পাহৰণিৰ গৰ্ভত স্বাধীনতা সংগ্ৰামী মৌলানা চৈয়দ কিফায়াত আলী কাফি

Story by  atv | Posted by  Munni Begum • 2 Months ago
 স্বাধীনতা সংগ্ৰামী মৌলানা চৈয়দ কিফায়াত আলী কাফি
স্বাধীনতা সংগ্ৰামী মৌলানা চৈয়দ কিফায়াত আলী কাফি
 
চাহিল ৰাজৱী 
 
এয়া সকলোৱে জানে যে, হাজাৰ হাজাৰ উলেমা আৰু মাদ্ৰাছা শিক্ষাৰ্থীয়ে স্বাধীনতা সংগ্ৰামত অংশগ্ৰহণ কৰিছিল  আৰু আমাৰ মৰমৰ দেশ হিন্দুস্তানক ব্ৰিটিছ শাসনৰ পৰা মুক্ত কৰাত সহায় কৰিবলৈ নিজৰ তেজেৰে ৰাঙলী হৈছিল। আজি আমি এনে এজন দেশপ্ৰেমীৰ বিষয়ে আলোচনা কৰিবলৈ গৈ আছোঁ, যিগৰাকী কেৱল এজন পণ্ডিত আৰু কবিই নাছিল তেওঁ, এগৰাকী উৎকৃষ্ট চিকিৎসক আৰু হজৰত মহম্মদৰ প্ৰকৃত প্ৰেমিক আছিল। তেওঁ হৈছে চৈয়দ কিফায়াত আলী কাফি।
 

স্বাধীনতা সংগ্ৰামৰ অখ্যাত নায়ক

 
 
চৈয়দ কিফায়াত আলী কাফিৰ জন্ম উত্তৰ প্ৰদেশৰ বিজনৌৰ জিলাৰ সাদাত পৰিয়ালত হৈছিল। বৰেলী আৰু বদৌনত শিক্ষা অব্যাহত ৰখাৰ পূৰ্বে তেওঁ মোৰাদাবাদৰ পৰা প্ৰাথমিক শিক্ষা গ্ৰহণ কৰিছিল। মৌলানা কাফিয়ে শ্বেখ আবু ছাইদ ৰামপুৰীৰ পৰা ধৰ্মীয় জ্ঞান আহৰণ কৰিছিল আৰু শ্বেৰ আলীৰ দ্বাৰা হিকমত (পৰম্পৰাগত চিকিৎসা)ৰ প্ৰশিক্ষণ লাভ কৰিছিল। মৌলৱী মেহদী আলী খান আৰু জাকি মোৰাদাবাদীৰ নেতৃত্বত তেওঁ নিজৰ কাব্যিক দক্ষতাও বিকশিত কৰিছিল।  
 
মৌলানা কাফি কেৱল এগৰাকী দেশপ্ৰেমীকে নহয়, এগৰাকী উৎকৃষ্ট লেখকও আছিল। কাফিয়ে তেওঁৰ সম্পূৰ্ণ জীৱনকালত কেইবাখনো উল্লেখযোগ্য গ্ৰন্থ ৰচনা কৰিছিল, যাৰ ভিতৰত অন্যতম কেইখনমান হৈছে :    
 
মৌলানা চৈয়দ কিফায়াত আলী কাফি
 
● দিৱান-ই-কাফি
● দিৱান-ই-তানহা 
● কমলাত-ই-আজিজী
● নাছিম-ই-জান্নাত
● খায়াবান-ই-ফিৰদৌছ
● কিছা শ্বেখ ছানন
 
যেতিয়া মৌলানা কাফি যৌৱন কালত ভৰি থৈছিল, সেইসময়তো ব্ৰিটিছসকলে ভাৰতীয় লোকসকলৰ ওপৰত অত্যাচাৰ  চলাই আছিল। এই সময়ছোৱাত, ব্ৰিটিছসকলৰ প্ৰতি তেওঁৰ অন্তৰত গভীৰ ঘৃণাই আগুৰি ধৰিছিল, আৰু তেওঁ তেওঁলোকক ভাৰতৰ পৰা বহিষ্কাৰ কৰাত সহায় কৰাৰ সংকল্প লৈছিল। মৌলানা কাফিয়ে মানুহক প্ৰতি শুক্ৰবাৰে ব্ৰিটিছৰ বিৰুদ্ধে জিহাদ কৰিবলৈ অনুপ্ৰাণিত কৰিছিল।  
 
