বিভ্ৰান্তিকৰ বিজ্ঞাপনৰ বাবে উত্তৰাখণ্ডে বাতিল কৰিলে পতঞ্জলি সামগ্ৰীৰ অনুজ্ঞাপত্ৰ

Story by  atv | Posted by   Imtiaz Ahmed • 17 d ago
পতঞ্জলি সামগ্ৰী
পতঞ্জলি সামগ্ৰী
ডেহৰা দুন

সোমবাৰে উত্তৰাখণ্ডৰ অনুজ্ঞাপত্ৰ কৰ্তৃপক্ষই ১৪টা পতঞ্জলি সামগ্ৰীৰ অনুজ্ঞাপত্ৰ তাৎক্ষণিকভাৱে কাৰ্যকৰী হোৱাকৈ বাতিল কৰে।

উচ্চতম ন্যায়ালয়ত দাখিল কৰা শপতনামাত অনুজ্ঞাপত্ৰ প্ৰদানকাৰী সংস্থাটোৱে কয় যে বিভ্ৰান্তিকৰ বিজ্ঞাপনৰ গোচৰৰ সৈতে জড়িত পতঞ্জলিৰ দিব্যা ফাৰ্মাচীয়ে নিৰ্মাণ কৰা ১৪টা সামগ্ৰীৰ অনুজ্ঞাপত্ৰ বাতিল কৰিছে।

নিষিদ্ধ সামগ্ৰীসমূহৰ ভিতৰত আছে দিব্যা ফাৰ্মাচীৰ দৃষ্টি আই ড্ৰপ, স্বসাৰী গোল্ড, স্ব্সাৰী ভাটি, ব্ৰনচম, স্বসাৰী প্ৰবাহী, স্বসাৰী আভালেহ, মুক্ত ভাটি এক্সট্ৰা পাৱাৰ, লিপিডম, বি পি গ্ৰীট, মধুগ্ৰীত, মধুনাশিনী ভাটী এক্সট্ৰা পাৱাৰ, লিৱমৃত এডভান্স, লিভগ্ৰিট আৰু আইগ্ৰিট গোল্ড।

ৰামদেৱ আৰু তেওঁৰ সহযোগী আচাৰ্য বালকৃষ্ণই প্ৰকাশ কৰা ক্ষমাপ্ৰাৰ্থনাৰ সৈতে জড়িত বিষয়টো অহা ৩০ এপ্ৰিলত উচ্চতম ন্যায়ালয়ে শুনানি গ্ৰহণ কৰিব।

২৩ এপ্ৰিলত হোৱা শেষ শুনানিৰ সময়ত উচ্চতম ন্যায়ালয়ে পতঞ্জলিক ধৰিছিল কাৰণ তেওঁলোকৰ ক্ষমাপ্ৰাৰ্থনা বাতৰি কাকতত "ভালদৰে" প্ৰকাশ কৰা নাছিল। আদালতে প্ৰশ্ন কৰিছিল যে পতঞ্জলিয়ে বাতৰি কাকতত প্ৰকাশ কৰা ক্ষমাপ্ৰাৰ্থনাৰ আকাৰ ইয়াৰ সামগ্ৰীৰ সম্পূৰ্ণ পৃষ্ঠাৰ বিজ্ঞাপনৰ সৈতে মিল আছে নে? পতঞ্জলিয়ে ৬৭খন কাকতত ক্ষমাপ্ৰাৰ্থনা প্ৰকাশ কৰা বুলি উল্লেখ কৰি আদালতৰ প্ৰতি তেওঁলোকৰ সৰ্বোচ্চ সন্মান আছে আৰু তেওঁলোকৰ ভুলৰ পুনৰাবৃত্তি নহয় বুলি দৃঢ়তাৰে উল্লেখ কৰিছিল।