কণ্ঠশিল্পী গোলাম হাছান আৰু শিৱানী সিঙে একেলগে পঞ্চমটো ঈদ উদযাপনৰ বাবে আগ্ৰহেৰে অপেক্ষা কৰিছে

Story by  atv | Posted by  Munni Begum • 21 d ago
কণ্ঠশিল্পী শিৱানী সিং আৰু তেওঁৰ স্বামী গোলাম হাছান
কণ্ঠশিল্পী শিৱানী সিং আৰু তেওঁৰ স্বামী গোলাম হাছান
 
তৃপ্তি নাথ/নতুন দিল্লী
 
উত্তৰ প্ৰদেশৰ ৰামপুৰৰ এটা মুছলমান সংগীতজ্ঞৰ পৰিয়ালত বিয়া হৈছে দিল্লীৰ গজল গায়িকা শিৱানী সিং। ঈদৰ পৰম্পৰাগত মিঠা খাদ্য ছেৱাই সুস্বাদুভাৱে ৰান্ধি তেওঁ পৰিয়ালটোৰ হৃদয় জয় কৰিছে। স্বামী আৰু পৰিয়ালৰ অন্য সদস্যসকলে তেওঁৰ ৰন্ধন প্ৰকৰণ শৈলীক ১০ৰ ভিতৰত ১০ নম্বৰ দিছে।
 
শিৱানী, তেওঁৰ আদবয়সীয়া খ্ৰীষ্টান শাহুৱেক ৰোমা আব্বাছ খান আৰু তেওঁৰ মুছলমান স্বামী গুলাম হাছান খানে পাকঘৰৰ কামবোৰ ভগাই লৈ ঈদ-উল-ফিতৰত ঘৰলৈ অহা অতিথিসকলক উত্তম খাদ্য পৰিবেশন কৰে। 
 
তেওঁলোকৰ প্ৰত্যেকেই কিছুমান নিৰ্দিষ্ট ব্যঞ্জনৰ ওপৰত বিশেষ দক্ষতা আয়ত্ত কৰিছে। এই দৃষ্টান্তমূলক ঐক্যৰে তেওঁলোকে দক্ষিণ দিল্লীৰ নেব চৰাইত থকা নিজৰ ঘৰত অতিথিসকলৰ বাবে এক স্মৰণীয় ঈদৰ ভোজ আয়োজন কৰে।
 
এইটো সঁচাকৈয়ে এটা অসাধাৰণ পৰিয়াল, যিয়ে কেৱল একেলগে গান গোৱাই নহয়, ঈদ-উল-ফিতৰ, হোলী, দীপাৱলী, খ্ৰীষ্টমাছ আৰু কৰবা চৌথ উদযাপন কৰে। দৈনিক ৰিয়াজৰ বাবেই তেওঁলোকৰ ওচৰ-চুবুৰীয়াই পুৱাই এক সতেজ সংগীতৰ সোৱাদ লাভ কৰে। 
 
শিৱনী সিঙে যোৱা বছৰ স্বামী সৈতে দীপাৱলী উদযাপন কৰি থকা এক দৃশ্য
 
উল্লেখ্য যে, হিন্দুস্তানী কণ্ঠশিল্পী স্বামী গুলাম হাছান আৰু তেওঁৰ মাতৃৰ সৈতে শিৱানী সিঙৰ এইটো হ'ব পঞ্চম ঈদ। যোৱা বছৰ কেইটাত শিৱানীয়ে ঈদৰ সুস্বাদু খাদ্যসমূহ নিখুঁতকৈ প্ৰস্তুত কৰাৰ কৌশল আয়ত্ব কৰিছে। 
 
