জি-২০ শীৰ্ষ সন্মিলনঃ দিল্লীৰ দেৱালত ইতিহাস, পৌৰাণিক কাহিনী আৰু নৃত্য শৈলীৰ চিত্ৰ অংকন কৰিছে ইৰফান খানে

Story by  atv | Posted by  [email protected] • 10 Months ago
জি-২০ উপলক্ষে দিল্লীৰ দেৱালত অংকণ কৰা এটা মনোমোহা চিত্ৰ
জি-২০ উপলক্ষে দিল্লীৰ দেৱালত অংকণ কৰা এটা মনোমোহা চিত্ৰ
 
অনিকা মহেশ্বৰী / নতুন দিল্লী

জি-২০ শীৰ্ষ সন্মিলনৰ বাবে সম্পূৰ্ণৰূপে সাজু হৈ উঠিছে দেশৰ ৰাজধানী চহৰ দিল্লী। বিশ্বৰ আগশাৰীৰ দেশসমূহৰ মূৰব্বীয়ে অংশ ল'বলগীয়া সন্মিলন উপলক্ষে দিল্লীক সজাই পৰাই তোলা হৈছে। চহৰখনৰ দেৱালত অংকণ কৰা ছবিসমূহে ভাৰতৰ বৈচিত্ৰ্য আৰু সংস্কৃতিক স্পষ্টৰূপত প্ৰতিফলিত কৰিছে। এইবোৰে দিল্লীৰ পৰিৱেশ সলনি কৰিছে। ৰাজধানী দিল্লীৰ বহু ফ্লাই অভাৰৰ দেৱাল, আণ্ডাৰপাছ আৰু পথৰ কাষসমূহ সুন্দৰ শিল্পকৰ্মৰে খোদিত কৰা হৈছে। 
 
মনকৰিবলগীয়া যে, দিল্লীৰ দেৱালত ভাৰতৰ ইতিহাস, পৌৰাণিক কাহিনী আৰু নৃত্য শৈলী খোদিত কৰিছে ২৬ বছৰীয়া এজন প্ৰতিভাৱান শিল্পীয়ে। নাম তেওঁৰ ইৰফান খান। তেওঁৰ শিল্পকৰ্মৰ সৌন্দৰ্য্যই যিকোনো ব্যক্তিক মোহিত কৰিব পাৰে। তেওঁ দিল্লীৰ পথ-ফুটপাথ আৰু ফ্লাই অভাৰৰ দেৱালসমূহক সেউজীয়া কলাকৃতিৰে সজাই তুলিছে। আনহাতে বহু মেট্ৰ’ ষ্টেচনৰো সৌন্দৰ্য্যবৰ্ধন কৰিছে। দিল্লীৰ দেৱালত নিজৰ দক্ষতা প্ৰদৰ্শন কৰা ইৰফান খানে নিজৰ ব্ৰাছৰ সহায়ত সাধাৰণ দেৱালকো আটকধুনীয়া ৰূপ দিব পাৰে। 
 
উল্লেখ্য যে, জি-২০ শীৰ্ষ সন্মিলনৰ বাবে চহৰখনক সৃষ্টিশীল আৰু আকৰ্ষণীয় ৰূপ দিয়াৰ উদ্দেশ্যে দিল্লীৰ নগৰ পালিকাসমূহে উজ্জ্বল ৰঙেৰে দেৱালসমূহ সজাবলৈ স্থানীয় শিল্পীক নিযুক্তি দিছে। 
 
 
ৰেলৱেৰ আণ্ডাৰ-ব্ৰিজ ১৩ৰ তলত, য’ত পথটো তিনিটা ভাগত বিভক্ত কৰা হৈছে, বেৰৰ প্ৰতিটো ফালে আকৰ্ষণীয় ৰঙেৰে সজাই তোলা হৈছে। তেনে এখন দেৱালত সেউজীয়া বনাঞ্চলৰ কাষেৰে এখন দলঙৰ ওপৰেৰে ভাপ ইঞ্জিনৰ ৰেলগাড়ী এখন পাৰ হৈ যোৱা দেখা গৈছে, আনহাতে ইয়াৰ বিপৰীত দিশত এখন দেৱালত বহুমহলীয়া অট্টালিকাৰ কাষেৰে এখন বন্দে ভাৰত এক্সপ্ৰেছ পাৰ হৈ যোৱাৰ চিত্ৰ অংকন কৰা হৈছে, য’ত আধুনিক ভাৰতৰ চিত্ৰ প্ৰতিফলিত হৈছে।
 
