অসমৰ এখন আদৰ্শ মুছলমান গাঁও দামপুৰ

Story by  atv | Posted by  [email protected] • 7 Months ago
দামপুৰত অনুষ্ঠিত সাহিত্য সভাৰ এক অনুষ্ঠানত অসম সাহিত্য সভাৰ সভাপতি পদ্মশ্ৰী ডঃ সূৰ্য্য হাজৰিকাই সাহিত্য ৰত্ন বঁটা প্ৰদান কৰিছে দামপুৰ নিবাসী তথা সাহিত্যিক চফিউৰ ৰহমান শইকীয়াক
দামপুৰত অনুষ্ঠিত সাহিত্য সভাৰ এক অনুষ্ঠানত অসম সাহিত্য সভাৰ সভাপতি পদ্মশ্ৰী ডঃ সূৰ্য্য হাজৰিকাই সাহিত্য ৰত্ন বঁটা প্ৰদান কৰিছে দামপুৰ নিবাসী তথা সাহিত্যিক চফিউৰ ৰহমান শইকীয়াক
 
দৌলত ৰহমান / দামপুৰ
 
বিশিষ্ট স্বাধীনতা সংগ্ৰামী আক্ৰাম হুছেইন শইকীয়া, আলহাজ বদৰুদ্দিন আহমেদ, আমেৰিকা যুক্তৰাষ্ট্ৰৰ চফটৱেৰ অভিযন্তা তথা মাউণ্ট এভাৰেষ্ট বিজয়ী পৰ্বতাৰোহী হেদায়ত আলী, জম্মু আৰু কাশ্মীৰ উচ্চ ন্যায়ালয়ৰ প্ৰাক্তন মুখ্য ন্যায়াধীশ আফতাব হুছেইন শইকীয়া, ঐতিহাসিক অসম আন্দোলনৰ নেতা আৰু প্ৰাক্তন মন্ত্ৰী নুৰুল হুছেইন, বিশিষ্ট সাহিত্যিক আৰু জনস্বাস্থ্য কাৰিকৰী বিভাগৰ প্ৰাক্তন মুখ্য অভিযন্তা ছফিউৰ ৰহমান শইকীয়া, অসমত লোকায়ুক্ত কাৰ্যালয় স্থাপনৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰা গৌহাটী উচ্চ ন্যায়ালয়ৰ প্ৰাক্তন উপ পঞ্জীয়ক তলমিজুৰ ৰহমান, অসম আৰক্ষীৰ দক্ষ বিষয়া সুমন ছাহনাজ আৰু মেধাৱী যুৱ চিকিৎসক ছাৰ্জিনা আখতাৰা শইকীয়াৰ মাজত কি সাদৃস্য আছে জানেনে ? 
 
ইয়াৰ উত্তৰটো হৈছে- এই আটাইৰে জন্মস্থান হৈছে অসমৰ কামৰূপ জিলাৰ বৃহত্তম খিলঞ্জীয়া অসমীয়া মুছলমানৰ আধিপত্য থকা গাঁও দামপুৰ। এই গাঁওখনে এই ব্যক্তিসকলক তেওঁলোকৰ নিৰ্বাচিত ক্ষেত্ৰত সফলতা লাভ কৰিবলৈ অনুপ্ৰাণিত কৰিছে। দামপুৰ গাওঁৰ সফল ব্যক্তিৰ তালিকাখন যথেষ্ট দীঘলীয়া।
 
উল্লেখ্য যে, অসমৰ ৰাজধানী চহৰ গুৱাহাটীৰ পৰা প্ৰায় ৪৫ কিলোমিটাৰ দূৰত্বত অৱস্থিত দামপুৰত সম্পূৰ্ণৰূপে খিলঞ্জীয়া অসমীয়া মুছলমান লোকে বসবাস কৰে। ১০০ শতাংশ মুছলমান জনসংখ্যা থাকিলেও দামপুৰে মুছলমান গাঁৱক লৈ সাধাৰণতে জনসাধাৰণৰ মাজত থকা বহুতো ভুল ধাৰণা আৰু পৰম্পৰা ভাঙি পেলাইছে।
 
