জৈৱিক পদ্ধতিৰে খেতি কৰি দেশ-বিদেশলৈ পাচলি ৰপ্তানি কৰিছে দৰং জিলাৰ মহিলা কৃষক তাছিদা খাতুনে

Story by  Munni Begum | Posted by  Munni Begum • 9 Months ago
মহিলা কৃষক তাছিদা খাতুন
মহিলা কৃষক তাছিদা খাতুন
 
মুন্নী বেগম / গুৱাহাটী 
 
কৃষি পৰম্পৰাগতভাৱে পুৰুষ প্ৰধান কৰ্মক্ষেত্ৰ। কিন্তু এই কৰ্মক্ষেত্ৰত অধ্যৱসায় আৰু দৃঢ়তাৰে নিজৰ নাম উজলাই তুলিছে এগৰাকী মহিলা কৃষকে। আৰ্থিক অনাটন দূৰ কৰাৰ বাবে কৃষিক উপাৰ্জনৰ একমাত্ৰ উপায় হিচাপে গ্ৰহণ কৰি তেওঁ নিজকে এগৰাকী সফল জৈৱিক মহিলা কৃষক হিচাপে গঢ়ি তুলিছে। তেওঁ হৈছে দৰং জিলাৰ দলগাঁও কৃষি চক্ৰৰ বিহুদিয়া গাঁৱৰ তাছিদা খাতুন। জৈৱিক পদ্ধতিৰে প্ৰস্তুত কৰা তাছিদাৰ বিভিন্ন শাক-পাচলি ৰাজ্যৰ বহু কেইখন বজাৰৰ লগতে দেশ তথা বিদেশলৈও ৰপ্তানি হৈ আহিছে। 
 
'আৱাজ-দ্য ভইচ'ৰ সৈতে হোৱা এক সাক্ষাৎকাৰত মহিলা কৃষক তাছিদা খাতুনে কয়, "মই ২০০৭ চনৰ পৰাই কৃষি কাৰ্যৰ সৈতে জড়িত হৈ আহিছো। আৰম্ভণিতে  কৃষি সন্দৰ্ভত মোৰ কোনো ধাৰণা নাছিল। সেয়েহে মই চুবুৰীয়া এজন কৃষকৰ পৰা খেতি কৰাৰ প্ৰশিক্ষণ গ্ৰহণ কৰিছিলো আৰু তেতিয়াৰ পৰাই মোৰ কৃষিৰ যাত্ৰা আৰম্ভ  হৈছিল। প্ৰথমে মই মাত্ৰ ২ বিঘা ভূমিত ফুলকবি খেতি কৰিছিলো আৰু এবাৰতে ৭০ হাজাৰ টকা উপাৰ্জন কৰিবলৈ সক্ষম হৈছিলো। সেয়েহে পিছত মই নিজৰ কৃষিভূমিৰ লগতে ঠিকাভিত্তিত লোৱা ভূমি  বিভিন্ন পাচলিৰ খেতি কৰা আৰম্ভ কৰিলো। বৰ্তমান মই মুঠ ১০ বিঘা ভূমিত পাচলিৰ খেতি কৰি আছো।"
 
সেউজমুখী এগ্রো প্রডিউচাৰ প্ৰতিষ্ঠানৰ জড়িয়তে  কৃষক তাছিদা খাতুনৰ উৎপাদিত উৰহি বিদেশলৈ ৰপ্তানি কৰাৰ প্ৰস্তুতি
 
বৰ্তমান তাছিদাই প্ৰতিটো ঋতুতে বিভিন্ন শাক-পাচলিৰ খেতি কৰি আহিছে। তিয়ঁহ, উৰাহি, ধুণ্ডুলি, কবি, ধান, জলকীয়া, কেপচিকাম, ষ্ট্ৰ'বেৰী, বিলাহী, কুঁহিয়াৰ, ভেন্দি, বেঙেনা আদি বিভিন্ন শাক-পাচলি খেতি কৰি আহিছে তাছিদাই। কঠোৰ পৰিশ্ৰম আৰু নিষ্ঠাৰ জৰিয়তে তাছিদাই লাখ লাখ টকা উপাৰ্জন কৰিবলৈ সক্ষম হৈছে।
 
