ভাৰতৰ সঙ্গীত জগতত হিন্দু আৰু মুছলমানৰ সম্পৰ্ক

Story by  atv | Posted by  Munni Begum • 3 Years ago
ভাৰতৰ সঙ্গীত জগতত হিন্দু আৰু মুছলমানৰ সম্পৰ্ক
ভাৰতৰ সঙ্গীত জগতত হিন্দু আৰু মুছলমানৰ সম্পৰ্ক
  শৈলেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য / ৰূপানঞ্জলি ভট্ট বৰপূজাৰী

হিন্দু কি মুছলমান, একে আল্লাৰ ফৰমান, এই কথাষাৰ সংস্কৃতি জগততো ভাৰতত দুই এজনৰ বাদে তাহানি মুছলমান ‌সম্ৰাট সকলে জীয়াই ৰাখিছিল। বিশেষকৈ সঙ্গীতৰ ক্ষেত্ৰত তেওঁলোকৰ প্ৰভুত অৱদানেৰে ভাৰতীয় সঙ্গীতৰ জেউতি চৰাইছিল। সঙ্গীতৰ বিষয়ে লিখা এটা প্ৰৱন্ধত সাহিত্যিক চন্দ্ৰধৰ বৰুৱাই কৈছিল, "মুছলমানসকল‌ বিজাতীয় বা বিধৰ্মী হ'লেও ভাৰতত আলহী ৰূপত থকা নাছিল আৰু বৃহৎ জাতি সৃষ্টিৰ পোষকতা কৰিছিল তেওঁলোকে। তেওঁলোক আছিল সঙ্গীত প্ৰিয়। তেওঁলোকৰ প্ৰচেষ্টাত ভাৰতীয় সঙ্গীত ইউৰোপীয় সঙ্গীতৰ লগতো ফেৰ মাৰিব পৰাকৈ উচ্চ পৰ্যায়লৈ গৈছিল।
 
ভাৰতীয় সঙ্গীতৰ ক্ষেত্ৰত বিজ্ঞসকলে জনোৱা মতে যদিও ধাৰাবাহিক ইতিহাস এতিয়াও লিখা হোৱা নাই, বৈদিক যুগৰ পৰাই ৰূপযজ্ঞৰ অন্তৰ্ভুক্ত হৈছিল সঙ্গীত। সেইসময়ত আৰণ্যকসংহিতা, উত্তৰাৰ্ছিক, গ্ৰামগেয়গান, আদি সঙ্গীত প্ৰচলিত আছিল। বেদৰ পৰা পোৱা তথ্য মতে কেৱল সামবেদী গানত গেয়ছন্দৰ প্ৰচলন হৈছিল আৰু এই ছন্দ এক বিশিষ্ট পৰ্বৰ বিন্যাসৰ লগত গোৱাৰ ৰীতিও প্ৰচলিত হৈছিল। ই আছিল সামবেদী সঙ্গীত। সঙ্গীতৰ পৰ্বৰ ,ছন্দৰ আৰু অন্যান্য প্ৰকৃতিৰ কথা ইয়াত‌ আলোচ্য বিষয় নহয়। মাথো কব পাৰি সামবেদী সঙ্গীত যজ্ঞবেদীৰ চৌপাশে গোৱা হৈছিল। উপনিষদৰ শতপথ ব্ৰাহ্মণ, ঐতেৰীয় উপনিষদ, আদি গ্ৰন্থত সঙ্গীতৰ বিবিধ কথা আছে। যাগ্যবল্কয় বৰ্ণাৰত্ন প্ৰদীপিকা, নাৰদীয় শিক্ষা আদি গ্ৰন্থতো ভাৰতীয় সঙ্গীতৰ কথা পোৱা যায়।
শাস্ত্ৰীয় সংগীতৰ বিভিন্ন বাদ্যযন্ত্ৰ
 