দামপুৰ বৰ মছজিদ
 
দেশৰ বহু মুছলমান গাঁৱত নিৰক্ষৰতাৰ হাৰ অতি বেছি হোৱাৰ বিপৰীতে দামপুৰৰ প্ৰায় ৯০ শতাংশ বাসিন্দা সাক্ষৰ। দামপুৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ে বহুতো মেধাৱী ছাত্ৰী-ছাত্ৰীৰ সৃষ্টি কৰিছে, যি বৰ্তমান সমাজৰ বিভিন্ন ক্ষেত্ৰত পাৰদৰ্শিতা দেখুৱাবলৈ সক্ষম হৈছে। গাঁওখনত চাৰিখন চৰকাৰী হাইস্কুল আছে। ইয়াৰে এখন ছাত্ৰীৰ বাবে সুকীয়া বিদ্যালয় আছে। তদুপৰি, অঞ্চলটোত বিজ্ঞান শাখাৰ বাবে এখন ব্যক্তিগত ছিনিয়ৰ ছেকেণ্ডাৰী বিদ্যালয়, ৯খন চৰকাৰী প্ৰাথমিক বিদ্যালয়, এখন চৰকাৰী হাইমাদ্ৰাছা, দুখন জাতীয় বিদ্যালয় (ইংৰাজী মাধ্যমৰ বিদ্যালয়ৰ আৰ্হিত চলি থকা অসমীয়া মাধ্যমৰ স্কুল) আৰু চাৰিখন ব্যক্তিগত খণ্ডৰ ইংৰাজী মাধ্যমৰ বিদ্যালয় আছে।
 
৬৭ নং দামপুৰ গাঁও পঞ্চায়তৰ প্ৰাক্তন সভাপতি হাইদৰ আলী শইকীয়াই 'আৱাজ-দ্য ভইচ'ক জনোৱা মতে, শিক্ষাৰ ক্ষেত্ৰত তেওঁৰ গাঁওখন সদায় আগবাঢ়ি আছে। চৰকাৰীভাৱে পৰিচালিত হাইস্কুল আৰু প্ৰাথমিক বিদ্যালয়সমূহত গুণগত শিক্ষা প্ৰদান কৰাৰ উপৰিও ব্যক্তিগত খণ্ডৰ ইংৰাজী মাধ্যমৰ বিদ্যালয় আৰু জাতীয় বিদ্যালয়সমূহে বৰ্তমানৰ যুৱ প্ৰজন্মক শৈক্ষিক আৰু পেছাদাৰী কেৰিয়াৰৰ ক্ষেত্ৰত ভৱিষ্যতৰ প্ৰত্যাহ্বানসমূহ সফলতাৰে মোকাবিলা কৰিবলৈ প্ৰস্তুত কৰি তুলিছে। 
 
দামপুৰৰ এখন অসমীয়া মুছলমান বিবাহৰ দৃশ্য
 
বিশিষ্ট সাহিত্যিক আৰু জনস্বাস্থ্য কাৰিকৰী বিভাগৰ প্ৰাক্তন মুখ্য অভিযন্তা ছফিউৰ ৰহমান শইকীয়াই কয় যে দেশৰ স্বাধীনতাৰ পূৰ্বেও দামপুৰত শিক্ষা সদায় অগ্ৰাধিকাৰৰ বিষয় আছিল। দামপুৰত শিক্ষা লাভৰ ক্ষেত্ৰত ছোৱালী সকলেও কোনো ধৰণৰ বৈষম্য আৰু বাধাৰ সন্মুখীন হোৱা নাছিল।
ভাৰতৰ স্বাধীনতাৰ আগতে ছোৱালীৰ মাজত শিক্ষাৰ বিষয়টো বিশেষ গুৰুত্বপূৰ্ণ নাছিল। বিশেষকৈ মুছলমান সমাজত এয়া আছিল এক অলীক কল্পনা। তেনে এক সময়তো কিন্তু দামপুৰ ব্যতিক্ৰম আছিল। উদাহৰণস্বৰূপে আমি ক'ব পাৰো যে গাঁৱখনৰ ফ'ৰেষ্ট ৰেঞ্জাৰ তথা স্বাধীনতা সংগ্ৰামী আলহাজ বদৰুদ্দিন আহমেদৰ চাৰিগৰাকী কন্যা সন্তান আছিল আৰু তেওঁৰ আটাইকেইগৰাকী কন্যাক পৰিয়ালটোৱে উচ্চ শিক্ষা লাভ কৰাটো নিশ্চিত কৰিছিল। সেই শিক্ষাই পৰৱৰ্তী সময়ত ফল দিয়ে আৰু তেওঁৰ দুগৰাকী কন্যা চৰকাৰী বিদ্যালয়ত শিক্ষক আৰু আন এগৰাকী অসম চৰকাৰৰ বিষয়া হয়।
 
