খালিস্তানী সন্ত্ৰাসবাদী নিজ্জৰ হত্যাকাণ্ডৰ অভিযুক্ত ৩ ভাৰতীয়ক গ্ৰেপ্তাৰ কানাডাৰ

Story by  atv | Posted by  Munni Begum • 14 d ago
নিজ্জৰ হত্যাকাণ্ডৰ ৩ অভিযুক্ত
নিজ্জৰ হত্যাকাণ্ডৰ ৩ অভিযুক্ত
 
নতুন দিল্লী
 
কানাডা আৰক্ষীয়ে শুকুৰবাৰে জনোৱা মতে, যোৱা বছৰ খালিস্তানী সন্ত্ৰাসবাদী হৰদীপ সিং নিজ্জৰক হত্যা কৰা কথিত হিট স্কোয়াডৰ অংশ বুলি সন্দেহ কৰা তিনিজন ভাৰতীয়ক গ্ৰেপ্তাৰ কৰা হৈছে।    
 
প্রধানমন্ত্রী জাষ্টিন ট্রুডোৱে হত্যাকাণ্ডত 'ভাৰতীয় এজেণ্ট' জড়িত থকা বুলি অভিযোগ উত্থাপন কৰাৰ পিছত যোৱা বছৰ ভাৰত আৰু কানাডাৰ মাজত কূটনৈতিক বিবাদৰ কেন্দ্ৰবিন্দু হৈ পৰিছিল 'নিজ্জৰৰ হত্যাকাণ্ড'। ভাৰতে এই অভিযোগক 'অৰ্থহীন' আৰু 'ভুৱা' বুলি  নাকচ কৰিছিল।  
 
সংহত হত্যাকাণ্ড তদন্তকাৰী দলৰ নেতৃত্ব দিয়া অধীক্ষক মনদ্বীপ মুকাৰে জনোৱা মতে, গ্ৰেপ্তাৰ হোৱা ভাৰতীয় তিনিজন ক্ৰমে কৰণ ব্ৰাৰ (২২), কমলপ্ৰীত সিং (২২), কৰণপ্ৰীত সিং (২৮) তিনিৰ পৰা পাঁচ বছৰ ধৰি আলবাৰ্টাত অস্থায়ী বাসিন্দা হিচাপে বাস কৰিছিল। আৰক্ষীয়ে তেওঁলোকৰ ফটোও প্ৰকাশ কৰিছে।  
 
আদালতৰ নথি-পত্ৰত প্ৰকাশ কৰিছে যে, তেওঁলোকৰ বিৰুদ্ধে প্ৰথম ডিগ্ৰীৰ হত্যা আৰু হত্যাৰ ষড়যন্ত্ৰৰ অভিযোগ উত্থাপন হৈছে। আৰক্ষীয়ে জনোৱা মতে, সন্দেহযুক্ত লোকসকলৰ আটাইকেইগৰাকী অচিনাক্ত আৰু তেওঁলোকে ভাৰত চৰকাৰৰ সৈতে তেওঁলোকৰ সম্ভাৱ্য সম্পৰ্কৰ তদন্ত চলি আছে। 
 
শুকুৰবাৰে এখন সংবাদমেলত ৰয়েল কানাডিয়ান মাউণ্টেড পুলিচৰ সহকাৰী আয়ুক্ত ডেভিদ টেব’লে কয় যে এই হত্যাকাণ্ডৰ 'অতি সক্ৰিয় তদন্ত চলি আছে'।
 
তেওঁৰ উদ্ধৃতিৰে চিটিভি নিউজে কয় যে এই বিষয়সমূহৰ সুকীয়া তদন্ত নিশ্চিতভাৱে আজি গ্ৰেপ্তাৰ হোৱা লোকসকলৰ জড়িততাত সীমাবদ্ধ নহয় আৰু এই প্ৰচেষ্টাসমূহৰ ভিতৰত ভাৰত চৰকাৰৰ সৈতে থকা সম্পৰ্কৰ তদন্তও অন্তৰ্ভুক্ত আছে। 
 
ভাৰতত বিভিন্ন সন্ত্ৰাসবাদৰ অভিযোগত বিচাৰি থকা কানাডাৰ নাগৰিক নিজ্জৰক ২০২৩ চনৰ ১৮ জুনত ছাৰেৰ এটা গুৰদ্বাৰাৰ বাহিৰত গুলীয়াই হত্যা কৰা হৈছিল। ভাৰতৰ বিৰুদ্ধে প্ৰধানমন্ত্ৰী ট্ৰুডোৰ অভিযোগে সেই বছৰৰ শেষৰ ফালে ব্যাপক বিবাদৰ সৃষ্টি কৰিছিল আৰু দুয়োখন দেশে আন দেশৰ কূটনীতিবিদসকলক বহিষ্কাৰ কৰিছিল। 
 
প্ৰধানমন্ত্ৰী ট্ৰুডোৱে ভাষণ দিয়া এক অনুষ্ঠানত 'খালিস্তান'ৰ ওপৰত বিচ্ছিন্নতাবাদী শ্লোগান উত্থাপন হোৱাৰ পিছত চলিত সপ্তাহৰ আৰম্ভণিতে নতুনকৈ বিবাদৰ সৃষ্টি হয়। যাৰ ফলত নতুন দিল্লীয়ে তেওঁলোকৰ উপ-উচ্চায়ুক্তক মাতি আনি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে। 
 
অনুষ্ঠানৰ আঁৰত প্ৰধানমন্ত্ৰী ট্ৰুডোৱে সাংবাদিকৰ আগত কয় যে নিজ্জাৰৰ হত্যাকাণ্ডই এনে এক 'সমস্যা'ৰ সৃষ্টি কৰিছে, যিটো তেওঁ আওঁকাণ কৰিব নোৱাৰে।  
 
ভাৰতে তেওঁৰ মন্তব্য নাকচ কৰি কয় যে  ইয়াৰ দ্বাৰা কানাডাই বিচ্ছিন্নতাবাদ, উগ্ৰবাদ আৰু হিংসাক ৰাজনৈতিক অৱকাশ দিয়া পুনৰবাৰ দেখা গৈছে। বৈদেশিক মন্ত্ৰালয়ৰ মুখপাত্ৰ ৰণধীৰ জয়ছৱালে কয় যে, ইয়াৰ ফলত ভাৰত-কানাডাৰ সম্পৰ্কত প্ৰভাৱ পৰাই নহয়, কানাডাত নিজৰ নাগৰিকৰ ক্ষতিসাধন হিংসা আৰু অপৰাধৰ পৰিবেশক উৎসাহিত কৰিছে।