প্ৰশাসনিক বিষয়া আনিছা নবীৰ ফিটনেছৰ প্ৰেৰণাদায়ক কাহিনী

Story by  atv | Posted by  [email protected] • 5 h ago
প্ৰশাসনিক বিষয়া আনিছা নবী
প্ৰশাসনিক বিষয়া আনিছা নবী
 
ডানিছ আলী

জম্মু আৰু কাশ্মীৰ প্ৰশাসনিক সেৱাৰ (জেকেএএছ) ২০১২-১৩ বেটচৰ বিষয়া আনিছা নবী বৰ্তমান যুৱ সেৱা আৰু ক্ৰীড়া বিভাগৰ অধীনত জম্মু আৰু কাশ্মীৰ ক্ৰীড়া পৰিষদৰ মুখ্য ক্ৰীড়া বিষয়া হিচাপে কাৰ্যনিৰ্বাহ কৰি আছে। 

প্ৰকৃতাৰ্থত তেওঁৰ কাহিনী প্ৰশাসনিক সেৱাৰ প্ৰাংগণৰ বাহিৰলৈ বিস্তৃত হৈ আছে। প্ৰায়ে ফাইল, নীতি-নিয়ম আৰু অন্তহীন বৈঠকৰ দ্বাৰা নিৰ্ধাৰিত এক আমোলাতান্ত্ৰিক পৰিবেশত আনিছা নবীয়ে প্ৰশাসনিক দক্ষতা আৰু এথলেটিকছৰ আবেগক একত্ৰিত কৰি এক ব্যতিক্ৰমী ব্যক্তি হিচাপে আত্মপ্ৰকাশ কৰিছে।

আনিছাৰ এই যাত্ৰা কেৱল এগৰাকী প্ৰশাসক হিচাপে নহয়, এগৰাকী ক্ৰীড়াবিদ, পৰামৰ্শদাতা আৰু সমাজ নিৰ্মাতা হিচাপেও দৃঢ়তা, অধ্যৱসায় আৰু প্ৰেৰণাৰ প্ৰতীক।  তেওঁ জম্মু-কাশ্মীৰত মহিলা আৰু ফিটনেছক লৈ প্ৰচলিত ধাৰণা সলনি কৰিবলৈ সক্ষম হৈছে। জম্মু-কাশ্মীৰৰ ক্ৰীড়া পৰিষদৰ দায়িত্ব লোৱাৰ পূৰ্বে আনিছা নবীয়ে অসামৰিক সচিবালয়, ৰাজহ, ৰাজ্যিক কৰ, ৰাষ্ট্ৰীয় গ্ৰাম্য জীৱিকা অভিযান আৰু গ্ৰাম্য উন্নয়ন বিভাগকে ধৰি বিভিন্ন বিভাগত গুৰুত্বপূৰ্ণ পদত কাৰ্যনিৰ্বাহ কৰিছিল।
 

শাৰীৰিক অনুশীলনৰ সময়ত আনিছা নবী
 
প্ৰশাসনত দক্ষতা আৰু গতিশীলতাৰ বাবে জনাজাত আনিছা নবীয়ে একে সময়তে ক্ৰীড়াৰ প্ৰতি তেওঁৰ আকৰ্ষণ বৃদ্ধি কৰিছিল। তেওঁ পুৱা প্ৰায়ে কামলৈ যোৱাৰ পূৰ্বে দৌৰে। "প্ৰশাসনিক দায়িত্ব আৰু ক্ৰীড়াৰ মাজৰ এটা বাছনি কৰাৰ কথা কেতিয়াও মই ভবা নাছিলো। মোৰ এটাই মাথো উদ্দেশ্য আছিল এথলেটিকছৰ পৰা ৰাজহুৱা প্ৰশাসন ব্যৱস্থালৈ অনুশাসন আৰু ৰাজহুৱা সেৱাৰ পৰা মোৰ ক্ৰীড়া ক্ষেত্ৰলৈ সহানুভূতি কঢ়িয়াই অনা।"-তেওঁ কয়।

