বিষাদ-বেদনাৰে অন্ত পৰিল বিশ্বকাপ ! ফাইনেলত থমকিল টীম ইণ্ডিয়া; অষ্ট্ৰেলিয়াৰ শিৰত জিলিকিল চেম্পিয়নৰ মুকুট

Story by  atv | Posted by  [email protected] • 11 Months ago
জয়ৰ আনন্দত মতলীয়া অষ্ট্ৰেলিয়া
জয়ৰ আনন্দত মতলীয়া অষ্ট্ৰেলিয়া

 

আৱাজ দ্য ভইচ অসম ব্যুৰ'

সপোন আছিল দেশবাসীক তৃতীয়টো বিশ্বকাপ উপহাৰ দিয়াৰ। কিন্তু টীম ইণ্ডিয়াৰ সন্মুখত পুনৰ বাধা হৈ থিয় দিলে অষ্ট্ৰেলিয়া। ২০০৩ৰ পুনৰাবৃত্তি ঘটাই কেংগেৰু বাহিনীয়ে ষষ্ঠবাৰৰ বাবে জয় কৰিলে বিশ্বকাপ।  

২০ বছৰ পুৰণি সেই বিষাদ-বেদনাৰো কোনো অন্ত নপৰিল। দেশবাসীয়ে গৌৰৱৰ নিশা উদযাপন কৰাৰ কৰা আছিল যদিও অষ্ট্ৰেলিয়াৰ পৰাক্ৰমৰ সন্মুখত ধূলিস্যাত্‍ হ'ল ভাৰতৰ সমস্ত আশা। প্ৰতিশোধৰ যুঁজত সহজে হাৰ মানিলে ৰোহিত শৰ্মা, বিৰাট কোহলিহঁতে। ১২ বছৰ ধৰি আইচিচি ট্ৰফীৰ সন্ধানত থকা টীম ইণ্ডিয়াৰ সন্ধান শেষ নহ'ল। 

আহমেদাবাদৰ নৰেন্দ্ৰ মোডী ষ্টেডিয়ামত অষ্ট্ৰেলিয়াৰ হাতত ভাৰতে আজি ৬ উইকেটত পৰাজয় স্বীকাৰ কৰি ৰাণাৰ্ছ-আপতে সন্তুষ্ট থাকিবলগীয়া হয়। এই বিশ্বকাপত ভাৰতে এখনো মেচত পৰাস্ত হোৱা নাছিল। কিন্তু যিখনত পৰাস্ত হ'ল, সেইখনেই আছিল বিশ্বকাপৰ ফাইনেল।

প্ৰথমে বেটিং কৰি মাত্ৰ  ২৪০ ৰানত ইনিংছ সামৰাৰ সময়তে প্ৰকৃতাৰ্থত ভাৰতৰ বিশ্বজয়ৰ আশা বহুলাংশে নিৰ্বাপিত হৈছিল। গোটেই প্ৰতিযোগিতাখনত ভাৰতীয় বেটেছমেনৰ পৰাক্ৰমে বিপক্ষক আতংকিত কৰিছিল যদিও প্ৰত্যাশাৰ চাঁপে আজি খেল সলনি কৰে ৰোহিত শৰ্মা, বিৰাট কোহলি, শুভমন গীল, লোকেশ ৰাহুল, শ্ৰেয়াছ আয়াৰ, সূৰ্যকুমাৰ যাদৱৰ। ১৩০ কোটি দৰ্শকেৰে ঠাহ খাই থকা নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত কোনো এজন ভাৰতীয়ই আজি সুনাম অনুসৰি খেলিব নোৱাৰিলে। 

বেটছমেনৰ অনাকাংক্ষিত প্ৰদৰ্শনৰ পিছত ভাৰতৰ শেষ আশা আছিল বলাৰৰ ওপৰত। ইতিমধ্যে গোটেই প্ৰতিযোগিতাখনত বুমৰাহ আৰু ছামিয়ে দুৰ্দান্ত বলিঙেৰে মেচৰ গতি সলনি কৰি ভাৰতলৈ জয় কঢ়িয়াই আনিছিল। কিন্তু ফাইনেলৰ চাঁপত তেওঁলোকেও আজি স্বাভাৱিক ছন্দ হেৰুৱায়। 

টীম ইণ্ডিয়াক ফাইনেলত স্তব্ধ কৰি ষষ্ঠবাৰৰ বাবে বিশ্বজয় কৰাত মুখ্য ভূমিকা গ্ৰহণ কৰে অষ্ট্ৰেলিয়াৰ বাঁওহতীয়া অপেনাৰ ট্ৰেভিছ হেডে। তেওঁ দলটোৰ প্ৰাৰম্ভিক বিপৰ্যয় ৰোধ কৰি ১৩৭ ৰানৰ দৰ্শনীয় শতকীয় ইনিংছ খেলে। এটা সময়ত অষ্ট্ৰেলিয়াই ৪৭ ৰানৰ ভিতৰত ৩টা উইকেট হেৰুৱাই চাঁপৰ সন্মুখীন হৈছিল যদিও ট্ৰেভিছ হেডে মাৰ্নাছ লাবুছেনক সংগী কৰি দলটোক স্মৰণীয় আৰু ঐতিহাসিক জয়ৰ দিশে আগুৱাই লৈ যায়। লাবুছেন ৫৮ ৰানত অপৰাজিত হৈ ৰয়।

ইফালে, ষ্টেডিয়ামত উপস্থিত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে ফাইনেলত পৰাস্ত হ'লেও ভাৰতৰ প্ৰতিগৰাকীয়ে খেলুৱৈয়ে বিশ্বকাপত সুন্দৰ প্ৰদৰ্শনেৰে দেশবাসীক গৌৰবান্বিত কৰিছে।