নৃত্য, বাদ্য আৰু সঙ্গীত এই তিনিৰ সমাহাৰেই সঙ্গীত। সঙ্গীত সৃষ্টি সম্পৰ্কে বহুকেইটা অভিমত পোৱা যায়। তাৰ‌ ভিতৰত বৈজ্ঞানিক মতবাদ আৰু ধাৰ্মিক‌ মতবাদ উল্লেখযোগ্য। ধাৰ্মিক মতবাদ মতে নবী হজৰত মুচাই পাহাৰত তপস্যা কৰি থাকোতে দৈৱবাণী শুনি হাতৰ লাঠিৰে পাহাৰত আঘাত কৰাত কেইবাটাও শিলা খণ্ডৰ সৃষ্টি হয় আৰু মাজেদি পানীৰ ফোৱাৰা ওলাবলৈ ‌ধৰে। ফোৱাৰাৰ ধাৰাৰ সুৰত সাত স্বৰৰ সৃষ্টি কৰিলে মুচাই। আকৌ শিৱই পাৰ্বতীৰ শয়ন মুদ্ৰাৰ পৰাই হেনো সৃষ্টি কৰিছিল ৰূদ্ৰবীণা। আকৌ আন এক বিশ্বাস অনুযায়ী ব্ৰহ্মাৰ সৃষ্ট সঙ্গীত শিৱ আৰু সৰস্বতীয়ে পাইছিল। নাৰদ মুনিয়ে তাক ধৰালৈ আনিছিল। কথাবোৰ‌ হিন্দু নাইবা মুছলিম কোনেও বাদানুবাদৰ মাজলৈ অনা দেখা নাই। ইও শুভলক্ষণ। সম্প্ৰীতিৰ সহায়ক।
বৈজ্ঞানিক মতবাদ মতে প্ৰাকৃতিক নানা শব্দ (চৰাই, চিৰিকটি, মানুহ আৰু অন্য প্ৰাণীৰ লগতো জড়িত) আদিৰ অনুকৰণত সৃষ্টি হৈছিল নানা স্বৰ। ঐতিহাসিক দৃষ্টিভঙ্গীৰে চালে হিন্দু যুগ (বৈদিক কালৰ পৰা আৰম্ভ কৰি দশম শতাব্দীৰ পৰ্যন্ত) আৰু মুছলমান যুগ (একাদশ শতাব্দীৰ পৰা ১৯৪৭ পৰ্যন্ত)। তদুপৰি ৰামায়ণ মহাভাৰতৰ যুগতো বীণা, মৃদংগ আছি‌ল। ৰূদ্ৰবীণাত শিৱই সৃষ্টি কৰিছিল ভৈৰৱ, হিন্দোল, মেঘ, দীপক আদি অতুলনীয় ৰাগ‌। মুছলমান যুগত আল্লাউদ্দিন খিলিজীৰ শাসন কালত আমীৰ খশ্ৰু নামৰ এজন ৰাজসভাৰ গায়ক আছিল। আমীৰ প্ৰথমে গোলাম ঘৰাণাৰ গিয়াছুদ্দিনৰ আশ্ৰমত আছিল। কিন্তু খিলিজী  বংশৰ আগমনৰ পিছত গোলাম ঘৰাণাৰ অন্ত পৰিল।
আল্লাউদ্দিন খিলিজীয়ে যেতিয়া ৰামদেৱ শাসিত দেৱগিৰি অধিকাৰ কৰে, তাত গোপাল‌নায়ক নামৰ ৰাজ সভাৰ এজন গায়ক আছিল। তেওঁ আছিল বেচ প্ৰতিভাশালী। এবাৰ প্ৰতিযোগিতাত গোপাল‌নায়ক আমীৰ খশ্ৰুৰ হাতত পৰাজিত হয়। কিন্তু এই প্ৰতিযোগিতাত কিছু ছল চাতুৰী আৰু অবিচাৰৰ প্ৰভাৱ আছিল আৰু সেই কথা খশ্ৰুৱে জানিছিল। সেয়ে শেষত গোপাল নায়ককো তেওঁ দিল্লীলৈ লগত লৈ গৈছিল। দিল্লীত গোপাল নায়কে গায়ক হিচাপে বেছি সন্মান পাইছিল। 
 
তানসেনৰ এক ধাৰণামুলক চিত্ৰ
 
কথিত আছে গোপাল‌ নায়কে দিল্লীৰ বাহিৰলৈ ‌ফুৰিবলৈ বা কিবা কামত যিখন গৰু গাড়ীৰে ‌গৈছিল, সেই গাড়ীৰ‌ গৰুৰ ডিঙিত আৰি দিয়া টিলিঙাৰ বাজনাত একোটাহত ৰাগ ফুটি ওলাইছিল। গোপাল নায়কে কেইবাটাও নতুন ৰাগ সৃষ্টি কৰিছিল। তাৰ ভিতৰত বৰহংস, পিনু, সাৰঙ্গ আদিয়েই প্ৰধান। আমীৰ খশ্ৰুৰ অৱদানো আছিল ভাৰতীয় সঙ্গীত জগতৰ বাবে অমূল্য আৰু চিৰস্মৰণীয়। তেওঁৰ ৰাগ সমূহ হ'ল জিনাফ, সাজগিৰি,, পূৰীয়া, , তোড়ী, আসাৱৰী, পূৰ্বী ইত্যাদি। খশ্ৰুৰ উদাৰতাও স্মৰণযোগ্য।
 
