ঈদৰ নামাজক লৈ দিল্লীৰ জামা মছজিদৰ শ্বাহী ইমামৰ বিশেষ আহ্বান

Story by  atv | Posted by  [email protected] • 19 d ago
দিল্লীৰ জামা মছজিদৰ শ্বাহী ইমাম ছৈয়দ আহমেদ বুখাৰী (সোঁফালে)
দিল্লীৰ জামা মছজিদৰ শ্বাহী ইমাম ছৈয়দ আহমেদ বুখাৰী (সোঁফালে)
 
আৱাজ দ্য ভইচ অসম ব্যুৰো

বৃহস্পতিবাৰে দেশজুৰি পালন কৰা হ'ব ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ হেঁপাহৰ উত্‍সৱ ঈদ। এমাহজোৰা ৰোজাৰ অন্তত আনন্দ-উল্লাসেৰে ঈদ উদযাপন কৰিবলৈ দেশৰ কোটি কোটি ইছলাম ধৰ্মাৱলম্বী লোক সাজু হোৱাৰ সয়মতে নতুন দিল্লীৰ ঐতিহাসিক জামা মছজিদৰ শ্বাহী ইমাম ছৈয়দ আহমেদ বুখাৰীয়ে সকলোকে এক বিশেষ আহ্বান জনাইছে।   
 
“ভাৰতৰ সকলো মছজিদৰ ইমামসকলক মই পৰামৰ্শ দিওঁ যে যিবোৰ অঞ্চলত সম্পূৰ্ণৰূপে মুছলমান জনসংখ্যা আছে, সেইবোৰত ইবাদতকাৰীৰ সংখ্যা বেছি হ'লে, মছজিদৰ চৌহদৰ বাহিৰত নামাজ পঢ়াটো কোনো সমস্যাৰ বিষয় হ’ব নালাগে। এই ক্ষেত্ৰত স্থানীয় প্ৰশাসনে শান্তিপূৰ্ণ সমাৱেশৰ সুবিধা সুনিশ্চিত কৰিব লাগে। কিন্তু যদি কোনো সমস্যা আছে তেন্তে মছজিদৰ পৰিসীমাৰ ভিতৰত নামাজ আয়োজন কৰা উচিত। মছজিদৰ পৰিসীমাৰ ভিতৰত একাধিকবাৰ নামাজ পঢ়াৰ ব্যৱস্থা কৰি সুন্দৰভাৱে সমস্যাৰ সমাধান কৰিব পাৰি।"-জামা মছজিদৰ শ্বাহী ইমাম ছৈয়দ আহমেদ বুখাৰীয়ে কয়। 
 
উল্লেখ্য যে, ঈদৰ নামাজৰ সময়ত দেশৰ কিছুমান অঞ্চলত মুছলমান লোকসকলে মছজিদৰ বাহিৰত অথবা পথৰ ওপৰত নামাজ পঢ়াক কেন্দ্ৰ কৰি সময়ে সময়ে বিবাদৰ সূচনা হৈ আহিছে। পবিত্ৰ ৰমজান মাহৰ সময়তো দুই-এক স্থানত এনে অপ্ৰীতিকৰ ঘটনা সংঘটিত হৈছিল, য'ত আৰক্ষীয়ে পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলগীয়া হৈছিল।
"যেতিয়া সকলো ধৰ্মৰ লোকৰ বসতি স্থানত ইবাদতকাৰীৰ সংখ্যা বেছি হয়, তেতিয়া মছজিদ চৌহদৰ ভিতৰত এটাতকৈ অধিক জামাত বাধ্যতামূলকভাৱে পালন কৰিব লাগে, যাতে ঈদৰ নামাজ সুন্দৰ পৰিৱেশত সম্পন্ন হয়। ঈদৰ পবিত্ৰ অনুষ্ঠানে সমাজত শান্তি প্ৰতিষ্ঠা কৰে। ঈদে সমাজৰ সকলো শ্ৰেণীৰ লোকৰ মাজত সদ্ভাৱ বৃদ্ধি কৰে। গতিকে, আমি শান্তি-সম্প্ৰীতি বৰ্তাই ৰাখি এই উত্‍সৱ পালন কৰা উচিত। ঈদ হৈছে সকলো কু-ইচ্ছা পাহৰি ক্ষমা কৰাৰ এক পবিত্ৰ অনুষ্ঠান।"-বুখাৰীয়ে পুনৰ কয়। 
 
দেশবাসীক ঈদৰ শুভেচ্ছা জ্ঞাপন কৰি তেওঁ আহ্বান জনায় যে এটাতকৈ অধিক জামাতৰ ক্ষেত্ৰত আন এজন ইমামে দায়িত্ব গ্ৰহণ কৰিব লাগে, যাতে ঈদৰ নামাজ সুকলমে সম্পন্ন হৈ যায়। 
 
ইফালে, লক্ষ্ণৌ ঈদগাহৰ ইমাম মৌলানা খালিদ ৰছিদ ফিৰংগী মহলীয়ে ঈদ-উল-ফিতৰ উদযাপনৰ তাৰিখক লৈ অনিশ্চয়তা দূৰ কৰি কয়,  "কোনো ধৰণৰ বিভ্ৰান্তি হ'ব নালাগে। ১১ এপ্ৰিলত ঈদ-উল-ফিতৰ পালন কৰা হ'ব। ঈদগাহত পুৱা ১০ বজাত মানুহে নামাজ আগবঢ়াব। ১০ এপ্ৰিলত ৰমজানৰ শেষৰ ৰোজা পালন কৰা হ'ব।"