বুদ্ধদেৱে শিকোৱা জীৱন আৰু ভাতৃত্ববোধৰ কথা

Story by  atv | Posted by  [email protected] • 3 h ago
প্ৰতিনিধিত্বমূলক ছবি
প্ৰতিনিধিত্বমূলক ছবি
 
স্বপ্না দাস
 
সমগ্ৰ বিশ্বত শান্তি প্ৰতিষ্ঠাৰ বাবে শান্তিৰ বাৰ্তা বিয়পাই দিয়া মহাত্মা বুদ্ধৰ জন্ম হৈছিল বৰ্তমানৰ নেপালৰ অন্তৰ্গত লুম্বিনিত। ব'হাগ মাহৰ পূৰ্ণিমা তিথিত তেওঁৰ জন্ম হৈছিল। তদুপৰি ব'হাগৰ পূৰ্ণিমাতেই বুদ্ধদেৱে বৌদ্ধত্ব (জ্ঞান) লাভ কৰিছিল আৰু উত্তৰ প্ৰদেশৰ কুশিনগৰত তেওঁৰ মহাপৰিনিৰ্বাণো ঘটিছিল একেটা তিথিতে। সেইবাবেই বৌদ্ধ ধৰ্মাৱলম্বীসকলৰ বাবে এই দিনটো অতি গুৰুত্বপূৰ্ণ। বুদ্ধদেৱৰ জীৱনৰ এই তিনিওটা গুৰুত্বপূৰ্ণ ঘটনা ব'হাগ মাহৰ পূৰ্ণিমাৰ দিনা ঘটিছিল বাবে এই পূৰ্ণিমাক পৱিত্ৰ জ্ঞান কৰি বুদ্ধ পূৰ্ণিমা বা বুদ্ধ জয়ন্তী নামেৰে পালন কৰা হয়। বুদ্ধ পূৰ্ণিমাৰ দিনা বৌদ্ধ ধৰ্মাৱলম্বী লোক আৰু বৌদ্ধ ভিক্ষুসকলে বুদ্ধদেৱৰ অমিয় বাৰ্তা, শিক্ষা আৰু নীতি স্মৰণ আৰু চিন্তাৰ জড়িয়তে আভ্যন্তৰীণ শান্তি, মননশীলতা আৰু মমতাৰ অভ্যাস আৰু অনুসৰণ কৰিবলৈ আৰু তাৰ প্ৰচাৰ-প্ৰসাৰৰ প্ৰয়াস কৰে।
 
সত্যৰ পথত থাকি জীৱন সুন্দৰ কৰাৰ দীক্ষাৰ লগতে বৌদ্ধ ধৰ্মত ধ্যানৰ জড়িয়তে আত্মজ্ঞান লাভৰ গুৰুত্ব যথেষ্ট। ধ্যান আৰু সঠিক ধাৰণাই আমাৰ মন আৰু আত্মাক বুজিবলৈ সহায় কৰে আৰু আত্মজ্ঞানে আমাৰ জীৱনৰ উদ্দেশ্য আৰু অৰ্থ বুজিবলৈ সহায় কৰে। বৌদ্ধ ধৰ্মত কৰুণা আৰু প্ৰেমৰ গুৰুত্বও অপৰিসীম। বুদ্ধই তেওঁৰ অনুগামীসকলক সকলো জীৱৰ প্ৰতি মমতা আৰু প্ৰেমভাৱ পোষণ কৰিবলৈ শিকাইছিল। এই আৱেগে আমাক সমাজৰ লগত আন্তৰিক আৰু মানৱীয় সম্পৰ্ক গঢ়ি তোলাত আৰু তেওঁলোকৰ দুখ-কষ্ট বুজাত সহায় কৰে বুলি ক'ব পাৰি। সমগ্ৰ বিশ্বতে শান্তি আৰু অহিংসাৰ বাৰ্তা প্ৰচাৰ কৰি অহা বৌদ্ধ ধৰ্ম অনুসৰি আমি হিংসা আৰু ক্ৰোধৰ পৰা আঁতৰি থাকি শান্তি আৰু কৰুণাৰ পথ অনুসৰণ কৰাৰ প্ৰয়োজন। শান্তিৰ বাৰ্তা বৌদ্ধ ধৰ্মৰ এক গুৰুত্বপূৰ্ণ অংগ। কাৰণ বুদ্ধদেৱ নিজেই এগৰাকী শান্তিদূত আছিল, যিয়ে আপোন জীৱন আৰু শিক্ষাৰ জড়িয়তে মানুহৰ মাজত শান্তি আৰু মমতাৰ বাৰ্তা বিয়পাইছিল। তেওঁৰ শিক্ষাই সমগ্ৰ বিশ্বৰ মানুহক অনুপ্ৰাণিত কৰি আহিছে আৰু আমাক শিকাইছে যে শান্তি আৰু মমতাৰ জড়িয়তে আমি আমাৰ লগতে সমাজৰ জীৱন ধাৰণৰ মান উন্নত কৰিব পাৰোঁ।
 
