ব্ৰাজিলত ধাৰাসাৰ বৰষুণ; ৩৯ জনৰ মৃত্যু, সহস্ৰাধিক সন্ধানহীন

Story by  atv | Posted by  Munni Begum • 14 d ago
ব্ৰাজিলত ধাৰাসাৰ বৰষুণ
ব্ৰাজিলত ধাৰাসাৰ বৰষুণ
 
ব্ৰাজিলিয়া
 
শুকুৰবাৰে স্থানীয় কৰ্তৃপক্ষই জনোৱা মতে, ব্ৰাজিলৰ দক্ষিণৰ ৰাজ্য ৰিঅ' গ্ৰেণ্ডে ডু ছুলত হোৱা প্ৰচণ্ড বৰষুণৰ ফলত ৩৯ জন লোকৰ মৃত্যু হৈছে আৰু সহস্ৰাধিক লোক নিৰুদ্দেশ হৈ আছে। মৃত্যুৰ সংখ্যা এতিয়াও বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে।  
 
ৰিঅ' গ্ৰেণ্ডে ড' ছুলৰ অসামৰিক প্ৰতিৰক্ষা কৰ্তৃপক্ষই জনোৱা মতে, উৰুগুৱে আৰু আৰ্জেণ্টিনাৰ সীমান্তৱৰ্তী ৰাজ্যখনৰ ৪৯৭খন চহৰৰ আধাতকৈ অধিক চহৰৰ ধুমুহাই ক্ষতিগ্ৰস্ত কৰাৰ বাবে ৬৮ জন লোক এতিয়াও নিৰুদ্দেশ হৈ আছে আৰু কমেও ২৪ হাজাৰ লোক স্থানচ্যুত হৈছে।  
 
কেইবাখনো চহৰত পথবোৰ মূলতঃ নদীলৈ ৰূপান্তৰিত হৈছে আৰু ৰাস্তা-ঘাট তথা দলং ভাঙি গৈছে। ধুমুহাৰ ফলত হোৱা ভূমিস্খলনত এটা সৰু জলবিদ্যুৎ প্ৰকল্পৰ মথাউৰিৰ গাঁথনি আংশিকভাৱে খহি পৰিছিল।    
 
বেণ্টো গনকালভেছ চহৰৰ দ্বিতীয়টো মথাউৰিও ভাঙি পৰাৰ আশংকা আছে বুলি কৰ্তৃপক্ষই জনাইছে আৰু ওচৰতে বাস কৰা লোকসকলক সেই স্থানৰ পৰা স্থানান্তৰ কৰিবলৈ নিৰ্দেশ দিছে।    
 
ৰিঅ' গ্ৰেণ্ডে ডু চুলৰ ৰাজধানী পৰ্টো আলেগ্ৰেত গুয়াইবা নদীৰ পাৰ ভাঙি যায় আৰু বানপানীয়ে চহৰখনৰ পথবোৰ বুৰাই পেলোৱাৰ বাবে ঐতিহাসিক কেন্দ্ৰীয় চুবুৰীসমূহলৈ যোৱাৰ পথ বন্ধ কৰি দিয়ে।  
 
ৰাজ্যখন গ্রীষ্মমণ্ডলীয় আৰু মেৰু বায়ুমণ্ডলৰ মাজত ভৌগোলিক মিলন বিন্দুত আছে। ইতিমধ্যে যোৱা ছেপ্টেম্বৰ মাহত ৰিঅ' গ্ৰেণ্ডে ড' ছুলত প্ৰচণ্ড বৰষুণ হৈছিল আৰু বানপানীৰ সৃষ্টি হৈছিল। সেইসময়ত ৫০ জনতকৈ অধিক লোকৰ মৃত্যু হৈছিল। সেই বৰষুন 'লা নীনা পৰিঘটনা'ৰ বাবে দুবছৰতকৈ অধিক সময় ধৰি ধাৰাবাহিক খৰাং পৰিস্থিতিৰ পিছত আধিক মাত্ৰত হোৱা দুৰ্লভ বৰষুণ।   
 
ৰাষ্ট্ৰপতি লুইজ ইনাচিঅ' লুলা দা ছিলভাই বৃহস্পতিবাৰে ৰাজ্যখনলৈ গৈ ক্ষতিগ্ৰস্ত স্থানসমূহ পৰিদৰ্শন কৰি ৰাজ্যপালৰ সৈতে উদ্ধাৰ প্ৰচেষ্টাৰ বিষয়ে আলোচনা কৰিছে। ব্ৰাজিলিয়ালৈ উভতি আহি শুকুৰবাৰে লুলাই সিদ্ধান্ত হৈছিল যে তেওঁৰ চৰকাৰে স্থানীয় উদ্ধাৰ আৰু পুনৰ্গঠন প্ৰচেষ্টাক সমৰ্থন কৰিব।