আৱাজ দ্য ভইচ ব্যুৰ'
প্ৰকৃতিৰ ৰম্যভূমি জম্মু-কাশ্মীৰৰ মনোৰম দৃশ্যপটত যোৱা ১ জুলাইৰ পৰা আৰম্ভ হৈছে ৬২ দিনীয়া অমৰনাথ যাত্ৰা। পবিত্ৰ অমৰনাথ যাত্ৰাই সমগ্ৰ দেশৰ হাজাৰ হাজাৰ হিন্দু ধৰ্মাৱলম্বী লোকক বছৰ বছৰ ধৰি আকৰ্ষিত কৰি আহিছে। জম্মু আৰু কাশ্মীৰৰ দুটা পৃথক পথেৰে শিৱ ভক্তসকলে দেৱাদিদেৱ মহাদেৱৰ আশীৰ্বাদ বিচাৰি অমৰনাথ গুহালৈ ৰাওনা হয়। অনন্তনাগ জিলাৰ ৪৮ কিলোমিটাৰ দৈৰ্ঘৰ নুনৱান-পেহেলগাম পথ আৰু গান্দেৰবাল জিলাৰ ১৪ কিলোমিটাৰ দৈৰ্ঘ্যৰ বাল্টাল পথৰ চুটি অথচ প্ৰত্যাহ্বানপূৰ্ণ পথেৰে হাজাৰ হাজাৰ তীৰ্থযাত্ৰীয়ে অমৰনাথ যাত্ৰা কৰে। ভগৱান শিৱৰ আশীৰ্বাদ আৰু আধ্যাত্মিক পৰিপূৰ্ণতা বিচাৰি যাত্ৰা আৰম্ভ কৰা ভক্তসকলৰ বাবে এই পৱিত্ৰ যাত্ৰাই গভীৰ ধৰ্মীয় গুৰুত্ব বহন কৰে।
অৱশ্যে, অমৰনাথ যাত্ৰাক কেৱল ধৰ্মীয় দিশৰ পৰাই গুৰুত্বপূৰ্ণ বুলি ক'লে ভুল কোৱা হ'ব। কাৰণ, অমৰনাথ যাত্ৰাই সাম্প্ৰদায়িক সম্প্ৰীতি আৰু ভাতৃত্ববোধৰ অনুপম নিদৰ্শনো দাঙি ধৰে। মনকৰিবলগীয়া যে, এই বাৰ্ষিক তীৰ্থযাত্ৰাৰ সফলতা আৰু সুৰক্ষা নিশ্চিত কৰাৰ ক্ষেত্ৰত শীৰ্ষস্থানত আছে স্থানীয় কাশ্মীৰী মুছলমানসকল। তেওঁলোকৰ নিষ্ঠা আৰু সমৰ্পিত প্ৰচেষ্টা অমৰনাথ যাত্ৰীসকলৰ সফল যাত্ৰাৰ এক অপৰিহাৰ্য অংশ হৈ পৰিছে।
অমৰনাথ যাত্ৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰা স্থানীয় সেৱা প্ৰদানকাৰী পনিৱালাসকলে বছৰ বছৰ ধৰি এই পৱিত্ৰ যাত্ৰাৰ এক অবিচ্ছেদ্য অংশ হৈ আহিছে। তেওঁলোকৰ গভীৰ আস্থা আৰু অক্লান্ত প্ৰচেষ্টা হৈছে এই বিশাল তীৰ্থযাত্ৰাৰ মেৰুদণ্ডস্বৰূপ, যাৰ ফলত তীৰ্থযাত্ৰীসকলে প্ৰত্যাহ্বানপূৰ্ণ অঞ্চল অতিক্ৰম কৰি পবিত্ৰ অমৰনাথ গুহাত সুৰক্ষিতভাৱে উপস্থিত হ'ব পাৰে।
পবিত্ৰ অমৰনাথ যাত্ৰাৰ তীৰ্থযাত্ৰীসকলৰ স্থাপন কৰা শিবিৰ