প্ৰতিনিধিত্বমূলক ছবি
 
প্ৰাচীন ভাৰতীয় ধৰ্মৰ ভিতৰত অন্যতম বৌদ্ধ ধৰ্মক বিশ্বৰ তৃতীয় বৃহত্তম ধৰ্ম বুলি অনেকে গণ্য কৰিব বিচাৰে। ভাৰতৰ উপৰি ভূটান, চীন, কোৰিয়া, জাপান, শ্ৰীলংকা আদিকে ধৰি বিশ্বৰ বহুতো দেশত এই ধৰ্ম প্ৰচলিত। যি কি নহওক, আজিৰ পৰা প্ৰায় ২৬০০ বছৰ আগতে বুদ্ধদেৱে গভীৰ দাৰ্শনিক চিন্তা-চর্চাৰে জীৱন আৰু জগতৰ অনুভৱ প্ৰকাশ কৰিছিল, যি ক্ৰমান্বয়ে অলেখ মানুহৰ মন-মগজুত শিপাই গৈ ধৰ্মলৈ ৰূপান্তৰিত হৈছিল। তেনেকৈয়ে বুদ্ধদেৱক বৌদ্ধ ধৰ্মৰ প্ৰতিস্থাপক হিচাপে জ্ঞান কৰি অনেকেই বৌদ্ধ ধৰ্মত দীক্ষা লয়। বৰ্তমান সমগ্ৰ বিশ্বৰ চুকে-কোণে যথেষ্টসংখ্যক লোকক বৌদ্ধ ধৰ্মৰ অনুগামী হিচাপে দেখা যায়। আনহাতে, বৌদ্ধ ধৰ্মৰ বিশদ ব্যাখ্যা 'ত্ৰিপিটক'ত উপলব্ধৰ উপৰি বৌদ্ধ ভিক্ষু আৰু এই ধৰ্মৰ প্ৰতি অনুগামীসকলক 'সুস্থ'ভাৱে জীৱন-যাপন কৰিবলৈ 'পঞ্চশীল' শীৰ্ষক নীতি অনুসৰণ কৰাৰ বাবে বুদ্ধদেৱে ইয়াৰ প্ৰচাৰ কৰিছিল। এই পঞ্চশীল নীতি বৌদ্ধ ধৰ্মৰ এক মৌলিক মন্ত্ৰ হিচাপেও পৰিচিত। অনুশাসিত আৰু সু-আচৰণযুক্ত তথা শান্তিপূৰ্ণ জীৱন-যাপনৰ বাৰ্তা সমাজলৈ প্ৰেৰণৰ উদ্দেশ্যৰে গৌতম বুদ্ধই প্ৰৱৰ্তন কৰা 'পঞ্চশীল' শীৰ্ষক পাঁচটা নীতিত আমাৰ বাবে অতীব প্ৰয়োজনীয় নৈতিক আচৰণ অন্তৰ্ভুক্ত কৰা হৈছে। পালি ভাষাত লিখা 'ট্ৰিপিটক' গ্ৰন্থত উল্লেখ থকা মতে বুদ্ধদেৱৰ পঞ্চশীল নীতি ক্ৰমে---
 
'পাণাতিপাতা ৱেৰমণী-সিক্খাপদং সমাদয়ামি' (সকলো জীৱৰ ওপৰত হোৱা হিংসাৰ পৰা আঁতৰি থকা), 'আদিন্নাদন ৱেৰমণী-সিক্খাপদং সমাদয়ামি' (নিদিয়া অথবা নোপোৱা বস্তু চুৰি কৰা বা কাঢ়ি লোৱাৰ পৰা বিৰত থকা), 'কামেসু মিচচৰা ৱেৰমণী-সিক্খাপদং সমাদয়ামি' (অসৎ যৌন আচৰণ বা ব্যভিচাৰৰ পৰা বিৰত থকা), 'মুছাৱদা ৱেৰমণী-সিক্খাপদং সমাদয়ামি' (মিছা কথা কোৱাৰ পৰা বিৰত থকা) আৰু 'সুৰা-মেৰায়-মজ্জ-পমদথ্থান ৱেৰমণী-সিক্খাপদং সমাদয়ামি'(মাদক দ্ৰব্যৰ পৰা আঁতৰি থকা)
 
