সোণৰ মূল্য অভিলেখ হাৰত বৃদ্ধি

Story by  atv | Posted by  [email protected] • 26 d ago
প্ৰতিনিধিত্বমূলক ফটো
প্ৰতিনিধিত্বমূলক ফটো
 
নতুন দিল্লী

দেশজুৰি বিয়াৰ বতৰ আৰম্ভ হ'বলৈ মাজত মাথো কেইটামান দিন বাকী থকা অৱস্থাতে বুধবাৰে হঠাতে সোণৰ মূল্য আকাশলংঘী হৈ পৰে। এমচিএক্সত বুধবাৰে সোণৰ মূল্য ৪৪০ টকাত মুকলি হয় আৰু দিনটো আগবাঢ়ি যোৱাৰ লগে লগে ই আৰু অধিক গতি লাভ কৰে। যোৱা নিশা ১২.২০ বজাত ৬০৯.০০ টকা অৰ্থাৎ ০.৮৮% বৃদ্ধিৰে প্ৰতি দহ গ্ৰাম প্ৰতি সোণৰ মূল্য ৬৯,৬৪০ টকা হয়, যিটো ইয়াৰ সৰ্বকালৰ সৰ্বোচ্চ হাৰ। 
 
বিশেষজ্ঞসকলৰ মতে এই সপ্তাহত সোণৰ মূল্য ৭০ হাজাৰ টকা হ’ব পাৰে। এমচিএক্স ছিলভাৰ ফিউচাৰ্ছৰ মূল্যও প্ৰতি কেজিত ৭৮,১৬৪ টকা হয়, যিটো দুবছৰৰ ভিতৰত সৰ্বোচ্চ মাত্ৰা। সোণ-ৰূপৰ মূল্যবৃদ্ধিৰ কাৰণ হ’ল ডলাৰ সূচকাংক হ্ৰাস। ইয়াৰ উপৰিও আমেৰিকাৰ ফেডাৰেল ৰিজাৰ্ভে সুতৰ হাৰ কৰ্তনৰ সম্ভাৱনাৰ ফলতো সোণ আৰু ৰূপৰ জিলিকনি বৃদ্ধি পাইছে।
 
ইফালে, আন্তঃৰাষ্ট্ৰীয় বজাৰত সোণৰ মূল্য প্ৰতি আউন্সত ২৩০৮ ডলাৰত সৰ্বকালৰ সৰ্বোচ্চ মূল্যত উপনীত হয়। এইচ ডি এফ চি ছিকিউৰিটিজৰ পণ্য আৰু মুদ্ৰাৰ মুৰব্বী অনুজ গুপ্তাই কয় যে মধ্যপ্ৰাচ্যত উত্তেজনা সৃষ্টি হোৱাৰ পিছত সোণৰ মূল্য বৃদ্ধি পাইছে। আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত ইয়াৰ মূল্য ২৪০০ ডলাৰলৈকে হ’ব পাৰে, আনহাতে এমচিএক্সত ইয়াৰ মূল্য ৭৩,৫৫৫ টকা হোৱাৰ সম্ভাৱনা আছে।
 
উল্লেখ্য যে, চীন নেতৃত্বাধীন কেন্দ্ৰীয় বেংকসমূহেও বৃহৎ পৰিমাণে সোণ ক্ৰয় কৰি আছে, যিয়ে মূল্যবৃদ্ধিত অৰিহণা যোগাইছে। ঘৰুৱা বজাৰত সোণৰ চাহিদাক ইন্ধন যোগাইছে বিবাহত বহুমূলীয়া ধাতুৰ প্ৰয়োজনীয়তাই। কাৰণ ইয়াক গহনা হিচাপে প্ৰচুৰ পৰিমাণে দৰা-কইনাক উপহাৰ দিয়া হয়।
 
কিন্তু গহনা ব্যৱসায়ীসকলৰ মতে সোণৰ দাম আকাশলংঘী হোৱাৰ ফলত এই চাহিদা ম্লান হ’ব পাৰে। তেওঁলোকৰ মতে বহুমূলীয়া ধাতুৰ আমদানি হ্ৰাস পোৱাতো ইয়াৰ প্ৰতিফলন ঘটিছে।