দামপুৰত ছোৱালী শিক্ষা আৰু মহিলা সৱলীকৰণৰ বিস্তাৰৰ আন এক উদাহৰণ হ’ল যোৱা বছৰ অসম আৰক্ষীত যোগদান কৰা সুমন ছাহনাজ। অঞ্চলটোৰ ৰাইজ শুই থাকোঁতে সুমনে সশস্ত্ৰ বাহিনীত যোগদান কৰাৰ সপোন বাস্তৱায়িত কৰিবলৈ আন্ধাৰত দৌৰিছিল। এই প্ৰচেষ্টাৰ ফলত তেওঁ অসম আৰক্ষীত যোগদান কৰাৰ সুযোগ লাভ কৰিছে।
 
দামপুৰ ইছলামীয়া মাদ্ৰাছা (স্বাধীনতা দিৱসত পতাকা উত্তোলন কৰা মুহূৰ্ত)
 
১৯২৭ চনত দামপুৰৰ ছাত্ৰ-ছাত্ৰীসকলে সামাজিক কাম-কাজৰ বাবে সজাগতা সৃষ্টি আৰু জাতি-ধৰ্ম-ধৰ্ম নিৰ্বিশেষে নৱপ্ৰজন্মক একত্ৰিত কৰাৰ উদ্দেশ্যেৰে দামপুৰ ছাত্ৰ সন্মিলানী নামেৰে এখন মঞ্চ গঠন কৰে। প্ৰতি বছৰে দামপুৰ ছাত্ৰ সন্মিলনীয়ে বাৰ্ষিক অধিৱেশনৰ আয়োজন কৰে, য’ত বিভিন্ন শ্ৰেণীৰ লোকে অংশগ্ৰহণ কৰে আৰু গীত-নৃত্যৰ জৰিয়তে ভাৰতৰ অনন্য বৈচিত্ৰ্যপূৰ্ণ সংস্কৃতিক গৌৰৱেৰে উদযাপন কৰে।
 
এই গাঁৱৰ জনসাধাৰণে নিজৰ আৰ্থিক আৰু অন্যান্য সহায়-সহযোগিতাৰে দামপুৰ ইছলামিক মাদ্ৰাছা পৰিচালনা কৰি আছে। মাদ্ৰাছাৰ পৰিচালনা সমিতিৰ সভাপতি হাইদৰ আলী শইকীয়াই কয় যে ইছলামিক শিক্ষাৰ উপৰিও মাদ্ৰাছাখনে ছাত্ৰ-ছাত্ৰীসকলক আধুনিক শিক্ষাও প্ৰদান কৰে।
“দামপুৰ ইছলামিক মাদ্ৰাছাত দেশৰ সকলো গুৰুত্বপূৰ্ণ দিৱস যেনে গণৰাজ্য দিৱস, স্বাধীনতা দিৱস আৰু অন্যান্য ঐতিহাসিক অনুষ্ঠান অতি উলহ-মালহেৰে পালন কৰা হয়। মাদ্ৰাছাখন যাতে অসামাজিক আৰু মৌলবাদী শক্তিয়ে ব্যৱহাৰ নকৰে তাৰ বাবে পৰিচালনা সমিতিয়ে কঠোৰ সতৰ্কতা অৱলম্বন কৰে।"-হাইদৰ আলী শইকীয়াই কয়।
 