“মই ধেমালি কৰা নাই বা কেৱল মোৰ পত্নীক প্ৰশংসা কৰা নাই, কিন্তু শিৱানীয়ে প্ৰস্তুত কৰা ছেৱাই মোৰ মা, মোৰ আইতা আৰু দেউতাই খুৱ পচন্দ কৰে। আইতাৰ পৰা অনুমোদন লাভ কৰাটো ইমান সহজ নহয়,’’ ২০০ বছৰীয়া ৰামপুৰ সাহাছৱান ঘাৰাণাৰ খায়াল গায়কিৰ প্ৰতিষ্ঠাপক গোলাম হাছানে কয়।
 
বেনাৰস ঘৰৰ পণ্ডিত ভোলানাথ মিশ্ৰৰ পৰা সংগীত শিকি অহা শিৱানীয়ে সংগীতত ডক্টৰেট ডিগ্ৰী লাভ কৰাৰ সময়ত ৰন্ধা-বঢ়া কৰাৰ লগতে সংগীত শিকোৱাৰ সময় বিচাৰি উলিয়ায়। 
 
শাহুৱেকক অনুসৰণ কৰি ঈদৰ বিশেষ খাদ্য বনাবলৈ শিকা শিৱানীয়ে কয়, “মই ক্ৰমান্বয়ে পৰিয়ালৰ পৰম্পৰাৰ সৈতে পৰিচিত হ’লোঁ। ঈদৰ সময়ত খাদ্য বনোৱাৰ কাম কৰিব লাগিব বুলি মই আগৰে পৰা জানিছিলোঁ। ৰামপুৰৰ মানুহে সুস্বাদু খাদ্যৰ প্ৰতি অতি আকৰ্ষিত। 
 
তেওঁলোকৰ ৰাজকীয় ৰুচি আছে। গতিকে, খাদ্য প্ৰস্তুতত নিখুঁত হোৱাটো অতি আৱশ্যক। মোৰ শাহু মাই চিকেন কোৰ্মা বৰ ভালকৈ বনায়।’’
 
পোহৰৰ উৎসৱ দিপাৱলী উদযাপন শিবানী সিঙৰ
 
পৰিয়ালটোৱে ৰমজান মাহটো সূৰ্য উদয়ৰ পৰা সূৰ্যাস্তলৈকে ৰোজা ৰাখি এতিয়া ঈদ-উল-ফিটৰ উৎসৱ উদযাপন কৰিবলৈ আগ্ৰহেৰে অপেক্ষা কৰিছে। ইছলামিক কেলেণ্ডাৰৰ নৱম মাহৰ ৰমজানৰ ইছলামিক পৰম্পৰাত বিশেষ তাৎপৰ্য আছে, কাৰণ এই সময়ত মুছলমানসকলে আধ্যাত্মিক শান্তিৰ অনুভূতি বিচাৰে।
 
ঈদ-উল-ফিটৰৰ অৰ্থ হৈছে ৰোজা ভংগৰ উৎসৱ। এই দিনটোত মানুহে নতুন কাপোৰ পিন্ধে, সুস্বাদু খাদ্য প্ৰস্তুত কৰে, দান-বৰঙণি আগবঢ়ায় আৰু পৰিয়াল আৰু বন্ধু-বান্ধৱীক শুভেচ্ছা জনায়।
 
অভিনয়ৰ বাবে আৰু মাকৰ অসুস্থতাৰ বাবে ৰমজান মাহটো অতি ব্যস্ততাৰে পাৰ কৰা গুলাম হাছান খানে ঈদৰ দিনা জামা মছজিদলৈ যাব বুলি কয়। এই কথাই তেওঁক সকাহ দিছে যে তেওঁৰ মাক ৰোমা ভালে-কুশলে আছে আৰু ঈদত তেওঁ সকলোৰে বাবে কোৰ্মা বনাব পাৰিব বুলি আশা কৰিছে। 
 