 
ৰূদ্ৰবীণা
 
পঞ্চদশ শতাব্দীত‌ জৌনপৰত আছিল চুলতান শৰ্কী। তেওঁ আছিল এজন বাদশ্বাহ। কিন্তু আছিল সঙ্গীত বলিয়া। তেওঁ নিজেও কেইবাটাও ৰাগ সৃষ্টি কৰিছিল। সেইবোৰৰ ভিতৰত আছিল জৌনপুৰী, সিন্ধুৰা আদি। খশ্ৰুৰ পিছত হোচেন শৰ্কী‌ নামৰ এজনে কাৱালী গীতৰ প্ৰচাৰ কৰে আৰু কলাৱন্তী খায়াল আৱিষ্কাৰ কৰে। ১৬০০ শতাব্দীত‌ মহামতি আকবৰে তেওঁৰ দৰবাৰত বহুতো ‌প্ৰতিভাশালী গায়ক গায়িকাক স্হান দিছিল। গায়ক‌ আৰু গায়িকা মিলি মুঠ ৩৬ গৰাকীক তেওঁ স্হান দিছিল। তানসেন, বৈজু, বজবাহাদুৰ, তান তৰঙ্গ খান, আদি উল্লেখযোগ্য।
তানসেন আছিল শ্ৰেষ্ঠ গায়ক। গোৱালিয়ৰৰ মকৰন্দ পাণ্ডেৰ পুত্ৰ তানসেন।সৰুতে তানসেনে জীৱ জন্তু আৰু পশু পক্ষীৰ মাতৰ অনুকৰণ কৰিব পাৰিছিল।এবাৰ মহান সঙ্গীতজ্ঞ সন্ন্যাসী হৰিদাসে এখন অৰণ্যৰ কাষেদি যাওঁতে সিংহৰ গৰ্জনৰ দৰে শব্দ শুনি সন্ধান কৰোতে বালক তানসেনে তেনেকৈ চিঞৰা শুনিলে। হৰিদাসে প্ৰতিভাৰ উমান পাই নিজৰ আশ্ৰমলৈ‌ নি  তানসেনক সঙ্গীত শিক্ষা প্ৰদান কৰিলে। তানসেনে পিছৰ জীৱনত আকবৰৰ ৰাজ সভাত মেঘমল্লাৰ ৰাগ গাই বৰষুণ আনিছিল ।ই আছিল মানৱ কল্যানমুখী ৰাগ। বহু গায়কে ঈৰ্ষা বশতঃ তানসেনৰ বিৰূদ্ধে  সম্ৰাটৰ মনত বিৰূপ ভাব সৃষ্টি কৰিবলৈ সম্ৰাটক তানসেনৰ পৰা দীপক ৰাগ শুনিবলৈ অনুৰোধ কৰিলে। সম্ৰাটৰ কথা পেলাব‌ নোৱাৰি দীপক ৰাগ গাই নিজে অগ্নিৰ  তাপত  বিব্ৰত হৈ তানসেনে ৰাজসভা ত্যাগ কৰি গ'ল । তেওঁ বিবশ দেহেৰে ঘূৰি ফুৰোতে   এগৰাকী গায়িকাই মেঘমল্লাৰ ৰাগ গাই বৰষুণ অনাই  তেওঁক সুস্থ কৰিলে।
তানসেনক আকবৰে মৰ্যদাৰে স্হান দিছিল তেওঁৰ দৰবাৰত। তানসেনৰ গুৰু হৰিদাসৰ সঙ্গীতৰ প্ৰতি আকৃষ্ট হৈ ছদ্মবেশেৰে তানসেনক লগত লৈ সম্ৰাট আকবৰে‌ আশ্ৰমলৈ গৈ হৰিদাসৰ সংগীত শুনিছিল ।সম্ৰাট ছাহজাহান আৰু জাহাঙ্গীৰ দুয়ো আছিল‌ সংগীত প্ৰেমী । জাহাঙ্গীৰৰ সময়ত তেলেগু ব্ৰাহ্মন পণ্ডিত সোমনাথে "ৰাগবিবোধ" ৰচনা কৰে। এই সময়ত পণ্ডিত অহোবলে "সঙ্গীত পাৰিজাত", দামোদৰ মিশ্ৰই সঙ্গীত দৰ্পণ, হৃদয় নাৰায়ণে "হৃদয় প্ৰকাশ" আদি গ্ৰণ্হ ৰচনা কৰে। তদুপৰি দাক্ষিণাত্যৰ সঙ্গীতজ্ঞ ভেঙ্কটমুখীয়ে " "চতুৰ্দশী প্ৰকাশিকা", উত্তৰৰ ভাব ভট্টই "অনুপ সঙ্গীত বিলাস" আদি গ্ৰণ্হ ৰচনা কৰিছিল।
 