আন এখন দেৱালত কথক, কঠাকালী, ভৰতনাট্যম, ঘূমাৰ, মণিপুৰী আৰু মহিনিয়াটম নৃত্য শৈলীৰ লগতে নটৰাজক প্ৰতিনিধিত্ব কৰা বিশাল আৰু ৰূপৱতী আকৃতিৰ চিত্ৰ অংকন কৰা হৈছে।
 
এখন নাওত বহি থকা দেৱতাসকলৰ ছবি দেখুৱাই উত্তৰ প্ৰদেশৰ এখন সৰু চহৰৰ শিল্পী ইৰফান খানে কয়, ‘মই ৰাধা-কৃষ্ণ, হনুমান, শ্ৰীৰাম আদি দেৱতাৰ বিশাল ছবিসমূহ অংকণ কৰিছো। মই সমগ্ৰ ভাৰতৰ বহু চহৰত ষ্ট্ৰীট আৰ্টিষ্ট হিচাপে কাম কৰিছো। বৰ্তমান মই দৈনিক মজুৰি পোৱা শিল্পী হিচাপে কাম কৰোঁ, যাৰ বাবে মোক প্ৰগতি ময়দান অঞ্চলত ৮ ঘণ্টাৰ বাবে ৭০০ টকাকৈ দৰমহা দিয়া হয়। যোৱা ডেৰ মাহ ধৰি মই ইয়াত কাম কৰি আছো।" 
 
 
ইফালে, জি-২০ শীৰ্ষ সন্মিলন উপলক্ষে দিল্লীৰ দেৱালসমূহত অহিল্যবাই, মহাৰাণা প্ৰতাপ আৰু পৃথ্বীৰাজ চৌহান আদি বিখ্যাত আৰু ঐতিহাসিক ব্যক্তিসকলৰ চিত্ৰ উপস্থাপন কৰা হৈছে। ভাৰতৰ বিভিন্ন জনপ্ৰিয় কীৰ্তিচিহ্ন; মধুবনী আৰু ৱাৰলী শিল্পৰ দৰে পৰম্পৰাগত শিল্প শৈলীৰে ময়ুৰ চৰাই, গছ-গছনি, পদুম ফুল, গৰু, মাছ আৰু হৰিণৰ চিত্ৰও অংকণ কৰা হৈছে। ডাষ্টবিনৰ বেৰসমূহো শিল্পকৰ্মৰে সজাই তোলা হৈছে।
 
দেৱালসমূহত অংকিত ভাৰতীয় সভ্যতা-সংস্কৃতি, দেৱ-দেৱী আৰু কীৰ্তিচিহ্নৰ মনোমোহা চিত্ৰসমূহে দিল্লীৰ পথচাৰীসকলকো আকৃষ্ট কৰিবলৈ সক্ষম হৈছে। ব্যস্ততাৰ মাজতে তেওঁলোকে এই চিত্ৰবোৰৰ সৈতে ছেলফি উঠাৰ লোভ সামৰিব পৰা নাই। প্ৰগতি ময়দানৰ আশে-পাশে চিত্ৰ অংকণৰ তত্ত্বাৱধানত থকা বিষয়াসকলৰ মতে, ভাৰত মণ্ডপাম অধিৱেশন কেন্দ্ৰৰ আশে-পাশে থকা দেৱালত ছবি আঁকি অঞ্চলটোক এক সজীৱ ৰূপ দিয়াৰ বাবে প্ৰায় ২০-৩০ গৰাকী ষ্ট্ৰীট শিল্পীক দায়িত্ব দিয়া হৈছে।
 
 
দিল্লীৰ মূলচান্দ আণ্ডাৰপাছ এলেকাত জি-২০ সন্মিলনৰ প্ৰতি লক্ষ্য ৰাখি দেৱালত ধুনীয়া ধুনীয়া ছবি খোদিত কৰা হৈছে। কলকাজী উৰণীয়া সেতুৰ বেৰত খোদিত চৰাই আৰু প্ৰকৃতিৰ সুন্দৰ আকৃতিটোও অতি সুন্দৰ হৈ পৰিছে। ইয়াৰ উপৰিও বিভিন্ন স্থানত সুন্দৰ লাইটিং স্থাপন কৰা হৈছে, যাৰ সৌন্দৰ্য্যই দিল্লীক আকৰ্ষণীয় ৰূপত দাঙি ধৰিছে।