উল্লেখ্য যে, ৰোমাই ৮০ৰ দশকৰ আৰম্ভণিতে ৰামপুৰ সাহাছৱান ঘাৰাণাৰ উস্তাদ হাফিজ আহমেদ খানৰ পৰা সংগীত শিকিছিল। ১৯৮৩ চনৰ পৰা ২০০৯ চনলৈ গায়িকা হিচাপে সক্ৰিয় হৈ থকা ৰোমাই ৰাজহুৱা স্থানত গান গোৱা বন্ধ কৰা কিছুদিন হ’ল যদিও ৰন্ধন প্ৰণালীৰ প্ৰতি থকা প্ৰেম অব্যাহত আছে। তেওঁ চিকেন কোৰ্মা প্ৰস্তুত কৰি আৰু আনক খুৱাই খুব ভাল পায়।  
 
গুলামে লগতে কয়, “আমাৰ এক ‘চুন্নত’ৰ ধাৰণা আছে য’ত প্ৰতি ঈদ-উল-ফিতৰত এজন পুৰুষে পত্নীৰ বাবে পৰম্পৰাগত সাজ-পোছাক আৰু খাৰু কিনাটো বাধ্যতামূলক। ইয়াৰ বাবে মই বজাৰ কৰিলো।"
 
ইফালে, শিৱানীয়ে কয় যে হংকঙত বাস কৰা স্বামীৰ পৈতৃক পেহীয়েকে ইউ পি আইৰ জৰিয়তে তেওঁক ইডি (Eidi) পঠিয়াইছিল।’ তেওঁ কয় যে তেওঁলোকে সদায় ঘৰতে চকলেট আৰু মিঠাই ৰাখে যাতে শিশুসকলক ইডি (Eidi) হিচাপে উপহাৰ দিয়ে।
 
স্বামীৰ সৈতে হোলী উদযাপন কৰি থকা শিৱানী সিং
 
তেওঁলোকৰ ঘৰত পৰম্পৰাৰ কথা কওঁতে গুলামে কয়, “আমাৰ ঘৰত খাদ্য আৰু জাকাত (দান)ৰ ওপৰত খুৱ গুৰুত্ব দিয়া হয়। যোৱা বছৰ ওচৰৰ চাইদুলা জাব মছজিদত নামাজ পঢ়ি জাকাত কৰিবলৈ গৈছিলো। যিকোনো মছজিদত এই কাম কৰিব পাৰি। টোকেন দি জাকাতৰ কুপন ভৰাই দিবলৈ কয়। তাৰ পিছত, এই নামেৰে কোনো ব্যক্তিয়ে এই মূল্যৰ জাকাত দিয়া বুলি অৱগত কৰা হয় আৰু তাৰ পিছত মছজিদে সেই মূল্যৰ কাপোৰ আৰু খাদ্য দুখীয়াক দিয়ে।’’
 
শিৱানীয়ে কয় যে ঈদৰ সমান উৎসাহেৰে হিন্দু উৎসৱ হোলী আৰু দীপাৱলী পালন কৰা এটা পৰিয়ালত বিবাহপাশত আবদ্ধ হোৱাটো তেওঁৰ বাবে সৌভাগ্যৰ কথা। ‘আমি ঘৰত দীপাৱলী আৰু সৰস্বতী পূজা কৰো, য’ত মোৰ স্বামী আৰু শাহুৱেও অংশগ্ৰহণ কৰে।’’-তেওঁ কয়। 
 
শিৱানীৰ মতে প্ৰতিটো ধৰ্মৰ নিজস্ব আকৰ্ষণ আছে। তেওঁ আৰু তেওঁৰ স্বামীয়ে প্ৰায়ে ছাত্ৰ-ছাত্ৰীৰ সৈতে বিভিন্ন ধৰ্মীয় স্থানলৈ যায়। "শেহতীয়াকৈ আমি চাৰিজন ছাত্ৰ-ছাত্ৰীৰ সৈতে দিল্লীৰ বাংলা চাহাব গুৰদ্বাৰালৈ গৈছিলো। আমি গুৰুদ্বাৰাত যিমান আধ্যাত্মিক সান্ত্বনা লাভ কৰিছিলো সিমানেই আন যিকোনো আৰাধনা স্থলীত লাভ কৰো।''-শিৱানীয়ে কয়।