ভাৰতত বুদ্ধপূৰ্ণিমা উদযাপনৰ দৃশ্য
 
পঞ্চশীল নীতিৰ উপৰি আন চাৰিটা মূল সত্যৰ ওপৰতো ভিত্তি কৰি গঢ় লৈ উঠা বৌদ্ধ ধৰ্মৰ মতে লোভ আৰু অজ্ঞানতা দুখৰ কাৰণ আৰু দুখ যন্ত্ৰণা সকলোৰে জীৱনত বিদ্যমান যদিও এই দুখ-কষ্টক প্ৰতিৰোধ কৰিব পৰাকৈ  উপায়ো দি থৈছে বুদ্ধদেৱে। বৌদ্ধ ধৰ্মত উল্লিখিত জীৱন সম্পৰ্কীয় চাৰিটা মূল সত্য হ'ল ক্ৰমে দুখ, সম্প্ৰদায়, নিৰোদ আৰু পথ। সেইমতে সকলোৰে জীৱনত দুখ আৰু যন্ত্ৰণা বিদ্যমান আৰু এই দুখৰ কাৰণ হ'ল লোভ আৰু অজ্ঞানতা। পিছে দুখ-কষ্টৰ অৱসান সম্ভৱ বুলি উল্লেখ কৰি বুদ্ধদেৱে কৈ থোৱা মতে দুখ-কষ্টৰ পৰা মুক্তি পাবলৈ বৌদ্ধ ধৰ্মৰ 'অষ্টপথ' অনুসৰণ কৰাটো প্ৰয়োজনীয়। বৌদ্ধ ধৰ্মত শান্তি লাভৰ সেই 'অষ্টপথ'ৰো বৰ্ণনা কৰা হৈছে।  কোৱা হয় যে 'অষ্টপথ' বুদ্ধদেৱৰ জীৱন সম্পৰ্কীয় বীক্ষাৰ এটা গুৰুত্বপূৰ্ণ অংশ, য'ত অন্তৰ্ভুক্ত কৰে হৈছে--- জীৱনৰ বাস্তৱতাক বুজিবলৈ সঠিক দৃষ্টিভংগী, সঠিক সংকল্প, সঠিক বাক্য, সঠিক কাৰ্য, সঠিক জীৱিকা, সঠিক প্ৰচেষ্টা, শুদ্ধ স্মৃতিশক্তি (মনোযোগ আৰু সজাগতাক বুজায়) আৰু ধ্যান আৰু একাগ্ৰতাক উনুকিওৱা 'সঠিক সমাধি'ক।
 
