নতুন দিল্লী
সংযুক্ত আৰব আমিৰশ্বাহীৰ ফুজাইৰা পেট্ৰলিয়াম ইণ্ডাষ্ট্ৰীজ জ’নত ইৰানে কৰা আক্ৰমণত ৩ জন ভাৰতীয় নাগৰিক আহত হয়। এক বিবৃতিত বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে এই আক্ৰমণক “গ্ৰহণযোগ্য নহয়” বুলি অভিহিত কৰি এই আক্ৰমণক গৰিহণা দিছে।
মন্ত্ৰালয়ৰ মুখপাত্ৰ ৰণধীৰ জয়ছৱালে এক্সত এক পোষ্ট কৰি কয় যে, "ফুজাইৰাত হোৱা আক্ৰমণৰ ফলত তিনিজন ভাৰতীয় নাগৰিক আহত হোৱাটো গ্ৰহণযোগ্য নহয়। আমি এই শত্ৰুতাপূৰ্ণ কাৰ্য্যসমূহ তৎকালীনভাৱে বন্ধ কৰাৰ আহ্বান জনাইছো আৰু অসামৰিক আন্তঃগাঁথনি আৰু নিৰীহ সাধাৰণ নাগৰিকক লক্ষ্য কৰি লোৱাৰ পৰা বিৰত থাকিবলৈ আহ্বান জনাইছো।"
মন্ত্ৰালয়ে কয় যে, নতুন দিল্লীয়ে সমগ্ৰ মধ্যপ্ৰাচ্যৰ পৰিস্থিতি সমাধানৰ লগতে শান্তি আৰু স্থিতিশীলতা পুনৰুদ্ধাৰৰ বাবে আলোচনা আৰু কূটনীতিৰ সমৰ্থন অব্যাহত ৰাখিব।
পোষ্টটোত লগতে উল্লেখ কৰা হৈছে যে, "আমি আন্তঃৰাষ্ট্ৰীয় আইন অনুসৰি হৰমুজ জলদ্বীপৰ মাজেৰে মুক্ত আৰু নিৰ্বিঘ্নে যাত্ৰা আৰু বাণিজ্যৰ আহ্বান জনাইছো। ভাৰতে সমস্যাসমূহৰ শান্তিপূৰ্ণ সমাধানৰ বাবে সকলো প্ৰচেষ্টাক সমৰ্থন কৰিবলৈ সাজু।"
ইউ এ ইৰ প্ৰতিৰক্ষা মন্ত্ৰালয়ে জনোৱা মতে, ইয়াৰ বায়ু প্ৰতিৰক্ষা ব্যৱস্থাই ইৰানৰ দ্বাৰা নিক্ষেপ কৰা ১৫টা ক্ষেপণাস্ত্ৰ আৰু চাৰিটা ড্ৰ’ন নিক্ষেপ কৰে। পূব আমীৰাট ফুজাইৰাৰ বিষয়াসকলে প্ৰকাশ কৰা অনুসৰি দেশৰ সৰ্ববৃহৎ তেল শোধনাগাৰত ড্ৰ’নে অগ্নিকাণ্ড সংঘটিত কৰি তাত কৰ্মৰত তিনিজন ভাৰতীয় নাগৰিক আহত হয়।
ব্ৰিটিছ সেনাই প্ৰকাশ কৰা অনুসৰি ইউ এ ইৰ উপকূলত দুখন মালবাহী জাহাজত জুই লাগিছে। ইৰানে কয় যে, এই আক্ৰমণ 'পৰিকল্পিত নহয়'।