উল্লেখ্য যে, এগৰাকী অভিজ্ঞ এথলীট হিচাপে আনিছাই ৰাজ্যিক আৰু ৰাষ্ট্ৰীয় পৰ্যায়ত বহুতো হ্ৰস্ব আৰু দীৰ্ঘ দূৰত্বৰ দৌৰত অংশগ্ৰহণ কৰিছে। তেওঁৰ কৃতিত্বৰ ভিতৰত অন্যতম হৈছে ৰাজ্যিক মাষ্টাৰ এথলেটিক চেম্পিয়নশ্বিপত ১০০ মিটাৰ আৰু ২০০ মিটাৰ দৌৰত স্বৰ্ণ পদক, আৰু অল ইণ্ডিয়া মাষ্টাৰ এথলেটিক চেম্পিয়নশ্বিপত ৮০০ মিটাৰ দৌৰত ৰূপৰ পদক।

তেওঁ বেদান্তা দিল্লী হাফ মাৰাথন, টাটা মুম্বাই মাৰাথন, আৰু ডুবাই মাৰাথনকে ধৰি বিশ্বৰ কেইবাখনো সন্মানীয় হাফ মাৰাথন সফলতাৰে সম্পন্ন কৰিছে।
 

কাৰ্যালয়ত আনিছা নবী
 
প্ৰতিযোগিতামূলক দৌৰৰ বাহিৰেও আনিছাই সামাজিক কাম-কাজতো আগৰণুৱা হয়। মহিলাৰ স্বাস্থ্য, শিক্ষা আৰু সৱলীকৰণত মনোনিৱেশ কৰা বহুতো সজাগতা ৰানৰ বাবে তেওঁ এগৰাকী ৰাষ্ট্ৰদূত হিচাপে কাৰ্যনিৰ্বাহ কৰিছে আৰু তেওঁ ফিট ইণ্ডিয়া মুভমেণ্টৰ ৰাষ্ট্ৰদূত হিচাপে আনুষ্ঠানিকভাৱে স্বীকৃত হৈছে। এই ভূমিকাই যুৱক-যুৱতী আৰু বৃহত্তৰ সম্প্ৰদায়ৰ মাজত সুস্থতা আৰু ফিটনেছক প্ৰচাৰ কৰাৰ প্ৰতি তেওঁৰ প্ৰতিশ্ৰুতিৰ কথা প্ৰতিফলিত কৰে।

যি অঞ্চলত ক্ৰীড়াত মহিলাৰ অংশগ্ৰহণ প্ৰায়ে সাংস্কৃতিক আৰু সামাজিক বাধাৰ দ্বাৰা সীমাবদ্ধ, তেনে অঞ্চলত আনিছাই সকলো নিষেধাজ্ঞা অতিক্ৰম কৰিছে। বক্তৃতা বা অভিযানৰ জৰিয়তে নহয়, আক্ষৰিক অৰ্থত সন্মুখৰ পৰা নেতৃত্ব দি তেওঁ সমাজৰ সকলো বাধা অতিক্ৰম কৰিবলৈ সক্ষম হৈছে। 

তেওঁৰ আটাইতকৈ প্ৰভাৱশালী পদক্ষেপসমূহৰ ভিতৰত অন্যতম হৈছে ৱান্দ্ৰ'জ ৱমেন কমিউনিটি, যিটো তেওঁ সমগ্ৰ জম্মু আৰু কাশ্মীৰৰ মহিলাসকলক স্বাস্থ্যকৰ জীৱনশৈলী গ্ৰহণ কৰিবলৈ অনুপ্ৰাণিত কৰিবলৈ প্ৰতিষ্ঠা কৰা এক ফিটনেছ-বিষয়ক আন্দোলন। এই প্লেটফৰ্মৰ জৰিয়তে ফিটনেছ গাইডেন্স, মানসিক স্বাস্থ্যৰ সজাগতা, আৰু প্ৰেৰণাদায়ক কাহিনী শুনোৱা হয়। এই সকলোবোৰ মহিলাসকলৰ বাবে এক সহায়ক নেটৱৰ্ক গঢ়ি তোলাৰ লক্ষ্যৰে কৰা হৈছে, যিসকলৰ বহুতেই তেওঁলোকৰ জীৱনত প্ৰথমবাৰৰ বাবে ক্ৰীড়া ক্ষেত্ৰখনত খোজ দিছে। 

