জিকিৰ আৰু জাৰি পৰিৱেশন কৰি দেশৰ ভিতৰতে শীৰ্ষস্থান লাভ কৰিলে নাবিহা ৰহমানে

Story by  Munni Begum | Posted by  [email protected] • 11 Months ago
ব্যতিক্ৰমী প্ৰতিভাৰ গৰাকী নাজিৰাৰ নাবিহা ৰহমান
ব্যতিক্ৰমী প্ৰতিভাৰ গৰাকী নাজিৰাৰ নাবিহা ৰহমান
 
মুন্নী বেগম / গুৱাহাটী
 
কেন্দ্ৰীয় চৰকাৰৰদ্বাৰা অনুষ্ঠিত সাংস্কৃতিক প্ৰতিভা সন্ধানী স্ক'লাৰশ্বিপ আঁচনি (CULTURAL TALENT SEARCH SCHOLARSHIP SCHEME)ৰ অধীনত অনুষ্ঠিত হোৱা পৰীক্ষাত দেশৰ ভিতৰতে শীৰ্ষস্থান লাভ কৰিবলৈ সক্ষম হৈছে অসমৰ ১৩ বছৰীয়া নাবিহা ৰহমানে। নাবিহাৰ এনে সাফল্যৰ অন্য এটি গুৰুত্বপূৰ্ণ দিশ হৈছে যে তেওঁ এই পৰীক্ষাত জিকিৰ আৰু জাৰি পৰিবেশন কৰিছিল। জিকিৰ আৰু জাৰি পৰিবেশন কৰি এনে স্ক'লাৰশ্বিপ লাভ কৰা নাবিহা হৈছে অসমৰ প্ৰথম ব্যক্তি। এই আঁচনিৰ অধীনত আগন্তুক তিনি বছৰলৈ নাবিহাই প্ৰতিমাহে ১২০০ৰ পৰা ১৫০০ টকাকৈ জলপানি লাভ কৰিব।  
 
মাত্ৰ কেইটামান বছৰতে ঈৰ্ষনীয় সাফল্য লাভ কৰিবলৈ সক্ষম হোৱা নাবিহাৰ পিতৃ চৈয়দ মইনুৰ ৰহমানে কয় যে ২০১৮ চনৰ পৰা নাবিহাই প্ৰায় পাঁচৰ পৰা সাতগৰাকী ছোৱালীৰে গঠিত জিকিৰৰ এটি গোটক নেতৃত্ব দি আহিছে। আৰু তেতিয়াৰে পৰা সকলো জিকিৰ প্ৰতিযোগিতাতে তেওঁলোকৰ দলটোৱে প্ৰথম অথবা দ্বিতীয় পুৰস্কাৰ লাভ কৰিবলৈ সক্ষম হৈছে। 
 
ব্যতিক্ৰমী প্ৰতিভাৰ গৰাকী নাজিৰাৰ নাবিহা ৰহমান
 
শেহতীয়াকৈ নাবিহাই কেন্দ্ৰীয় চৰকাৰৰদ্বাৰা অনুষ্ঠিত সংস্কৃতিক প্ৰতিভা সন্ধানী স্ক'লাৰশ্বিপ আঁচনিৰ অধীনত অনুষ্ঠিত পৰীক্ষাত জিকিৰ-জাৰি পৰিবেশন কৰি সমগ্ৰ দেশৰ ভিতৰতে শীৰ্ষস্থান লাভ কৰিছে। এই পৰীক্ষা ২০২১ চনৰ ১৬ ফেব্ৰুৱাৰীত অনুষ্ঠিত হৈছিল। নাবিহাই অগন্তুক তিনি বছৰলৈ ১২০০ৰ পৰা ১৫০০ টকালৈ এই জলপানি লাভ কৰিব আৰু আগন্তুক তিনি বছৰলৈ এয়া লাভ কৰি থাকিব। এই সময় ওকলি যোৱাৰ পিছত নাবিহাই পুনৰ জলপানিৰ বাবে একেটা পৰীক্ষাত অৱতীৰ্ণ হ'ব লাগিব।"
 
