ৱাশ্বিংটন
ইৰাণে আগন্তুক ৪৮ ঘণ্টাৰ ভিতৰত হৰমুজ জলদ্বীপ মুকলি কৰিব নোৱাৰিলে তেওঁলোকৰ বিদ্যুৎ কেন্দ্ৰসমূহ নিঃশেষ কৰিব বুলি দেওবাৰে সকীয়াই দিয়ে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে।
ট্ৰুথ ছ’চিয়েলত পুৱা ৫.১৪ বজাত (ভাৰতৰ সময় অনুসৰি) পোষ্ট কৰা এটা বাৰ্তাত ট্ৰাম্পে লিখিছে, "যদি ইৰাণে এই সঠিক সময়ৰ পৰা ৪৮ ঘণ্টাৰ ভিতৰত কোনো ভাবুকি নোহোৱাকৈ হৰমুজ জলদ্বীপ সম্পূৰ্ণৰূপে মুকলি নকৰে, তেন্তে আমেৰিকাই তেওঁলোকৰ আটাইতকৈ ডাঙৰ আৰু প্ৰথমটোৰ পৰা আৰম্ভ কৰি বিভিন্ন শক্তিকেন্দ্ৰত আঘাত কৰি নিঃশেষ কৰি পেলাব৷"
শুকুৰবাৰে কেইঘণ্টামানৰ ভিতৰতে তেওঁ ইৰাণ যুদ্ধৰ বিষয়ে মিশ্ৰিত সংকেতৰ ধাৰাবাহিকতা প্ৰেৰণ কৰে, যিয়ে সংঘাতৰ দিশ আৰু তেওঁৰ প্ৰশাসনৰ কৌশলৰ ওপৰত অধিক প্ৰশ্নৰ উত্থাপন কৰে। তেওঁৰ শেহতীয়া বাৰ্তাটোও এনে সময়ত প্ৰকাশ পাইছে, যেতিয়া তেওঁ সঘনাই কেতিয়াবা ভাষণতে, সামাজিক মাধ্যমৰ পোষ্টত নিজৰ বক্তব্যৰে বিপৰীতে বক্তব্য কৰি আহিছে।
ট্ৰাম্পে আন এটা পোষ্টত যুদ্ধখন বন্ধ কৰাৰ কথা কোৱাৰ বিপৰীতে তেওঁৰ প্ৰশাসনে মধ্যপ্ৰাচ্যলৈ অধিক সৈন্য প্ৰেৰণ কৰাটো নিশ্চিত কৰিছে আৰু বিশ্বৰ শক্তি বজাৰত অৰ্থনৈতিক প্ৰভাৱ কমোৱাৰ প্ৰয়াসেৰে আমেৰিকাই প্ৰথমবাৰৰ বাবে ইৰাণৰ তেলৰ ওপৰত থকা নিষেধাজ্ঞা সমান্য শিথিল কৰিছে৷ যাৰ ফলত ৱাশ্বিংটনে পৰম্পৰাগতভাৱে লিভাৰেজ হিচাপে ব্যৱহাৰ কৰা কিছু চাপৰ পৰা উপশম লাভ কৰে।
কাৰ্যৰ বিভ্ৰান্তিকৰ সংমিশ্ৰণে ট্ৰাম্পৰ সমালোচকসকলৰ মাজত এক অনুভৱক গভীৰ কৰি তুলিছে যে, ইৰাণৰ বিৰুদ্ধে আমেৰিকা আৰু ইজৰাইলে আৰম্ভ কৰা যুদ্ধৰ কোনো স্পষ্ট, দীৰ্ঘম্যাদী কৌশল নাই।