১৮৫৭ চনৰ ১২ মে'ত মিৰাটত আৰম্ভ হোৱা প্ৰথম দেশব্যাপী স্বাধীনতা সংগ্ৰামৰ বাতৰি মোৰাদাবাদ পোৱাৰ পিছত স্বাধীনতাপ্ৰেমী মৌলানা জয়নুল আবেদীনে জিহাদ ঘোষণা কৰিছিল। মৌলানা কিফায়াত আলী কাফিয়ে জিহাদৰ এটা ফতোৱা সংকলন কৰিছিল, যিটো জামা মছজিদৰ দেৱালত লগোৱা হৈছিল আৰু আন স্থানলৈও ইয়াৰ প্ৰতিলিপি প্ৰেৰণ কৰা হৈছিল। মৌলানা কাফিয়ে আওনলা আৰু বৰেলী ভ্ৰমণ কৰিছিল আৰু তেওঁ আওনলাত স্বাধীনতা আন্দোলনত সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰিছিল। তাৰ পৰা তেওঁ বৰেলীত উপস্থিত হৈছিল আৰু তাত বাহাদুৰ খান আৰু মৌলৱী চৰফৰাজ আলীৰ পৰামৰ্শ মতে মৌলানা কাফি মোৰাদাবাদলৈ উভতি আহিছিল।      
 
মৌলানা চৈয়দ কিফায়াত আলী কাফি 
 
১৮৫৭ চনত মৌলানা কাফিয়ে ব্ৰিটিছ শাসনৰ বিৰুদ্ধে ফতোৱা জাৰি কৰিছিল আৰু মুছলমানসকলক জিহাদৰ বাবে একত্ৰিত কৰিছিল। ভাৰতৰ স্বাধীনতাৰ প্ৰতি থকা আবেগেৰে তেওঁৰ হৃদয় জ্বলি উঠিছিল। তেওঁ জেনেৰেল বখত খান ৰোহিল্লাৰ সেনাত যোগদান কৰিছিল আৰু দিল্লীৰ পৰা বৰেলী আৰু এলাহাবাদলৈ ব্ৰিটিছৰ সৈতে যুঁজ দিছিল।  
 
মোৰাদাবাদক ব্ৰিটিছৰ নিয়ন্ত্ৰণৰ পৰা মুক্ত কৰাৰ পিছত, মৌলানা কিফায়াত আলী কাফিয়ে নৱাব মজিদুদ্দিন খানৰ নেতৃত্বত এখন চৰকাৰ গঠন কৰিছিল, যাক নৱাব মজ্জু খান বুলিও জনা গৈছিল। এই চৰকাৰত, মৌলানা কাফিক সদৰ-ই-শ্বৰিয়াত হিচাপে নিযুক্তি দিয়া হৈছিল। য'ত তেওঁ শ্বৰিয়া আইন অনুসৰি গোচৰবোৰৰ বিচাৰ কৰিছিল। নৱাব মাজ্জু খানক শাসক হিচাপে নিৰ্বাচন কৰা হৈছিল, আৰু আব্বাছ আলী খানক সেনাবাহিনী (আৰ্টিলাৰী)ৰ দায়িত্ব দিয়া হৈছিল।  
 
মোৰাদাবাদৰ পৰিস্থিতি দেখি ব্ৰিটিছসকলে মিৰাট আৰু নৈনিতালৰ ফালে পলায়ন কৰিছিল। ইয়াৰ প্ৰতিক্ৰিয়া স্বৰূপে, উলেমাসকলে দ্ৰুতগতিত চহৰখন পৰিচালনা কৰিবলৈ আৰু চলিত যুদ্ধৰ বাবে প্ৰয়োজনীয় সম্পদ যোগান ধৰিবলৈ এখন যুদ্ধ উপদেষ্টা সমিতি গঠন কৰিছিল। অৱশ্যে, সমিতিখনৰ এই প্ৰচেষ্টাক ৰামপুৰৰ নৱাব আৰু ব্ৰিটিছৰ প্ৰতি অনুগত কিছুমান স্থানীয় বিশ্বাসঘাতকৰ দ্বাৰা ক্ষুণ্ণ কৰা হৈছিল, যিসকলে জিহাদ বিফল কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল। আল্লামা য়াছিন আখটাৰ মিছবাহীয়ে মোৰাদাবাদৰ স্বাধীনতা সংগ্ৰামৰ বিফলতাৰ দুটা মুখ্য কাৰণ চিনাক্ত কৰিছিল, সেয়া হৈছে: প্ৰথমতে, যুদ্ধ নিয়ন্ত্ৰণ কৰিবলৈ কেন্দ্ৰীয় সংগঠনৰ অনুপস্থিতি। 
 
