাঞ্জাবলৈ গৈছিলো, তেতিয়া আমি এখন সৰু গাঁৱত শ্বুটিং কৰিছিলো, আমি সেই স্থানত এটা ঘৰত দুমাহতকৈও অধিক সময় শ্বুটিং কৰিছিলো। বিশ্বাস নকৰিব, কিন্তু যেতিয়া মই ৰাতিপুৱা প্ৰায় ৫ বা ৬ বজাত তাত উপস্থিত হৈছিলোঁ, মোৰ গাড়ীখন সোমাই যোৱাৰ লগে লগে তাত থকা মানুহবোৰে ঘৰৰ বাহিৰত থিয় হৈ মোক হাতযোৰ কৰি 'সত শ্ৰী আকল' বুলি কয় আদৰণি জনাইছিল। তেওঁলোকে মোক আদৰণি জনাবলৈ বহু আগৰপৰাই সেই স্থানত ৰৈ থাকিছিল। মোক তেওঁলোকে কেতিয়াও বিৰক্ত কৰা নাছিল, তেওঁলোকে কেতিয়াও মোৰ গাড়ীখন ৰখোৱাবলৈও চেষ্টা কৰা নাছিল। মোৰ কাম শেষ হোৱাৰ পিছত যেতিয়া মই উভতি আহিছিলো, তেতিয়া তেওঁলোকে আকৌ ঘৰৰ বাহিৰত থিয় হৈ মোক 'গুড নাইট' বুলি সম্ভাষণ জনাইছিল।      
 
নেটফ্লিক্সৰ দ্য গ্ৰেট ইণ্ডিয়ান কপিল শৰ্মা শ্ব’ত আমিৰ খান
 
আমিৰ খানে লগতে কয় যে তেওঁ এগৰাকী মুছলমান ব্যক্তি হোৱাৰ বাবে তেওঁৰ হাতযোৰ কৰি মানুহক 'নমস্কাৰ' বুলি সম্ভাষণ জনোৱাৰ অভ্যাস নাছিল। তেওঁ কয়, "মই এখন মুছলমান পৰিয়ালৰ পৰা অহা, 'নমস্কাৰ'ৰ বাবে হাতযোৰ কৰাৰ মোৰ অভ্যাস নাই। মোৰ হাতখন ওপৰলৈ তুলি (মুছলমানলোকে ইজনে সিজনক সম্ভাষণ জনোৱাৰ বাবে ব্যৱহাৰ কৰা 'আদাব'ৰ ইংগিত) আৰু মূৰ তল কৰি 'আদাব' কৰাৰহে অভ্যাস আছিল। কিন্তু শ্বুটিঙৰ সেই ডেৰ-দুমাহ পঞ্জাৱত কটোৱাৰ পিছত 'নমস্কাৰ' শব্দটোৰ শক্তি মই বুজিছিলোঁ। যিটো এক আশ্বৰ্য্যকৰ আৱেগেৰে পৰিপূৰ্ণ আছিল। পঞ্জাৱৰ মানুহে সকলোৰে প্ৰতি একেই সন্মান প্ৰদৰ্শন কৰি আহিছে।"     
 
আমিৰ খানক শেষবাৰৰ বাবে 'লাল সিং চাদ্দা' (২০২২) ছবিত মুখ্য চৰিত্ৰত অভিনয় কৰা দেখা গৈছিল। অভিনেতাগৰাকীয়ে ৰেৱতীৰ ছালাম ভেংকি (২০২২) ছবিখনতো কেমিঅ' অভিনয় কৰিছিল, য'ত কাজলে মুখ্য চৰিত্ৰত অভিনয় কৰিছিল। পৰৱৰ্তী ছবি 'লাহোৰ ১৯৪৭'ত আমিৰ খান আৰু ছানী দেউলে একেলগে কাম কৰিবলৈ সাজু হৈছে। আমিৰ খান সমৰ্থিত এই ছবিখন পৰিচালনা কৰিব ৰাজকুমাৰ সন্তোষীয়ে।  


শেহতীয়া খবৰ