শ্ৰেণীকোঠাত শীৰ্ষস্থান দখল কৰাৰ লগতে গীত, নৃত্য, কুংফু, কোৰাণ পাঠ আদিৰ উপৰিও সকলো প্ৰতিযোগিতাত উন্নতমানৰ প্ৰদৰ্শন দেখুৱা বিৰল প্ৰতিভাৰ গৰাকী নাবিহা ৰহমানে কেন্দ্ৰীয় চৰকাৰৰদ্বাৰা অনুষ্ঠিত সংস্কৃতিক প্ৰতিভা সন্ধানী স্ক'লাৰশ্বিপ আঁচনিৰ অধীনত অনুষ্ঠিত পৰীক্ষাত সমগ্ৰ দেশৰ ভিতৰতে শীৰ্ষস্থান লাভ কৰি অসমলৈ গৌৰৱ কঢ়িয়াই আনিছে।
 
উল্লেখ্য যে, অনন্য ক্ষেত্ৰত প্ৰতিভা প্ৰমাণ দিয়াৰ লগতে অধ্যয়নতো পাৰদৰ্শিতা প্ৰদৰ্শন কৰা নাবিহাই হজৰত মহম্মদৰ ওপৰত ভাষণ প্ৰতিযোগিতাত পুৰস্কাৰ লাভ কৰি বিশেষ দক্ষতা প্ৰদৰ্শন কৰিবলৈ সক্ষম হয়। তেওঁ চৰাইদেউ গ্লোবেল নিউজ ৱৰ্ল্ডৰ দ্বাৰা আয়োজিত এখন অসমভিত্তিক অনলাইন কবিতা আবৃত্তি প্ৰতিযোগিতাত দ্বিতীয় পুৰস্কাৰ লাভ কৰিছে। 
 
বৰগীত পৰিবেশন কৰা মুহূৰ্তত নাবিহা ৰহমান
 
নাবিহাৰ পিতৃ চৈয়দ ৰহমানে কয়, "এই পৰীক্ষাটো অতি কঠিন হোৱা হেতুকে অৱতীৰ্ণ হোৱাৰ পূৰ্বে নাবিহাৰ বয়স অতি কম হোৱা হেতুকে বহু শুভাকাঙ্খীয়ে নাবিহাক বাধা দিছিল। এই পৰীক্ষাৰ বাবে দেশৰ বিভিন্ন ৰাজ্যৰ মুঠ ২৮৯৮ গৰাকী প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰিছিল আৰু ইয়াৰে ভিতৰত মুঠ ৫৩৯ গৰাকী উত্তীৰ্ণ হৈছে। কিন্তু অনলাইনযোগে অনুষ্ঠিত এই প্ৰতিযোগিতাত নাবিহাই শীৰ্ষস্থান লাভ কৰিছে।" 
 
জিকিৰ শিল্পী নাছিৰুদ্দিন আহমেদ আৰু অনাতাঁৰ শিল্পী খনিন পাটৰ অধীনত জিকিৰৰ প্ৰশিক্ষণ লাভ কৰি থকা নাজিৰাৰ মাৰ্কাজ একাডেমীৰ পঞ্চম শ্ৰেণীৰ ছাত্ৰী নাবিহাই উত্তৰ-পূব ভাৰত এমাৰত চৰিয়াৰ মুক্তাৱ ফাইনেল পৰীক্ষাত শিৱসাগৰ জিলাৰ নাজিৰা সদৰ মছজিদৰ পৰা ৬ জন ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহণ কৰিছিল আৰু নাবিহা ৰহমান প্ৰথমস্থান লাভ কৰিবলৈ সক্ষম হৈছে।
 
