পাকিস্তানৰ সন্ত্ৰাসবাদীৰ অন্ত্যেষ্টিক্ৰিয়াত উপস্থিত থকা পাকিস্তানী বিষয়াসকলৰ নাম প্ৰকাশ কৰিলে ভাৰতে

Story by  atv | Posted by  [email protected] • 5 h ago
পাকিস্তানৰ সন্ত্ৰাসবাদীৰ অন্ত্যেষ্টিক্ৰিয়াত উপস্থিত থকা পাকিস্তানী বিষয়াসকল
পাকিস্তানৰ সন্ত্ৰাসবাদীৰ অন্ত্যেষ্টিক্ৰিয়াত উপস্থিত থকা পাকিস্তানী বিষয়াসকল
 
নতুন দিল্লী

অপাৰেচন সেন্দুৰত নিহত হোৱা লস্কৰ-ই-তৈবাৰ সন্ত্ৰাসবাদী আব্দুল ৰাউফৰ অন্ত্যেষ্টিক্ৰিয়াত উপস্থিত থকা পাকিস্তানী বিষয়াসকলৰ নাম ভাৰতে প্ৰকাশ কৰিছে। প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ মতে, আমেৰিকাই বিশেষভাৱে স্বীকৃতি দিয়া গোলকীয় সন্ত্ৰাসবাদী লস্কৰ-ই-তৈবাৰ কমাণ্ডাৰ আব্দুল ৰাউফৰ দৰে মুৰিডকেত নিহত সন্ত্ৰাসবাদীৰ অন্ত্যেষ্টিক্ৰিয়া পাকিস্তানত ৰাজকীয় মৰ্যদাৰে সম্পন্ন কৰা হয়।
 
পাকিস্তানৰ পঞ্জাৱ প্ৰদেশত দেশখনৰ সেনাবাহিনীৰ শীৰ্ষ বিষয়া আৰু পাকিস্তানৰ পঞ্জাৱৰ আৰক্ষী মহাপৰিদৰ্শকক সন্ত্ৰাসবাদীৰ অন্ত্যেষ্টিক্ৰিয়াত অংশগ্ৰহণ কৰি দোৱা কৰা দেখা গৈছিল। ইয়াত উপস্থিত থাকে লেফটেনেণ্ট জেনেৰেল ফয়াজ হুছেইন, মেজৰ জেনেৰেল ৰাও ইমৰাণ, প্ৰশাসনৰ ফালৰ পৰা ব্ৰিগেডিয়াৰ মহম্মদ ফুৰকান, পাকিস্তান পঞ্জাৱৰ বিধায়ক উছমান আনোৱাৰ আৰু মালিক সোহাইব আহমেদ।
 
উল্লেখ্য যে, অপাৰেচন সেন্দুৰে পিঅ'জেকে আৰু পাকিস্তানৰ মুঠ ৯টা সন্ত্ৰাসবাদী শিবিৰক লক্ষ্য কৰি লৈছিল। PoJK-ত ছাৱল নালা, চৈয়দনা বিলাল, গুলপুৰ, বৰ্ণালা, আৰু আব্বাছৰ সন্ত্ৰাসবাদী ঘাটিক লক্ষ্য কৰি লোৱা হৈছিল। পাকিস্তানত ভৱালপুৰ, মুৰিডকে, চাৰ্জল, মেহমুনা জয়া অঞ্চলত অৱস্থিত সন্ত্ৰাসবাদী শিবিৰ ভাৰতীয় সেনাই ধ্বংস কৰে।
প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ তথ্য অনুসৰি পাকিস্তান অধ্যুষিত জম্মু-কাশ্মীৰ আৰু পাকিস্তানত ২১টা সন্ত্ৰাসবাদী শিবিৰ চিনাক্ত হৈছে। সেয়া হৈছেঃ ছাৱাল নালা, চৈয়দ না বিলাল, মাস্কাৰ-ই-আকছা, চেলাবন্দি, আব্দুল্লাহ বিন মাছুদ, দুলাই, গড়ী হাবিবুল্লাহ, বাত্ৰাছি, বালাকোট, ওঘী, বয়, চেনছা, গুলপুৰ, কোটলি, বাৰালি, ডুংগী, বৰ্ণালা, মেহমুনা জয়া, চাৰ্জল, মুদ্ৰিকে আৰু বাহাৱালপুৰ।
 