আমি সকলোৱে জানো যে সমগ্ৰ বিশ্বত অনেক ধৰ্মৰ লোক বসবাস কৰে। কোনোৱে যদি এজন আৰাধ্যৰ বন্দনা কৰে, আন কাৰোবাৰ আকৌ আৰাধ্য কেইবাগৰাকীও। কিন্তু আৰাধনা যাকেই  নকৰক কিয়, সকলো ধৰ্মৰে অন্তৰ্নিহিত উদ্দেশ্য কিন্তু একেটাই--- শান্তি আৰু মানৱতাময় সম্প্ৰীতি। সকলো ধৰ্মৰ প্ৰচাৰক, ধৰ্ম আৰু যিকোনো ধর্মগ্ৰন্থই শান্তি, উদাৰতা, সহনশীলতাৰ কথাকেই চিৰদিন উনুকিয়াই আহিছে। আৰাধ্যগৰাকীক আৰাধনাৰ পন্থা পৃথক হ'লেও সকলোৰে মূল মন্ত্ৰ যেন একেটাই--- শান্তিপূৰ্ণ মানৱীয় জীৱন যাপন। দৰাচলতে নিজৰ প্ৰাপ্তি লাভ আৰু শান্তি লাভৰ বাবে আনে যাতে তিলমানো শাৰীৰিক বা মানসিক কষ্ট নাপাই তাৰ প্ৰতি লক্ষ্য ৰাখি আমি নিজৰ আৰাধ্যক আৰাধনা কৰাটোহে প্ৰকৃত ধৰ্ম। সকলো ধৰ্মতে এই মূল কথাকে বিভিন্নধৰণে বাখ্যা আগবঢ়াই থৈছে প্ৰতিখন ধৰ্মীয় শাস্ত্ৰত। প্ৰতিটো ধৰ্মৰ নিজ নিজ অনুষ্ঠান, নীতি-নিয়ম, পৰম্পৰা আদি পালনৰ জড়িয়তে প্ৰতিটো সম্প্ৰদায়ৰ লোকে যেন  বিভিন্ন ধৰ্মগুৰুৱে কৈ যোৱা শান্তি  আৰু ভাতৃত্বতবোধৰ অনুভৱ মনতেই দোহাৰে আৰু আনলৈও সেই বাৰ্তা প্ৰেৰণ কৰি আহিছে। আপোন ধৰ্মৰ প্ৰতি শ্ৰদ্ধাৰ মনোভাৱাপন্ন হৈ আন ধৰ্মক  অশ্ৰদ্ধা কৰিবলৈ শিক্ষা  দিয়া নাই কোনো ধৰ্মতে। কিন্তু তাৰ পিছতো সাম্প্ৰদায়িক হিংসা, অসূয়া, অশান্তিয়ে কেতিয়াবা আমাৰ সমাজত সংঘাটৰ সৃষ্টি কৰিছে। সাম্প্ৰদায়িক সংঘৰ্ষৰ বাবে মূল্যহীন হৈ পৰিছে মানুহৰ জীৱন। সঠিক আৰু শুদ্ধ ধৰ্মীয় জ্ঞান আৰু আত্মনিয়ন্ত্ৰণহীনতা, মানৱতাহীন আদিৰ ভাৱনাই যেন এই হিংসা-দ্বেষ, জীৱন-মৰণৰ খেল হৈ পৰিছে। নিজ ধৰ্মৰ ৰীতি-নীতি, ধৰ্মগ্ৰন্থক পৱিত্ৰ জ্ঞান কৰাৰ দৰে আন ধৰ্মৰ ৰীতি-নীতি বা ধৰ্মগ্ৰন্থক পৱিত্ৰ জ্ঞান কৰিব নোৱাৰিনে? আপোন ধৰ্ম গ্ৰন্থৰ অন্তৰ্নিহিত জ্ঞান আহৰণৰ যি হেঁপাহ, অন্য ধৰ্মগ্ৰন্থৰ ক্ষেত্ৰতো  সেই একেই হেঁপাহ বুকুত কঢ়িয়াব নোৱাৰিনে? জ্ঞান আহৰণৰত জানো বাধা আছে! জ্ঞানে মানুহক সৎ পথৰ সন্ধান দিয়ে; সততাৰে সত্যৰ সন্মুখীন হ'ব পৰাকৈ সাহসী কৰি তোলে। তেনে জ্ঞানেৰে সমৃদ্ধ মানৱ সমাজত নিশ্চয় শান্তিয়ে বিৰাজ কৰিব। কেৱল ধৰ্মীয় ৰীতি-নীতি, আচাৰ-আচৰণ, পৰম্পৰা আদি পালন কৰাৰ সমানেই যদি প্ৰত্যেক ধৰ্মাৱলম্বী লোকেই নিজ নিজ ধৰ্মৰ প্ৰতিষ্ঠাপকসকলে বিলাই যোৱা জ্ঞান আৰু ধৰ্মগ্ৰন্থৰ অন্তৰ্নিহিত জ্ঞানেৰে আত্মাক প্ৰজ্জ্বলিত কৰিব পাৰোঁ, তেতিয়াহে হয়তো সঁচা অৰ্থত ধৰ্ম আৰু ধৰ্মগ্ৰন্থৰ পবিত্ৰতা ৰক্ষা কৰা হ'ব। তেনেদৰেহে হয়তো ধৰ্ম প্ৰতিস্থাপকৰ প্ৰতিও প্ৰকৃত আন্তৰিক শ্ৰদ্ধা, ভক্তি নিবেদন কৰা হ'ব । সেই কথাকেই বুদ্ধদেৱেও যেন এই উক্তিত প্ৰকাৰান্তৰে কৈছে, "আপুনি যিমানেই পবিত্ৰ শব্দ পঢ়ক, যিমানেই ভাল কথা নকওক কিয়, সেইবোৰ জীৱনত কাৰ্যকৰী নকৰিলে সেই জ্ঞান আহৰণৰ লাভেইবা কি?" 
 
(স্বপ্না দাস এগৰাকী স্বতন্ত্ৰ লেখক)