তাছিদাই কয়, "২০২২ চনত জৈৱিক পদ্ধতিৰে উৎপাদিত উন্নতমানৰ উৰাহী সেউজীমুখী এফপিচিৰ জৰিয়তে লণ্ডনলৈ ৰপ্তানি কৰা হৈছে। ১ বিঘা  ভূমিত উৎপাদিত উৰহী ৰপ্তানি কৰি মই ১ লাখ টকা উপাৰ্জন কৰিবলৈ সক্ষম হৈছো। সেয়েহে এইবাৰ উৰাহী খেতি ২ বিঘালৈ সম্প্ৰসাৰণ কৰি লণ্ডনলৈ ৰপ্তানি অব্যাহত ৰাখিছো। স্থানীয় বজাৰতো মই উৎপাদন কৰা উৰহি বিক্ৰী কৰি প্ৰায় ২লাখ টকা উপাৰ্জন কৰিবলৈ সক্ষম হৈছে।"
মহিলা কৃষক তাছিদা খাতুনে কৰা পাচলি খেতি
 
ব্যক্তিগতভাৱে বহু প্ৰত্যাহ্বানৰ সন্মুখীন হবলগীয়া হৈছিল তাছিদাই। কিয়নো  তাছিদাৰ স্বামী শাৰীৰিকভাৱে অসুস্থ আৰু তেওঁ কাম কৰিব নোৱাৰে। যাৰ বাবে তাছিদাই এককভাৱে কাম কৰি পাঁচজনীয়া পৰিয়ালৰ পোহ-পাল দিবলগীয়া হৈছিল। বৰ্তমানো তাছিদাই কোনো সহযোগী নোহোৱাকৈ অকলে খেতিৰ কাম-কাজ নিৰিক্ষণ কৰি আহিছে।
 
তাছিদাই কয় যে তেওঁ এগৰাকী মহিলা হিচাপে কৃষি যাত্ৰাত কেতিয়াও অসুবিধাৰ সন্মুখীন হোৱা নাই বৰং তেওঁৰ সমাজ তথা পৰিয়াল উভয়ৰে তৰফৰ পৰা সদায় সহায় আৰু সমৰ্থন লাভ কৰিছে। তেওঁ কয়, "পৰিয়ালৰ অভাৱ দুৰ কৰাৰ বাবে আমাৰ গাঁৱৰ মই প্ৰথম মহিলা আছিলো, যিয়ে কৃষি কৰাৰ বাবে অকলে আগবাঢ়ি আহিছিলো। বৰ্তমান বহু মহিলাই পুৰুষ অবিহনে কৃষি কৰিবলৈ আগবাঢ়ি অহা দেখা গৈছে। মই ভাবো যে এনেকুৱা একো কাম নাই যি মহিলাসকলে কৰিব নোৱাৰে। মনত ইচ্ছা আৰু বিশ্বাস থাকিলে সকলো কামে সহজ হৈ পৰে।"  
 
তাছিদা খাতুনে কৰা বিলাহী খেতি
 
বিগত ১৬ বছৰ ধৰি কৃষিৰ লগত জড়িত হৈ থকা তাছিদাই এগৰাকী সফল মহিলা কৃষক হিচাপে কেইবাটাও সন্মান লাভ কৰিছে। শেহতীয়াকৈ তেওঁ অসম চৰকাৰৰ 'এএছপিইই এল এম পটেল বঁটা'ৰ বাবে মনোনীত হৈছে। ভৱিষ্যত পৰিকল্পনা সন্দৰ্ভত তাছিদাই কয় যে, তেওঁ ভৱিষ্যতলৈ কৃষিভূমি আৰু অধিক সম্প্ৰসাৰণ কৰাৰ পৰিকল্পনা কৰিছে। কাৰন তেওঁৰ কৃষি ক্ষেত্ৰখনৰ যোগেদি আগবাঢ়ি যাব বিচাৰে।