তানসেনৰ সমাধিক্ষেত্ৰ
 
একমাত্ৰ সঙ্গীত বিৰোধী আছিল সম্ৰাট ঔৰঙজেৱ। সকলো গায়ক গায়িকাক তেওঁ ৰাজ দৰবাৰৰ পৰা বহিষ্কাৰ কৰিছিল।তাৰ বাহিৰে সঙ্গীতৰ ক্ষেত্ৰখনত ভাৰতত হিন্দী আৰু মুছলমানৰ মাজত দেখা গৈছিল অতুলনীয় সম্প্ৰীতি। সঙ্গীত জগতৰ কথা আলোচনা কৰিলে আমি বাউল গীতবোৰৰ কথাও ক'ব লাগিব‌ এটা বিশেষকাৰণত। ইয়াৰ মাজেদি পৰিষ্ফুট হৈছে জাত বিচাৰৰ উৰ্ধত মাথোন মানবতাৰ জয়গান:
 
                "আমাৰ নাই মন্দিৰ কি মচজিদ, নাই পূজা কি বকৰিদ
                তিলে তিলে মোৰ মক্কা কাশী, পৰে পৰে সুদিনা।
                ব্ৰেথা তাৰে খুইজা মৰা, এই মাটিৰ বৃন্দাবনে" ইত্যাদি।
 
কলকাতা বিশ্ববিদ্যালয়ৰ বেঙ্গল মিউজিক কলেজৰ অধ্যক্ষ কুমুদ ৰণ্জন বেনাৰ্জীয়ে এটা প্ৰৱন্ধত লিখিছিল, "Due to Muslim invasion in India the traditional forms of Indian music were greatly influenced by the Pan Islamic music in 13th century . In India Muslim when settled after the invasion also imbibed Indian culture with regard to music, other fine arts, literature, culture and language. This is really fascinating.”  বেনাৰ্জীৰ মতে  এনে আদান প্ৰদানত উভয় সম্প্ৰদায়ৰ মাজত পাৰস্পৰিক প্ৰভাৱো অনস্বীকাৰ্য।
 
শৰ্কী সাম্ৰাজ্যৰ এক কিলা
 
হিন্দু সঙ্গীতজ্ঞ আৰু মুছলমান সঙ্গীতজ্ঞসকল ৰ মাজত‌ তেতিয়া যি বাতাবৰণ আছিল, তাৰ এটাই উদাহৰণেই যথেষ্ট। বেঙ্গল মিউজিক কলেজৰ এন বেনাৰ্জীয়ে" Commemoration volume in honour of Dr SN Ratanjonkar " গ্ৰণ্হত লিখিছিল: " Pandit Bishnunarayan Bhatkhande - the unchallenged authority and father figure of Hindustani classical music was attracted by the fame of ustad Fayaj Khan and visited him. Ustad regaled the Panditji for twenty five days with different styles and the modes of the “ragas” Yamon alone, an unbelievable performance. Pandit Bhatkhande was so highly impressed that he made him his dearest disciple . Pandit Ratanjonkar came to the feet of ustadji to be trained in all different branches of classical music. Fayaj Khan taught him with great care" ওস্তাদ ফায়াজ খান ইণ্দোৰৰ মহাৰাজাৰো প্ৰিয়ভাজন আছিল। তেওঁৰ ৰাজসভাত ওস্তাদজীৰ গলত নিজৰ গলৰ হীৰাৰ নেকলেচ খুলি পিন্ধাই সন্মান জনাইছিল।
 
(লেখক শৈলেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য প্ৰখ্যাত কবি সাহিত্যিক স্বৰ্গীয় নলিনীধৰ ভট্টাচাৰ্য্যৰ সু-পুত্ৰ ও বিশিষ্ট সাহিত্যিক / লেখিকা ৰূপাঞ্জলি ভট্ট বৰপূজাৰী এইবাৰৰ অসম চৰকাৰৰ শিল্পী পেঞ্চন প্ৰাপক আৰু যোৰহাটৰ  নামজ্বলা সঙ্গীতজ্ঞ ইন্দ্ৰেশ্বৰ শৰ্মাদেৱৰ তত্বাৱধানত সঙ্গীত শিক্ষা গ্ৰহণ কৰা ব্যক্তি। লগতে তেওঁ " ভাৰতীয় শাস্ত্ৰীয় সঙ্গীত " নামৰ গ্ৰন্থৰ ৰচয়ীতা।)