"মহিলাসকলৰ বাবে ই এক নিৰাপদ স্থান য'ত মহিলাসকলে ইজনে সিজনক উৎসাহিত কৰে, নিজৰ আভ্যন্তৰীণ শক্তি আৱিষ্কাৰ কৰে, আৰু আজিৰ পৃথিৱীত ফিট হৈ থকাৰ অৰ্থ কি তাক পুনৰ লিখিবলৈ আৰম্ভ কৰে", আনিছাই আৱাজ-দ্য ভইচক কয়।

জম্মু আৰু কাশ্মীৰৰ পিকলবল এম্বেছেডৰ (Pickleball Ambassador) হিচাপে আনিছাই এই অঞ্চলত দ্ৰুত বিকাশশীল ৰেকেট ক্ৰীড়াক জনপ্ৰিয় কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে। তেওঁৰ এই অংশগ্ৰহণে জম্মু আৰু কাশ্মীৰৰ ক্ৰীড়া আন্তঃগাঁথনি আৰু সা-সুবিধাসমূহৰ বৈচিত্ৰতা বৃদ্ধিৰ ক্ষেত্ৰত ব্যাপক প্ৰতিশ্ৰুতিক প্ৰতিফলিত কৰে। 
 

এথলেটিকছৰ ট্ৰেকত আনিছা নবী
 
সময়ৰ লগে লগে আনিছাৰ আবেগ এডভেঞ্চাৰ স্প'ৰ্টছ আৰু আউটড'ৰ চেলেঞ্জলৈ সম্প্ৰসাৰিত হয়, আৰু ই তেওঁক এক বহুমুখী ফিটনেছ অনুৰাগী কৰি তোলে। হিমালয়ৰ ট্ৰেকিং হওক বা কমিউনিটি মাৰাথন আয়োজন হওক, তেওঁ সকলো কামতে অতুলনীয় শক্তি আৰু নেতৃত্বৰ পৰিচয় দাঙি ধৰে।

মুখ্য ক্ৰীড়া বিষয়া হিচাপে আনিছা নবীয়ে জম্মু আৰু কাশ্মীৰৰ ক্ৰীড়া ভৱিষ্যত গঢ়ি তুলিবলৈ সক্ষম হৈছে। এগৰাকী বিষয়া আৰু এগৰাকী ক্ৰীড়াবিদ হিচাপে তেওঁৰ দ্বৈত পৰিচয়ে তেওঁক ক্ৰীড়াৰ আন্তঃগাঁথনি উন্নত কৰা আৰু ক্ৰীড়াবিদসকলৰ কল্যাণক উৎসাহিত কৰাৰ পৰা আৰম্ভ কৰি ক্ৰীড়াত অধিক অন্তৰ্ভুক্তিমূলক অংশগ্ৰহণক উৎসাহিত কৰে। বিশেষকৈ মহিলা আৰু যুৱক-যুৱতীসকলৰ মাজত বহুতো পদক্ষেপৰ প্ৰতি অন্তৰ্দৃষ্টি আৰু সহানুভূতিৰে বৰঙণি আগবঢ়াবলৈ সক্ষম কৰে।

তেওঁৰ কাহিনী কেৱল ব্যক্তিগত সফলতাৰ কাহিনী নহয়। এয়া হৈছে চৰকাৰী কাৰ্যালয়ৰ চাৰিবেৰ ভাঙি ডাঙৰ সপোন দেখাৰ পথ মুকলি কৰাৰ এক প্ৰেৰণাদায়ী কাহিনী। সামাজিক আৰু সাংস্কৃতিক দিশত কাশ্মীৰৰ বিকাশ অব্যাহত থকাৰ সময়তে আনিছা নবীৰ দৰে মহিলাসকলে শক্তিশালী কণ্ঠ হিচাপে থিয় দিছে যে ফিটনেছ, নেতৃত্ব আৰু ৰাজহুৱা সেৱা পৃথক পথ নহয়, ই একে পথৰ যাত্ৰী। তেওঁৰ প্ৰতিটো সাহসী পদক্ষেপেই অসম্ভৱক সম্ভৱ কৰিছে আৰু সপোনৰ পৰিধিক নতুনকৈ সংজ্ঞায়িত কৰিছে।