গান্দেৰবাল জিলাৰ মোহময়ী প্ৰাকৃতিক সৌন্দৰ্যৰ মাজত অৱস্থিত বালতাল বেছ কেম্পত স্থানীয় মুছলমান সেৱা প্ৰদানকাৰীসকলে যাত্ৰীসকলৰ সহায়ৰ বাবে বাবে অপেক্ষা কৰি থাকে। এই সেৱা প্ৰদানকাৰীসকলৰ বাবে যাত্ৰা কেৱল এক ব্যৱসায়িক সুযোগ নহয়, বৰং বিভিন্ন ধৰ্মৰ লোকসকলক সেৱা আৰু শুশ্ৰুষা কৰাৰ এক সুযোগ। তেওঁলোকে অমৰনাথৰ স্থানীয় বাসিন্দা হিচাপে দেশৰ ভিন্ন প্ৰান্তৰ লোকক সহায় কৰি গৌৰৱবোধ কৰে। অতিথিসকলে যাতে কোনো অসুবিধাৰ সন্মুখীন নহয় আৰু তীৰ্থযাত্ৰা উপভোগ কৰিব পাৰে, সেয়া তেওঁলোকে নিশ্চিত কৰে।
পনিৱালাসকলে আগবঢ়োৱা সেৱাবোৰ কেৱল পনি (ponies)ৰ ওপৰত যাত্ৰী অনা-নিয়া কৰাতে সীমাবদ্ধ নহয়। তেওঁলোকে ৰদ-বৰষুণৰ মাজতো কঠিন যাত্ৰাপথৰ প্ৰত্যাহ্বান নেওচি তীৰ্থযাত্ৰীসকলক নিৰাপদে কান্ধত লৈ যায়। উল্লেখ্য যে, অমৰনাথ গুহা সাগৰ পৃষ্ঠৰ পৰা ১৩,০০০ ফুট উচ্চতাত অৱস্থিত হোৱাৰ বাবে যাত্ৰাপথত অক্সিজেনৰ স্তৰো হ্ৰাস পায়। এই সকলো জটিল প্ৰত্যাহ্বান স্বত্বেও, স্থানীয় সেৱা প্ৰদানকাৰীসকলে তীৰ্থযাত্ৰীসকলৰ সুৰক্ষা আৰু আৰামদায়ক যাত্ৰা নিশ্চিত কৰি আহিছে।
স্থানীয় মুছলমান সেৱা প্ৰদানকাৰী আৰু হিন্দু তীৰ্থযাত্ৰীসকলৰ মাজত একতা আৰু পাৰস্পৰিক সন্মানৰ এই মনোভাৱে অমৰনাথ যাত্ৰাক এক সুকীয়া মাত্ৰা প্ৰদান কৰে। মুছলমান অধ্যুষিত কাশ্মীৰৰ স্থানীয় লোকসকলে অমৰনাথ যাত্ৰীক সকলো ধৰণে সেৱা আগবঢ়াবলৈ আৰু তেওঁলোকৰ ধৰ্মীয় যাত্ৰা স্মৰণীয় কৰি তুলিবলৈ গভীৰ নিষ্ঠাৰে আত্মনিয়োগ কৰে। একেদৰে, দেশ-বিদেশৰ অমৰনাথ যাত্ৰীসকলে কাশ্মীৰী লোকসকলৰ আতিথ্য আৰু সহায়ৰ বাবে তেওঁলোকক আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰে।
পবিত্ৰ অমৰনাথ গুহা
এইদৰে, অমৰনাথ যাত্ৰাই অনন্য সাংস্কৃতিক আৰু সামাজিক গাঁথনিৰে গঠিত কাশ্মীৰ উপত্যকাৰ বিভিন্ন ধৰ্মৰ লোকসকলক একতাৰ দোলেৰে বান্ধি ৰাখে। ই অঞ্চলটোৰ সাম্প্ৰদায়িক সম্প্ৰীতিক প্ৰতিফলিত কৰে, কিয়নো হিন্দু আৰু মুছলমান উভয় সম্প্ৰদায়ৰ লোকে অমৰনাথ যাত্ৰাৰ সফল পৰিচালনা নিশ্চিত কৰিবলৈ একত্ৰিত হয়। এই সৌহাৰ্দ্যপূৰ্ণ সহাবস্থান হৈছে সমগ্ৰ বিশ্বৰ বাবে এক উজ্জ্বল উদাহৰণ, যিয়ে প্ৰদৰ্শন কৰে যে কেনেকৈ মানুহে তেওঁলোকৰ ধৰ্মীয় পাৰ্থক্য থকা স্বত্বেও সন্মান আৰু বুজাবুজিৰে একেলগে থাকিব পাৰে।