প্ৰতিনিধিত্বমূলক ছবি
 
স্থানীয় বিশ্বাসঘাতকসকলে জিহাদ বিফল কৰিবলৈ সক্ৰিয়ভাৱে কাম কৰিছিল। তেওঁলোকৰ সহায়ত ব্ৰিটিছে মোৰাদাবাদ আৰু ইয়াৰ চাৰিওফালৰ অঞ্চলসমূহ পুনৰ দখল কৰিবলৈ সক্ষম হৈছিল আৰু তেওঁলোকে মুজাহিদীনসকলক যথেষ্ট ক্ষতি সাধন কৰিছিল। ১৮৫৮ চনৰ ২৪ এপ্ৰিলত ব্ৰিটিছে নৱাব মজিদুদ্দিন খানক অতি বেদনাদায়কভাৱে নিৰ্মমভাৱে হত্যা কৰিছিল। 
 
সেই সময়ত ব্ৰিটিছে বিশ্বাসঘাতকসকলক আন এটা প্ৰস্তাৱ আগবঢ়াইছিল যে, যিয়ে মুজাহিদক গ্ৰেপ্তাৰ কৰি ফাঁচী দিব, তেওঁ তেওঁৰ সম্পত্তিৰ যথেষ্ট অংশ লাভ কৰিব। এই প্ৰৰোচনাৰ ফলত গ্ৰেপ্তাৰ হোৱা সকলো মুজাহিদীনকে মৃত্যুদণ্ড দিয়া হৈছিল। তেনে এজন বিশ্বাসঘাতক ফখৰুদ্দিন কালালে কাফিৰ সম্পত্তিৰ প্ৰতিশ্ৰুতিৰ বিনিময়ত মৌলানা কাফিৰ বিষয়ে ব্ৰিটিছক তথ্য যোগান ধৰিছিল। ব্ৰিটিছে এই তথ্যৰ ওপৰত কাম কৰিছিল, আৰু ফখৰুদ্দিনক কাফিক বন্দী কৰাৰ বিৱৰণৰ বাবে উৎকোচৰ প্ৰস্তাৱ প্ৰদান কৰিছিল।  
 
৩০ এপ্ৰিলত মৌলানা কাফিক গ্ৰেপ্তাৰ কৰা হৈছিল আৰু তাৰ পিছত কাফিৰ গোচৰটো ক্ষীপ্ৰতাৰে আৰম্ভ কৰা হৈছিল। ব্ৰিটিছ আদালতে জানিছিল যে, অভিযুক্ত ব্যক্তিসকলৰ বক্তব্যত হেৰফেৰ কৰিব পাৰি, আৰু সেই সময়ত অভিযুক্তৰ বক্তব্য দিয়া বা আইনী প্ৰতিনিধিত্ব কৰাৰ কোনো অধিকাৰ নাছিল। ১৮৫৮ চনৰ ৪ মে'ত মৌলানা কাফিৰ বিচাৰ ত্বৰান্বিত কৰা হয় আৰু ব্ৰিটিছ দণ্ডাধীশে তেওঁৰ ৰায়দান দিয়ে। 
 
স্বাধীনতা সংগ্ৰামৰ প্ৰতিনিধিত্বমূলক ছবি
 
মৌলানা আব্দুল মালিক মিছবাহীয়ে লিখিছে: শ্বহীদ কাফিৰ শৰীৰত গৰম লোহা প্ৰয়োগ কৰি আঘাত কৰা হৈছিল, তেওঁৰ ঘাঁত নিমখ ছটিয়াই দিয়া হৈছিল আৰু ব্ৰিটিছে তেওঁক ইছলাম ত্যাগ কৰিবলৈ বাধ্য কৰিবলৈ সকলো সম্ভৱ উপায় ব্যৱহাৰ কৰিছিল। কিন্তু তেওঁলোকৰ সকলো প্ৰচেষ্টা বিফল হৈছিল। অৱশেষত, মৌলানা কাফিক ১৮৫৮ চনৰ ৬ মে'ত মোৰাদাবাদৰ চাৰিআলিত ফাঁচী দিয়া হৈছিল।    
 
ফাঁচীৰ সময়ত মৌলানা কাফিৰ মুখত কোনো ভয় বা সন্ত্ৰাস দেখা পোৱা নাছিল। বৰঞ্চ তেওঁক অত্যন্ত দৃঢ় আৰু শান্ত যেন দেখা গৈছিল আৰু হজৰত মহম্মদৰ প্ৰতি থকা প্ৰেমত সম্পূৰ্ণৰূপে নিমগ্ন হৈ পৰা দেখা গৈছিল। 
 
(লেখক এগৰাকী  ইছলামিক পণ্ডিত)