আৰাফাতৰ ধৰ্মোপদেশমূলক বক্তৃতা (ৱাজ) ২০ টা ভাষাত অনুবাদ

Story by  atv | Posted by  Munni Begum • 5 Months ago
 ২০ টা ভাষাত আৰাফাতৰ ৱাজ অনুবাদ
২০ টা ভাষাত আৰাফাতৰ ৱাজ অনুবাদ
 
ৰিয়াদ
 
ইছলামৰ বাৰ্তা সৰ্বাধিক লোকৰ মাজত প্ৰেৰণ কৰাৰ উদ্দেশ্যেৰে আৰাফাত দিনৰ ধৰ্মোপদেশমূলক বক্তৃতা (ৱাজ) ২০ টা ভাষালৈ অনুবাদ কৰা হ'ব। এই কথা ঘোষণা কৰিছে ছৌদি প্ৰেছ এজেন্সীয়ে।    
 
আৰাফাতৰ ধৰ্মোপদেশমূলক বক্তৃতাৰ (ৱাজ) অনুবাদ কৰাটো এক অন্যতম গুৰুত্বপূৰ্ণ কাম, যিটোৰ অনুবাদৰ প্ৰকল্পটো এই এজেন্সীটোৱে গ্ৰহণ কৰিছে। একেৰাহে একাধিক ভাষাত অনুবাদ কৰা আৰাফাতৰ ধৰ্মোপদেশমূলক বক্তৃতা (ৱাজ) অনুবাদৰ এইটো হৈছে ষষ্ঠ বছৰ। 
 
আৰাফাতৰ ধৰ্মোপদেশমূলক বক্তৃতা(ৱাজ) অনুবাদ কৰা ভাষাসমূহ ক্ৰমে -- ফৰাচী, ইংৰাজী, পাৰ্চী, ঊৰ্দু, হাউছা, ৰাছিয়ান, তুৰ্কী, পাঞ্জাবী, চীনা, মালয়, শ্বাহিলী, স্পেনিছ, পৰ্তুগীজ, আমহাৰিক, জাৰ্মান, ছুইডিছ, ইটালিয়ান, মালয়ালম, বছনিয়ান আৰু ফিলিপাইনছ। 
১৯ জুনত, দুয়োটা পবিত্ৰ মছজিদৰ ৰক্ষক (চৌদীৰ ৰজা চলমান বিন আব্দুল আজিজ আল সাউদ) য়ে আৰাফাৰ দিনা ধৰ্মোপদেশমূলক বক্তৃতা (ৱাজ) প্ৰদান কৰিবলৈ শ্বেখ ইউছেফ বিন মহম্মদ বিন ছাইদক আদেশ দি ৰাজকীয় আদেশ জাৰি কৰিছে। 

আৰাফাত দিনৰ বিষয়ে

ইছলামৰ চাৰিটা স্তম্ভৰ ভিতৰত হজ হৈছে অন্যতম এটা। ২৬ জুনৰ পৰা আৰম্ভ হোৱা আৰাফাত দিনটো হজৰ বাৰ্ষিক তীৰ্থযাত্ৰাৰ চূড়ান্ত পৰ্যায়ক চিহ্নিত কৰিছে।     
 
এই বাৰ্ষিক তীৰ্থযাত্ৰাৰ আটাইতকৈ গুৰুত্বপূৰ্ণ অনুষ্ঠান হৈছে আৰাফাত। আৰাফাতৰ ধৰ্মোপদেশমূলক বক্তৃতা (ৱাজ) আৰু ধুহৰ আৰু আছৰৰ নামাজ সংযুক্ত আৰু সংক্ষিপ্ত ৰূপত পালন কৰাৰ পিছত এই দিনটোৰ আৰম্ভ হ’ব। আৰাফাতৰ ধৰ্মোপদেশমূলক বক্তৃতা (ৱাজ) সাধাৰণতে সমগ্ৰ বিশ্বতে পোনপটীয়াকৈ সম্প্ৰচাৰ কৰা হয়।