ভাৰতৰ লোকসভা নিৰ্বাচনত আমেৰিকাই হস্তক্ষেপ কৰিবলৈ চেষ্টা কৰিছেঃ ৰাছিয়াৰ দাবী

Story by  atv | Posted by  [email protected] • 11 d ago
ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিন
ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিন
 
নতুন দিল্লী 

ৰাছিয়াই দাবী কৰিছে যে আমেৰিকাই ভাৰতৰ সংসদীয় নিৰ্বাচনত হস্তক্ষেপ কৰি দেশৰ আভ্যন্তৰীণ ৰাজনৈতিক পৰিস্থিতি অসন্তুলন কৰিবলৈ চেষ্টা কৰিছে। সংবাদ মাধ্যমৰ সন্মুখত ৰাছিয়াৰ বৈদেশিক মন্ত্ৰালয়ৰ মুখপাত্ৰ মাৰিয়া জাখাৰোভাইও কয় যে খালিস্তানী বিচ্ছিন্নতাবাদী গুৰপতৱন্ত সিং পাননুনৰ বিৰুদ্ধে বিফল হত্যাৰ ষড়যন্ত্ৰত ভাৰতীয় নাগৰিক জড়িত হোৱাৰ “নিৰ্ভৰযোগ্য প্ৰমাণ” আমেৰিকাই এতিয়াও প্ৰদান কৰা নাই।
 
ভাৰতত ধৰ্মীয় স্বাধীনতা সন্দৰ্ভত আমেৰিকাৰ প্ৰতিবেদনৰ কথা উল্লেখ কৰি জাখাৰোভাই কয় যে ভাৰতৰ জাতীয়তাবাদী মানসিকতা আৰু ইতিহাসৰ বিষয়ে আমেৰিকাৰ বুজাবুজিৰ অভাৱ। জাখাৰোভাৰ উদ্ধৃতিৰে আৰ টি নিউজে কয় যে আমেৰিকাই ধৰ্মীয় স্বাধীনতাৰ সন্দৰ্ভত ‘ভিত্তিহীন অভিযোগ’ অব্যাহত ৰাখিছে। জাখাৰোভাই ভাৰতৰ প্ৰতি ইয়াক "অসন্মানজনক" বুলি অভিহিত কৰে।
 
তেওঁ আৰু কয় যে আমেৰিকাৰ লক্ষ্য হৈছে ভাৰতৰ আভ্যন্তৰীণ ৰাজনৈতিক পৰিস্থিতিৰ ভাৰসাম্যহীনতা আৰু সাধাৰণ নিৰ্বাচনক জটিল কৰি তোলা। শেহতীয়া প্ৰতিবেদনত আমেৰিকাৰ আন্তঃৰাষ্ট্ৰীয় ধৰ্মীয় স্বাধীনতা আয়োগে ভাৰতক ধৰ্মীয় স্বাধীনতা উলংঘা কৰাৰ অভিযোগ উত্থাপন কৰাৰ লগতে আন কেইবাটাও বিষয়ক সমালোচনা কৰিছে।
 
ইয়াত ভাৰত আৰু আন ১৬খন ৰাষ্ট্ৰক “ধৰ্ম বা বিশ্বাসৰ স্বাধীনতাৰ অধিকাৰৰ বিশেষভাৱে গুৰুতৰ উলংঘাত লিপ্ত হোৱা বা সহ্য কৰা”ৰ বাবে বিশেষ চিন্তাৰ দেশ (countries of particular concern) হিচাপে চিহ্নিত কৰাৰ আহ্বান জনোৱা হৈছে।
বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে (এম ই এ) তীব্ৰ সঁহাৰি জনাই প্ৰতিবেদনখনক “পক্ষপাতদুষ্ট” বুলি অভিহিত কৰি কয় যে ইউ এছ চি আই আৰ এফে বাৰ্ষিক প্ৰতিবেদনৰ ৰূপত “ভাৰত বিৰোধী অপপ্ৰচাৰ” প্ৰকাশ কৰি আহিছে। ভাৰতীয় চোৰাংচোৱা বিভাগৰ এজন বিষয়াই গুৰপতৱন্ত সিং পান্নুনক হত্যা কৰাৰ অভিযোগ উত্থাপন কৰা বুলি আমেৰিকাৰ অভিযোগকো ৰাছিয়াৰ বিষয়াগৰাকীয়ে বাতিল কৰে।
 
জাখাৰোভাই কয়, "আমাৰ হাতত থকা তথ্য অনুসৰি ৱাশ্বিংটনে এতিয়াও পান্নুনৰ হত্যাকাণ্ডৰ যড়যন্ত্ৰৰ ক্ষেত্ৰত ভাৰতীয় নাগৰিক জড়িত হোৱাৰ কোনো নিৰ্ভৰযোগ্য প্ৰমাণ প্ৰদান কৰা নাই। প্ৰমাণৰ অভাৱত এই বিষয়ত জল্পনা-কল্পনা কৰাটো গ্ৰহণযোগ্য নহয়।"