বাহাৱালপুৰৰ মুৰিডকেত ভাৰতে সম্পূৰ্ণৰূপে নিষ্ক্ৰিয় কৰি দিছে সন্ত্ৰাসবাদী শিবিৰ। যোৱা ৭ মে’ত নিহত হোৱা সন্ত্ৰাসবাদী খালিদ আবু আকাছা পেছাৱৰত ভিত্তি কৰি আফগানিস্তানৰ পৰা পাকিস্তানলৈ অস্ত্ৰ, গোলাবাৰুদ সৰবৰাহৰ লগত জড়িত আছিল। জম্মু-কাশ্মীৰত সন্ত্ৰাস চলোৱা লস্কৰ-ই-তৈবাৰ সন্ত্ৰাসবাদীক ইয়াত প্ৰশিক্ষণ দিয়া হয়। শেহতীয়াকৈ খালিদ আবু আকাছাই মুৰিডকেত থকা লস্কৰৰ মুখ্য কাৰ্যালয়লৈ স্থানান্তৰিত হৈছে আৰু তেওঁ লস্কৰৰ কেন্দ্ৰীয় সমিতিৰ অংশ আছিল।
প্ৰতিৰক্ষা মন্ত্ৰালয়ে জনোৱা মতে, তেওঁ ইয়াহিয়া মুজাহিদ, কাৰি ইয়াকুব শ্বেখ, আব্দুল ৰেহমান, খালিদ ৱালিদ, অভিযন্তা হাৰিছ ডাৰ আৰু আব্দুল ৰেহমান আবিদৰ দৰে লস্কৰ-ই-তৈবা আৰু JuD-ৰ সদস্যৰ সৈতে ঘনিষ্ঠভাৱে কাম কৰিছিল। আন এজন সন্ত্ৰাসবাদী মুৰিডকে সন্ত্ৰাসবাদী শিবিৰৰ ভাৰপ্ৰাপ্ত মুদাছিৰ খাদিয়ান খাছে আল খিদমাত সমিতিৰ অধ্যক্ষ হাফিজ আব্দুল ৰাউফৰ সৈতে তেওঁৰ নিৰাপত্তাৰ দায়িত্বত কাম কৰিছিল। লাহোৰৰ পিএমএমএলৰ সাধাৰণ সম্পাদক হাফিজ খালিদ ৱালিদৰ সৈতেও তেওঁ কাম কৰিছিল। তেওঁ হৈছে হাফিজ মহম্মদ ছাইদৰ জোঁৱাই।
 
খাছ আছিল তেওঁক নিযুক্তি দিয়া ছাইফুল্লাহ খালিদ কাছুৰী (লস্কৰৰ উপাধ্যক্ষ)ৰ ঘনিষ্ঠ সহযোগী। অপাৰেচন সেন্দুৰৰ সময়ত লক্ষ্য কৰি লোৱা আন এজন সন্ত্ৰাসবাদী মহম্মদ হাছান খান আছিল মুফতি আছঘৰ খান কাশ্মীৰীৰ (JeM Operational Commander, Amir, POJK) পুত্ৰ। তেওঁ আগতে চৈয়দনা বিলাল সন্ত্ৰাসবাদী শিবিৰৰ পৰা মুফতি আছঘৰ খান কাশ্মীৰী আৰু আছিক নেগ্ৰু (JeM)ৰ সৈতে কাম কৰিছিল আৰু ২০১৯ চনৰ পুলৱামা আক্ৰমণৰ সৈতে জড়িত আছিল।