পাকিস্তানী মূলৰ মুছলমান নেতা ছাদিক খানৰ জয়যাত্ৰা অব্যাহত; তৃতীয়বাৰৰ বাবে লণ্ডনৰ মেয়ৰ নিৰ্বাচিত

Story by  atv | Posted by  [email protected] • 13 d ago
জয়ৰ পিছত সমৰ্থকৰ সৈতে ছাদিক খান (একেবাৰে সোঁফালে)
জয়ৰ পিছত সমৰ্থকৰ সৈতে ছাদিক খান (একেবাৰে সোঁফালে)
 
লণ্ডন 
 
পাকিস্তানী মূলৰ লেবাৰ পাৰ্টিৰ নেতা ছাদিক খান একেৰাহে তিনিবাৰৰ বাবে লণ্ডনৰ মেয়ৰ হিচাপে নিৰ্বাচিত হৈছে। ব্ৰিটিছ ৰাজধানীৰ ইতিহাসত এয়া এক অভিলেখ হিচাপে চিহ্নিত হৈছে।
 
এইবাৰ ছাদিকৰ ঘনিষ্ঠ প্ৰতিদ্বন্দ্বী আছিল কনজাৰ্ভেটিভ পাৰ্টিৰ ছুজান হল (Susan Hall)। ছাজিদে ছুজানক বিপুল ভোটত পৰাস্ত কৰিবলৈ সক্ষম হয়। ছাজিদে ১০ লাখ ৮৮ হাজাৰ ২২৫ ভোট লাভ কৰাৰ বিপৰীতে ছুজানে মাত্ৰ ২ লাখ ৭৬ হাজাৰ ৭০৭ ভোটহে লাভ কৰে।
এইবাৰ মেয়ৰ নিৰ্বাচনৰ প্ৰচাৰৰ পিছৰে পৰা লণ্ডনৰ ৰাজনৈতিক পৰিৱেশ যথেষ্ট উত্তপ্ত হৈ পৰিছিল। ছাদিকে মধ্য লণ্ডনত প্ৰৱেশ কৰা বাণিজ্যিক ভ্যানসমূহৰ ওপৰত প্ৰদূষণ কৰ আৰোপ কৰাৰ সিদ্ধান্ত লয়। কনজাৰ্ভেটিভসকলে ইয়াৰ বিৰুদ্ধে প্ৰচাৰ চলাবলৈ আৰম্ভ কৰে।
 
লণ্ডনৰ মেয়ৰে ক্ষুদ্ৰ ব্যৱসায়ীক সমৰ্থন কৰিব নিবিচাৰে। ইফালে, আজি যেতিয়া ছাদিকে ইষ্ট লণ্ডনৰ চিটি হলত ফলাফল ঘোষণাৰ পিছত ভাষণ দি আছিল, তেতিয়া এটা অপ্ৰীতিকৰ ঘটনা সংঘটিত হয়। নৱনিৰ্বাচিত মেয়ৰৰ ভাষণত বাধা দি এজন মানুহ মঞ্চৰ সন্মুখলৈ আহে। তেওঁ এইদৰে চিঞৰে, "খানে লণ্ডনক হত্যা কৰিলে।" অৱশ্যে সেই স্থানত উপস্থিত থকা ৰিটাৰ্ণিং অফিচাৰে নিৰাপত্তাৰক্ষীৰ সহায়ত মানুহজনক আঁতৰাই আনে। 
 
আজি মেয়ৰে তেওঁক পুনৰ নিৰ্বাচিত কৰাৰ বাবে লণ্ডনৰ জনসাধাৰণক ধন্যবাদ জনাইছে। প্ৰচাৰৰ সময়ত সকলো নেতিবাচকতা হজম কৰাটো অতি কঠিন আছিল বুলি ছাদিকে ভাষণত উল্লেখ কৰে। লণ্ডনক বিশ্বৰ শ্ৰেষ্ঠ চহৰ হিচাপে গঢ়ি তোলাৰ প্ৰতিশ্ৰুতি দি তেওঁ কয় যে আমাৰ আটাইতকৈ উজ্জ্বল দিনবোৰ এতিয়া আহি আছে। তেওঁৰ ভাষণৰ পিছতে প্ৰেক্ষাগৃহত উপস্থিত লোকসকলে হাত চাপৰিৰে সমৰ্থন জনায়।
কিন্তু স্থানীয় নিৰ্বাচনত ব্ৰিটিছ প্ৰধানমন্ত্ৰী ঋষি সুনকৰ কনজাৰ্ভেটিভ পাৰ্টিৰ পৰাজয় অব্যাহত আছে। মাত্ৰ এখন পৰিষদৰ আসনহে ঘোষণা কৰা হোৱা নাই। কাউন্সিলাৰৰ সংখ্যাৰ ক্ষেত্ৰত লেবাৰ পাৰ্টি আগবাঢ়ি আছে। সুনকৰ দলটো এতিয়া তিনি নম্বৰত।
 
২০১৬ চনত ব্ৰিটিছ ৰাজধানীখনৰ প্ৰথমজন মুছলমান মেয়ৰ হোৱা ৫৩ বছৰীয়া খানে অধিক সামাজিক গৃহ নিৰ্মাণৰ প্ৰতিশ্ৰুতি দিছে আৰু ভৱিষ্যতৰ ৰাষ্ট্ৰীয় লেবাৰ চৰকাৰৰ সৈতে কাম কৰি আৰক্ষীৰ সামৰ্থ্য বৃদ্ধিৰ প্ৰতিশ্ৰুতি দিছে।