দামপুৰ ৰাজ্যিক চিকিৎসালয়
 
দামপুৰত থকা ২৬টা মছজিদতে ইমামসকলে শান্তি আৰু ভাতৃত্ববোধৰ বাৰ্তা প্ৰচাৰ কৰে। দামপুৰৰ ৰাইজ নিজৰ স্বাস্থ্যৰ প্ৰতি অতি সচেতন। গাঁওখনত এখন ৰাজ্যিক চিকিৎসালয় (State Dispensary) আৰু দুটা উপ-স্বাস্থ্যকেন্দ্ৰ আছে। ইয়াত পৰ্যাপ্ত পৰিমাণৰ চিকিৎসক, নাৰ্ছ, পেৰা মেডিকেল ষ্টাফ উপলব্ধ। স্বাস্থ্য কেন্দ্ৰসমূহত পৰ্যাপ্ত সংখ্যক জীৱন ৰক্ষাকাৰী আৰু অন্যান্য অত্যাৱশ্যকীয় ঔষধো জনসাধাৰণৰ বাবে উপলব্ধ।
উল্লেখ্য যে, দামপুৰত বৰ্তমান ২১ হাজাৰ জনসংখ্যা আছে আৰু ইয়াৰে ৪৫ শতাংশ কৃষক। ধান, অন্যান্য খেতি আৰু শাক-পাচলি উৎপাদনৰ ক্ষেত্ৰত গাঁওখন স্বাৱলম্বী।
 
দামপুৰৰ আৰ্থ-সামাজিক জীৱনত সমন্বয়মুখী সংস্কৃতি আৰু পৰম্পৰা প্ৰতিফলিত হৈছে। গাঁওবাসীৰ বিবাহ অনুষ্ঠান ইছলামিক ৰীতি-নীতিৰে সম্পন্ন হয় যদিও অসমীয়া হিন্দু সমাজৰ বিয়াৰ সৈতে তেওঁলোকৰ পৰম্পৰা ঘনিষ্ঠভাৱে জড়িত হৈ আছে। কইনাসকলে উজ্জ্বল ৰঙৰ পৰম্পৰাগত অসমীয়া সাজ-পোছাক পৰিধান কৰে। নিকাহৰ লগতে অভ্যৰ্থনা অনুষ্ঠানত তেওঁলোকে মেখেলা চাদৰ পিন্ধে আৰু নিকাহৰ দিনা দৰাজনে শ্বেৰৱানী আৰু পাগুৰি পিন্ধে। এই সাজ-পোছাকৰ কাৰণ এইটোৱেই হ’ব পাৰে যে যেতিয়া মুছলমানসকল প্ৰথম অসমলৈ আহিছিল, তেতিয়া তেওঁলোকে স্থানীয় অসমীয়া মহিলা মহিলাকে বিয়া কৰাইছিল।
 
দামপুৰৰ এটি উপস্বাস্থ্য কেন্দ্ৰত চিত্ৰাংকণ প্ৰতিযোগিতা
 
জম্মু-কাশ্মীৰ উচ্চ ন্যায়ালয়ৰ প্ৰাক্তন মুখ্য ন্যায়াধীশ আফতাব হুছেইন শইকীয়াই কয় যে দামপুৰৰ কথা ক’লেই তেওঁ সদায় নষ্টালজিক অনুভৱ কৰে। “দামপুৰত মোৰ শিপাডাল আছে আৰু মোৰ জীৱনৰ গঠনমূলক বছৰবোৰ এই গাঁৱতে পাৰ হৈছিল। তাত মই বহু মানৱীয় মূল্যবোধৰ শিক্ষা লাভ কৰিছিলো। মোৰ পূৰ্বপুৰুষসকলে ভাৰতৰ স্বাধীনতা সংগ্ৰামত সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰিছিল।"-মেঘালয় মানৱ অধিকাৰ আয়োগৰ প্ৰতিষ্ঠাপক অধ্যক্ষৰ আসনো শুৱনি কৰা ন্যায়াধীশ শইকীয়াই কয়।
 
মনকৰিবলগীয়া যে, হিন্দু-মুছলমান আৰু বৌদ্ধসকলৰ জনপ্ৰিয় তীৰ্থভূমি কামৰূপ জিলাৰ হাজোক বিশ্বজুৰি সাম্প্ৰদায়িক সম্প্ৰীতিৰ এক পীঠস্থান  হিচাপে জনা যায়। যিহেতু দামপুৰ হাজোৰ অতি ওচৰতে অৱস্থিত। সেয়ে, হাজোৰ এনে অনন্য সাম্প্ৰদায়িক সম্প্ৰীতি বজাই ৰখাত দামপুৰৰ লোকসকলৰ উল্লেখযোগ্য অৱদান আছে বুলি বিশ্বাস কৰা হয়।