নাবিহাৰ ভৱিষ্যত পৰিকল্পনা সন্দৰ্ভত চৈয়দ ৰহমানে কয়, "নাবিহাই সকলো কামেই নিয়মানুৱৰ্তিতা ৰক্ষা কৰি সম্পন্ন কৰে। বাহিৰা কামবোৰে তাইৰ পঢ়াত কোনোধৰনৰ ব্যাঘাত জন্মোৱা নাই। প্ৰতিটো পৰীক্ষাতে তাই ৯৬ৰ পৰা ৯৮ শতাংশ নম্বৰ লাভ কৰিবলৈ সক্ষম হয়। নাবিহাই স্কুলৰ সকলো খেলতে অংশগ্ৰহণ কৰে আৰু পাৰদৰ্শিতা দেখুৱাই ট্ৰফী কঢ়িয়াই আনে। তাই নিজৰ বিদ্যালয়ৰ সাংস্কৃতিক অনুষ্ঠান আৰু অন্যান্য কাৰ্যসূচীতো অংশগ্ৰহণ কৰি আহিছে। নাবিহাই ভৱিষ্যতে জিকিৰৰ ক্ষেত্ৰখনত আগবাঢ়ি যাব বিচাৰে আৰু নিজকে এগৰাকী শিল্পী হিচাপে প্ৰতিষ্ঠা কৰিব বিচাৰে।" 
 
নাবিহা ৰহমানে অংশগ্ৰহণ কৰা অসমীয়া চৈয়দ কল্যান ন্যাসৰ উদ্যোগত পদ্মভূষন চৈয়দ আব্দুল মালিক আৰু সমাজকৰ্মী প্ৰয়াত চৈয়দা আছিয়া খাতুনৰ সোঁৱৰণীত কটন বিশ্ববিদ্যালয়ত অনুষ্ঠিত জিকিৰৰ কৰ্মশালাৰ এক দৃশ্য
 
উল্লেখ্য যে, এই নাবিহাৰ ব্যতিক্ৰমী প্ৰতিভাৰ আঁৰত এক সংখ্যাতত্ত্ব জড়িত হৈ আছে। সংখ্যাবিশেষজ্ঞৰ মতে,  শিৱসাগৰ জিলাৰ নাজিৰাস্থিত ইষ্ট পইণ্ট হস্পিতালৰ ১১১ সংখ্যক কোঠাত নাবিহাই ১১.১১.২০১১ তাৰিখে জন্ম লাভ কৰিছিল। চিকিৎসালয়খনৰ চিকিৎসক দিলীপ গগৈয়ে কিশোৰীগৰাকীৰ পিতৃ চৈয়দ মইনুৰ ৰহমান আৰু মাতৃ নাফিয়া হকক কৈছিল যে নাবিহা আছিল সেইদিনা জিলাখনত জন্ম লাভ কৰা ১১ সংখ্যক কন্যা শিশু। 
 
একেদৰে, নাবিহাৰ জন্ম হৈছিল হিন্দু-মুছলমান উভয়ৰে বাবে পবিত্ৰ বুলি পৰিচিত এটা বিশেষ দিনত। সেইদিনা আছিল হিন্দু সকলৰ পবিত্ৰ দিন ৰাস পূৰ্ণিমা আৰু মছলমানসকলৰ শুভ দিন শুকুৰবাৰ। সেইদিনা ৰাষ্ট্ৰীয় শিক্ষা দিৱসো আছিল। তেওঁলোকৰ সন্তানটো যে অত্যন্ত মেধাৱী আছিল, সেই কথা অনুভৱ কৰি দেউতাকে তাইক শান্তি আৰু সম্প্ৰীতিৰ বাৰ্তা বহন কৰা চুফী গীত শিকিবলৈ জিকিৰ বিশেষজ্ঞ নাছিৰুদ্দিন আহমেদৰ ওচৰলৈ পঠিয়াইছিল। মাত্ৰ ৬ বছৰ বয়সত তেওঁ নাজিৰাত অনুষ্ঠিত এখন জিকিৰ প্ৰতিযোগিতাত প্ৰথমবাৰৰ বাবে অংশ লৈছিল। প্ৰতিযোগিতাখনত নাবিহাৰ গ্ৰুপটোৱে প্ৰথম পুৰস্কাৰ লাভ কৰিবলৈ সক্ষম হৈছিল।